শিশু দিৱস আৰু বৰ্তমান সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এখন সুস্থ, সবল আৰু বিকশিত সমাজ গঢ়ি তুলিবলৈ হ’লে শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ অতি প্ৰয়োজনীয়। ভাৰতবৰ্ষত প্ৰতি বছৰে ১৪ নৱেম্বৰ তাৰিখটো ‘শিশু দিৱস’ হিচাপে অতি উলহ-মালহেৰে পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোকে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। কোৱা হয় নেহৰুৱে শিশুসকলক অত্যন্ত ভাল পাইছিল আৰু শিশুসকলৰ মাজত দেশৰ ভৱিষ্যতৰ ছবিখন দেখিছিল। সেয়েহে শিশুসকলে তেওঁক মৰমতে ‘চাচা নেহৰু’বা 'নেহৰু খুড়া' বুলিও মাতিছিল। কিন্তু আজিৰ একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল তথা প্ৰযুক্তিনিৰ্ভৰ যুগত শিশু দিৱস কেৱল এক আনুষ্ঠানিকতা হৈয়েই ৰৈছে নে ইয়াৰ গভীৰ প্ৰাসংগিকতা আছে, সেয়া এক গভীৰ চিন্তা-চৰ্চাৰ বিষয় হৈ দেখা দিছে।
শিশু দিৱস উদযাপনৰ ইতিহাস আৰু মূল উদ্দেশ্য
১৯৬৪ চনত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছৰে পৰা ভাৰতত তেওঁৰ জন্মদিন ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি ২০ নৱেম্বৰ তাৰিখে বিশ্ব শিশু দিৱস পালন কৰি অহা হৈছিল। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য আছিল শিশুসকলৰ অধিকাৰ, শিক্ষা আৰু কল্যাণৰ প্ৰতি সমাজত সজাগতা সৃষ্টি কৰা। নেহৰুৱে বিশ্বাস কৰিছিল যে আজি আমি যিদৰে শিশুসকলক গঢ় দিম, কাইলৈ দেশখনো তেনেদৰেই গঢ় লৈ উঠিব। গতিকে শিশুসকলক উপযুক্ত শিক্ষা, সুস্বাস্থ্য আৰু নিৰাপদ পৰিৱেশ প্ৰদান কৰাটো প্ৰতিজন নাগৰিক তথা চৰকাৰৰ নৈতিক দায়িত্ব আছে।
বৰ্তমান সময়ত শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ
সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিশুসকলৰ জীৱনশৈলী আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰো ব্যাপক পৰিৱৰ্তন ঘটিছে। বৰ্তমান সময়ত শিশুসকলে বহুতো জটিল প্ৰত্যাহ্বানৰ মাজেৰে প্ৰাৰম্ভিক সময়বোৰ পাৰ কৰিবলগীয়া হৈছে। তাৰে কেইটামান মুখ্য দিশ তলত আলোচনা কৰা হ’ল :-
১. প্ৰযুক্তি আৰু ডিজিটেল জগতৰ নেতিবাচক প্ৰভাৱ : আজিৰ শিশুসকল স্মাৰ্টফোন, ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ যুগত ডাঙৰ হৈছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ পাছৰে পৰা অনলাইন শিক্ষাৰ নামত শিশুসকলৰ হাতত মোবাইল ফোন সহজলভ্য হৈ পৰিছে। ইয়াৰ ফলত শিশুসকলৰ শাৰীৰিক খেলা-ধূলা কমি গৈছে। অতিমাত্ৰা স্ক্ৰীণ টাইমৰ বাবে শিশুসকলৰ চকুৰ সমস্যা, মেদবহুলতা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাইছে। তদুপৰি ইণ্টাৰনেটত থকা অনুপযুক্ত সমল আৰু চাইবাৰ বুলিং আদিৰ দৰে বিপদে শিশুসকলৰ কোমল মনত বিৰূপ প্ৰভাৱ পেলাইছে।
২. শিক্ষা ব্যৱস্থাৰ বোজা আৰু প্ৰতিযোগিতা :
বৰ্তমানৰ শিক্ষা ব্যৱস্থা বহু পৰিমাণে নম্বৰকেন্দ্ৰিক হৈ পৰিছে। অভিভাৱকসকলৰ অত্যধিক আশা আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বোজাই শিশুসকলৰ শৈশৱ কাঢ়ি নিছে। সৰুৰে পৰা টিউচন, কোচিং আৰু বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হোৱাত শিশুসকলে মুক্তভাৱে চিন্তা কৰাৰ আৰু নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰাৰ সুযোগ হেৰুৱাইছে। ইয়াৰ ফলত বহু শিশু হতাশা আৰু মানসিক চাপৰ চিকাৰ হ'বলগীয়া হৈছে। নম্বৰৰ খেলাটো চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত বিদ্যালয়সমূহত অতিমাত্ৰা প্ৰয়োগ হোৱা পৰিলক্ষিত হয়।
৩. শিশু শ্ৰম আৰু দৰিদ্ৰতা : দেশখনে অৰ্থনৈতিকভাৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও আজিও বহু শিশু দৰিদ্ৰতাৰ কবলত পৰি শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। হোটেল, কাৰখানা, ইটাভাতা আদিত আজিও বহু শিশুৱে শ্ৰমিক হিচাপে কাম কৰি থকা পৰিলক্ষিত হয়। চৰকাৰে শিশু শ্ৰম নিষিদ্ধ কৰি কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ৰূপায়ণ হোৱা নাই। পেটৰ ভোক নিবাৰণৰ বাবে কিতাপ-কলমৰ সলনি হাতত শ্ৰমৰ সঁজুলি তুলি লোৱা এই শিশুসকলৰ বাবে শিশু দিৱসৰ আনন্দ অৰ্থহীন হৈ পৰিছে।
৪. শিশু নিৰ্যাতন আৰু নিৰাপত্তাহীনতা : বৰ্তমান সমাজত শিশুৰ ওপৰত হোৱা শাৰীৰিক, মানসিক আৰু যৌন নিৰ্যাতনৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ঘৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক, শিশুসকল আজি সম্পূৰ্ণৰূপে নিৰাপদ নহয়। শিশু সৰবৰাহ আৰু বাল্যবিবাহৰ দৰে সামাজিক ব্যাধিয়ে আজিও বহু শিশুৰ জীৱন ধ্বংস কৰি আছে।
৫. পুষ্টিহীনতা আৰু স্বাস্থ্যজনিত সমস্যা : ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত আজিও বহু শিশু পুষ্টিহীনতাত ভুগি আছে। সঠিক পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ অভাৱত শিশুসকলৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ বাধাগ্ৰস্ত হৈছে। আনহাতে, চহৰাঞ্চলৰ শিশুসকলৰ মাজত ফাষ্ট ফুড বা জাংক ফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেও স্বাস্থ্যজনিত নানা সমস্যাই দেখা দিছে।
বৰ্তমান সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা
ওপৰোক্ত সমস্যাসমূহৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত শিশু দিৱস পালনৰ প্ৰাসংগিকতা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে। এই দিৱসটো কেৱল বিদ্যালয়-মহাবিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান পাতি বা মিঠাই বিতৰণ কৰি উদযাপন কৰাতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ প্ৰকৃত তাৎপৰ্য তলত উল্লেখ কৰা দিশসমূহৰ মাজেৰে প্ৰতিফলিত হলেহে শিশু দিৱস উদযাপনৰ সাৰ্থকতা থাকিব:
ক) আত্মসমালোচনা আৰু সজাগতাৰ দিন : শিশু দিৱসে সমাজ, অভিভাৱক আৰু চৰকাৰক আত্মসমালোচনা কৰাৰ এক সুযোগ দিয়ে। আমি আমাৰ শিশুসকলক কেনেধৰণৰ পৰিৱেশ দিছোঁ, তেওঁলোকৰ অধিকাৰসমূহ সুৰক্ষিত হৈছেনে নাই— এইবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ দিন হৈছে শিশু দিৱস। অৰ্থাৎ এনেধৰণৰ আলোচনা হোৱা উচিত যিয়ে শিশুৰ জীৱনত প্ৰভাৱ পেলোৱা বেয়া দিশবোৰ উন্মোচন কৰিব আৰু সমান্তৰালকৈ সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব পাৰি।
খ ) শিশুৰ অধিকাৰ সুৰক্ষা : ভাৰতীয় সংবিধান আৰু ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ অনুসৰি প্ৰতিটো শিশুৰে জীয়াই থকাৰ, শিক্ষা লাভ কৰাৰ, সুৰক্ষা পোৱাৰ আৰু নিজৰ মত প্ৰকাশ কৰাৰ মৌলিক অধিকাৰ আছে। শিশু দিৱসৰ জৰিয়তে সমাজৰ প্ৰতিটো স্তৰত এই অধিকাৰসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰি।
গ ) মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব :
বৰ্তমান সময়ত শিশুৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। শিশু দিৱসৰ কাৰ্যসূচীসমূহত শিশুসকলৰ মনৰ কথা শুনা, তেওঁলোকক মানসিক চাপৰ পৰা মুক্ত ৰখা আৰু অভিভাৱকসকলক সঠিক লালন-পালনৰ বিষয়ে সজাগ কৰাৰ দৰে পদক্ষেপ ল’ব লাগে।
ঘ) নৈতিক শিক্ষা আৰু মূল্যবোধৰ বিকাশ :
যান্ত্ৰিকতাৰ যুগত শিশুসকলৰ মাজত সহানুভূতি, দয়া, সততা আৰু প্ৰকৃতিপ্ৰেমৰ দৰে মানৱীয় মূল্যবোধসমূহ জাগ্ৰত কৰাটো অতি প্ৰয়োজন। শিশু দিৱসে শিশুসকলক এগৰাকী ভাল মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব পাৰে।
ঙ ) বঞ্চিত শিশুসকলক মূলসুঁতিলৈ অনা:
সমাজৰ অৱহেলিত, দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম শিশুসকলক সমাজৰ মূলসুঁতিলৈ আনি তেওঁলোককো সমান সুযোগ প্ৰদান কৰাৰ সংকল্প লোৱাৰ দিন হৈছে শিশু দিৱস।
আমাৰ কৰণীয়👇
শিশু দিৱসৰ উদ্দেশ্য তেতিয়াহে সফল হ’ব যেতিয়া আমি বছৰৰ কেৱল এটা দিনতেই নহয়, বৰঞ্চ বছৰৰ ৩৬৫ দিনেই শিশুসকলৰ কল্যাণৰ বাবে কাম কৰিম। অভিভাৱকসকলে সন্তানৰ ওপৰত নিজৰ অপূৰ্ণ সপোন জাপি নিদি তেওঁলোকৰ আগ্ৰহ আৰু প্ৰতিভাক চিনাক্ত কৰি আগবাঢ়ি যোৱাত সহায় কৰিব লাগে। শিশুসকলক মোবাইল ফোনৰ সলনি কিতাপ পঢ়া, খেলা-ধূলা কৰা আৰু প্ৰকৃতিৰ সান্নিধ্য লাভ কৰাৰ বাবে উৎসাহিত কৰিব লাগে। চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহেও শিশু শ্ৰম নিৰ্মূলকৰণ, বিনামূলীয়া আৰু গুণগত শিক্ষাৰ প্ৰসাৰ তথা শিশু সুৰক্ষা আইনসমূহৰ কঠোৰ প্ৰয়োগৰ ক্ষেত্ৰত অধিক তৎপৰ হ’ব লাগিব।
সামৰণিত ক’ব পাৰি যে শিশুসকল হৈছে বাগিচাৰ কোমল কলিৰ দৰে। সঠিক যত্ন, মৰম আৰু সাৰ-পানী পালেহে সেই কলিবোৰ ফুল হৈ ফুলিব আৰু সমাজখনক সুবাসিত কৰিব। বৰ্তমানৰ জটিল সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা অপৰিসীম। এই দিৱসে আমাক সোঁৱৰাই দিয়ে যে শিশুসকলৰ মুখৰ নিষ্পাপ হাঁহিটো অটুট ৰখাটোৱেই আমাৰ আটাইতকৈ ডাঙৰ ধৰ্ম। আহক, আমি সকলোৱে মিলি শিশুসকলৰ বাবে এখন নিৰাপদ, সুন্দৰ আৰু বৈষম্যহীন পৃথিৱী গঢ়ি তোলাৰ সংকল্প লওঁ, যাতে প্ৰতিটো শিশুৱেই নিজৰ শৈশৱক পূৰ্ণৰূপত উপভোগ কৰি দেশৰ যোগ্য নাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে।
Good morning
উত্তরমুছুন