Friday, June 5, 2020

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

          স্বাস্হ্যই হ'ল মানুহৰ পৰম সম্পদ। স্বাস্হ্য ভালে থাকিলে আমাৰ গা- মন ভালে থাকে। কিন্তু কেতিয়াবা বেমাৰ আজাৰত আক্ৰান্ত হ'লে আমাৰ স্বাস্হ্য বাৰুকৈয়ে অৱনতি ঘটে। বেমাৰ আজাৰ বিভিন্ন কাৰণত হোৱা দেখা যায়। খাদ্যৰ উপাদান ৰ অভাৱত বহুতো ৰোগ হয় । এই ৰোগক অভাৱজনিত ৰোগ বোলা হয়। ইয়াৰোপৰি বীজাণু ৰ দ্বাৰাও কিছুমান ৰোগ হ'ব পাৰে। এজনৰ পৰা আন এজনলৈ বিভিন্ন প্ৰকাৰে বিজাণুৰ দ্বাৰা বিয়পি পৰা এনে ৰোগক সংক্ৰামক ৰোগ বোলা হয়। সংক্ৰামক ৰোগ ঘাইকৈ ভাইৰাছজনিত, বেক্টেৰিয়া আৰু কৃমিজনিত হ'ব পাৰে। এনে ৰোগৰ পৰা ৰক্ষা পাবলৈ হ'লে কিছুমান স্বাস্হ্য বিধি মানি চলা দৰকাৰ।যেনে- হাত পৰিষ্কাৰকৈ ধোৱা, খোৱা বস্তু সদায় ঢাকি ৰখা, ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা,সদায় গৰম পানী সেৱন কৰা,মাস্ক পিন্ধা আদি।
       সংক্ৰামক ৰোগৰ ভিতৰত - কলেৰা, যক্ষ্মা,টাইফয়ড বা সন্নিপাত জ্বৰ, পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা, পিঠাখোৱা বা মাম্পছ , জণ্ডিছ, পালিঅ'মাইলেটিছ , মেলেৰিয়া,এমিবীয় গ্ৰহণী , ফাইলেৰিয়াছিছ বা গোধা ৰোগ আদি। বিভিন্ন বিজানুৰ ফলত এই ৰোগ হয় আৰু মানুহৰ দেহলৈ বিয়পে। তলত সক্ষিপ্তভাৱে সংক্ৰামক ৰোগৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হৈছে -
       * যক্ষ্মা ৰোগ : এই ৰোগ 'মাইক'বেক্টেৰিয়াম টিউবাৰকুলছিছ' নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। প্ৰকৃততে যক্ষ্মা ৰোগ কেইবাটাও ৰোগৰ সমষ্টি। সেয়েহে ই অতি মাৰাত্মক ৰোগ ৰূপে চিহ্নিত হৈছে। শিশু অৱস্থাৰ পৰাই এই ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয়। 
      বিশেষকৈ কাহ খেকাৰ আদিৰ দ্বাৰা বায়ুৰ মাধ্যমেৰে ৰোগ বিধ এজনৰ পৰা আন এজনৰ দেহলৈ বিয়পে। সেয়ে য'তে ত'তে থু-খেকাৰ পেলোৱা অনুচিত আৰু কাঁহোতে সদায় মুখ ঢাকি ল'ব লাগে। 
      সন্তান জন্মৰ ৬ মাহৰ ভিতৰত বি.ছি. জি.বেজি এই ৰোগৰ প্ৰতিৰোধৰ বাবে দিয়া হয় । সেয়ে অভিভাৱকে ৬ মাহৰ ভিতৰত সন্তানক এই বেজি চৰকাৰী চিকিৎসালয়ত দিওৱাৰ ব্যৱস্থা কৰিব লাগে।
      ৰোগ বিধৰ লক্ষণ :  (i) সন্ধিয়া সময়ত জ্বৰৰ পৰিমাণ বেছি হয়  , (ii) কফ হয় ।  (iii) যিমানেই খালেও খীনাই যায়।  (iv) কফৰ লগত তেজ বমি হয় ।  (v) ওজন হ্ৰাস পায়। (vi) মানুহটো খিংখিঙীয়া স্বভাৱৰ হয় ।
       * সন্নিপাত জ্বৰ বা টাইফয়েড : এই ৰোগ 'চালম'নেলাটাইফি' নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। ই এবিধ বেক্টেৰিয়া জনিত সংক্ৰামক ৰোগ । দূষিত পানী, দূষিত খাদ্য , ৰোগীৰ মলমূত্ৰ আৰু মাখিৰ জৰিয়তে এই ৰোগ এজনৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ বিয়পে।ই একপ্ৰকাৰৰ খাদ্য নলীৰ ৰোগ।
         লক্ষণসমূহ : (i) অনবৰতে জ্বৰ হয় । (ii) নাড়ীৰ গতি মন্থৰ হয় । (iii) পেট ফুলি থাকে। (iv) শৌচ সেউজীয়া ৰঙৰ হয় । (v) শৰীৰত গোলপীয়া ৰঙৰ দাগ দেখা যায়।
         প্ৰতিৰোধৰ ব্যৱস্থা : মানুহৰ মলমূত্ৰ বিজ্ঞান সন্মতভাৱে নিষ্কাষণ কৰিব লাগে। পানী পৰিশোধন কৰি উতলাই ঠাণ্ডা কৰি সেৱন কৰিব লাগে। খাদ্যবস্তু সদায় ঢাকোণেৰে ঢাকি ৰাখাৰ ব্যৱস্থা কৰিব লাগে।লগত চিকিৎসকৰ পৰামৰ্শ অনুসৰি টি.এই .বি . বেজি অৰ্থাৎ প্ৰতিৰোধক ছিটা ল'ব লাগে। এইদৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         * পিঠাখোৱা বা মাম্পছ : পেৰাছাইডিটিছ নামৰ ভাইৰাছৰ ফলত এই ৰোগ হয়। বিশেষকৈ পানী আৰু খাদ্যবস্তুৰ জৰিয়তে মানুহৰ দেহলৈ এই ৰোগ সংক্ৰমণ ঘটে। ই এক ভাইৰাছজনিত অতি সহজে সংক্ৰমিত ৰোগ। এই ৰোগ ব্যক্তি জনৰ গাল এখন বা দুয়োখনতেই হ'ব পাৰে। বিশেষকৈ ডিঙিৰ ওচৰৰ গালৰ ওপৰত এই ৰোগ হয়।
        ৰোগৰ লক্ষণসমূহ : গাল খন ডাঙৰকৈ ফুলি আহে। বিশেষকৈ কম বয়সীয়া ল'ৰা ছোৱালী উভয় লিংগৰে গাত এই ৰোগ হোৱা দেখা যায়। 
        প্ৰতিৰোধৰ ব্যৱস্থা : গ্ৰাম্য সমাজৰ প্ৰচলিত পথ্য হিচাপে ওখহি উঠা গালখনত কেঁচাপিঠা খুন্দি হানিব  লাগে। এনেদৰে তিনিৰ পৰা চাৰি দিন হানিলে ৰোগ উপশম হোৱা দেখা যায়। সম্প্ৰতি এই ৰোগৰ চিকিৎসা সুলভ। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছিটা প্ৰয়োগ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         ফাইলেৰিয়াছিছ বা গোধা ৰোগ : ই এবিধ কৃমিৰ দ্বাৰা আক্ৰান্ত কিউলেক্স নামৰ মহে মানুহক কামুৰিলে সংক্ৰমণ হোৱা ৰোগ। "ওচেৰিয়া বেনক্ৰফটি" নামৰ কৃমিৰ দ্বাৰা আক্ৰান্ত কিউলেক্স মহে কামোৰা লগে লগে কৃমি মানুহৰ দেহৰ চালৰ তললৈ সোমাই যায় আৰু লসিকাতন্ৰত ই বিয়পি পৰে। ফলস্বৰূপে লিম্ফনলীবোৰ বাধাগ্ৰস্থ হয়, প্ৰদাহৰ সৃষ্টি হয় আৰু এনে ঠাইত প্ৰ'টিনৰ পৰিমাণ বেছি হৈ পৰে। ফলশ্ৰুতিত আক্ৰান্ত ব্যক্তিৰ আক্ৰান্ত অংগ অস্বাভাৱিকভাৱে ফুলি উঠে । এইদৰে ভৰি একোখন ফুলি হাতীৰ ঠেংৰ সদৃশ আকাৰ লয় । এয়ে হ'ল গোধা বা ফাইলেৰিয়াছিছ ৰোগ। 
        প্ৰতিৰোধৰ ব্যৱস্থা: সাম্প্ৰতিক সময়ত এই ৰোগৰ ঔষধ পাতি সুলভ তথা সুচিকিৎসা সম্ভৱ হৈ উঠিল। গতিকে উপযুক্ত ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰিব লাগে। নিশা শোওঁতে ঔষধ ছটিওৱা আঠুৱা ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         কেতিয়াবা এনে ৰোগমূহে মহামাৰীৰ ৰূপ ধাৰণ কৰে। ফলত বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব লগা হয়। সেইবাবে এই ৰোগৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগে।সমাজত ইয়াৰ বিষয়ে জনসচেতনতা বঢ়াব লাগে,যাতে এই ৰোগৰ প্ৰতিৰোধ কৰিব পৰা যায়। ছাত্ৰ-ছাত্ৰী সকলেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'ব পাৰে। বৰ্তমান মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ ৰ সময়ত ওপৰত উল্লেখিত ৰোগৰ প্ৰাসঙ্গিকতা আহি পৰিছে। কৰনাৰ সৈতে যুঁজ অব্যাহত থকাৰ সময়তে সামান্তৰালভাৱে এনে ৰোগেও আমাক আক্ৰমণ কৰাটো অতি স্বাভাৱিক কথা। সেয়ে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ল'ব লগা সাৱধানতাৰ বিষয়ে জন সচেতনতা বঢ়াবলৈ আমি সকলোৱে আগবাঢ়ি অহা উচিত।
            -----------------+++++++--------------


No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts