প্ৰদূষণ আৰু ইয়াৰ প্ৰকাৰ:
"মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰ'জেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়। পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ।"
প্ৰদূষণৰ প্ৰকাৰবোৰ বিষয়বস্তু অনুসৰি ভাগ কৰা হয়। অৰ্থাৎ পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ নিজস্ব গুণৰ হাণি বিঘিনি হ'লেই প্ৰদূষণ হয়। বায়ু, মাটি, পানী , আৰু শব্দৰ প্ৰদূষণ হিচাপে ভাগ কৰিব পাৰি। প্ৰতিবিধ প্ৰদূষণৰ সম্পৰ্কে সংক্ষিপ্ত ব্যাখ্যা আগবঢ়োৱা হ'ল।
বায়ু প্ৰদূষণ (Air pollution) :
বায়ুৰ নিজস্ব গুণ বিভিন্ন হানিকাৰক কাৰকৰ ফলত তাৰতম্য ঘটিলে বায়ুৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়। বায়ুমণ্ডলত থকা উপাদান অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ধূলিকণা ... আদি এটা নিৰ্দিষ্ট পৰিমাণত বায়ুমণ্ডলত থাকে, কিন্তু বিভিন্ন কাৰণত ইয়াৰ সমপৰিমাণত তাৰতম্য ঘটি বায়ুমণ্ডল দূষিত কৰি তোলে। বৰ্তমান পৃথিৱীত অনবৰতে কল কাৰখানা , উদ্যোগ,যান বাহন আদি বাঢ়িব ধৰিছে। এই উদ্যোগ ,কল-কাৰখানাৰ পৰা নিতৌ অত্যধিক পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছৰ নিৰ্গত হোৱাত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি গৈছে। আনহাতে গছ গছনি কমি যোৱাৰ ফলত এই অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছখিনি বায়ুত মিহলি হৈ পৃথিৱীৰ উপৰিভাগত এখন আৱৰণৰ সৃষ্টি কৰিছে। যাৰ ফলত পৃথিৱীৰ পৰা তাপ ওলাই যাব পৰা নাই আৰু সেয়েহে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমে বৃদ্ধি পাব ধৰিছে। ইয়াকেই গ্ৰীন হাউচ এফেক্ট বা সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হৈছে। এয়া বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ এটা উদাহৰণ। একেদৰে আন উপাদানৰ ক্ষেত্ৰতো যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেন্তে এই বায়ু গ্ৰহণৰ ক্ষেত্ৰত মানুহৰ আৰু বিভিন্ন প্ৰাণীকূলৰ অসুবিধা হ'ব। ইয়ে মানুহৰ পৰিপন্থী অৱস্থাৰ সৃষ্টি কৰিব। সেয়েহে বায়ুমণ্ডল সঠিক ভাবে পৰিচালিত হ'বলৈ আমি বৃক্ষৰোপণ কাৰ্যসূচী বা আন ভাল কামবিলাক সম্পাদন কৰিব লাগে। বিভিন্ন কাৰণবোৰ হ'ল--
১/গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা আৰু ধূলিৰ ফলত বায়ু প্ৰদূষণ হয়।
২/লেতেৰা পৰিৱেশত বিভিন্ন প্ৰাণী গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি আদি পোহাৰ ফলত দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয়।
৩/ মানুহৰ সমাগম ঘটিলে মানুহৰ শ্বাস-প্ৰশ্বাসৰ ফলত বায়ু দূষিত হ'ব পাৰে।
৪/ কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱাই পৰিৱেশৰ বায়ু প্ৰদূষিত কৰে।
প্ৰভাৱ:
বায়ু প্ৰদূষণ হোৱাৰ ফলত আমাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বায়ু প্ৰদূষণৰ বাবে মানুহৰ হাঁওফাঁওৰ ৰোগ, ছালৰ ৰোগ , মূৰৰ বিষ, চকুৰ ৰোগ, এলাৰ্জি আদিৰ দৰে ৰোগ হয়।
প্ৰতিৰোধৰ উপায় (prevention measures):
১/মানুহে বাস কৰা স্হানৰ পৰা কিছু নিলগত উদ্যোগ স্থাপন কৰা।
২/ বিভিন্ন কল কাৰখানাৰ ধোঁৱা ওলোৱা চিমনী ওখ হ'ব লাগে আৰু প্ৰদূষণ ৰোধক হ'ব লাগে।
৩/ গাড়ী মটৰৰ ক্ষেত্ৰত ধোঁৱা কমকৈ ওলাবলৈ প্ৰদূষণৰোধী সঁজুলিৰ প্ৰয়োগ কৰিব লাগে।
৪/যিকোনো ইন্ধন সঠিক মাত্ৰাত ব্যৱহাৰ কৰা উচিত।
৫/ বৃক্ষৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়।
মাটি প্ৰদূষণ ( soil pollution):
মাটিৰ নিজস্ব গুণাগুণ নষ্ট হ'লে মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ নিজস্ব উৰ্বৰতা শক্তি থাকে। এই উৰ্বৰতা শক্তি নিহিত থকা মাটিক আমি সাৰুৱা মাটি বুলি কঁও। বিভিন্ন কাৰণত এই শক্তি হ্ৰাস পায় আৰু মাটিৰ গুণাগুণৰ ক্ষতি হয়। তেতিয়াই মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ প্ৰদূষণ হোৱা কাৰণবোৰ হ'ল ---
১/খেতি কৰোঁতে অত্যধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটি প্ৰদূষণ হয়।
২/ অত্যধিক পৰিমাণে খেতিৰ মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাত মাটিৰ গুণাগুণৰ নষ্ট হোৱাৰ বাবে মাটি প্ৰদূষণ হয়।
৩/ , সোনকালে নপচা বিভিন্ন সামগ্ৰী যেনে পলিথিন, প্লাষ্টিকৰ বস্তু আদি মাটিত পেলোৱা ফলত মাটিৰ উৰ্বৰতা শক্তি নষ্ট হয় আৰু মাটিৰ প্ৰদূষণ হয়।
৪/ মানুহৰ বিভিন্ন কামৰ বাবে অলাগতীয়াল ঘাঁহ বন নাশ কৰিবৰ বাবে প্ৰয়োগ কৰা দ্ৰব্যই মাটিৰ গুণাগুণৰ ক্ষতি কৰে আৰু যাৰফলত মাটি প্ৰদূষণ হয়।
প্ৰভাৱ:
মাটি প্ৰদূষণ হোৱাৰ ফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বাৰুকৈয়ে প্ৰভাৱ পৰে।
* মাটিৰ তলত বাস কৰা জীৱবোৰ মৃত্যু হ'ব পাৰে।যাৰফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা নষ্ট হয়।
* মাটি প্ৰদূষণ হোৱাৰ পিছত মাটিৰ সাৰুৱা গুণৰ নাশ হয়। ইয়াৰ ফলত সেই মাটি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে।
* গছ-গছনিত ৰোগ হৈ উৎপাদন শক্তিৰ কমে ।
প্ৰতিৰোধৰ উপায় (prevention measures):
১/খেতি মাটিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰা।
২/ বিভিন্ন শস্য বা মাটিত থকা কীট পতংগ মাৰাৰ বাবে কীটনাশক দ্ৰব্য ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা।
৩/ প্লাষ্টিকৰ সামগ্ৰী, পলিথিন আদি ব্যৱহাৰ ৰোধ কৰিব লাগে।
৪/ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণত গুৰুত্ব আৰোপ কৰা।
পানীৰ প্ৰদূষণ (water pollution):
বায়ু, মাটিৰ দৰে পানীৰ ক্ষেত্ৰতো বিভিন্ন কাৰণত পানীৰ নিজস্ব গুণাগুণ নষ্ট হ'ব পাৰে। তেতিয়া এই পানী ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে আৰু পানী দূষিত হৈ পৰে, তেতিয়াই পানীখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। পানী দূষিত হোৱাৰ কাৰণ সমূহ হ'ল --
১/ পানীত বিভিন্ন উদ্যোগ কল-কাৰখানাৰ বৰ্জিত পদাৰ্থবোৰ পেলোৱাৰ ফলত পানী দূষিত হয়।
২/ তেল জাতীয় পদাৰ্থ নদ নদী বিলাকত পৰাৰ ফলত পানীৰ প্ৰদূষণ হয়।
৩/ সহজে নপচা প্লাষ্টিক জাতীয় সামগ্ৰী পানীত মানুহে জধেমধে পেলোৱাৰ ফলত পানী দূষিত হয়।
৪/ মানুহৰ মলমূত্ৰ , বিভিন্ন প্ৰাণীৰ মলমূত্ৰ পানীত পৰাৰ ফলত বা পেলালে পানীৰ প্ৰদূষণ হয়।
৫/ বিভিন্ন জৈৱিক আৱৰ্জনা পানীত পেলোৱাৰ ফলত পানী দূষিত হয়।
প্ৰভাৱ :
পানী দূষিত হোৱাৰ ফলত এই পানী খাবলৈ অনুপযোগী হৈ পৰিব। পানীখিনি বিভিন্ন ৰোগৰ বিজানুৱে ভৰি পৰিব। এই পানী গৰু,মহ, হাঁহ কুকুৰা, বিভিন্ন বনৰীয়া প্ৰাণীয়ে খালে ৰোগত আক্ৰান্ত হ'ব আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে। লগতে মানুহে এনে পানীত মাছ মাৰিবলৈ নামিলে বা আন কাৰণত গ'লে পানীত থকা বিজানুৱে আক্ৰমণ কৰিব । ইয়াৰ ফলত খৰ খজুৱতি, চালৰ ৰোগ আদি হ'ব পাৰে।
প্ৰতিৰোধৰ উপায় (prevention measures):
১/ নৈ,খাল, বিল আদি আৱৰ্জনা মুক্ত কৰিবলৈ প্ৰয়াস কৰা।
২/ বিভিন্ন উদ্যোগৰ পৰা দূষিত সামগ্ৰীসমূহ পৰিশোধন কৰিহে পানীত পেলোৱাৰ ব্যৱস্থা কৰা।
৩/ জৈৱিক আৱৰ্জনা পানীত নেপেলাই পচন সাৰ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োগ কৰা।
শব্দৰ প্ৰদূষণ (sounds pollution):
প্ৰয়োজনতকৈ ডাঙৰকৈ সৃষ্টি হোৱা শব্দৰ ফলত শব্দ প্ৰদূষণ হয় । অতিমাত্ৰা হাৰত সৃষ্টি হোৱা শব্দ আমাৰ কাণে গ্ৰহণ কৰিব অসুবিধা পায় । ৰেডিঅ', মাইক আদিৰ পৰা ডাঙৰকৈ হোৱা শব্দই পৰিৱেশ দূষিত কৰে। এনে ডাঙৰকৈ হোৱা শব্দ একেৰাহে শুনি থাকিব পৰা নাযায়। প্ৰকৃততে সেয়াই হ'ল শব্দ প্ৰদূষণ। মানুহে ২০ ৰ পৰা ৮০ ডেচিবেলৰ ভিতৰৰ শব্দহে শুনিবলৈ সক্ষম আৰু এই শব্দ পৰিৱেশৰ অনুকুলে থাকে। শব্দৰ প্ৰাৱল্য ইয়াতকৈ বেছি হ'লে প্ৰদূষণ হোৱা বুলি কোৱা হয়। বিভিন্ন কাৰণত শব্দ প্ৰদূষণ হয়। সেইবোৰ হ'ল--
১/ কল কাৰখানাৰ মেচিনে সৃষ্টি কৰা অতিমাত্ৰা শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।
২/ অত্যধিক গাড়ী মটৰৰ ব্যৱহাৰ আৰু ইয়াৰ হৰ্ণৰ ফলত শব্দ প্ৰদূষণ হয়।
৩/ উৰাজাহাজ, ৰেলগাড়ীৰ আদি শব্দ অতিমাত্ৰাত উলাই ,ইয়ে নিজম পৰিৱেশত আঘাত কৰে।
৪/ সৰহকৈ মানুহ সমাগম ঘটিলে কোলাহলৰ সৃষ্টি হয়। ইয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰাত অৰিহণা যোগায়।
প্ৰভাৱ :
শব্দ প্ৰদূষণে মানুহৰ মগজুৰ সক্ৰিয়তাত প্ৰভাৱ পেলায়। মানুহৰ মন মগজুৰ খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। ভাৱত ব্যাঘাত জন্মে। অত্যধিক শব্দ প্ৰদূষণৰ ফলত মানুহ বধিৰ হয়। মানুহৰ নাৰ্ভাছ চিষ্টেম সম্পূৰ্ণ বিকল হৈ যোৱাৰ সম্ভাৱনা থাকে।
প্ৰতিৰোধৰ উপায় (prevention measures):
১/ বিভিন্ন উৎসৰ পৰা হোৱা কোলাহল ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।
২/ বিভিন্ন শব্দক বাধা দিবৰ বাবে বৃক্ষৰোপণত গুৰুত্ব দিব লাগে।
৩/ বিভিন্ন উদ্যোগসমূহ বসতি অঞ্চলৰ পৰা দূৰত স্থাপন কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পাৰে।
৪/ শিক্ষানুষ্ঠান, চিকিৎসালয়, মহাবিদ্যালয় আদিৰ ওচৰত গাড়ীৰ হৰ্ণ বজাব নালাগে। পৰাপক্ষত গাড়ী মটৰৰ হৰ্ণ একেবাৰে কমকৈ বজাব লাগে।
৫/ ইঞ্জিন চালিত গাড়ী মটৰৰ ব্যৱহাৰ নকৰি চাইকেলৰ ব্যৱহাৰ কৰিব লাগে।
৬/ কম শব্দযুক্ত গাড়ী মটৰ ব্যৱহাৰ কৰিব লাগে।
৭/ বেটাৰী চালিত গাড়ীৰ ব্যবহাৰ কৰিব লাগে এই গাড়ীৰ শব্দ কম হোৱা হেতুকে শব্দ প্ৰদূষণৰ ৰোধত অৰিহণা যোগায়।
সামৰণি (conclusion):
বিভিন্ন ধৰণৰ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায় । এনে প্ৰভাৱৰ পৰা বাচি থাকিবলৈ হ'লে মানুহ সজাগ হ'ব লাগিব। যি কাৰ্যৰ দ্বাৰা পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বেয়া প্ৰভাৱ পেলায়, তেনে কাৰ্যৰ পৰা মানুহে বিৰত থকা উচিত। সুন্দৰ পৃথিৱীখনত সুন্দৰ ভাৱে জীয়াই থাকিবলৈ হ'লে আমাৰ মনবিলাক সুন্দৰ ভাৱৰ চিন্তাৰ অধিকাৰী হ'ব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত প্ৰদূষণ নহ'বৰ বাবে বিভিন্ন কাৰ্য হাতত লোৱা দৰকাৰ। নিজে সজাগ সচেতন হৈ আনকো সজাগ কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিভিন্ন কৰ্মশালা, সজাগতা সভা আদি অনুষ্ঠিত কৰিও সমাজৰ নুবুজাসকলক বুজাই সচেতন আৰু সজাগ কৰিব পৰা যায়।
********************************************
No comments:
Post a Comment
dudulsonowal32@gmail.com