হৰিশ আৰু হৰ্ষিত মান্দব্যৰ বন্ধু। তেওঁলোকৰ আটায়ে দুৰ্ভাগ্য বশত: মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰিলে। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ উৰুলিপুঙাৰ দৰে ঘূৰি ফুৰি আমনি লগাত এদিন তিনিওটা পালেগৈ সূদুৰ চেন্নাইত। তিনিওটা ই বিভিন্ন বিভাগত কাম কৰিব ধৰিলে। যিমান আয় কৰে তাৰ আধা খায় আৰু আধা ঘৰলৈ পঠিয়াই। সুন্দৰ ভাৱে এইদৰে চলি গৈছিল গতানুগতিকতাৰে সিঁহতৰ দিনবোৰ। কোনো হানি বিঘিনি হোৱা নাছিল। এইখিনি লৈ ঠিকে আছিল। কিন্তু অথন্তৰ ঘটিল ইয়াৰ পিছত।
চেন্নাইতে কাম কৰি থকা মৃদুপৱনৰ লগত নাটকীয় ভাৱে চিনাকি হ'ল মান্দব্যৰ । সি য'ত কাম কৰে তাৰ পৰা ঠিক দুই ফাৰ্লং মানৰ আঁতৰতে আছে মৃদুপৱন । এটা বেংকৰ চিকিউৰিটি। বেংকটো আছে তাৰ কামৰ ঠাইৰপৰা নাঁতিদূৰৈত । মান্দব্যৰ মালিকৰ নিৰ্দেশ মৰ্মে যাবলীয়া হৈছিল বেংকত । তেতিয়াই পৰিচয় ঘটিল মৃদুপৱনৰ লগত। অসমৰ বুলি জানি সিও ভাল পালে । তাৰপাছত প্ৰায়ে লগ পোৱা হলো। আমাৰ কোঠালৈ আহিল । আড্ডা চলিল। এদিন আড্ডাৰ মাজতে ওলাল টকা-পইচাৰ কথা। বেংকত বোলে লাখ লাখ টকা গ্ৰাহকে সঞ্চয় কৰিবলৈ আনে । কথা শুনি তাৰ বন্ধুকেইজনৰ গাত যেন কুবুদ্ধিৰ তেজে পিৰপিৰাবলৈ ধৰিলে । প্ৰস্তাৱ আগবঢ়ালে হৰিশে - " বলা, এদিন ডকাইত কৰো । মৃদুপৱনে আমাক খবৰ দিবা আৰু আমি তিনি জন গৈ বিশেষ কায়দাৰে মানুহজনৰ পৰা বেগটো সৰকাই লৈ আহিম । তাৰপাছত টকাখিনি থোৱা হ'ব মৃদুপৱনৰ ওচৰত । কথা মতেই কামটো সমাধা হ'ল আৰু টকাখিনি ৰাখা হল মৃদুৰ জিন্মাত । "
পৰৱৰ্তী পৰ্যায়ত পুলিচৰ তদন্ত হৈছিল যদিও কাকো ধৰিব নোৱাৰিলে। ঘটনা সিমানতে শাম কাটিলে। কিন্তু টকাৰ লালসা,লোভ, মোহ বাৰু কাৰ নাই। প্ৰতিজন লোকৰ দেহতে যে এনে কাৰকৰ বিদ্যমান তাক কোনে খণ্ডন কৰিব পাৰিব। কিঞ্চিৎ পৰিমাণে হ'লেও এনে স্বভাৱ মানুহমাত্ৰে থাকে। ই চিৰসত্য । টকা প'ইচাৰ ক্ষেত্ৰত এই বোৰ দোষ নাই বুলি ক'লে পতিয়ন যাবলৈ বৰ সহজ নহয়। বিয়াগোম ৰাজনীতিকেই হঁওক কিম্বা সমাজনীতিকেই হঁওক ধন ঐশ্বৰ্য এই বিলাকৰ প্ৰতি প্ৰেম ভাৱ থকাটো , দুৰ্বলতা থকাটো এটা সচাৰাচৰ কথা।
মাহচেৰেকৰ পিছত সিদিনা হঠাৎ মৃদুপৱন অসমলৈ আহিল । কথাটো কিন্তু ঘূণাক্ষৰেও তেওঁলোকৰ কাকোৱে নজনালে । আমাৰ সকলোৰে মাজত আলোচনা,কিয় যাব পাৰে সি ! দুই তিনি দিনৰ পাছত আমাৰ সকলো বন্ধুবৰ্গই অসমলৈ আহি তাক লগ কৰাৰ মনস্হ কৰিলে। গতিকে আমি তিনিও ৰেলত উঠি পৰিলো ।
