E-learning হ'ল বৈদ্যুতিক সংযোগৰ জৰিয়তে প্ৰদান কৰা অনলাইন শিক্ষা ব্যৱস্থা। বৈদ্যুতিক আহিলা বা ডিভাইচ ব্যৱহাৰ কৰি ইণ্টাৰনেট (Internet)ৰ মাধ্যমেৰে এই শিক্ষা প্ৰদান কৰা হয়। ই-লাৰ্ণিংৰ 'E' আখৰে ইংৰাজীত ইলেক্ট্ৰনিক (Electronic) আৰু লাৰ্ণিং (Learning) শব্দই শিক্ষা গ্ৰহণ বা জ্ঞানাৰ্জন কৰাৰ সম্পৰ্কে বুজায়। বৈদ্যুতিক শিক্ষা ব্যৱস্থা মূলতঃ অনলাইন ভিত্তিক শিক্ষাৰ এটা প্লেটফৰ্ম য'ত বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। কেৱল মোবাইল ফোন অথবা কম্পিউটাৰৰ সহায়ত ইণ্টাৰনেট সংযোগ ঘটাই ই-লাৰ্ণিংৰ জৰিয়তে যিকোনো বিষয়ৰ শ্ৰেণীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰি। এই শিক্ষা ব্যৱস্থা বৰ সুন্দৰ, আনন্দদায়ক, মনোৰঞ্জনধৰ্মী আৰু কষ্ট মুক্ত ।
সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে মানুহক শিক্ষাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই লৈ গৈছে। বৰ্তমান যি কৰণা ভাইৰাছৰ মহামাৰীয়ে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰিকাঠামোত কুঠাৰাঘাট কৰিছে, সেই সময়ত অনলাইন শিক্ষা ব্যৱস্থা ইয়াৰ বিকল্প শিক্ষা গ্ৰহণৰ উপায় হিচাপে পৰিগণিত হৈছে।সেয়ে বৰ্তমান সময়ত ই-লাৰ্ণিংৰ প্ৰাসঙ্গিকতা আহি পৰিছে।
অনলাইনৰ জৰিয়তে নিজ দেশৰ উপৰিও বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণৰ সুবিধা আছে। অনলাইনৰ শিক্ষা ব্যৱস্থাৰে প্ৰাপ্ত ডিপ্লমা বা ডিগ্ৰী সকলো দেশতেই গ্ৰহণযোগ্য আৰু কলেজৰ আনুষ্ঠানিক শিক্ষাৰ সহায়ত প্ৰাপ্ত ডিগ্ৰীৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হয়।
১৯৯৯ চনত 'এলিয়ট মাইসি' নামৰ এজন লোকে ই-লাৰ্ণিং শব্দটোৰ সৃষ্টি কৰি প্ৰথম ব্যৱহাৰ কৰিছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত কম্পিউটাৰ আৰু স্মাৰ্ট ফোনৰ সহজলভ্য আৰু বহুলভাৱে ব্যৱহৃত হোৱাৰ লগে লগে অনলাইন ব্যৱস্থাত ই-লাৰ্ণিংৰ ব্যাপকভাৱে সূচনা হয়। এতিয়া সমগ্ৰ বিশ্বত ই-লাৰ্ণিং গ্ৰহণযোগ্য আৰু তড়িৎ গতিত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ শিক্ষা আহৰণ কৰিব পৰা ভেটি হিচাপে বিবেচিত হৈছে। যদিও ই-লাৰ্ণিং শিক্ষা ব্যৱস্থা বহু জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে , জনপ্ৰিয় পৰ্টেল হিচাপে পৰিগণিত হৈছে তথাপি ই সীমাবদ্ধ হোৱাৰ লগতে ইয়াৰ বহু সুবিধা অসুবিধা পৰিলক্ষিত হৈছে। তলত সংক্ষিপ্ত ভাৱে উল্লখ কৰা হ'ল।--
ই-লাৰ্ণিংৰ সুবিধা :
(I) নিজৰ ইচ্ছানুসৰি খুব কম ব্যয় সাপেক্ষে ই-লাৰ্ণিং কোৰ্চ গ্ৰহণ কৰিব পাৰি।
(ii) শাৰীৰিকভাৱে শ্ৰেণীকোঠাত উপস্হিত থকাৰ প্ৰয়োজন নাই। কেৱল ইণ্টাৰনেট সংযোগ ঘটাই অনলাইনত আহি নিৰ্দিষ্ট বিষয়ত শিক্ষা গ্ৰহণৰ সুবিধা।
(iii) শাৰীৰিক ভাৱে অক্ষম লোকে ঘৰতে বহি অনায়াসে অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে।
(iv) চাকৰি বা কামৰ লগত সংগতি ৰাখি ই-লাৰ্ণিং ৰ ব্যৱস্থা কৰা হয় যাতে কোৰ্চ শেষ হোৱাৰ পিছতে চাকৰিত নিযুক্তি লাভ কৰিব পাৰি।
(v) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত সময়ৰ ধৰাবন্ধা নিয়ম থাকে কিন্তু অনলাইন শিক্ষা ব্যৱস্থাত যিকোনো সময়তে শিক্ষা আহৰণ পাৰি।
(vi) ই-লাৰ্ণিংৰ জৰিয়তে আপুনি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা, যিকোনো বিষয়ত, কোনো কষ্ট নকৰাকৈয়ে ঘৰত বহি অনায়াসে প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰিব পাৰে।
(vii) যিকোনো ক'ৰ্চ কৰোঁতে বিষয়টোৰ লগত সম্পৰ্কিত বিশেষজ্ঞৰ সৈতে মুখামুখি হোৱাৰ সুবিধা। এই সুবিধা ক'ৰ্চ প্ৰদান কৰা ব্যক্তিয়ে প্ৰদান কৰে।
(viii) ই-লাৰ্ণিংত দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰে শিক্ষা দিয়াৰ ফলত শিক্ষা অধিক মনোগ্ৰাহী আৰু আনন্দদায়ক হয়।
(ix) আলোচনা বৰ্ডৰ সহায়ত অথবা আড্ডাৰ মাধ্যমেৰে অনলাইনেৰে বিভিন্ন জনৰ সৈতে সংযোগ স্হাপনেৰে বাৰ্তালাপ কৰি কোনো পাঠ্যৰ কঠিন অংশৰ সম্পৰ্কে বিশদভাৱে সহজে জানি ল'ব পাৰি।যাৰ ফলত ক'ৰ্চ প্ৰদানকাৰী শিক্ষকে দিয়া সমস্যাবোৰ সমাধান কৰাত সুবিধা হয়।
(X) ই-লাৰ্ণিং শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে দৃশ্য শ্ৰাব্য সঁজুলিত পাঠৰ যিকোনো লাগতিয়াল বিষয়বস্তু, পৰীক্ষামূলক পৰীক্ষণ পাঠ আদি ডাউনল'ড কৰি সাচি ৰাখিব পাৰে।
(xi) যিকোনো এটা অনলাইন ক'ৰ্চ আদান-প্ৰদান প্ৰক্ৰিয়াৰ যি দক্ষ উপায় অৱলম্বন কৰা হয়,সেয়া ই-লাৰ্ণিংৰ মাধ্যমেৰে শিকিব পাৰে। বিশেষকৈ নিজে ৰেজিষ্টাৰ কৰি পাঠদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত দক্ষতা বৃদ্ধি কৰে।
ই-লাৰ্ণিংৰ অসুবিধাসমূহ :
যিদৰে ই-লাৰ্ণিংৰ বহু সুবিধা আছে,সেই একেদৰে ইয়াৰ বহু অসুবিধাও পৰিলক্ষিত হয়। অসুবিধাৰ সম্পৰ্কে সংক্ষিপ্তৰূপত তলত উল্লেখ কৰা হ'ল। --
(i) কম্পিউটাৰ সম্পৰ্কীয় জ্ঞান নথকা এজন ব্যক্তিৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা অতি জটিল আৰু সংযোগ স্হাপন অসম্ভব হৈ পৰে।
(ii) ভিডিঅ' কনফাৰেন্স অথবা সন্মুখত মুখামুখি হৈ বিষয়বস্তুৰ ওপৰত বাৰ্তালাপ কৰিব পাৰে যদিও ই অতি ব্যয়বহুল হোৱাৰ বাবে সকলো শিক্ষাৰ্থীৰ বাবে এয়া সম্ভৱ নহয়।
(iii) অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া অতি সীমিত হৈ থাকে।
(iv) ইণ্টাৰনেট (Internet) ব্যৱস্থা দূৰ্বল হ'লে ই-লাৰ্ণিং ৰ পাঠদান কাৰ্যসূচী গ্ৰহণ কৰাত অসুবিধাই দেখা দিয়ে।
(v) দুৰ্গম এলেকাত ই-লাৰ্ণিং ৰ শিক্ষা সম্ভৱ নহয় কাৰণ mobile network বা internet সেৱা এনে ঠাইত উপলব্ধ নহয়।
(vi) দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থীৰ বাবে ই-লাৰ্ণিং ৰ ব্যৱস্থাৰে শিক্ষা গ্ৰহণ সম্ভৱ নহয়।
(vii) ই-লাৰ্ণিং সকলোৰে বাবে গ্ৰহণযোগ্য শিক্ষা হ'লেও ই সাৰ্বজনীন শিক্ষা কেতিয়াও হ'ব নোৱাৰে কাৰণ সমাজৰ দৰিদ্ৰ এচাম লোক ইয়াৰ পৰা একো উপকৃত হ'ব নোৱাৰে।
বৰ্তমান সময়ত ই-লাৰ্ণিংৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। একেটা সময়তে বিজ্ঞজনে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰি জ্ঞানৱান হোৱাৰ লগতে বিভিন্ন অনলাইন ব্যৱস্থাৰে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু কাৰীকৰিমূলক শিক্ষা একেটা পৰ্টেলত উপলব্ধ হোৱাৰ লগতে এটা নতুন ব্যৱস্থাৰে শিক্ষা পৰিচালিত হৈ আগবাঢ়িব পৰাৰ সুযোগ, কোনো চিঞঁৰ-বাখৰ ,হাই-উৰুমি নোহোৱা পৰিৱেশত জ্ঞান আহৰণ কৰিব সুযোগ থকাৰ বাবে মানুহক ই-লাৰ্ণিং ব্যৱস্থাই আকৰ্ষণ কৰিছে আৰু ই-লাৰ্ণিং ব্যৱস্থাই মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ নতুন প্ৰজন্মই এই মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু ইয়াক নিশ্চয় সময়ৰ দাবী বুলি গণ্য কৰিব পাৰি।
------------++++++-----++++++--------
good jobs .
ReplyDeletenice
ReplyDeletenice
ReplyDeletego up. very nice idea.
ReplyDelete