Tuesday, July 14, 2020

শৈক্ষিক পৰিচালনা আৰু শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰয়োজনীয়তা ।

     শিক্ষানুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিয়েই কেতবোৰ কিছুমান সিদ্ধান্ত বিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিব লগা হয়। তাৰেই এটা অংগ হ'ল শৈক্ষিক পৰিচালনা। সঠিকভাৱে পৰিচালনা নোহোৱাৰ হেতুকে বহু ক্ষেত্ৰত এক ভাল শিক্ষা ব্যৱস্থা বা শিক্ষানুষ্ঠানো বেয়াৰ দিশলৈ গতি কৰিব পাৰে। 'শৈক্ষিক পৰিচালনাৰ' অৰ্থ অতি ব্যাপক । পৰিচালনা বা management শব্দটো হ'ল ফ্ৰান্স দেশৰ শব্দ manage ৰ পৰা উৎপত্তি হোৱা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে 'গৃহ পৰিচালনা' (House keeping) । " সাধাৰণ অৰ্থত management শব্দই এদল বিশেষ ব্যক্তিক বুজায় যাৰ কৰ্তব্য হ'ল আন মানুহৰ চেষ্টা আৰু কাৰ্যক সাধাৰণ উদ্দেশ্যত উপনীত হ'বৰ বাবে নিৰ্দেশিত কৰা।" 
      বিখ্যাত শিক্ষাবিদ Paul Monare ৰ মতে " শৈক্ষিক মতাদৰ্শ হিচাপে বিদ্যালয় পৰিচালনা হৈছে শ্ৰেণীকোঠাৰ কাৰ্য প্ৰণালীৰ কৌশলৰ লগত সম্পৰ্ক থকা আৰু সফল শিক্ষকসকলৰ অনুশীলনৰ পৰা অনা নীতি আৰু কাৰ্যৰ সমষ্টি। শিক্ষক সকলে বা শিক্ষাবিদ সকলে, মনোবিজ্ঞান,সমাজবিজ্ঞান আৰু নীতি শাস্ত্ৰৰ আৰু মৌলিক নীতি সমূহৰ আধাৰত সেই নীতি আৰু কাৰ্যসমূহ বিভিন্ন ধৰণৰে ব্যাখ্যা কৰা।" উল্লেখিত এই সংজ্ঞাৰ পৰা বুজা যায় যে শিক্ষানুষ্ঠানৰ সৰ্বদিশতে চোৱা-চিতা কৰা, সঠিকভাৱে কাৰ্য নীতি তৈয়াৰ কৰা, নিৰ্দেশনা দিয়া আদি সম উন্নয়নৰ বিষয়ৰ দিশবোৰ সাঙুৰি লৈ শিক্ষাৰ দিশটোক টনকিয়াল কৰাৰ বাবে যি পৰিচালনা কৰা হয় সেয়ে হ'ল শৈক্ষিক পৰিচালনা। শিক্ষাৰ পৰিচালনাই শৈক্ষিক পৰিচালনা সমূহ কাৰ্যকৰী ভাৱে ৰূপায়ন কৰি শৈক্ষিক লক্ষ্য আহৰণত উদ্গনি যোগোৱাকে বুজায়। শিক্ষা ব্যৱস্থাৰ বিভিন্ন উপাদান সমূহক একত্ৰিত কৰি উপযুক্ত প্ৰয়োগৰ জৰিয়তে শৈক্ষিক লক্ষ্য আহৰণ কৰিবলৈ শিক্ষাৰ প্ৰচেষ্টা চলাব লাগে।যেনেদৰে ভূমি,শ্ৰম, মূলধনৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হয়, ঠিক একেদৰে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মানৱ সম্পদ, বৈষয়িক সম্পদ আৰু বিত্তীয় সম্পদৰ সুপ্ৰয়োগ কৰিব পাৰিলেহে নিৰ্দিষ্ট শিক্ষানুষ্ঠানটোৰ লক্ষ্যত সফলতা অৰ্জন কৰিব সক্ষম হ'ব আৰু ইয়াৰ বাবেই শৈক্ষিক পৰিচালনাৰ'অতীব প্ৰয়োজন আছে।
         প্ৰয়োজনীয়তা : শিক্ষানুষ্ঠানৰ সঠিক পৰিচালনা বাবে শৈক্ষিক পৰিচালনাৰ প্ৰয়োজনীয়তা এক গুৰুত্বপূৰ্ণ বিষয় । শিক্ষানুষ্ঠানৰ শৈক্ষিক বাতাবৰণ সৃষ্টি, শৈক্ষিক অগ্ৰগতি নিৰূপণ, যাৱতীয় শিকন-শিক্ষন সঁজুলি মজুত ৰখা আদি কাম-কাজৰ সম্পৰ্কে সদায় মনোনিবেশ কৰিলেহে বিদ্যালয় এখনে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষকে বা বিদ্যালয় পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত বাৰ্ষিক পৰিকল্পনা কৰি আগবাঢ়িব লাগে। শিক্ষাৰ সকলো উপাদান সঠিকভাৱে কাৰ্য ক্ষেত্ৰত প্ৰয়োগ হৈছে নে নাই , বিদ্যালয়ৰ সৌষ্টৱ বৃদ্ধি কিদৰে কৰিব পৰা যাব, শ্ৰেণীকক্ষত কিহৰ অভাৱ আছে- চকী,বেন্স, ডেক্স, টেবুল ,ডাষ্টবিন , মজিয়াৰ অৱস্হা আৰু চিলিঙী আদি সকলো কি অৱস্হাত আছে পৰাপক্ষত প্ৰতিদিনে পৰীক্ষা নিৰীক্ষা কৰা প্ৰয়োজন আছে। তদুপৰি প্ৰাথমিক পৰ্যায়ৰ ক্ষেত্ৰত মধ্যাহ্ন ভোজনৰ সম্পৰ্কে তদাৰক কৰিব লগা হয়। গতিকে এই সমস্হ দিশত চোৱা চিতাৰ বাবে আৰু সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে আগতীয়াকৈ পৰিকল্পনা প্ৰস্তুত কৰি ল'লে সুবিধা হয়। ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিকভাৱে বিকাশ সাধন সম্ভৱ হ'ব যদিহে সিঁহতৰ অভাৱ অভিযোগ, মনস্তত্ত্বৰ দিশ ভালদৰে বুজা যায় আৰু সেইমতে শ্ৰেণীৰ পাঠদান হৈছে নে নাই , শিক্ষকৰ দুৰ্বলতা সবলতাৰ দিশ নিৰীক্ষণ কৰি বিষয় বিতৰণ আদি সৰু সৰু কথাবোৰো নিৰীক্ষণত ৰাখিব লাগে । আনহাতে শিক্ষক শিক্ষয়িত্ৰী ৰ অভাৱ অভিযোগ সমূহৰ সম্পৰ্কেও বিদ্যালয়ৰ পৰিচালকে ভালদৰে জ্ঞাত হোৱাৰ দৰকাৰ আছে। বিদ্যালয় এখনৰ সৰ্বদিশত উন্নতি হ'বলৈ হ'লে সেয়ে শৈক্ষিক পৰিচালনা নিতান্তই প্ৰয়োজন আছে। এটা শিক্ষানুষ্ঠানৰ মানৱ সম্পদ, বৈষয়িক সম্পদ আৰু বিত্তীয় সম্পদৰ সঠিক প্ৰয়োগে বিদ্যালয় উন্নয়নত অৰিহণা আগবঢ়ায়। 

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts