Showing posts with label 226.দূৰ্গাপূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition ।. Show all posts
Showing posts with label 226.দূৰ্গাপূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition ।. Show all posts

Sunday, October 2, 2022

দূৰ্গাপূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition ।

 দূৰ্গা পূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition.

  দুৰ্গাপূজা কৰা হয় দুৰ্গাদেৱীক আৰাধনা কৰিবৰ নিমিত্তে। দেৱী দুৰ্গাৰ প্ৰতিটো আখৰৰ অৰ্থ অনুসৰি দুৰ্গাপূজাৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰি। ‘দ’ -আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’বা ৰ-কাৰ চিনে ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক হিচাপে প্ৰতিফলিত কৰে । অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি । পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে । আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ জনা যায়। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইসমূহৰ নাম হ’ল –
১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী

     হিন্দু দেৱী দুৰ্গাক কৰা আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা । যাক বৰ্তমান সময়ত দুৰ্গোৎসৱ হিচাপে বিবেচিত কৰা হয়। বৰ্তমান দুৰ্গোৎসৱ ভাৰতত সাধাৰণ উৎসৱ হৈ থকা নাই। এতিয়া দুৰ্গোৎসৱ পৰিণত হৈছে মহাউৎসৱলৈ। এই দুৰ্গোৎসৱক নৱৰাত্ৰি বুলিও কোৱা হয় । 

    আজিৰ এই দুৰ্গোৎসৱৰ পৱিত্ৰ ক্ষণত আহকচোন দুৰ্গোৎসৱৰ বিষয়ে কিছু জানিব প্ৰয়াস কৰোঁ।
       প্ৰকৃততে নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত এই পূজা অনুষ্ঠিত হয়। ষষ্ঠীত দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হয় আৰু নৱমীত সমাপন হয় । ইয়াৰ পিছত দশমী তিথিত দেৱীৰ বিৰ্সজন কৰা হয়। ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় । নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়। ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত । 
    শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত । সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় । তদুপৰি সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে । অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বুলি কোৱা হয়। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত কৰা হয় আৰু দেৱীক বিসর্জন দিয়াৰ ব্যৱস্থা কৰা হয়। 

       এছিয়াৰ উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে । ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে ।পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধ, ডবা,কাহ, শংখ,ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি । হিংসা, দ্বেষ,কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে । মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় । তদুপৰি আজিকালি পূজা মণ্ডপৰ জাকজমকতা আৰু বিভিন্ন কৌশল প্ৰয়োগ কৰি সাজি উলিওৱা হয় আৰু এইবোৰ চাবলৈকে মানুহৰ সমাগম আটাইতকৈ বেছি হয় বুলি ভবা হয়। আনকি ক'ৰবাত ক'ৰবাত চলন্ত দেৱী দুৰ্গাৰ মূৰ্ত্তিও স্থাপন কৰা পৰিলক্ষিত হয়। প্ৰকৃত মানুহৰ জৰিয়তেও দুৰ্গাৰ ৰূপ ধাৰণ কৰি পূজা অনুষ্ঠিত কৰা দেখা যায়। মুঠতে কোনে কেনেকৈ মানুহক পূজাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰেই মেন বৰ্তমান সময়ত প্ৰতিযোগিতা চলিছে। 
      ই যি কি নহওঁক, ক'বলৈ গ'লে এতিয়াৰ পূজা কেৱল ব্যৱসায় ভিত্তিক বুলি কলেও অত্যুক্তি কৰা নহয়। পূজা অনুষ্ঠিত হোৱাৰ সপ্তাহ দিনৰ আগৰ পৰা কাপোৰ বজাৰ, বিভিন্ন আ-অলংকাৰৰ বজাৰ মানুহৰ সমাগমেৰে ভৰি পৰে। লাখ লাখ টকাৰ ব্যৱসায় হাচিল হয়। কোটিপতি সকলৰ বাবে কাপোৰ কানিৰ প্ৰয়োজন নাই, প্ৰয়োজন হয় বিশেষকৈ সেই মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ বাবেহে । সিঁহতেহে দুৰ্গাপূজাৰ বজাৰ ভিৰ কৰেহি। গতিকে ক'ব পাৰি যে বৰ্তমান সময়ত দুৰ্গাপূজা কেৱল পূজা হৈ থকা নাই,ই বৃহৎ বাণিজ্যিক ভেঁটিত পৰিবৰ্তন হৈছে।
     দেখা যায় দুৰ্গাপূজাত বহু গণ্য-মান্য লোকে বিভিন্ন পশু-পক্ষী বলি দি নিজ মনোবাঞ্ছা সিদ্ধি হ'বৰ বাবে মা-দুৰ্গাৰ ওচৰত আৰ্শীবাদ বিচাৰে। প্ৰকৃতিবিদ বা প্ৰকৃতিক ভালপোৱা প্ৰতিজন লোকৰ বাবে এয়া কাম্য নহয়।           

       আপুনি বিচাৰে নেকি যে পৃথিৱীত বলি বিধান অব্যাহত থাকক আৰু জীৱকূলৰ নাশ হওঁক ? জীৱকূল নাশ হ'লে মানৱ জাতিৰে যে প্ৰথম বিপদ হ'ব সেয়া নকলেও হয়তো আপুনি বুজি পায়। জীৱক বলি নিদিয়াকৈ ভগৱানক পাব নোৱাৰি নেকি ?

     শংকৰদেৱে কৈছিল বলি বিধান পূজা পাতলৰ এক বিৰোধ ক্ৰিয়া। তেখেতে কৈছিল, "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, হেন জানি সবাকে কৰিয়ো প্ৰণাম।" গতিকে সকলো প্ৰাণীৰে জীৱ আছে,আত্মা আছে সেয়ে ভগৱানক পাবৰ বাবে বলিবিধান কৰি প্ৰাণীৰ জীৱটো কাঢ়ি লোৱাটো পাপ আৰু নিষ্ঠুৰ কৰ্ম। কাৰণ পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে প্ৰতিবিধ প্ৰাণীয়ে জীয়াই থাকিব লাগিব। এইবিলাক কথা ভাবিলে দুৰ্গাৰ যি অৰ্থ সেয়া বাস্তৱৰ কাৰ্যৰ সৈতে মিল নথকা যেন লাগে।
     দুৰ্গাপূজাৰ অন্তত দেৱী বিসৰ্জন দিয়াৰ পৰৱৰ্তী সময়ত পূজা সমিতি বিলাকে বিসৰ্জন দিয়া দেৱীৰ প্ৰতিমা উঠাই আনি নদ-নদী পৰিষ্কাৰ কৰি ৰাখিব লাগে। এনে নকৰাৰ ফলতে নদ-নদী জাবৰ-জোথঁৰে ভৰি পৰিব ধৰিছে আৰু নদীৰ গভীৰতাত প্ৰত্যক্ষভাৱে আঘাত হানিছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লেখক - দুদুল সোণোৱাল।

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts