দেশৰ সৰ্বোচ্চ সন্মান কি ?
ভাৰতৰ সৰ্বোচ্চ তথা প্ৰথম অসামৰিক সম্মান হৈছে "ভাৰত ৰত্ন" । সাহিত্য, কলা, বিজ্ঞান, সমাজ সেৱা তথা দেশৰ বাবে অহোপুৰুষাৰ্থ শ্ৰম কৰি মূল্যৱান অৱদান আগবঢ়াই দেশৰ সন্মান অৰ্জনত পৰোক্ষভাৱে সহায় কৰা মহান ব্যক্তিসকলক এই সন্মানেৰে সন্মানিত কৰা হয়।১৯৫৪ চনৰ ২
জানুৱাৰীত প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই বঁটা প্ৰৱৰ্তন কৰিছিল। বৰ্তমানলৈকে ৪৮ জন মহান ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে। ভাৰতৰ লগতে আন দেশৰ সন্মানীয় ব্যক্তিকো এই বঁটা প্ৰদান কৰা হয়। প্ৰথম অৱস্থাত এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰাৰ নিয়ম নাছিল কিন্তু পৰৱৰ্তীকালত এই নিয়ম সালসলনি ঘটাই ১৯৫৫ চনৰ জানুৱাৰী মাহৰ পৰা মৰণোত্তৰভাৱেও এই বঁটা আগবঢ়োৱাৰ নিয়ম নিৰ্ধাৰণ কৰা হয়।
'ভাৰত ৰত্ন ' ত আঁহত পাতৰ ওপৰত সূৰ্যৰ চিত্ৰৰ লগত " ভাৰত ৰত্ন" দেৱনাগৰী লিপিত লিখা থাকে।
এই সন্মান বা বঁটা প্ৰথমে লাভ কৰা ব্যক্তিসকল হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণণ, চক্ৰৱৰ্তী ৰাজা গোপালচাৰী , আৰু চি ভি ৰমণ ।
দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান :
পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান।
পদ্মবিভূষণ কি আৰু কিয় ?
পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰতি বছৰৰ মূৰে মূৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। এই সন্মান দেশৰ হকে কৰা সুকৰ্ম তথা অৱদানৰ স্বীকৃতিৰ চিন স্বৰূপে ব্যক্তি জনক ভাৰত চৰকাৰে প্ৰদান কৰে। পদ্মবিভূষণ বঁটাত এটা
পদক আৰু এখন মানপত্ৰ থাকে যিটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰাপকক প্ৰদান কৰে। পদ্ম সন্মানৰ ভিতৰত পদ্মবিভূষণ হৈছে শীৰ্ষস্থানৰ সন্মান। চৰকাৰী সেৱাসহ যিকোনো বিষয়ত দেশৰ আৰু জাতিৰ প্ৰতি বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক এই সন্মানেৰে বিভূষিত কৰা হয়।১০৫৪ চনত প্ৰথম এই বঁটা প্ৰদান কৰা হয়।
এই বঁটাত প্ৰদান কৰা পদকৰ আকৃতি গোলাকাৰ সোণেৰে নিৰ্মিত। পদকৰ ব্যাস ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত পদ্মবিভূষণ কথাষাৰ লিপিবদ্ধ কৰা থাকে আৰু ইয়াৰ তলতে এটা পুষ্পবৃত্ত চিত্ৰিত কৰা থাকে।১৯৫৫ চনত ইয়াৰ আকাৰ কিছু পৰিৱৰ্তন কৰি ১-৩/১৬ ইঞ্চি কৰা হয়।
পদ্মভূষণ বঁটা কি ?
পদ্ম সন্মানৰ ভিতৰত এই বঁটা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। পদ্মভূষণ সন্মানো ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয়। জাতি তথা দেশৰ হকে বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক এই সন্মানেৰে বিভূষিত কৰা হয়।
বঁটাত এটা ট্ৰফী বা পদক আৰু এখন মানপত্ৰ থাকে। ট্ৰফীটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুমফুলৰ প্ৰতীক খোদিত কৰা হয়। ওলোটা পিঠিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক খোদিত কৰা থাকে।
এই বঁটা ৰাষ্ট্ৰীয় ভিত্তিত প্ৰদান কৰা হয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয় আৰু সেই বছৰে প্ৰথম এই বঁটা প্ৰদান কৰা হৈছিল। পদ্মভূষণ বঁটা প্ৰদান কৰ্তাও 'ভাৰত চৰকাৰ' । বৰ্তমানলৈকে ভাৰত চৰকাৰে ১১২০ জন ব্যক্তিক এই বঁটা প্ৰদান কৰিছে। এই বছৰ অৰ্থাৎ ২০২১ বৰ্ষত মৰণোত্তৰভাৱে তিনিবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা তৰুণ গগৈ ডাঙৰীয়াকো প্ৰদান কৰি চৰকাৰৰ স্বচ্ছতাৰ সম্পৰ্কে পৰিস্ফুট হৈছে যেন অনুভৱ হয়।
পদ্মশ্ৰী বঁটা কি ?
ভাৰত চৰকাৰে প্ৰদান কৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে পদ্মশ্ৰী বঁটা। এই বঁটা সাধাৰণতে কেৱল ভাৰতৰ নাগৰিকহে প্ৰদান কৰা হয়। পদ্মভূষণ সন্মানৰ দৰে এই বঁটাও ১৯৫৪ চনৰ পৰাই প্ৰদান কৰি অহা হৈছে।
শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰে। এই বঁটা লাভ কৰাৰ বাবে প্ৰাপক এজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক।
এই বঁটাটোও পদ্মবিভূষণ আৰু পদ্মভূষণ বঁটাৰ দৰে একে। বঁটাত এটা ট্ৰফী বা পদক আৰু এখন মানপত্ৰ থাকে। ট্ৰফীটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুমফুলৰ প্ৰতীক খোদিত কৰা হয়। পদকৰ আনটো ফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ চিহ্ন খোদিত কৰা থাকে।
জনপ্ৰিয়তা আৰু স্হায়ীত্বতা :
সাম্প্ৰতিক সময়ত পদ্ম বঁটাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু সেয়ে ইয়াৰ স্হায়ীত্বও বাঢ়িছে। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো, ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা , ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত বন্ধ হৈ আছিল। এই সময়ত বাচনিৰ বাবে কোনো উপযুক্ত ব্যক্তি নাছিল বা চৰকাৰৰ আন অসুবিধাৰ বাবে বঁটা প্ৰদান কৰাত অসমৰ্থ হৈছিল। এই বঁটাৰ জনপ্ৰিয়তা বা স্হায়িত্ব অক্ষুণ্ণ ৰাখিবলৈ হ'লে বঁটা নিৰপেক্ষ বাছনিৰ জৰিয়তে প্ৰকৃততে দেশৰ হকে বহুমূলীয়া অৱদান আগবঢ়োৱা লোকসকলক প্ৰদান কৰিব লাগিব। বাছনি প্ৰক্ৰিয়াত যদি ৰাজনীতিৰ গোন্ধ থাকে তেন্তে বঁটাৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস হোৱাটোয়ে স্বাভাৱিক।
http://anuragblogadress.blogspot.com/2021/01/blog-post_26.html
Please open this link to see the other topics.
----------------++++++-------------+++++----------
No comments:
Post a Comment
dudulsonowal32@gmail.com