বৃহস্পতিবার, ২৯ অক্টোবর, ২০২৬

অসমত পুৰণা গাড়ী বিক্ৰী কৰিলে ₹৩০০০ Green Cess দিব লাগিব - নতুন নিয়ম ২০২৬

অসমত পুৰণা গাড়ী বিক্ৰী কৰিলে ₹৩০০০ Green Cess দিব লাগিব - নতুন নিয়ম ২০২৬




         যদি আপোনাৰ পুৰণা গাড়ী আছে আৰু বিক্ৰী কৰাৰ কথা ভাবি আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে। অসম চৰকাৰে ৪ অক্টোবৰ ২০২৬ ত Cabinet বৈঠকত এটা নতুন নিয়ম অনুমোদন কৰিছে।

নতুন নিয়মটোনো কি ?


৩ বছৰতকৈ পুৰণি গাড়ীৰ মালিকানা সলনি অৰ্থাৎ নাম Transfer কৰিলে এতিয়াৰ পৰা ₹৩০০০ টকা Green Cess দিব লাগিব। 

এই টকা চৰকাৰে গছপুলি ৰোৱা আৰু ভূমি স্খলন ৰোধ কৰা কামতহে ব্যৱহাৰ কৰিব।

কাক দিব লাগিব, কাক নালাগে ?


দিব লাগিব:
৩ বছৰতকৈ পুৰণি চাৰিচকীয়া গাড়ী অৰ্থাৎ Second-hand Car বিক্ৰী কৰিলে Green Cess দিব লাগিব।

কোনবোৰ বাহনৰ বাবে দিব নালাগে (Exempt):


👉 দুচকীয়া বাইক, স্কুটী
👉 তিনিচকীয়া অটো
👉 Electric Vehicle (EV)
👉 CNG গাড়ী
👉 দেউতাকৰ মৃত্যুৰ পিছত ল'ৰা-ছোৱালীয়ে গাড়ীখন নিজৰ নামত আনিলে কোনো মাচুল ভৰিব নালাগে।

অৰ্থাৎ সাধাৰণ মানুহৰ বাইক বা অটোত এই Tax নালাগে।

কিয় এই নিয়ম প্ৰযোজ্য কৰা হৈছে ?


অসম চৰকাৰৰ মতে, ৰাজ্যত পুৰণা গাড়ীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। পুৰণা গাড়ীয়ে নতুন গাড়ীতকৈ বেছি ধোঁৱা এৰে, যাৰ ফলত বায়ু প্ৰদূষণ হয়।

         সেয়েহে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে, এই Cess ৰ পৰা যি টকা আহিব, সেই টকা অন্য কামত খৰচ নকৰি কেৱল পৰিবেশ ৰক্ষাৰ কামতহে ব্যৱহাৰ কৰা হ'ব। বিশেষকৈ -
১. ৰাজ্যত নতুন গছপুলি ৰোপণ
২. ভূমিস্খলন হোৱা ঠাইত গছ ৰুই মাটি খহনীয়া ৰোধ
৩. বনাঞ্চল সংৰক্ষণ আদি।

     চৰকাৰে বিচাৰিছে মানুহে পুৰণা ডিজেল-পেট্ৰলৰ গাড়ীৰ সলনি Electric বা CNG গাড়ী ব্যৱহাৰ কৰক, সেয়ে হয়তো EV আৰু CNG ক এই Cess ৰ পৰা ৰেহাই দিয়া হৈছে।

মোৰ অনুভৱ :

       আগতে আমি গাড়ী বেচিলে কেৱল RTO ৰ ফীজহে দিছিলোঁ। এতিয়া পৰিবেশৰ বাবেও অলপ দিব লাগিব। ৩০০০ টকা বেছি নহয় যদিও, পুৰণা গাড়ী কিনা-বেচা কৰা সকলে এই কথা নিশ্চয় মনত ৰাখিব লাগিব। 

এই বিষয়ত আপোনালোকে কি মত আগবঢ়াব ? 




Comment Box ত জনাওক কেৱল এটা শব্দৰে 🙏

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন

আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।

Featured post

শান্তনু কৌশিক বৰুৱাৰ Assam Year Book 2026 : অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থী আৰু জ্ঞানপিপাসুৰ বাবে এক অপৰিহাৰ্য হাতপুথি

শান্তনু কৌশিক বৰুৱাৰ Assam Year Book 2026 : অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থী আৰু জ্ঞানপিপাসুৰ বাবে এক অপৰিহাৰ্য হাতপুথি  একবিংশ ...

Popular posts