যিবিলাক কথা মনজিত ঠাকুৰ চাৰৰ বিদায় সভাত কোৱা নহ'ল...!
পৰম শ্ৰদ্ধাৰ, আজিৰ বিদায় সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে উপস্থিত সন্মানীয় বিশিষ্ট অতিথি শৰৎচন্দ্ৰ চিৰিং ফুকন ডাঙৰীয়া, সন্মানীয় পদ্মশ্ৰী প্ৰাপক লোকশিল্পী দুলাল মানকি ডাঙৰীয়া, সন্মানীয় সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনজিত কুমাৰ ঠাকুৰ চাৰ, পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া, তথা মোৰ সহকৰ্মীবৃন্দ, আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল।
বক্তৃব্যৰ আৰম্ভণিতে মই আজিৰ সভাত উপস্থিত সকলোলৈকে মোৰ সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।
বিগত 1992 চনতে তেতিয়াৰ হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে আপুনি নিযুক্তি লাভ কৰিছিল । অৱশ্যে মই আপোনাক সহকৰ্মী হিচাপে লগ পাইছিলো 2001 চনৰ পৰাহে। পৰৱৰ্তী সময়ত বিদ্যালয় একত্ৰীতকৰণ হোৱাত, আপুনি জেষ্ঠ্যতাৰ ভিত্তিত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে বিগত 2022 চনত নিযুক্তি লাভ কৰে। চাৰিটা বছৰ আপুনি প্ৰধান শিক্ষকৰ দৰে পবিত্ৰ দায়িত্ব পালন কৰিব পোৱাটো সঁচাই এক গৌৰৱৰ বিষয়।
ই যি কি নহওঁক, আপোনাৰ কালছোৱাত আমি নতুনত্ব বুলি ক'ব পৰাকৈ কেইবাটাও কামৰ ৰূপায়ণ আমি দেখিবলৈ পাইছিলোঁ। বিশেষকৈ দৰমহাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব সক্ষম হৈছিল। প্ৰতিটো শ্ৰেণীকোঠাত ফেন লগাই ছাত্ৰ ছাত্ৰীসকলক সুবিধা কৰি দিছিল। যিটো অতি প্ৰয়োজনীয় আছিল। আপোনাৰ দিনতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ, নতুন ৰান্ধনীৰ ঘৰ নিৰ্মাণ হ'ল। চৌহদৰ ফেন্সিং লগোৱা হ'ল। আমি আশা ৰাখিছো আগন্তুক দিনবোৰত নৱতম প্ৰধান শিক্ষক শৰ্মা ডাঙৰীয়াই বিভিন্ন দিশত ৰৈ যোৱা কাম সমূহ ৰূপায়ণ কৰি বিদ্যালয়খন আগুৱাই নিবলৈ নতুন প্ৰচেষ্টা হাতত ল'ব।
এইখিনিতে চাৰৰ অভ্যাসৰ সম্পৰ্কে এটা কথা নকলে বক্তব্যটো আধাৰুৱা হৈ ৰব। চাৰে বহু বেছি পৰিমাণে মোবাইল ব্যৱহাৰ কৰিবলৈ ভাল পাইছিল। প্ৰাতঃসভাৰ পৰা ছুটীৰ মূহুৰ্তলৈ প্ৰায় হাতত মোবাইলটো দেখা গৈছিল। শ্ৰেণীৰ কোঠাই কোঠাই ল'ৰা ছোৱালীক ফটো মাৰি ফুৰোতে হয়তো কিছুমানে ভাবিছিল চাৰে কিয়বা ফটো তুলি ফুৰিছে। আচলতে চাৰে মোবাইল ব্যৱহাৰ কৰি শিক্ষা সেতু এপত উপস্থিতি লৈছিল আৰু অনলাইনৰ আন কামবোৰ নিয়াৰিকৈ সম্পাদন কৰিছিল। ইয়াৰ জৰিয়তে যে চাৰে অনলাইনৰ ভেটিও মজবুত কৰাৰ চেষ্টা কৰিছিল সেয়া নকলেওঁ হয়।
যিহেতু সাম্প্ৰতিক সময়ৰ শিক্ষা পূৰ্বৰ শিক্ষাৰ মাজত বহু পাৰ্থক্য আহি পৰিল। আগতে অনলাইন শিক্ষা নাছিল, এতিয়া অনলাইন শিক্ষা ব্যৱস্থা আহিল। আগতে অনলাইনত উপস্থিতি প্ৰদানৰ ব্যৱস্থা নাছিল, এতিয়া সেইটোও আহিল। স্মাৰ্ট ক্লাছ আৰম্ভ হ'ল। যিটো আগতে নাছিল। আকৌ এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত শিক্ষা আৰম্ভ হ'ল। নতুন প্ৰযুক্তিৰ প্ৰয়োগেৰে শিক্ষা ব্যৱস্থাক এতিয়া ছানি ধৰিলে। গতিকে প্ৰতিজন শিশুৰ লগতে প্ৰতিজন ন-পুৰণি শিক্ষক শিক্ষয়িত্ৰীও হাতত ল'বলগীয়া হ'ল স্মাৰ্টফোন
কিন্তু কেৱল স্মাৰ্টফোন হাতত লনলেই হ'ব নে ? নিশ্চয় নহ'ব। আমিও মোবাইলৰ সমানে সমানে স্মাৰ্ট হ'বলৈ প্ৰয়াস কৰিব লাগিব। সঁচা অৰ্থত তেতিয়াহে স্মাৰ্ট ফোন হাতত লোৱাৰ সাৰ্থক হ'ব।
সাহিত্যিক ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাৰে কও— “জীৱনটোতো কেৱল এখন নদী নহয়, জীৱনটো হ'ল এটা ক্ৰমবিকাশৰ সোঁত।” ঠাকুৰ চাৰৰ এই সুদীৰ্ঘ কৰ্মজীৱন কেৱল এটা চাকৰি নাছিল, ই আছিল জ্ঞানৰ, ত্যাগৰ আৰু নিষ্ঠাৰ এক নিৰৱচ্ছিন্ন সাধনা। সহকৰ্মী হিচাপে আপোনাৰ পৰা পোৱা প্ৰতিটো দিহা-পৰামৰ্শ, প্ৰতিটো ভুলৰ সময়ত আঙুলিয়াই দিয়া কাৰ্য আমাৰ বাবে সদায় অমূল্য সম্পদ হৈ থাকিব।
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল— “যি চাকি নিজে নজ্বলে, সি আনক পোহৰাব নোৱাৰে।” ছাৰ, আপুনি নিজৰ কৰ্তব্যবোধ, অনুশাসন আৰু আদৰ্শৰ যি চাকি নিজৰ বুকুত জ্বলাই ৰাখিছিল, তাৰেই পোহৰেৰে আপুনি আমাৰ সকলোৰে মনবোৰকো আলোকিত কৰি তুলিলে।
বিদায় শব্দটো বৰ নিষ্ঠুৰ। বিদায় মানেইতো শেষ নহয়, বিদায় মানে এক নতুন যাত্ৰাৰ আৰম্ভণিহে। কোৱা হয় ষাঠিৰ পিছতহে নতুন দিনৰ আৰম্ভণি হয়। আপুনি এই নতুন দিনবোৰত বিভিন্ন বিষয়ৰ সৈতে জড়িত হৈ সমাজলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব বুলি আমি গভীৰভাৱে আশাবাদী।
শেষত, আপোনাৰ দ্বিতীয় ইনিংছ অৰ্থাৎ অৱসৰকালীন জীৱনৰ বাবে আন্তৰিক শুভকামনা জনালোঁ। ভগৱানে আপোনাক সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মানসিক প্ৰশান্তি প্ৰদান কৰক। আপোনাৰ অনাগত দিনবোৰ সাহিত্য-সংস্কৃতি, সমাজসেৱা আৰু পৰিয়ালৰ মৰমেৰে ভৰি পৰক, তাকেই কামনা কৰিলোঁ।
(লেখাটো খৰধৰকৈ যুগুতোৱা বাবে বহু কাৰ্য ৰূপায়ণৰ সম্পৰ্কে বাদ পৰি গৈছে। ইয়াৰ বাবে চাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থী।)
লেখাটো ভাল লাগিলে Comment আৰু শ্বেয়াৰ কৰিব নাপাহৰিব । 🙏🔥