Wednesday, June 24, 2020

মদ , আমি আৰু আমাৰ সমাজ ! বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সংক্ষিপ্ত আলোকপাত (২য় অংশ)

দ্বিতীয়তে, অস্বাভাৱিকভাৱে তেজৰ গোটমৰা প্ৰক্ৰিয়াটোৰ ফলত হাৰ্ট এটেককে ধৰি বহুতো সৰ্বনশীয়া পৰিণতি হ'ব পাৰে। এলক'হলে এই প্ৰক্ৰিয়াটোক বাধা দিয়ে।যাৰ ফলত এজন মদপীৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু হ'লেও হ্ৰাস পায়। তৃতীয়তে, সুৰা বা মদ্যপানৰ ফলত বৃহদান্ত্ৰ প্ৰষ্টেট আদিত কেন্সাৰৰ আশংকা কমি যায়। আনকি চিকিৎসা আৰম্ভ নকৰা অৱস্থাত লিউক'মিয়া বা মেলান'মা আদি প্ৰতিৰোধ কৰাটো এলক'হলৰ অৱদান আছে। চতুৰ্থতে , এলক'হলে আমাৰ শৰীৰক সাময়িক টেনচন বা হতাশাৰ পৰা মুক্ত কৰে। পঞ্চমতে, ৰক্ত পৰিবহন তন্ত্ৰত থকা উচ্চ ঘনত্বৰ লাইপ'প্ৰটিন (High Density Lipoprotein) বাঢ়ি যায় আৰু আনুপাতিক হাৰত নিম্ন ঘনত্বৰ লাইপ'প্ৰটিন (Low Density Lipoprotein ) কমি আহে। ফলস্বৰূপে ক'ৰনেৰী ধমনীৰ ৰোগকে ধৰি বিভিন্ন ৰোগৰ সম্ভাৱনা কমি যায়। 
       যদিও সুৰাপানৰ কিছু উপকাৰ আছে তথাপিও কিন্তু ই মাৰাত্মক, ই এখন ঘৰৰ লগতে সমাজৰ ধ্বংসকাৰী সামগ্ৰী হিচাপে যুগে যুগে চিহ্নিত হৈ যাব । ইয়াৰ জৰিয়তে বহু অপকাৰজনিত প্ৰক্ৰিয়া বা কাৰ্যও প্ৰতিফলিত হয়। বিশেষকৈ খুব কম বয়সতেই হোৱা মৃত্যু সমুহৰ একাংশৰ বাবে নিশ্চিত ভাৱে মদেই দায়ী। পথ দুৰ্ঘটনাসমূহৰ ভিতৰত বহুততেই দেখা যায় মদ খাই গাড়ী চলোৱাৰ বাবে এনে হয়। মনোবিজ্ঞানীৰ মতে মদাহী ব্যক্তি এজনে হেনো অন্তদ্বন্দ্বত ভোগে । আনহাতে বহু শিল্পী সাহিত্যিকৰ মতে মদে হেনো সৃষ্টিশীলতা বঢ়ায় , যিটোৰ অৱশ্যে কোনো বৈজ্ঞানিক ভিত্তি নাই বুলি জানিব পৰা গৈছে।সুৰাপান নকৰা হ'লেহে হয়তো এওঁলোকৰ পৰা সমাজে অধিক পাবলৈ সক্ষম হ'ল হেঁতেন । আজিকালি ডিঙিলৈকে মদ খাই মাতলামি কৰা তথাকথিত জনপ্ৰিয় শিল্পীক সমজুৱাকৈ অপদস্হ কৰাৰ ঘটনা এইখন অসমৰ বিহু মঞ্চবিলাকত দেখা যায়। 
      মুঠতে নিৰপেক্ষ হৈ বিচাৰ কৰি চালে আমি পাম যে মদৰ উপকাৰৰ প্ৰভাৱ তেনেই নগণ্য। ঘূণে কুটি খোৱাৰ দৰে গোটেই শৰীৰটোকেই ই কুটি কুটি খায় নি:শেষ কৰিব বিচাৰে।মদ সেৱন কৰাৰ পিছত লিভাৰ বেয়া হৈ ভোক কমে, পেটৰ বিষ হয়, বমি ভাৱ হয়, গেষ্ট্ৰিক হয়। আনকি পেটত ঘা বা ৰক্তক্ষৰণ হ'ব পাৰে। আনহাতে মগজু ক্ৰমান্বয়ে সংকুচিত হৈ আহিব পাৰে।শৰীৰৰ সমতুলতা নোহোৱা হ'ব পাৰে।এলাহ ভাৱ বৃদ্ধি পায়, ৰক্তহীনতা বা পুষ্টিহীনতা পৰিলক্ষিত হ'ব পাৰে। ইত্যাদি ইত্যাদি কাৰণত আমি মদৰ পৰা দূৰত অৱস্থান গ্ৰহণ কৰা উচিত।
    বিশৃংখল সমাজৰ সৃষ্টিত যে মদৰ অৰিহণা বহুত সেয়া নক'লেও হয় । বিশেষকৈ জেষ্ঠ সকলৰ মদ প্ৰীতি , উঠি অহা চামৰ আগত মদ্যপান অথবা নিচা জাতীয় দ্ৰব্য সেৱন কৰি মাতলামি কৰা কাৰ্যই নৱ প্ৰজন্মকো এই শিক্ষাৰে দীক্ষিত কৰা দেখা গৈছে। যাৰ ফলত কনিষ্ঠ জনে বয়োজেষ্ঠজনৰ আগত মদ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে আৰু এইদৰে খাই হাই উৰুমিৰে, অশ্লীল মাত কথাৰে সমাজৰ শুদ্ধ বায়ুকণকো দূষিত কৰিব বিচৰাৰ দৰে হৈছে। আনকি পূৰ্বৰ নীতি-নিয়মৰ সীমা অতিক্ৰমি আজিৰ সমাজত বৰমূৰীয়া, পুৰোহিত, ভকত বা জ্ঞানী-গুণীলোকসকলেও দেখা-দেখিকৈয়ে সুৰাপান কৰি যিকোনো সমাজৰ কামত অগ্ৰসৰ হোৱা প্ৰত্যক্ষ হৈছে। যিটো হয়তো সমাজৰ বাবে ক্ষতিকাৰক। আনহাতে বিয়া,সবাহ,সভা ,সকাম নিকাম পৰ্যন্ত চিগাৰেট,বিড়ি ব্যৱহাৰ নকৰিলে গৃহস্থই হয়তো গুৱাল গালি খাবলৈ বাধ্য হ'ব লাগিব।
