সমাজতাত্ত্বিক চিন্তাবিদ কাৰ্ল মাৰ্ক্স আৰু তেওঁৰ তত্ত্বসমূহ
কাৰ্ল মাৰ্ক্স আছিল আধুনিক বিশ্ব ইতিহাসৰ অন্যতম প্ৰভাৱশালী আৰু যুগান্তকাৰী চিন্তাবিদ, অৰ্থনীতিবিদ, ৰাজনৈতিক তত্ত্ববিদ আৰু সমাজবিজ্ঞানী। তেওঁৰ বৈপ্লৱিক ধাৰণাসমূহে কেৱল সমাজতত্ত্বৰ ভেটিটোকে সুদৃঢ় কৰা নাছিল, বৰঞ্চ সমগ্ৰ বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ইতিহাসৰ গতিপথ সলনি কৰি এক নতুনত্ব সংযোগ কৰাত সহায় কৰিছিল। তেওঁক বৈজ্ঞানিক সমাজবাদ বা সাম্যবাদৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। সমাজতত্ত্বত মাৰ্ক্সীয় দৰ্শন আৰু তেওঁৰ সমাজবিশ্লেষণ পদ্ধতি আজিও সমানেই প্ৰাসংগিক।
প্ৰবাদপুৰুষ কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল ১৮১৮ চনৰ ৫ মে’ত জাৰ্মানীৰ ৰাইনলেণ্ড প্ৰদেশৰ ত্ৰিয়াৰ চহৰত বাস কৰা এটা মধ্যবিত্ত ইহুদী পৰিয়ালত। অৱশ্যে পিছলৈ তেওঁৰ দেউতাকে সামাজিক আৰু পেচাগত কাৰণত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল। মাৰ্ক্সে বন আৰু বাৰ্লিন বিশ্ববিদ্যালয়ত আইন, ইতিহাস আৰু দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিছিল। বাৰ্লিন বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত তেওঁ বিখ্যাত জাৰ্মান দৰ্শনশাস্ত্ৰী জি. ডব্লিউ. এফ. হেগেলৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। পঢ়া-শুনা শেষ কৰি মাৰ্ক্সে সাংবাদিকতাক পেচা হিচাপে গ্ৰহণ কৰে আৰু এক উগ্ৰপন্থীয় বাওঁপন্থীৰ কাকতৰ সম্পাদক হয়। চৰকাৰবিৰোধী চোকা ভাষাৰে লেখাৰ বাবে জাৰ্মান চৰকাৰে কাকতখন বন্ধ কৰি দিয়ে আৰু মাৰ্ক্সক দেশৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ পিছত তেওঁ পেৰিছ, ব্ৰাছেলছ আৰু অৱশেষত লণ্ডনলৈ যায়, য’ত তেওঁ জীৱনৰ শেষ সময়লৈকে ধাৰাবাহিকভাৱে অধ্যয়ন আৰু লেখা-মেলা কৰে। লণ্ডনত থকাৰ সময়ছোৱাত তেওঁ চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, য’ত তেওঁৰ আজীৱন বন্ধু আৰু সহযোগী ফ্ৰেডৰিক এংগেলছে তেওঁক অভূতপূৰ্বভাৱে আৰ্থিক আৰু বৌদ্ধিক সহায় আগবঢ়াইছিল। ১৮৮৩ চনৰ ১৪ মাৰ্চত এই মহান চিন্তাবিদগৰাকীৰ মৃত্যু হয়।
মাৰ্ক্সৰ সমাজতাত্ত্বিক বিশ্লেষণৰ কেন্দ্ৰবিন্দু আছিল মানৱ সমাজৰ বিকাশ আৰু তাত চলি থকা অৰ্থনৈতিক বৈষম্য। মাৰ্ক্সৰ পূৰ্বে হেগেলে কৈছিল যে মানৱ ইতিহাসৰ পৰিৱৰ্তন ঘটিছে ধাৰণা বা চিন্তাৰ জৰিয়তে। কিন্তু মাৰ্ক্সে এই ধাৰণা ওলোটা কৰি দি কয় যে ইতিহাসৰ চালিকা শক্তি চিন্তা নহয়, বৰঞ্চ ভৌতিক বা অৰ্থনৈতিক অৱস্থাহে। মানুহে জীয়াই থাকিবলৈ প্ৰথমে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন অনুভৱ কৰে আৰু এইবোৰ লাভ কৰিবলৈ উৎপাদন কৰিবই লাগিব। ধৰ্ম, ৰাজনীতি, দৰ্শন আদি সকলো ইয়াৰ পিছতহে আহে। মাৰ্ক্সৰ মতে সমাজ এখনৰ দুটা মূল গাঁথনি থাকে। প্ৰথমটো হ’ল ভিত্তি বা বুনিয়াদ, যিটো সমাজৰ অৰ্থনৈতিক ব্যৱস্থা, য’ত উৎপাদনৰ শক্তি- যন্ত্ৰপাতি, কেঁচামাল আৰু উৎপাদনৰ বাবে মালিক আৰু শ্ৰমিকৰ সম্পৰ্ক অন্তৰ্ভুক্ত থাকে।
দ্বিতীয়টো হ’ল উপৰি-গাঁথনি, য’ত অৰ্থনৈতিক ভিত্তিটোৰ ওপৰত নিৰ্ভৰ কৰি সমাজৰ আইন, ৰাজনীতি, ধৰ্ম, শিক্ষা আৰু সংস্কৃতি গঢ়ি উঠে। যদি ভিত্তি সলনি হয়, তেন্তে এই উপৰি-গাঁথনি সলনি হ’বলৈ বাধ্য।
মাৰ্ক্স আৰু এংগেলছে তেওঁলোকৰ বিখ্যাত গ্ৰন্থ 'দা কমিউনিষ্ট মেনিফেষ্টো'ত লিখিছিল যে আজিলৈকে বিদ্যমান সকলো সমাজৰ ইতিহাসেই হ’ল শ্ৰেণী সংগ্ৰামৰ ইতিহাস। মাৰ্ক্সৰ মতে, উৎপাদনৰ আহিলাসমূহৰ মালিকীস্বত্ব কাৰ হাতত আছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰতিখন সমাজতে দুটা মুখ্য শ্ৰেণীৰ সৃষ্টি হয়। এটা হ’ল বুৰ্জোৱা অৰ্থাৎ যিসকল উৎপাদনৰ আহিলাৰ গৰাকী বা পুঁজিবাদী মালিক শ্ৰেণী আৰু আনটো হ’ল সৰ্বহাৰা অৰ্থাৎ যিসকলৰ নিজা একো সম্পত্তি নাই আৰু জীৱন ধাৰণৰ বাবে কেৱল নিজৰ শ্ৰম বিক্ৰী কৰিবলগীয়া হয়। মালিক শ্ৰেণীয়ে সদায় সৰ্বাধিক লাভ কৰিবলৈ বিচাৰে আৰু শ্ৰমিকক শোষণ কৰে। এই শোষণৰ বাবেই দুয়োটা শ্ৰেণীৰ মাজত এক অপৰিহাৰ্য সংগ্ৰাম বা সংঘাতৰ সৃষ্টি হয়, যাক শ্ৰেণী সংগ্ৰাম বুলি কোৱা হয়।
পুঁজিবাদীসকলে কেনেকৈ শ্ৰমিকক শোষণ কৰে, তাক বুজাবলৈ মাৰ্ক্সে উদ্বৃত্ত মূল্যৰ তত্ত্ব আগবঢ়াইছিল। তেওঁৰ মতে, যিকোনো বস্তুৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰে শ্ৰমিকৰ শ্ৰমে। ধৰি লওক, এজন শ্ৰমিকে দিনে ৮ ঘণ্টা কাম কৰে আৰু তাৰে ৪ ঘণ্টাৰ কামৰ মূল্যতে তেওঁৰ দৈনিক মজুৰি ওলাই আহে। বাকী থকা ৪ ঘণ্টা শ্ৰমিকে মালিকৰ বাবে বিনামূল্যে কাম কৰে। এই অতিৰিক্ত সময়ছোৱাত উৎপাদিত হোৱা মূল্যটোকে মাৰ্ক্সে 'উদ্ধৃত্ত মূল্য' বুলি কৈছে। পুঁজিবাদী মালিকে এই মূল্যটো শ্ৰমিকক নিদি নিজে আত্মসাৎ কৰে আৰু ধনীৰ পৰা ধনৱন্ত হৈ পৰে।
পুঁজিবাদী উৎপাদন ব্যৱস্থাই শ্ৰমিকসকলক একোটা যন্ত্ৰৰ অংশলৈ ৰূপান্তৰিত কৰে বাবে তেওঁলোকৰ মনত বিচ্ছিন্নতাবোধৰ সৃষ্টি হয়। মাৰ্ক্সৰ মতে ইয়াৰ ফলত শ্ৰমিকৰ মনত চাৰি প্ৰকাৰৰ বিচ্ছিন্নতাই দেখা দিয়ে। প্ৰথমতে, উৎপাদিত বস্তুৰ পৰা বিচ্ছিন্নতা, য’ত শ্ৰমিকে যি বস্তু তৈয়াৰ কৰে, তাৰ ওপৰত তেওঁৰ কোনো অধিকাৰ নাথাকে। দ্বিতীয়তে, উৎপাদন প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্নতা, য’ত কামটো আমোদজনক নহয়, বৰঞ্চ ই এক যান্ত্ৰিক বাধ্যবাধকতা হৈ পৰে। তৃতীয়তে, মানৱ প্ৰকৃতি বা নিজৰ পৰা বিচ্ছিন্নতা, কিয়নো তেওঁলোকে নিজৰ সৃষ্টিশীল প্ৰতিভা বিকাশ কৰিব নোৱাৰে। চতুৰ্থতে, সহকৰ্মী বা সমাজৰ পৰা বিচ্ছিন্নতা, য’ত প্ৰতিযোগিতাৰ বাবে শ্ৰমিকে ইজনে সিজনক সতীৰ্থৰ পৰিৱৰ্তে প্ৰতিদ্বন্দী হিচাপে চাবলৈ লয়।
ইতিহাসৰ বস্তুুবাদী ব্যাখ্যা আগবঢ়াই মাৰ্ক্সে মানৱ ইতিহাসক ৬টা প্ৰধান উৎপাদন পদ্ধতিত ভাগ কৰিছে। সেইকেইটা হৈছে -
ক) আদিম সাম্যবাদ (Primitive Communism) : ই হৈছে সমাজৰ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়। ইয়াত ব্যক্তিগত সম্পত্তি নাছিল আৰু উৎপাদনৰ আহিলাসমূহৰ ওপৰত সমগ্ৰ সমাজৰ যৌথ অধিকাৰ আছিল। লোকসকলে চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীয়াই আছিল।
খ) দাসত্ব প্ৰথা (Slave Society): ব্যক্তিগত সম্পত্তিৰ সৃষ্টিৰ সৈতে এই পৰ্যায়ৰ আৰম্ভ হয়। ইয়াত সমাজক দুটা প্ৰধান শ্ৰেণীত বিভক্ত কৰা হৈছে — দাস মালিক আৰু দাস। উৎপাদনৰ মূল চালিকাশক্তি আছিল দাসসকলৰ শ্ৰম।
গ) সামন্তবাদ (Feudalism): মধ্যযুগৰ এই ব্যৱস্থাত ভূমি আছিল উৎপাদনৰ ঘাই উৎস। সমাজখন সামন্ত প্ৰভু (Landlords) আৰু ভূমিহীন খেতিয়ক বা ভূমিদাস (Serfs) নামেৰে দুটা শ্ৰেণীত বিভক্ত আছিল।
ঘ) পুঁজিবাদ (Capitalism): ঔদ্যোগিক বিপ্লৱৰ পিছত গা কৰি উঠা বৰ্তমানৰ ব্যৱস্থা। ইয়াত উৎপাদনৰ আহিলাসমূহ - কল-কাৰখানা, যন্ত্ৰপাতি আদি পুঁজিবাদী শ্ৰেণীৰ (Bourgeoisie) হাতত থাকে আৰু যাৰ বাবে সৰ্বহাৰা শ্ৰমিক শ্ৰেণীয়ে (Proletariat) নিজৰ শ্ৰম বিক্ৰী কৰিবলৈ একপ্ৰকাৰে বাধ্য হয়।
ঙ) সমাজবাদ (Socialism): পুঁজিবাদৰ পতনৰ পিছত আহিবলগীয়া এক অন্তৱৰ্তীকালীন পৰ্যায় হৈছে সমাজবাদ। ইয়াত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰ বা সমাজৰ নিয়ন্ত্ৰণলৈ আহে। 'যোগ্যতা অনুসৰি কাম আৰু কাম অনুসৰি প্ৰাপ্য'— এই নীতি এই সমাজবাদত প্ৰযোজ্য হয়।
চ) সাম্যবাদ (Communism): মার্ক্সীয় দৰ্শন অনুসৰি সাম্যবাদেই হৈছে মানৱ ইতিহাসৰ সৰ্বোচ্চ আৰু চূড়ান্ত পৰ্যায়। ইয়াত কোনো শ্ৰেণী বিভাজন, ব্যক্তিগত সম্পত্তি আৰু শোষণ নাথাকে। ই এক শ্ৰেণীহীন আৰু ৰাষ্ট্ৰহীন সমাজ ব্যৱস্থা, য'ত 'প্ৰত্যেকৰে সামৰ্থ্য অনুসৰি কাম আৰু প্ৰয়োজন অনুসৰি ভোগ' কৰাৰ অধিকাৰ থাকে।
পুঁজিবাদী সমাজ হ’ল ঔদ্যোগিক বিপ্লৱৰ পিছৰ স্তৰ, য’ত যন্ত্ৰ আৰু মূলধনৰ আধিপত্য চলে আৰু বুৰ্জোৱা আৰু সৰ্বহাৰাৰ সৃষ্টি হয়। মাৰ্ক্সৰ মতে, পুঁজিবাদৰ চৰম শোষণৰ বিৰুদ্ধে সৰ্বহাৰা শ্ৰমিকে বিপ্লৱ কৰিব আৰু ইয়াৰ পিছত প্ৰথমে সমাজবাদ আৰু অৱশেষত এক শ্ৰেণীহীন, ৰাষ্ট্ৰহীন সাম্যবাদী সমাজ প্ৰতিষ্ঠা হ’ব, য’ত শোষণৰ অন্ত পৰিব।
কাৰ্ল মাৰ্ক্সৰ তত্ত্বসমূহ অত্যন্ত প্ৰভাৱশালী হ’লেও বিভিন্ন সমাজবিজ্ঞানী আৰু অৰ্থনীতিবিদে ইয়াক সমালোচনাও কৰিছে। সমালোচকসকলৰ মতে মাৰ্ক্সে কেৱল অৰ্থনীতিক গুৰুত্ব দিছে। ধৰ্ম, সংস্কৃতি আৰু জাতীয়তাবাদৰ দৰে গুৰুত্বপূৰ্ণ অনা-অৰ্থনৈতিক কাৰকসমূহক আওকাণ সম্পূৰ্ণ কৰিছে। মাৰ্ক্সে ভৱিষ্যদ্বাণী কৰিছিল যে সমাজখন কেৱল অতি ধনী আৰু অতি দুখীয়া—এই দুটা ভাগত বিভক্ত হ’ব, কিন্তু আধুনিক সমাজত এক বৃহৎ মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিল, যিয়ে সমাজত ভাৰসাম্য ৰক্ষা কৰিলে। তদুপৰি বিংশ শতিকাত ছোভিয়েট ইউনিয়ন বা পূব ইউৰোপত মাৰ্ক্সৰ আদৰ্শৰে যি সাম্যবাদী চৰকাৰ গঠন হৈছিল, সেইবোৰ পিছলৈ একনায়কত্ববাদলৈ ৰূপান্তৰিত হ’ল আৰু অৱশেষত ভাঙি পৰিল।
ত্ৰুটি-বিচ্যুতি আৰু সমালোচনা থকা স্বত্বেও আধুনিক সমাজবিজ্ঞানলৈ কাৰ্ল মাৰ্ক্সৰ অৱদান অনস্বীকাৰ্য।
কাৰ্ল মাৰ্ক্সে সমাজক এক নতুন বৈজ্ঞানিক আৰু সমালোচনাত্মক দৃষ্টিৰে চাবলৈ শিকাইছিল। বৰ্তমানৰ একবিংশ শতিকাৰ গোলকীকৰণ, বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ একচেটিয়া আধিপত্য, ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা অভূতপূৰ্ব ব্যৱধান আৰু শ্ৰমিকৰ অধিকাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ মাৰ্ক্সৰ 'দাস কেপিটেল' বা শ্ৰেণী সংগ্ৰামৰ তত্ত্ব আজিও সমানেই প্ৰাসংগিক। তেওঁ কেৱল সমাজৰ বাখ্যা কৰিয়েই ক্ষান্ত থকা নাছিল, সমাজৰ আমূল পৰিৱৰ্তন বিচাৰিছিল। সেইবাবেই লণ্ডনৰ হাইগেট কবৰস্থানত থকা তেওঁৰ সমাধিপীঠত লিখা আছে যে দাৰ্শনিকসকলে কেৱল পৃথিৱীখনক বিভিন্ন ধৰণে বাখ্যা কৰি গৈছে, কিন্তু আচল কথাটো হ’ল ইয়াক সলনি কৰা।
প্ৰৱন্ধটো পঢ়ি কেনে পালে জনাবলৈ Comment কৰিব । ভাল লাগিলে Share কৰি আনকো পঢ়াৰ সুযোগ দিব। ধন্যবাদ 🙏
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন
আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।