ছচিয়েল মিডিয়াৰ প্ৰভাৱ: আধুনিক সমাজৰ এক নতুন প্ৰত্যাহ্বান আৰু সম্ভাৱনা
ফটোখন AI জৰিয়তে বনোৱা হৈছে
একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগান্তকাৰী আৱিষ্কাৰসমূহৰ ভিতৰত ‘ছচিয়েল মিডিয়া’ বা ‘সামাজিক মাধ্যম’ অন্যতম হিচাপে পৰিগণিত। ই এনে এক ডিজিটেল প্লেটফৰ্ম, যিয়ে সমগ্ৰ বিশ্বকে এটা সৰু কোঠাত আবদ্ধ কৰি পেলাবলৈ সক্ষম হৈছে । ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, এক্স (পূৰ্বৰ নাম টুইটাৰ), ইউটিউব আদিৰ দৰে মাধ্যমসমূহে আজি আমাৰ দৈনন্দিন জীৱনক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ লৈছে । মানুহৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ পৰা আৰম্ভ কৰি জ্ঞানৰ আদান-প্ৰদানলৈকে ছচিয়েল মিডিয়াই এক ডাঙৰ বিপ্লৱৰ সূচনা কৰিছে। কিন্তু একে সময়তে, ইয়াৰ অতিৰিক্ত ব্যৱহাৰে মানৱ সমাজ, বিশেষকৈ যুৱ প্ৰজন্মৰ ওপৰত গভীৰ নেতিবাচক প্ৰভাৱো যে পেলাইছে সেয়া সৰ্বজনবিদিত।
ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে ছচিয়েল মিডিয়াৰ যাত্ৰা আৰম্ভ হৈছিল। স্মাৰ্টফোন সৃষ্টিৰ প্ৰথম অৱস্থাত কেৱল এজন ব্যক্তিয়ে আন এজনৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত ই কেৱল বাৰ্তালাপৰ মাধ্যম হৈ থকা নাই ; ই এতিয়া সংবাদ প্ৰেৰণ, ব্যৱসায়-বাণিজ্য, বিনোদন, শিক্ষা আৰু জনমত গঠনৰ আটাইতকৈ শক্তিশালী মঞ্চ হৈ পৰিছে। ভাৰত আৰু অসমৰ দৰে অঞ্চলসমূহৰ চুকে-কোণে এতিয়া স্মাৰ্টফোন আৰু সস্তা ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাৰ বাবে সমাজৰ অতি দুখীয়া শ্ৰেণীটোৰ পৰা উচ্চ শ্ৰেণীলৈকে সকলোৱে ইয়াৰ সৈতে সাঙোৰ খাই পৰিছে।
ছচিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহক আমি অস্বীকাৰ কৰিব নোৱাৰো। ই সমাজলৈ অনা কিছুমান অন্যতম গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে সকলোকে ভাবিবলৈ বাধ্য কৰিছে । বিশেষকৈ যোগাযোগৰ সৰলীকৰণ,শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ, প্ৰতিভা বিকাশৰ মঞ্চ, অৰ্থনৈতিক আৰু ব্যৱসায়িক সুবিধা, সচেতনতা বৃদ্ধি আৰু মানৱীয় সহায় আদি দিশত অভূতপূৰ্ব প্ৰভাৱে মানুহক যথেষ্ট সকাহ প্ৰদান কৰিছে। তলত প্ৰতিটোৰে সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ'ল:
👉 যোগাযোগৰ সৰলীকৰণ: বিশ্বৰ যিকোনো প্ৰান্তত থকা বন্ধু-বান্ধৱ বা আত্মীয়ৰ সৈতে মুহূৰ্তৰ ভিতৰতে সংযোগ স্থাপন কৰিব পৰা হৈছে মোবাইল ফোনৰ জৰিয়তে। খুব কম খৰচতে ভিডিঅ' কল বা মেচেজৰ জৰিয়তে মানুহ বহুত ওচৰ চাপি আহি যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।
👉শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰ: শিক্ষাৰ্থীসকলৰ বাবে ছচিয়েল মিডিয়া এতিয়া এক ডাঙৰ পুথিভঁৰাল। ইউটিউব বা বিভিন্ন শিক্ষামূলক ফেচবুক গ্ৰুপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি কঠিন বিষয়সমূহ সহজকৈ শিকিব পাৰিছে। অসমৰ দৰে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও এতিয়া দেশ-বিদেশৰ উন্নত শিক্ষাৰ আভাস পাবলৈ সক্ষম হৈছে।
👉প্ৰতিভা বিকাশৰ মঞ্চ: পূৰ্বতে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ মানুহক কোনো ডাঙৰ সুযোগ বা মাধ্যমৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া ইউটিউব, ইনষ্টাগ্ৰাম ৰিলছ আদিৰ জৰিয়তে গাঁৱৰ অতি সাধাৰণ ল’ৰা-ছোৱালীয়েও নিজৰ গান, নাচ, অভিনয় বা ছবি অঁকাৰ প্ৰতিভা দেখুৱাই বিশ্বজুৰি পৰিচিত হ’বলৈ সক্ষম হৈছে।
👉অৰ্থনৈতিক আৰু ব্যৱসায়িক সুবিধা: ছচিয়েল মিডিয়াৰ জৰিয়তে ‘ডিজিটেল মাৰ্কেটিং’ বা অনলাইন ব্যৱসায় বহুত বৃদ্ধি পাইছে। বহুতো থলুৱা অসমীয়া উদ্যোগী, যেনে— মুগা-পাটৰ কাপোৰৰ ব্যৱসায়ী, থলুৱা খাদ্য প্ৰস্তুতকৰ্তা আদিয়ে ঘৰতে বহি ছচিয়েল মিডিয়াৰ জৰিয়তে গ্ৰাহক বিচাৰি পাইছে আৰু স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে।
👉সচেতনতা বৃদ্ধি আৰু মানৱীয় সহায়: দেশত বা ৰাজ্যত কিবা জৰুৰীকালীন পৰিস্থিতি হ’লে ছচিয়েল মিডিয়াই ক্ষিপ্ৰতাৰে কাম কৰে। উদাহৰণস্বৰূপে, অসমৰ বানপানীৰ সময়ত সাহায্য সামগ্ৰী যোগান ধৰা, কোনো দুখীয়া ৰোগীক চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰা আদি ক্ষেত্ৰত ছচিয়েল মিডিয়াৰ জৰিয়তে পুঁজি সংগ্ৰহ (Crowdfunding) কৰা সহজ হৈ পৰিছে। যিটোৱে বৰ্তমান সময়ত অলেখ লোকৰ বিপদ অতি সহজে মোচন হোৱাত সহায় হৈছে।
ছচিয়েল মিডিয়াৰ ইতিবাচক প্ৰভাৱৰ লগে লগে নেতিবাচক প্ৰভাৱ বা কু-প্ৰভাৱো যে পৰিছে সেয়া সহজে অনুমেয়। যিহেতু সু-প্ৰভাৱ আৰু কু-প্ৰভাৱ হ'ল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠিৰ দৰে। গতিকে ছচিয়েল মিডিয়াৰো কিছুমান ভয়ানক কুপ্ৰভাৱ সমাজত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মানসিক স্বাস্থ্যৰ অৱনতি, সময়ৰ অপচয় আৰু আসক্তি বৃদ্ধি, উৰাবাতৰি আৰু ভুৱা বাতৰিৰ (Fake News) প্ৰসাৰ, চাইবাৰ অপৰাধ (Cyber Crime) বৃদ্ধি, সামাজিক আৰু পাৰিবাৰিক দূৰত্বৰ বৃদ্ধি, সহজতে পোৱাৰ বাবে পৰিশ্ৰম কৰিব ত্যাগ কৰা আদিৰ দৰে এশ এবুৰি সমস্যাৰে সমাজক ভাৰাক্ৰান্ত কৰা পৰিলক্ষিত হৈছে। তলত কিছু বহলকৈ আলোচনা আগবঢ়োৱা হৈছে :
👉মানসিক স্বাস্থ্যৰ অৱনতি: ছচিয়েল মিডিয়াত মানুহে সাধাৰণতে নিজৰ জীৱনৰ কেৱল ভাল বা সুখী মুহূৰ্তবোৰহে শ্বেয়াৰ কৰে। ইয়াক দেখি বহু যুৱক-যুৱতী নিজৰ জীৱনক লৈ হীনমন্যতাত ভোগে। লাইক (Like) আৰু কমেণ্ট (Comment) পাবলৈ কৰা তীব্ৰ প্ৰতিযোগিতাই মানসিক চাপ, হতাশা (Depression) আৰু নিসংগতা বৃদ্ধি কৰাত প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰাত অৰিহণা যোগাইছে।
👉সময়ৰ অপচয় আৰু আসক্তি: বৰ্তমান সময়ত 'ছচিয়েল মিডিয়া এডিকচন' বা আসক্তি এক ডাঙৰ ব্যাধি হৈ পৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। ঘণ্টা ঘণ্টা ধৰি ৰিলছ বা চুটি ভিডিঅ' স্ক্ৰ’ল কৰি থকাৰ ফলত বিশেষকৈ শিক্ষাৰ্থীৰ পঢ়া-শুনাত অত্যন্ত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যাৰ ফলত শিক্ষাৰ্থীৰ মনোযোগ কমিছে, ধ্যান কমিছে, পঢ়াৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে আৰু একেদৰে কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো কৰ্মক্ষমতা হ্ৰাস পোৱাৰ উমান পোৱা গৈছে।
👉উৰাবাতৰি আৰু ভুৱা বাতৰি (Fake News) প্ৰসাৰ: ছচিয়েল মিডিয়াৰ আটাইতকৈ বিপদজনক দিশটো হ’ল উৰাবাতৰিৰ ক্ষিপ্ৰ প্ৰসাৰ। যিকোনো ভুৱা তথ্য নিশ্চিত নকৰাকৈ শ্বেয়াৰ কৰাৰ ফলত সমাজত সাম্প্ৰদায়িক অশান্তি, হিংসা আৰু বিশৃংখলতাৰ সৃষ্টি হয়। আনকি ই কাৰোবাৰ ব্যক্তিগত জীৱন ধ্বংস কৰি পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কেইটামান লাইক, কমেণ্ট, চেয়াৰ পোৱাৰ মানসিকতাই সমাজত বিৰোপ মনোভাৱৰ সৃষ্টিত, সমাজৰ শান্তি শৃংখলাত ব্যাঘাত জন্মোৱাত বাৰুকৈয়ে অৰিহণা আগবঢ়াইছে।
👉চাইবাৰ অপৰাধ (Cyber Crime): ফেক একাউণ্ট খোলা, কাৰোবাৰ ফটো বিকৃত কৰা (Morphing), ব্লেকমেইলিং কৰা আৰু অনলাইন ধন প্ৰৱঞ্চনা আদি ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ মহিলা আৰু কিশোৰীসকল ইয়াৰ চিকাৰ বেছিকৈ হোৱা দেখা যায়।
👉সামাজিক আৰু পাৰিবাৰিক দূৰত্ব: একোটা পৰিয়ালৰ একেটা কোঠাতে বহি থকা ৪ জন সদস্যই যদি নিজৰ নিজৰ মোবাইলত ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, তেন্তে তেওঁলোকৰ মাজত প্ৰকৃত কথা-বতৰা বন্ধ হৈ পৰে। ই পাৰিবাৰিক সম্পৰ্কবোৰ দুৰ্বল কৰি তুলিছে। মানুহ বাস্তৱ সমাজখনতকৈ আৱেগহীনভাৱে ভাৰ্চুৱেল সমাজতহে বেছি ব্যস্ত হৈ পৰিছে যাৰ ফলত সমাজত অকৃত্ৰিম সম্পৰ্ক হেৰাই গৈছে।
গতিকে দেখা যায়,অসমৰ সমাজ জীৱনত ছচিয়েল মিডিয়াৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিবাচক দিশত, ই অসমীয়া ভাষা, জাতীয় সাজ-পাৰ আৰু সংস্কৃতিৰ বিশ্বায়নত সহায় কৰিছে। বিহু বা অন্যান্য লোক-সংস্কৃতি আজি ছচিয়েল মিডিয়াৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে। কিন্তু ঋণাত্মক দিশত, ইয়াৰ ফলত সমাজত অসহিষ্ণুতা বৃদ্ধি পাইছে। কোনো এটা সৰু ইছ্যু লৈ ছচিয়েল মিডিয়াত হোৱা ‘ট্ৰ’ল’ (Troll) বা কটু সমালোচনাৰ সংস্কৃতিয়ে অসমীয়া সমাজৰ পৰম্পৰাগত কৃষ্টি আৰু মৰ্যাদা হানি কৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। সৰু ল'ৰা-ছোৱালীয়ে কিতাপ পঢ়া বা খেলপথাৰলৈ যোৱাৰ পৰিৱৰ্তে মোবাইল স্ক্ৰিনত আৱদ্ধ হৈ পৰিছে, যিয়ে ভৱিষ্যত প্ৰজন্মৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশত বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।
ছচিয়েল মিডিয়াৰ কুফলৰ পৰা হাত সাৰিবলৈ হ’লে ইয়াক সম্পূৰ্ণ বন্ধ কৰাটো কোনো সমাধান নহয়, বৰঞ্চ ইয়াৰ নিয়ন্ত্ৰিত আৰু সচেতন ব্যৱহাৰহে একমাত্ৰ উপায়। ইয়াৰ বাবে তলৰ পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি:
👉ডিজিটেল ডিটক্স (Digital Detox): দিনটোৰ এটা নিৰ্দিষ্ট সময় (যেনে— পঢ়া সময়ত বা ভাত খোৱাৰ সময়ত) মোবাইল বা ছচিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ অভ্যাস কৰিব লাগে। তদুপৰি অপ্ৰয়োজনীয় ভিডিঅ' বা আন দৃশ্য চোৱাৰ পৰা বিৰত থাকি সময়ৰ অপচয় ৰোধ কৰিব পাৰি।
👉অভিভাৱকৰ সচেতন দৃষ্টি : শিশু আৰু কিশোৰ-কিশোৰীসকলে ইণ্টাৰনেটত কি চাই আছে বা ছচিয়েল মিডিয়াত কাৰ সৈতে কথা পাতিছে, তাৰ ওপৰত পিতৃ-মাতৃয়ে নজৰ ৰাখিব লাগে। তাৰোপৰি পৰাপক্ষত খুব কম সময়ৰ বাবে ল'ৰা ছোৱালীক মোবাইল ব্যৱহাৰ কৰিবলৈ দিব লাগে। পঢ়াৰ বিভিন্ন বিষয় বস্তু বিচৰাৰ ক্ষেত্ৰত মাক দেউতাকে সহায় কৰি আন বিষয়ৰ পৰা মনোযোগ আঁতৰাই আনিব পাৰি।
👉তথ্যৰ সত্যতা নিৰূপণ: যিকোনো বাতৰি বা পোষ্ট শ্বেয়াৰ কৰাৰ আগতে ই সঁচা নে মিছা, সেইয়া পৰীক্ষা কৰা অতি জৰুৰী। উৰাবাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ AI জৰিয়তে বনোৱা ভিডিঅ' সমূহ বা কেপচন সমূহ চিন্তা নকৰাকৈ, প্ৰকৃত তথ্য নজনাকৈ সঁচা বুলি ভবাটো আমাৰ অতি মুৰ্খামিৰে পৰিচয়, নহয় নে ?
👉আইনৰ কঠোৰ প্ৰয়োগ: চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ চৰকাৰে আইনসমূহ অধিক কঠোৰ কৰিব লাগে আৰু ভুক্তভোগীসকলে পলম নকৰি চাইবাৰ চেলৰ সহায় ল’ব লাগে।
সামৰণিত ক'ব খুজোঁ, আমি যুগৰ সৈতে মিলিবই লাগিব। কাৰণ মিলিব লাগিব মিলাব লাগিব জিন যাবলৈ হ'লে। অতীজৰ পয়াঁলগা যোগাযোগ ব্যৱস্থাৰ পৰা আহি এতিয়া আমি উন্নত প্ৰযুক্তিৰ যুগত ভৰি থৈছোঁ। উন্নত প্ৰযুক্তিৰ যুগৰ পৰা কোনেনো ঘূৰি যাবলৈ চেষ্টা কৰিব !
বৰ্তমান সময়ত ছচিয়েল মিডিয়া হৈছে বিজ্ঞানৰ এনে এটা সঁজুলি, যাক আলাদিনৰ চাকিৰ সৈতে তুলনা কৰিব পাৰি। ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া আমাৰ ওপৰতে নিৰ্ভৰ কৰে। ই আমাক জ্ঞান আৰু সুযোগৰ সাগৰ দিব পাৰে, আকৌ সঠিকভাৱে ব্যৱহাৰ নকৰিলে আমাৰ মানসিক আৰু সামাজিক অধঃপতনো আনিব পাৰে। আমি ছচিয়েল মিডিয়াক জীৱনৰ এটা ‘অংশ’ কৰিব লাগে, কিন্তু তাক সমগ্ৰ ‘জীৱন’ হ’বলৈ দিব নালাগে। নতুন প্ৰজন্মই ইয়াৰ সৃষ্টিশীল আৰু ধনাত্মক ব্যৱহাৰ কৰিলেহে এখন সুস্থ আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাটো সম্ভৱ হৈ উঠিব।
প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল লাগিলে Comment আৰু Share কৰি উৎসাহিত কৰিব।🙏
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন
আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।