দুদিনৰ পাছত ব্ৰক্ষ্মপুত্ৰ মেইল ত ডিব্ৰুগড় পালেহি সিঁহত । বিশেষ তথ্যৰ পম খেদি সিঁহতে গম পালে যে মৃদুপৱন পঞ্চানন হোটেলত আছে আৰু পিছদিনাই ঘৰৰ অভিমুখে ৰাওনা হোৱাৰ কথা । সিঁহত তিনিও হোটেলতে লগ কৰাৰ মানসেৰে অগ্ৰসৰ হ'ল।
সি আমাৰ তিনিজনক সন্মুখত দেখা পায় আচৰিত হ'ল আৰু ক'লে কিয় আহিলা ? আমি আমাৰ কথা কলো। টকাখিনি ভাগ কৰি ল'ব লাগে। সি ক'লে - 'কিন্তু কিহৰ টকা ? ' তেতিয়া আমি কলো ডকাইতিৰে পোৱা পাঁচ লাখ টকাৰ কথা। কিন্তু ই কি আচৰিত মৃদুপৱনে বোলে গোটেই বোৰ টকা পুলিচক গটাই দিলে আৰু তাৰ বোলে চাকৰি গ'ল। কথাটো যে সঁচা নহয় সেয়া আমি নিশ্চিত। সেয়ে ভীষণ তৰ্কাতৰ্কি হ'ল । হৰিশ আৰু হৰ্ষিতৰ মনত প্ৰতিশোধৰ মনোভাৱ জন্ম হ'ল। সিঁহতে ক'লে- ' আমি তোক কেতিয়াও এৰি নিদিওঁ। তোক স্বৰ্গ কেনেকুৱা দেখুৱাই দিম । ঘৰৰ মা-বাপেৰক আৰু দেখা পাম বুলি আশা কৰি নাথাকিবি । ' উচাৎমাৰি সিঁহতে ওলাই আহিছিল।
...প্ৰতিজন মানুহৰে প্ৰতিশোধৰ জ্বালা থাকে। ই কেৱল সুপ্ত অৱস্থাত থকাৰ বাবে গম পোৱা নাযায়।যেতিয়া পৰিৱেশ আৰু পৰিস্থিত প্ৰতিকূল অৱস্হা লৈ গমন কৰে তেতিয়াই প্ৰতিশোধ নামৰ অসুৰটোৱে বাস্তৱ ৰূপত ধৰা দিয়ে। সিঁহতৰো যেন সদৃশ অৱস্হা। ..."বলিনৰ পান দোকান। হৰ্ষিত, হৰিশ আৰু মান্দব্য আলোচনাত ব্যস্ত । বিষয় মৃদুপৱন আৰু প্ৰতিশোধ। এখন গাড়ী ভাৰা কৰি সিঁহতে, বাছত ঘৰ অভিমুখী মৃদুপৱনক পিছা কৰিব লাগিব আৰু ঠিক ধলা পোৱা লগে লগে "....
-----------------------------------------------------------
... ৰাতি ৮ বাজি ৩০ মিনিট পাৰ হ'ল । মৃদুপৱনক নিবলৈ ভায়েক ৰঞ্জিত ৰাষ্ট্ৰীয় পথৰ কাষৰ আস্হানত ৰৈ আছে । কিন্তু বহু আগতে ফোন কৰি সি পোৱাহি কথা কোৱা স্বত্তেও ককায়েকৰ দেখাদেখি নাই। কেইবাবাৰো ফোন মাৰোতেও কিয় ফোন ওঠোৱা নাই। ৰঞ্জিত চিন্তান্বিত হ'ল। ক'ৰবাত কিবা অসুবিধা হোৱা নাইতো ! সি নিজান পথৰ ওপৰত বহি ভাবিব ধৰিলে। তেনেতে শদিয়াৰ গাড়ী এখন ঘৰঘৰাই পাৰহৈ গ'ল।
তেনেকৈ থাকিলে নহ'ব বুলি ভাবি ৰঞ্জিতে ঘৰলৈ ফোন কৰিলে। "কি হ'ল ?" - সিটো মূৰত বাপেকে সঁহাৰি জনালে। সি ককায়েকৰ কথা বিৱৰি ক'লে। তেতিয়া কাৰোবাৰ ঘৰত সোমালে হ'ব পায় বুলি বাপেকে কথাটো লঘু কৰি তাক ঘৰলৈ ঘূৰি যাবলৈ কোৱাত সি ঘৰ পালেগৈ। ঘৰত সকলোৱে কথাটো আলোচনা কৰি ৰাতিপুৱালৈ থানাৰ সহায় লোৱাৰ সিদ্ধান্ত কৰি বিছনা লৈ গ'ল।
--------------------------------------------------------------
....ধলা আৰক্ষী চকী। সময় ৰাতিপুৱা ৫ বাজি ৩০ মিনিট গৈছে। মান্দব্যৰ সকলো আত্মীয় কুটুম্ব অধীৰ উৎকণ্ঠাৰে থানাৰ চৌহদত । তেনেতে পুলিচৰ গাড়ীখন আহি চৌহদত ৰ'লহি । গাড়ীৰ পৰা নমাই আনিলে এটা শৱদেহ । বাপেক মাকে চিনাক্ত কৰিলে ।হয় । শৱদেহটো সিঁহতৰ ল'ৰা মৃদুপৱনৰে হয় । ইয়াৰ পাছৰ অৱস্হা কেনে হ'ব পাৰে সেয়া সহজে অনুমেয়। দুখ শোঁকত সকলো ম্ৰিয়মান । ৰাউচি জুৰি কান্দোনৰ চিঞৰ। মাক ঠাইতে ঢলি পৰিল। লগৰ বিলাকে তাইক চোৱা চিতা কৰিলে। এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল । পুলিচৰ নিৰ্দেশ অনুসৰি ভায়েক আৰু এজন পোষ্টমৰ্টেমৰ বাবে লগত যাব লগা হ'ল। বাকীবোৰ ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত কৰিলে।
...... প্ৰায় এমাহ দুমাহ ধৰি পুলিছৰ অনুসন্ধান অব্যাহত থাকিল যদিও একমাত্ৰ গুচৰীয়া পক্ষৰ টোপোলা টো মচবুত নোহোৱাৰ বাবে হয়তো সিমানতে অনুসন্ধান থমকি ৰ'ল । বাচি গ'ল দোষী। --------------------------------------------------------------
মান্দব্যই হৰিশ আৰু হৰ্ষিতৰ সংগ ত্যাগ কৰিলে। মৃদুপৱনক হত্যা কৰিবলৈ সি হৰিশ আৰু হৰ্ষিতক মানা কৰিছিল। কিন্তু সিঁহতে ওলোটাই তাকহে ধমকি দিলে। মৃদুপৱনক হত্যা কৰি সিঁহতে পাঁচ লাখ টকা ভাগ কৰি ললে। মান্দব্যই ভাগ বিচৰা নাছিল যদিও সিঁহতৰ ধমকনিত ল'বলৈ বাধ্য হ'ল । তাৰ মানে পাপৰ সমভাগী মান্দব্যও হ'ল। আজি কালি সেয়েহে সি সিঁহতৰ সংগ ত্যাগ কৰি বিভিন্ন ৰাজহুৱা ভাল কামত মনোনিবেশ কৰিছে , য'ত নাই কোনো কপট, খেয়াল , হিংসা ,দ্বেষ আদি মাৰাত্মক সামাজিক ভাইৰাছ।
... আজি কথা খিনি ভাবি সি এখন বহীত গল্প আকাৰে লিখিবলৈ মনস্থ কৰিলে । সি ভাবিলে - "নিশ্চয় এয়াই হ'ব মোৰ পাপৰ প্ৰায়চিত্ত।।" তাৰ মনটো ফৰকাল লাগিল। সি নিজকে কোৱাদি ক'লে - " সৌ আকাশ খন চোৱাচোন । কিমান ধুনীয়া । আকাশত ওলমি থকা চন্দ্ৰটো ইমান ধুনীয়া নহয়নে অথচ তাৰ কলিংকিত অধ্যায় আছে। তথাপিও ম্লান পৰা নাই তাৰ জ্যোতি। তুমিও হোৱা উজ্বল জ্যোতিষ্কৰ দৰে । উজ্বলাই তোলা চৌপাশৰ পৰিৱেশ তোমাৰ সুচিন্তা আৰু সুকৰ্মৰে ।" মান্দব্যৰ দুচকুৰে আপোনাআপুনি দুধাৰি আনন্দৰ চকুলো নিগৰি আহিল।
-------+++++-----+++++--------
সমাপ্ত
বি.দ্ৰ: গল্পটো সম্পূৰ্ণ কাল্পনিক। কাৰোবাৰ লগত অজানিতে মিলি গ'লে লেখক দায়ি নহয় ।
No comments:
Post a Comment
dudulsonowal32@gmail.com