    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মদ্যপান কৰিবলৈ কৈছিল জানো ? অথবা ড° পীতাম্বৰ দেৱগোস্বামী ডাঙীয়াই কেতিয়াবা মদ্যপান কৰিবলৈ পৰামৰ্শ দিছে নে? নিশ্চয় কোনো এজন মনিষীয়ে সমাজৰ লোকক এনে অসৎ কাৰ্যত চামিল হ'বলৈ নিশিকায় । এয়া সকলোৰে বিদিত। তৎস্বত্তেও সাম্প্ৰতিক সমাজত তেখেতসকলৰ মনৰ বিপৰীত ধাৰণাটোৱেহে যে চলি আছে সেয়া স্ব-চাক্ষুস হোৱাহেঁতেন হয়তো ভাবিলে হেঁতেন যে আমি আজি কোন দিশে ধাৱমান ! 
       লিখনিৰ আগছোৱাত উল্লেখ কৰিছোৱেই যে দেশী হঁওক কিম্বা বিদেশী বা বিলাতী হঁওক মদ মদেই। বৈজ্ঞানিক দৃষ্টিভঙ্গীত ই এবিধ নিচাজাতীয় দ্ৰব্য। গতিকে নিচা জাতীয় দ্ৰব্য যিয়েই সেৱন কৰিব সিয়েই পৰিণত হ'ব ক্ৰমশঃ এক নিচাসক্তত।      প্ৰকৃততে কেৱল গাঁৱতেই হঁওক, চহৰতেই হঁওক বা অসমতেই বা সমগ্ৰ ভাৰততে হঁওক সুৰাপায়ীৰ সংখ্যা ইমানেই দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে যে ভাবিলে আচৰিত লাগে।২০০৪ চনত প্ৰকাশিত 'ইণ্ডিয়া টুডে'ৰ ছেপ্টেম্বৰৰ পৰিসংখ্যা অনুসৰি যোৱা দুটা দশকত ভাৰতত প্ৰতিজন ব্যক্তিৰ মদ খোৱাৰ হাৰ ১০৬%কৈ বৃদ্ধি পাইছে। অৰ্থাৎ এইখিনি মানুহে আমাৰ ৰাজ্যত বা দেশত নিয়মীয়াকৈ মদ্যপান কৰে। গাওঁ অঞ্চলত বা চহৰাঞ্চলত কণ কণ ল'ৰা ছোৱালীৰ কথা লিখিলে আৰু পৰিসংখ্যা অধিক হৈ যাব । 
      সৰ্বশেষত আহক আমি সকলোৱে মদৰ বিপক্ষে থিয় দি আৰ্থসামাজিক উন্নয়নত অৰিহণা যোগাও।যাতে অসমীয়া যুৱ সমাজৰ শাৰীৰিক মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উৎকৰ্ষতাক ই কুৰুকি কুৰুকি খোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আমি অসমীয়া সকলে কিছু কথা কমকৈ চিন্তা কৰা হৈছো। বিষয়বস্তু আঁতিগুৰি মাৰি চৰ্চা কৰিবলৈ আমাৰ যেন আহৰি নাই, আমি যেন পাহৰি গৈছো। অগ্ৰজচামৰ স্বাৰ্থান্ধতাৰ ফল নৱপ্ৰজন্মই প্ৰত্যক্ষ কৰিবলৈ বৰ বেছি দিন অপেক্ষা কৰিব নালাগিব। বিগত কালত গাঁৱত বা অসমত বা ভাৰতত সুৰাসক্তি কিমান বাঢ়িল, কোনোবাই খতিয়ান লৈছে নে বাৰু ? নোলোৱাই ভাল , কিয়নো আমি অসমীয়া সকলে চকু মুদি টোপনি যোৱাৰ ভাও দিয়াৰ অভ্যাস কেতিয়াবা ই গঢ়ি তুলিছো । কোনো লেখকে ক'বৰ দৰে মেকুৰীয়ে ভজা মাছ চুৰ কৰি খাঁওতে যিদৰে চকু মুদি লয় , সেইদৰে আমি অসমীয়াই নতুন প‌্ৰজন্মটোৰ ভৱিষ্যত কামুৰি চকু মুদি নি:শেষ কৰিব বিচাৰিছো। সি যি কি নহওঁক,আহক আজি প্ৰথম বাৰৰ বাবে বিজ্ঞান মানসিকতা গঢ়ি তুলি সমস্বৰে কঁও- " মদ এক ঘৃণ্য দ্ৰব্য , ইয়াক বাৰণ কৰা হঁওক।" 
 
প্ৰথম অংশ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক --   
https://anuragblogadress.blogspot.com/2020/06/blog-post_19.html?m=1



 ------+++++++-------+++++++--------

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts