' ভূত যদি নাই ভগৱানো নাই '
স্বনামধন্য কবি নীলিম কুমাৰ ডাঙৰীয়াই লিখিছিল ' ভূত যদি নাই ভগৱানো নাই' শীৰ্ষক এটা কবিতা। দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কবিতাটোৰ সম্পৰ্কত বহু বহু ধৰণৰ মন্তব্য আগবঢ়াইছিল। ময়ো লিখিছিলোঁ কিন্তু কাকতলৈ পঠিওৱা নহ'ল। বহীবোৰ খুচুৰি ফুৰোতে হঠাতে দেখা পালোঁ এই লেখাটো । ৰাইজলৈ পঢ়িবলৈ উলিয়াই দিবলৈ মন গ'ল ।
ভূত আছে নে নাই নাজানো কিন্তু কিবা এটা যেন অদৃশ্য শক্তি আছে যাক আমি ভূত বুলি অভিহিত কৰোঁ। ভগৱান যিদৰে অদৃশ্যমান, ভূতকো অদৃশ্যমান শক্তি বুলিয়ে ভবা হয়। পাৰ্থক্য কেৱল উভয়ৰে শক্তিৰ মাজত। এটা অপশক্তি আৰু আনটো সুশক্তি।
ভূতৰ সপক্ষে দূটামান স্বচক্ষুৰে প্ৰত্যক্ষ কৰা বিশ্বাসযোগ্য ঘটনা যেন অনুভৱ কৰি ইয়াৰ সম্পৰ্কে সংক্ষিপ্তৰূপত দাঙি ধৰিলো।
প্ৰথম ঘটনা
১৯৮৮-৮৯ চন মানৰ কথা। আমাৰ আবাস গৃহ বাঁহ আৰু কাঠেৰে নিৰ্মিত। নৰাখেৰৰ চাল । প্ৰতি খন দুৱাৰ বাঁহেৰে তৈয়াৰী আৰু ৰাতি ভিতৰৰ পৰা এডাল ডাংৰে ভেজা দি বন্ধ কৰাৰ ব্যৱস্থা আছিল। অমাৱস্যা নিশাৰ ঘটনা। সেই দিনাও একে দৰে দুৱাৰ বন্ধ কৰি ঘৰৰ সকলোৱে শুই পৰিছিল। ৰাতি ঠিক এক বজাৰ ভিতৰত ইমান জোৰেৰে দুৱাৰ খন ঠেলিলে যে ঘৰৰ সকলোৱে সাৰ পাই উঠিলো আৰু ককাইদেউৱে দাখন লৈ বাহিৰলৈ ওলাই আহিল। কিন্তু হেঁচা মৰা আমাৰ কোঠাৰ দুৱাৰ খন খোলাৰ কোনো চিন-মোকামেই নাছিল। পুনৰ দ্বিতীয় এদিন ভূতৰ সদৃশ কাৰ্য চলিল। এনেকৈ তিনি চাৰিদিন হোৱাৰ পিছত আন এটা কাৰ্য হ'ব ধৰিলে। প্ৰথমে ঘৰৰ উত্তৰ দিশৰ মুধচত কিবা এটা বহাৰ শব্দ আৰু গোটেই ঘৰটোত জোকাৰণি 'মেৰেক' কৰি শব্দ হ'ল। ইয়াৰ পিছত শব্দ কৰা বস্তুটো চৰাইৰ দৰে উত্তৰ দিশৰ মুধচৰ পৰা দক্ষিনৰ মুধচলৈ খোজকাঢ়ি আহিছিল আৰু 'মেৰেক' শব্দ সৃষ্টি কৰি কোবত উৰি গুচি গৈছিল। সকলোৱে সাৰপাই আছিলোঁ। কাৰণ আগৰবোৰ ঘটনাৰ পৰা সকলোৰে মনত ভয়ে বাহ সাজিছিল। ইয়াৰ পিছত জোৰেৰে দুৱাৰ ঠেলা শব্দ হৈছিল।
এনেদৰে প্ৰায় সপ্তাহ চেৰেক হোৱাৰ পাছত বৌ'ৰ হাতৰ বিষ, জিনজিননি, পিৰপিৰণি, কামোৰণি আদিয়ে দেখা দিছিল। উপায়ন্তৰ হৈ হাঁহখাটীৰ পৰা এজন বেজ অনা হ'ল। লেবাৰ বেজজনৰ নাম আছিল 'বিছা বেজ' । গধূলি সময়ত 'জাকি উঠিল' । বেজজনে প্ৰেতাত্মা মাতিলে আৰু বেজজনে সুধিব দিয়া মতে প্ৰেতাত্মা লম্ভি থকা বেজজনক আমাৰ ককাইদেউয়ে সুধিছিল - দুৱাৰ কোনে ঠেলে আৰু ঘৰৰ মুধচত কি পৰে ? উত্তৰত কৈছিল " এটা তাবিজ পুতি থোৱা আছে। এতিয়া ঘৰৰ ভেঁটিটোত সোমাব বিচাৰিছে।সোমোৱা লগে লগে ঘৰখনৰ সমুলঞ্চে ধ্বংস হ'ব। মন্ত্ৰৰ জৰিয়তে বোলে মানুহ এগৰাকীয়ে দুৱাৰ ঠেলা আৰু মুধচত চৰাই পৰা কাৰ্য কৰোৱাইছে। ভাল হৈ যাব,তাবিজটো দুৱাৰ মুখত আছে" বুলি কৈ ভিতৰৰ পৰা বেজজন উলাই আহিল আৰু তাবিজ থকা ঠাইতে বেহুচ হৈ পৰিল। লগে লগে তাৰ লগৰজনে হাতৰ মুঠিত লৈ থকা চাউল গা'লৈ ছটিয়াই দিছিল আৰু বেজজন চেতনালৈ আহিছিল। ইয়াৰ পিছত এজনক তাবিজটো খান্দিবলৈ দিলে। সঁচাই এটা তাবিজ উলালে দুই ফুটমান তলত।এজন কাগজত থৈ বেজজনে খুলি দেখুৱালে। তাবিজটোত চুলি, ফটা মেখেলা, ব্লাউজ ফটা আদিৰে মেৰিয়াই থোৱা আছিল।বেজজনে জুইত পুৰি পেলাবলৈ কোৱাত তৎক্ষণাৎ পুৰি পেলোৱা হৈছিল।কলা কুকুৰা দান দিয়া হ'ল।বৌ'ৰ হাত-ভৰিৰ বেমাৰ সিদিনাৰ পৰা ভাললৈ আহিছিল আৰু দুৱাৰ ঠেলা বন্ধ হৈছিল।কি আচৰিত ! নিজ চকুৰে প্ৰত্যক্ষ কৰা এই ঘটনাই মোৰ মনত সাঁচ বহুৱায় থৈ গ'ল । ই মোৰ বাবে আজিও ৰহস্যময় হৈ থাকিল।
দ্বিতীয় ঘটনা
২০০১ চনত বিয়া কৰালো। সপ্তাহ দিন পাৰ হৈছেহে মাথোন। তেনেতে হঠাৎ এদিন ৰাতি অকস্মাতে মানুহ গৰাকী ভ্ৰম বকিব ধৰিলে।তাই মানুহৰ মুখলৈ নোচোৱা হ'ল।কি কৰিম কি নকৰিম বুলি ভাবি থাকোঁতে মনত পৰিল ভূতৰ কথা। গতিকে গাঁৱৰে মুলুদাই ঘৰলৈ গলো। তেখেতে এটা দৰৱ দিলে ( তেখেতৰ মতে ভূত খেদা দৰৱ।) দৰৱত আছিল এবিধ বেংছাটি ( নাফুৰ নিচিনা ওপৰত টুপি লগা) শুকান অংশ, ডালিমৰ চাল, কদম গছৰ ছাল আৰু ৰচুন । এইবোৰ মিহলি কৰি খুন্দি ৰসকণ খোৱাব দিছিল আৰু পেটত লগাই দিবলৈ দিহা দিছিল। সেইমতে খুৱাই দিলো আৰু পেটে গাৰে লগাই দিয়া লগে লগে মানুহ গৰাকী এনেদৰে চিত হৈ পৰিল যে সকলোৱে ভয় খাই গ'লো । কিন্তু কি আচৰিত ! এখন্তেক পিছতে নিজে সাৰপাই স্বাভাৱিক ভাৱে উঠিল। তেতিয়া তাই কৈছিল-- "মোৰ কি হৈছিল আৰু পিঠিত কোনে ইমান জোৰেৰে ভুকু-কিল মাৰিছিল ? " বুলি সুধিছিল। ইয়ো মোৰ বাবে ৰহস্যই হৈ থাকিল।
উপসংহাৰ :
'তাবিজ'টো কেনেকৈ কৰপৰা আহিল, সেইদিনাৰ পৰা কিয় দুৱাৰ ঠেলা বন্ধ হ'ল বা মুধচত চৰাই সদৃশ বস্তু পৰা বন্ধ হ'ল কিয় ? আদি প্ৰশ্নবোৰৰ উত্তৰ মোৰ হাতত নাই। ঠিক একেদৰে মানুহ গৰাকীক 'দৰৱ বিধ' খুৱাই আৰু পেটে গাৰে লগাই দিয়া পিছত কিয় বা কেনেকৈ ভাল হ'ল । সেয়া মোৰ বাবে আজিও বিৰাট ৰহস্য। মোৰ হাতত ইয়াৰ উত্তৰ নাই। আপোনালোকৰ হাততো নিশ্চয়কৈ ইয়াৰ উত্তৰ নাই। ঘটনা কেইটাই মাত্ৰ উত্তৰ বিহীন কিছুমান প্ৰশ্নৰ জন্ম দি গ'ল।
দহজনে হয়তো লেখাটো পঢ়ি ভাবিব যে এইজন ইমান অন্ধবিশ্বাসী। মই আপোনালোকক কঁও যে মই অন্ধবিশ্বাসীও নহয় আৰু ভূতো বিশ্বাস নকৰোঁ।
এতিয়া আপোনালোকেই ইয়াৰ ৰহস্য কি হ'ব পাৰে কঁওক ?
পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।