Showing posts with label 20. প্ৰৱন্ধ. Show all posts
Showing posts with label 20. প্ৰৱন্ধ. Show all posts

Wednesday, June 17, 2020

দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা

        সাম্প্ৰতিক ক্ষণত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আধুনিক সমাজ ব্যৱস্হাত আমূল পৰিবৰ্তন আনি মানুহৰ জীৱন সুন্দৰ আৰু বৰ্ণময় কৰি তুলিছে | জীৱনৰ প্ৰতিটো মূহূৰ্ত্তকে বিজ্ঞানে সহজে নিজৰ আয়ত্বলৈ আনিব সক্ষম হৈছে | বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণ আৰু  ইয়াৰ প্ৰয়োগৰ ফলত ব্যক্তিৰ দৈনন্দিন  জীৱনৰ প্ৰতিটো মূহূৰ্ত্তকেই  আলোকময় কৰি তুলিছে | প্ৰতিটো ক্ষণতেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত নিতৌ ন ন সৃষ্টি আৰু আৱিষ্কাৰে বিভিন্ন ক্ষেত্ৰৰ বিকাশ সাধনত প্ৰতক্ষ্য আৰু পৰোক্ষ ভাৱে কল্পনাতীতভাৱে অৰিহণা আগবঢ়াইছে |

             বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা অতি ব্যাপকতাৰে পৰিপূৰ্ণ | কৃষি,স্বাস্হ্য,উদ্যোগ,যোগাযোগ ,গৱেষণা,জীৱনধাৰণ প্ৰক্ৰিয়া,শিক্ষা,নাৰী সমাজ আদি ক্ষেত্ৰত বিজ্ঞাৰ ভূমিকা অতুলনীয় | অৰ্থাৎ আমি উঠোতে বহোতে খাওঁতে শোঁওতে ,জীৱনৰ প্ৰতিটো পলতে বিজ্ঞানৰ সহায় লবলগীয়াত পৰিছো |
           কৃষি ক্ষেত্ৰত বিজ্ঞান : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কৃষি কাৰ্যত অনেক অৱদান আগবঢ়াইছে | মাটি চহাবৰ বাবে ট্ৰেক্টৰ, ধান কটা যন্ৰ ,পাত কটা যন্ৰ , মৰনা মৰা যন্ৰ ,আদি বিজ্ঞানৰ সহায়ত নিৰ্মাণ কৰিছে আৰু ইয়াৰ প্ৰয়োগে ব্যক্তিৰ চৌব্বিছ ঘণ্টাৰ কাম এক ঘণ্টালৈ হ্ৰাস কৰিব সক্ষম হৈছে  | প্ৰতিনিয়ত বিভিন্ন কীটনাশক দ্ৰব্য , কৃষি উৎপাদন বৃদ্ধি নিমিত্তে ৰাসায়নিক সাৰ আদিৰ সৃষ্টি কৰি কৃষিক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিছে | অতি কম সময় আৰু কম শ্ৰম প্ৰয়োগ কৰি অধিক উৎপাদন সম্ভৱ হৈ উঠিছে কেৱল মাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত |
           স্বাস্হ্যৰ ক্ষেত্ৰত বিজ্ঞান : স্বাস্হ্যৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ তথা ভূমিকা মনকৰিবলগীয়া | প্ৰতি বছৰে আৰ্ৱিভাৱ হোৱা বসন্ত ,মেলেৰিয়া ,প্লেগ, ডায়েৰিয়া ,যক্ষ্মা, কেন্সাৰ, পলিঅ' আদি ৰোগত এটা সময়ত সহস্ৰজনে প্ৰাণ ত্যাগ কৰিছিল কিন্তু বৰ্তমান সময়ত উল্লেখিত ৰোগৰ ঔষধ বা প্ৰতিষেধকৰ উদ্ভাৱনৰ ফলত এনে ৰোগৰ  চিকিৎসা অতি সাধাৰণ হৈ পৰিছে | তদুপৰি বহু জটিল ৰোগৰ পৰা তাৎক্ষণিক ভাৱে নিৰাময়ৰ উপায় উদ্ভাৱন কৰি এক বিপ্লৱৰ সূচনা কৰিব সক্ষম হৈছে এই বিজ্ঞানে বলত |
         বহু আধুনিক যন্ৰ পাতি - কম্পিউটাৰ, ECG আলট্ৰাচাউণ্ড,এক্সৰে যন্ৰ, sonography ....আদিৰ আৱিষ্কাৰৰ জৰিয়তে স্বাস্হ্যৰ ক্ষেত্ৰখনত পৰিবৰ্তন আনিব সক্ষম হৈছে |
          উদ্যোগ ক্ষেত্ৰত বিজ্ঞান :উদ্যোগিক বিকাশৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে | মানৱ জীৱনৰ প্ৰথমাৰ্ধত বা বহু শতিকাৰ পূৰ্বে মানুহে বিভিন্ন দিশত কাম সমাধা কৰিছিল বাহুবল প্ৰয়োগেৰে কিন্তু বৰ্তমান বিভিন্ন যন্ৰ-পাতিয়ে কাম কৰি মানুহৰ শ্ৰম লাঘৱ কৰিছে | উদ্যোগৰ বিভিন্ন যন্ৰ-পাতি উদ্ভাৱনৰ ফলত মানৱজাতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী- লো ,তীখা, সোণ, ৰূপ, যানবাহনৰ যন্ৰ পাতি, বৈদ্যুতিক আহিলা, সুগন্ধী দ্ৰব্য আদি সহজে প্ৰাপ্ত হ'ল | তদুপৰি ব্যক্তিয়ে কৰা উৎপাদনতকৈ যন্ৰ-পাতিয়ে উৎপাদন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু নিয়াৰিকৈ কৰিব সক্ষম হৈছে |
         বিজ্ঞানে যোগাযোগ ব্যৱস্হা,গৱেষণা কাৰ্য,শিক্ষা  আদিতো গুৰুত্বপূৰ্ণ অৱদান আগৱঢ়াইছে | যোগাযোগৰ আহিলাসমূহৰ ভিতৰত দূৰদৰ্শন, মোবাইল ফোন, কম্পিউটাৰ বাতৰি কাকত টেলিগ্ৰাফ আদি উল্লেখযোগ্য | মানৱ জাতিয়ে এইসমূহ যুগান্তকাৰী আহিলাৰ অবিহনে এক মিনিট সময়ো অতিবাহিত কৰিব নোৱাৰে বা এৰাই চলিব নোৱাৰে | বহু নিলগৰ বা-বাতৰি মোবাইল ফ'নৰ সহায়ত অতি সহজে আৰু ক্ষিপ্ৰতাৰে পাব পৰাটো বিজ্ঞানৰ এক চমকপ্ৰদ সৃষ্টি আৰু অৱদান |
          বিভিন্ন ক্ষেত্ৰৰ  গৱেষণাগাৰত ব্যৱহৃত অনুবীক্ষণ যন্ৰ, দূৰবীণ যন্ৰ আদি প্ৰযুক্তি বিজ্ঞানৰ মূল্যৱান অৱদান |  ইয়ৰোপৰি জীৱনধাৰন প্ৰক্ৰিয়াতো বিজ্ঞানে সীমাহীনভাৱে অৱদান আগবঢ়াই পৰিবৰ্তন সাধন কৰিছে | মানুহে পূৰ্বে কোনো দিনে কেতিয়াও কৰিব নোৱাৰিম বুলি ভবা বহু কাম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আগবঢ়োৱা কৌশল প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব সক্ষম হোৱাৰ লগতে সফলতা অৰ্জনত সম্ভৱ কৰি তুলিছে |
           শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ বিষয় | শিক্ষাত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে আধুনিক শিক্ষাক অধিক প্ৰাণৱন্ত সহজে বিষয়বস্তু বোধগম্য কৰি তুলিছে | শৈক্ষিক উদ্দেশ্য সাধনত     বিভিন্ন দৃশ্য-শ্ৰাব্য আহিলা কম্পিউটাৰ, প্ৰজেক্টৰ, ৰেডিঅ', টেলিভিচন, টেপৰেকৰ্ডাৰ , ইণ্টাৰনেট , আদি বৈদ্যুতিক যন্ৰৰ ব্যাপক প্ৰয়োগৰ ফলত আধুনিক শিক্ষাব্যৱস্হা মনোগ্ৰাহী আৰু সহজ হৈ পৰিছে | ইয়াৰ জৰিয়তে শিক্ষকৰ পাঠদান কাৰ্যসূচী উপস্হাপনতো সহায়ক হৈছে |
           বিজ্ঞানে যিদৰে বিভিন্ন দিশত অভূতপূৰ্ব সহায় আগবঢ়াইছে , সৃষ্টিত অৰিহণা যোগাইছে ঠিক একেদৰে ই মানুহক ধ্বংসৰ গৰাহলৈও ঠেলি দিছে | যুদ্ধাস্ত্ৰ পাৰমানৱিক বোমা,বিভিন্ন মাৰাত্মক অস্ত্ৰপাতি নিৰ্মান আদিয়ে ইয়াকে প্ৰতিপন্ন কৰে |
           অদূৰ ভৱিষ্যতে মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান সমূহৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োগ নকৰিলে মানৱ জাতি বিপদত পৰাটো অৱশ্যাম্ভাৱী হৈ পৰিব | এই দিশত মানৱ জাতিক হিত সাধনৰ বাবে সজাগ-সচেতন কৰি তোলাটো আমাৰ প্ৰধান কৰ্তব্য | বৰ্তমান মোদী চৰকাৰেও ডিজিতেল ভাৰতবৰ্ষৰ সপোন দেখিছে | এই সপোন বাস্তৱায়িত হ'বলৈ হ'লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভাল দিশ সমূহৰ বিষয়ে চৰ্চা কৰি ৰাইজক সজাগ-সচেতন কৰি তোলাত বাদে গত্যন্তৰ নাই |→ দুদুল সোণোৱাল | সহ শিক্ষক , হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় , আৰৈমূৰীয়া গাওঁ , জিলা তিনিচুকীয়া ,অসম |


Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts