শুক্রবার, ২০ নভেম্বর, ২০২৬

মোবাইলেৰে DSL ৰ দৰে ফটো তোলাৰ যাদু‌ : Water Puddle Trick

মোবাইলেৰে DSL ৰ দৰে ফটো তোলাৰ যাদু‌ : Water Puddle Trick


ফটো : Facebook ৰ‌ পৰা সংগৃহীত।

ফেচবুক খুলিলেই আজিকালি এটা ধুনীয়া ফটো দেখা পোৱা যায়। ঘূৰণীয়া সুৰংগৰ মাজত এজন মানুহ থিয় হৈ আছে, চাৰিওফালে ৰঙা ফুল। দেখিলে লাগে যেন দামী কেমেৰাৰে তোলা। কিন্তু সঁচা কথাটো কি জানানে? এই ফটোখন তোলা হৈছে মাত্ৰ এটা পানীৰ বটল আৰু এটা সাধাৰণ মোবাইলেৰে।

এই ট্ৰেণ্ডটোৰ নাম হৈছে Water Puddle Lens Trick ।


আমি সকলোৱে ভাবো ভাল ফটো তুলিবলৈ দামী কেমেৰা লাগিব। কিন্তু এই ট্ৰেণ্ডে প্ৰমাণ কৰি দিলে, কেমেৰাতকৈ বেছি দৰকাৰ হয় বুদ্ধি।

ইয়াক কেনেকৈ কৰিব ?


ইয়াৰ বাবে তোমাক বেছি বস্তু নালাগে। মাত্ৰ ৩ টা বস্তু লাগিব - এটা মোবাইল, এটা পানীৰ বটল আৰু ২-৩ ডাল নকল বা সঁচা ফুল।

প্ৰথমে এটা পকা, সমান ৰাস্তা বিচাৰি লোৱা। তাত বটলৰ পৰা লাহে লাহে অলপ পানী পেলাই দিয়া। পানীখিনি যাতে একদম শান্ত হৈ আইনাৰ দৰে হয়, তাৰ বাবে ১০ ছেকেণ্ড ৰ’বা।

এতিয়া আটাইতকৈ দৰকাৰী কামটো। মোবাইলটো ওলোটাকৈ ধৰি কেমেৰাটো পানীৰ একদম কাষত, প্ৰায় ১ ইঞ্চি ওপৰত ৰাখা। কেমেৰাত 0.5x Ultra Wide অপচনটো অন কৰি লোৱা।

এতিয়া ফুলখিনি কেমেৰাৰ ঠিক ওপৰত ধৰি ৰাখা বা থৈ দিয়া। তোমাৰ বন্ধুজনক পানীৰ পৰা অলপ দূৰত থিয় কৰাই দিয়া।

বাছ, এতিয়া ফটো মাৰা! দেখিবা পানীৰ প্ৰতিবিম্বটোৱে এটা ঘূৰণীয়া লেন্সৰ দৰে দেখা যাব, আৰু মাজত তোমাৰ বন্ধুজন।

কিয় ইমান ভাইৰেল হৈছে?


কাৰণ এই ফটোখন দেখিলে কোনেও বিশ্বাস নকৰে যে এইটো মোবাইলেৰে তোলা। মানুহে ভাবে এইটো কোনো AI বা দামী লেন্সৰ কাম। যেতিয়া মানুহে গম পায় এইটো মাত্ৰ পানীৰ দাগ, তেতিয়া আচৰিত হয় আৰু নিজেও চেষ্টা কৰিবলৈ মন যায়।

মনত ৰাখিবলগীয়া কথা:


১. ৰ’দ থাকোতে ফটো নুতুলিবা, আবেলিৰ পোহৰত আটাইতকৈ ধুনীয়া হয়।
২. পানীত যাতে ঢৌ নাথাকে, পানী শান্ত হ’বলৈ দিবা।
৩. মোবাইলটো সাৱধানে ধৰিবা, যাতে পানীত পৰি নাযায়।

গতিকে দেৰি নকৰিবা। আজিয়েই এটা বটল আৰু মোবাইল লৈ ওলাই যোৱা। তুমিও এনেকুৱা এখন ধুনীয়া ফটো তুলিব পাৰিবা।

তুমি বনালে মোক নিশ্চয় দেখুৱাবা !


ভাল লাগিলে Comment আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা দেই।🔥🙏





কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন

আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।

Featured post

মোবাইলেৰে DSL ৰ দৰে ফটো তোলাৰ যাদু‌ : Water Puddle Trick

মোবাইলেৰে DSL ৰ দৰে ফটো তোলাৰ যাদু‌ : Water Puddle Trick ফটো : Facebook ৰ‌ পৰা সংগৃহীত। ফেচবুক খুলিলেই আজিকালি এটা ধুনীয়া ফটো দ...

Popular posts