Tuesday, August 4, 2026

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন।




অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ বৰ্তমানৰ সময়ত গুৰুত্বপূৰ্ণ খেতি, যদিও বৰ্তমান সময়ত কৃষিখণ্ডত ই অতি অৱহেলিত বুলি কলেও অত্যুক্তি কৰা নহয়। একালৰ অসমৰ "সোণালী আঁহ" হিচাপে পৰিচিত এই কৃষিজাত সামগ্ৰীয়ে বৰ্তমান প্লাষ্টিকৰ বিকল্প হিচাপে বিশ্বজুৰি এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ৰাজ্যখনত পৰিৱেশ অনুকূল সামগ্ৰী (Eco-friendly products) উৎপাদন আৰু বহনক্ষম বিকাশৰ বাবে মৰাপাট শিল্পৰ পুনৰুত্থান অত্যন্ত জৰুৰী হৈ পৰিছে। মৰাপাটৰ বৰ্তমানৰ সংকট আৰু প্ৰত্যাহ্বানক চৰম অৱহেলা, উন্নত বীজৰ অভাৱ আৰু মধ্যভোগীৰ দৌৰাত্ম্যৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মৰাপাট খেতিয়কে উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। লগতে, মৰাপাট সংৰক্ষণ আৰু ইয়াৰ পৰা উন্নত মানৰ সামগ্ৰী প্ৰস্তুত কৰা 'জুট মিল'সমূহৰ অভাৱে ৰাজ্যখনৰ এই সম্ভাৱনাময় খণ্ডটোক পক্ষাঘাতগ্রস্ত কৰি ৰাখিছে। ফলত, অসমৰ কৃষকসকলে মৰাপাট খেতি এৰি অন্যান্য লাভজনক খেতিৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিছে। বিশ্ব বজাৰত প্লাষ্টিকৰ বিকল্প নাই। বৰ্তমান সমগ্ৰ বিশ্বতে পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছে। এনে এক পৰিস্থিতিত, জৈৱিক-বিভংগনীয় (Biodegradable) মৰাপাটৰ আঁহৰ পৰা তৈয়াৰী সামগ্ৰী যেনে—পৰিৱেশ-বান্ধৱ বেগ, হস্তশিল্প (Handicrafts), আৰু বস্ত্ৰ সামগ্ৰীৰ চাহিদা আন্তৰ্জাতিক বজাৰত দ্ৰুতগতিত বৃদ্ধি পাইছে। অসমৰ শিপিনী আৰু হস্তশিল্পৰ লগত জড়িত যুৱক-যুৱতীসকলে মৰাপাটৰ সদ্ব্যৱহাৰ কৰি নিজৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ এক বৈপ্লৱিক পৰিৱটন আনিব পাৰে। 
      আশী-নব্বৈৰ দশকত অসমৰ গাঁৱে ভূঞে মৰাপাটৰ খেতি কৰাৰ ইতিহাস আছে। কৃষিৰ সঁজুলি নিৰ্মাণৰ বাবে গাওঁৰ কৃষকসকলে মৰাপাটৰ খেতি কৰিছিল আৰু ইয়াৰ পৰা উলিওৱা ৰছীৰে বিশেষকৈ গৰু বন্ধা পঘা, বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হিকিয়া আদি বান্ধিবলৈ মৰাপাটৰ ৰছী ব্যৱহাৰ কৰিছিল। নাঙলৰ আওচজৰী, যুটজৰী আদিৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছিল। আন বিভিন্ন যাৱতীয় কামত কোনো খৰচ নোহোৱাকৈ ব্যৱহাৰ কৰিব সক্ষম হৈছিল। কিন্তু যেতিয়াৰ পৰা প্লাষ্টিকৰ সামগ্ৰী বজাৰত উপলব্ধ হ'ল, তেতিয়াৰ পৰাই যেন অসমত গ্ৰাম্য সমাজৰ এই মৰাপাটৰ খেতি বন্ধ হৈ পৰিল। আনকি মৰাপাটৰ আগ অংশ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। মৰাপাটৰ ব্যঞ্জন খুব সুস্বাদু। 
        সমাধানৰ পথ আৰু আমাৰ অসমৰ মৃতপ্ৰায় মৰাপাট শিল্পক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰী আৰু ব্যক্তিগত পৰ্যায়ত কিছুমান তলত উল্লেখ কৰা সদৃশ পদক্ষেপ গ্ৰহণ কৰা উচিত। -

১. কৃষকৰ বাবে আৰ্থিক সকাহ : মৰাপাট খেতিয়কসকলক সময়মতে উন্নত মানৰ বীজ, সাৰ আৰু চৰকাৰী সাহায্য প্ৰদান কৰা।

২. জুট মিল স্থাপন : ব্ৰহ্মপুত্ৰ উপত্যকাৰ মৰাপাট বহুল অঞ্চলসমূহত ক্ষুদ্ৰ আৰু মজলীয়া পৰিসৰৰ জুট মিল বা প্ৰচেছিং ইউনিট স্থাপন কৰা।

৩. বজাৰ সংযোগ (Market Linkage) : উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত উপযুক্ত বজাৰ সৃষ্টি কৰা।

৪. চৰকাৰী নীতি : বজাৰত কাপোৰ বা মৰাপাটৰ বেগৰ ব্যৱহাৰ বাধ্যতামূলক কৰা নীতিসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰা।

৫. স্থানীয় খেতিয়কক মৰাপাটৰ খেতি কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰা ।

উপসংহাৰ : 

“সোণালী আঁহ” নামেৰে খ্যাত মৰাপাট (Jute) অসমৰ বাবে কেৱল এটা কৃষিশস্য নহয়, ই এক সম্ভাৱনাময় অৰ্থনৈতিক সম্পদ। কপাহৰ পিছতেই বিশ্বৰ দ্বিতীয় বৃহত্তম উদ্ভিদৰ আঁহ হিচাপে পৰিগণিত এই মৰাপাট সম্পূৰ্ণৰূপে পচনশীল, পৰিৱেশৰ বাবে উপযোগী আৰু পুনৰ্ব্যৱহাৰযোগ্য। অসমৰ অৰ্থনৈতিক পুনৰুত্থানৰ সম্ভাৱনাৰ কথা চিন্তা কৰিলে মৰাপাট শিল্পই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে।
        অসম চৰকাৰৰ শেহতীয়া বাজেট অনুসৰি ৰাজ্যৰ অৰ্থনীতি দ্ৰুতগতিত আগুৱাই গৈছে। এনে অৱস্থাত, পৰম্পৰাগত মৰাপাট খেতিক বিজ্ঞানসন্মতভাৱে আধুনিকীকৰণ কৰিলে ই কেৱল কৃষি খণ্ডক টনকিয়াল কৰাই নহয়, বৰঞ্চ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ পথো দেখুৱাব। সময় সমাগত, আমি পুনৰবাৰ আমাৰ ‘সোণালী আঁহ’ৰ গুৰুত্ব বুজি তাক সদ্ব্যৱহাৰ কৰিবলৈ সকলোৱে একনিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়ি আহিব লাগিব।

🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts