Sunday, August 8, 2021

আই লাইনাৰ সানিলে চকু ভালে থাকে নে ? Does eye liner keep your eyes well ?

আইলিনা কি ? What is EYE LINNER ?

আইলিনাৰৰ অসমীয়া প্ৰতিশব্দ হ'ল কাজল। আইলিনাৰৰ ৰং সাধাৰণতে ক'লা । ই এবিধ মহিলাৰ সৌন্দৰ্য বৰ্ধনৰ আহিলাা বা প্ৰসাধন সামগ্ৰী । অতীজৰে পৰা চলি অহা নাম কাজল হিচাপে আমি ইয়াক জানো। আনকি কাজলৰ সম্পৰ্কে বহু গায়কে বিভিন্ন গানৰো সৃষ্টি কৰিছে। 


আইলিনাৰ ইতিহাস :

আই লাইনাৰ বা কাজল প্ৰথম ভাৰতত ব্যবহৃত হৈছিল বুলি ইতিহাসে কয়। ইয়াৰ পিছতে প্ৰাচীন ইজিপ্তীয় মহিলা আৰু পুৰুষসকলে কাজল অৰ্থাৎ আই লাইনাৰ লগাইছিল বুলি জনা যায় । থেবেছত নাখতৰ সমাধিৰ পৰা (খ্ৰীষ্টপূৰ্ব 15 শতিকাৰ) এই কথা জানিব পাৰি।

আই লাইনাৰ প্ৰথমে প্ৰাচীন ভাৰত, প্ৰাচীন ইজিপ্ত আৰু মেছোপটেমিয়াত চকুৰ চাৰিওফালে ডাঠ ক'লা ৰেখা হিচাপে ব্যৱহাৰ কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 10,000 বছৰৰ আৰম্ভণিতে, ইজিপ্তিয়ান আৰু মেছোপটেমিয়ানসকলে কেৱল নান্দনিকতাৰ বাবেই নহয়, মৰুভূমিৰ সূৰ্য্যৰ পৰা ছালক সুৰক্ষিত কৰাৰ বাবেও আই লাইনাৰকে ধৰি বিভিন্ন প্ৰসাধন সামগ্ৰী লগাইছিল বুলি জনা যায়। গৱেষণাৰ জৰিয়তে এইটোও অনুমান কৰিছে যে লগোৱা জনক বেয়া চকুৰ পৰা সুৰক্ষিত কৰিবলৈ আই লাইনাৰ লগোৱা হৈছিল। প্ৰাচীন ইজিপ্তীয় কলাত গধুৰ শৰীৰযুক্ত চকু ৰখাৰ বিশেষত্ব সঘনাই দেখুওৱা হৈছে। তেওঁলোকে বিভিন্ন সামগ্ৰীৰ সৈতে আই লাইনাৰ প্ৰস্তুত কৰিছিল, যাৰ ভিতৰত আছে তামৰ আকৰিক আৰু এণ্টিমনি। প্ৰাচীন ইজিপ্তীয় কাজলত গেলেনা আছিল, যাক পুণ্ট, কপ্টোচ আৰু পশ্চিম এছিয়াৰ ওচৰৰ অঞ্চলৰ পৰা আমদানি কৰা হৈছিল বুলি জনা যায়। 

আমাৰ ভাৰততো বহু বছৰ পূৰ্বৰে পৰা কাজল ব্যৱহাৰ কৰা সম্পৰ্কে ইতিহাসত পোৱা যায়। বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ লগতে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, আদি ৰাজ্য সমূহতো  তিৰোতা সকলৰ মাজত কাজলৰ ব্যাপক ভাবে ব্যৱহাৰ হৈছিল বুলি জনা যায়। অসমৰ তিৰোতা সকলে কাজল লগোৱাৰ উপৰিও সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কপালত কাজলৰ ফুট লগোৱা দেখা যায়। অসমীয়া সমাজত শিশুৰ কপালত কাজলৰ ফুট লগোৱাটো এটা পৌৰাণিক নিয়মৰ দৰে প্ৰচলিত। ইয়াত অৱশ্যে কিছু অন্ধবিশ্বাস জড়িত হৈ থকা যেনো অনুভৱ হয়। কথিত আছে যে শিশু সকলৰ কপালত কাজলৰ ফুট লগালে কোনো বাহিৰা অপশক্তিয়ে আমনি কৰিব নোৱাৰে বুলি ভবা হয়। কোনো ভূত প্ৰেত আদিয়েও আক্ৰমণ নকৰে বুলি বিশ্বাস কৰা হয়। কাজলৰ লগত এয়া নিশ্চয় অন্ধবিশ্বাসৰ বাদে আন একো নহয়। তদুপৰি তিৰোতা, ছোৱালী বিলাকে চকুৰ পতা আৰু চকুৰ চেলাউৰিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কাজল লগোৱা দেখা যায়। 


আইলিনাৰ ব্যৱহাৰ:


ইতিমধ্যে ব্যাখ্যা আগবঢ়োৱা হৈছে যে আইলিনা বা কাজল সাধাৰণতে চকুৰ পতা আৰু চেলাউৰিত সৌন্দৰ্য বৰ্ধনৰ বাবে লগোৱা হয়। বিভিন্ন আইলাইনাৰ সম্পৰ্কে তলত উল্লেখ কৰা হৈছে---

১/ তৰল আইলাইনাৰ :

তৰল জাতীয় আই লাইনাৰ হৈছে এক অস্বচ্ছ তৰল যি সাধাৰণতে সৰু বটলএটাত আহে আৰু সাধাৰণতে সৰু তীক্ষ্ণ-টিপযুক্ত ব্ৰাছৰ সৈতে প্ৰয়োগ কৰা হয়। ই এক পৰিষ্কাৰ আৰু সঠিক ৰেখা সৃষ্টি কৰে। তীক্ষ্ণ, ডানাযুক্ত আইলাইনাৰ সৃষ্টি কৰিবলৈ এই প্ৰকাৰৰ আই লাইনাৰ সৰ্বশ্ৰেষ্ঠভাৱে ব্যৱহাৰ কৰা হয়।  তৰল আই লাইনাৰে যথেষ্ট গভীৰ ৰূপ দিবলৈ সক্ষম।

২/ পাউডাৰ-আধাৰিত আই লাইনাৰ : 

 পাউদাৰ আধাৰিত আই লাইনাৰ হৈছে কাঠৰ পেঞ্চিলৰ দৰে এডাল আই লাইনাৰ। ই সাধাৰণতে আন্ধাৰ আৰু চকুত ডাঠ ছাঁ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়।

৩/ মম আধাৰিত কাজল :

 মম-আধাৰিত চকুৰ কাজলবোৰ কোমল পেঞ্চিলৰ দৰে আৰু ইয়াত মম থাকে যিয়ে প্ৰয়োগৰ ক্ষেত্ৰত সহজ কৰি তোলে । এইবোৰ বিভিন্ন ধৰণৰ তীব্ৰ ৰঙৰ লগতে বগা বা বেইজ ৰঙৰ দৰে কাজল। মম-আধাৰিত আই লাইনাৰবোৰ ব্ৰাছৰ সহায়ত উলিওৱা হয় । 

৪/ কোহল আই লাইনাৰ :

  কোহল আইলাইনাৰ হৈছে ডাঠ মেট শ্বেডত উপলব্ধ এক কোমল পাউডাৰ। চকুৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ইয়াক প্ৰায়ে ক'লা ৰঙত ব্যৱহাৰ কৰা হয়। ই পেঞ্চিল, প্ৰেচড পাউডাৰ, বা ঢিলা পাউডাৰ ৰূপত আহে। এই ধৰণৰ আই লাইনাৰ দাগ কৰিবলৈ সহজ।

৫/ জেল আইলাইনাৰ :    

     জেল আই লাইনাৰ, যি হৈছে এক কোমল জেল লাইনাৰ, যাক আই লাইনাৰ ব্ৰাছেৰে সহজে প্ৰয়োগ কৰিব পাৰি। ইয়াক সঠিকভাৱে প্ৰয়োগ কৰিব পাৰি আৰু কোহলতকৈ বহুত কোমল। 
    

৬/চিমাৰ লাইনাৰ :

 চিমাৰ লাইনাৰ, যি ওপৰৰ আৰু তলৰ চকুৰ পতাত প্ৰয়োগ কৰা বিভিন্ন উজ্জ্বল ৰঙত উপলব্ধ।

কাজল কিহেৰে তৈয়াৰী ?     

পৰম্পৰাগত মম-আধাৰিত আই লাইনাৰ বা কাজল প্ৰায় 20 টা উপাদানৰ পৰা তৈয়াৰ কৰা হয়। ওজন অনুসৰি প্ৰায় 50% হৈছে মম (যেনে, জাপানৰ মম, চৰ্বি, বা সম্পৰ্কিত কোমল সামগ্ৰী যি সহজে ছাললৈ যায়। বেছিভাগ প্ৰসাধনআইলাইনাৰত ষ্টিয়াৰিল হেপ্টানোয়েট পোৱা যায়। সাধাৰণ ৰঞ্জকবোৰৰ ভিতৰত আছে ক'লা আইৰণ অক্সাইড, লগতে কম পৰিমাণৰ টাইটেনিয়াম ডাই অক্সাইড আৰু প্ৰুচিয়ান নীলাা (Prussian blue) ।

উপকাৰিতা :

চকুত কাজল সনাটো সাম্প্ৰতিক সময়ত এটা কলা সদৃশ কাৰ্য। কাজলে চকুৰ সৌন্দৰ্যতা বৃদ্ধি কৰে। চকুৰ পতা খৰখৰীয়া আৰু অনুজ্বল প্ৰকৃতিৰ হ'লে  কাজল লগাই কোমল আৰু উজ্জ্বল কৰি তুলিব পাৰি। বিশেষজ্ঞৰ মতে কাজল চকুত লগালে সাৱধান অৱলম্বন কৰা দৰকাৰ।  কাজলৰ পৰা কোনো ৰোগৰ সৃষ্টি হোৱাৰ আশংকা নাই বুলি মন্তব্য কৰে। সেয়েহে হয়তো বৰ্তমান সময়ত কাজল বা eyeliner ৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিছে।

অপকাৰীতা :

কাজল লগাওঁতে কিছু ক্ষেত্ৰত সাৱধান নহ'লে চকুৰ বাবে অসুবিধাৰ সৃষ্টি হোৱা সম্ভাৱনা থাকে। চকুৰ গুৰিত বেক্টেৰিয়া প্ৰৱেশ কৰি চকুৰ দৃষ্টিশক্তিত আঘাত হানিব পাৰে। ঘামি থকা চকুৰ পতাত আইলাইনাৰ নলগোৱাই ভাল। অৱশ্যে বিশেষজ্ঞৰ বিধান মতে লগালে একো হানি হোৱাৰ সুযোগ নাথাকে।
বিশেষকৈ  পোহৰৰ প্ৰতি সংবেদনশীলতা থকা চকুত, নিৰন্তৰ অস্পষ্ট দৃষ্টিত ভোগা চকুত, চকু কিবা কাৰণত ফুলি উঠিলে, স্ৰাