Showing posts with label 170.🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶. Show all posts
Showing posts with label 170.🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶. Show all posts

Saturday, December 4, 2021

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

আপুনি এফালে ওলাই গৈ আছিল। হঠাৎ কুকুৰে কামুৰিলে। ওচৰত চিকিৎসালয় নাই। যাবলৈ বহু দূৰ। এনেকুৱা অৱস্থাত আপুনি কি কৰিব?


   প্ৰথম কথা আপুনি অলপো ভয় নাখাব। বিপদত ভয় খালে বুদ্ধি হেৰাই যায়। সব কুকুৰৰ গাতে Rabies virus নাথাকে। যদি থাকে, এই ভাইৰাছটো তেজত সোমাই আপোনাৰ স্নায়ু পাব লাগিব। তাৰ পিছতহে বেমাৰটো হয়। গতিকে , কুকুৰে কামোৰাৰ পিছত আমাৰ হাতত বহুত সময় থাকে। 
প্ৰাথমিক চিকিৎসা:

প্ৰথমে আপুনি এডোখৰ চাবোন হাতত লওক। কুকুৰে কামোৰা ঠাই ডোখৰ ভালকে চাবোন ঘঁহক। চাবোন ফেন যিমানেই ওলাব , সিমানেই ভাল। প্ৰায়ে দুই মিনিট মান চাবোন মাৰি , পাঁচ মিনিট মান খোলা পানী টেপত হাত ৰাখি থওক। তেতিয়া প্ৰটিন জাতীয় ভাইৰাছ বোৰ চাবোন ফেনত লাগি আঁতৰি যাব । প্ৰয়োজন হলে এই প্ৰক্ৰিয়াটো তিনিবাৰ মান কৰিব পাৰে। এই দৰে কৰিলে আপোনাৰ জ্বলাতংক ৰোগ হোৱা সম্ভাৱনা একেবাৰে কমি যাব। 

 ইয়াৰ পিছতে , আপুনি নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ গৈ RABIES VACCINE ,T.T. INJ, ANTIBIOTC,OINTMENT ল'ব পাৰে। কুকুৰে কামোৰা ঠাইত কেতিয়াও চিলাই মাৰিব নালাগে। ইয়াক নিজে-নিজে শুকাব দিব লাগে।
  আশা কৰোঁ, মোৰ কথাখিনিয়ে আপোনাক জ্বলাতংক ৰোগৰ পৰা বাচিবলে সহায় কৰিব। গতিকে , বিপদত ধৈৰ্য ধৰি , মই কোৱা ধৰণে ব্যৱস্থা লওক। জ্বলাতংক ৰোগৰ কোনো চিকিৎসা নাই।
✈️সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব👍

💐💐ডা: হীৰেণ গগৈ💐💐

IVF SPECIALIST

JJ MEMORIAL HOSPITAL

এজন সন্মানীয় ডাক্তৰৰ সচেতন মূলক লেখাটো মোৰ ব্লগতো শ্বেয়াৰ কৰি দিছোঁ যাতে সকলো শ্ৰেণীৰ লোকৰে উপকাৰ সাধিত হয়। যিহেতু তেখেতে লিখিছে  'সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব' সেয়ে লেখকৰ বিনা অনুমতিত ব্লগত প্ৰকাশ কৰা হৈছে। 

বৰ্তমান সময়ত বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আজিকালি বাটে পথে কেৱল পগলা কুকুৰ। গৃহস্থই দুদিনমান ৰাখি এৰি দিয়ে আৰু খাবলৈ নাপায় পগলা শাৰীত পৰেগৈ। খেদি খেদি কেতিয়াবা এইবিলাকে গৰু, ছাগলী, ল'ৰা ছোৱালীকো উৎপাত নলগোৱা নহয়। গতিকে এনে সময়তে সৰু ল'ৰা-ছোৱালীক কামুৰিলে বহু সমস্যা হ'ব পাৰে সেয়েহে ইয়াৰ আগতীয়া সাৱধানতাৰ সম্পৰ্কে জ্ঞাত হোৱাৰ প্ৰয়োজন আছে। আপুনি পঢ়ক আনকো পঢ়ুৱাই সচেতন কৰাওক। 


ধন্যবাদ জনালো আপোনাক।

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts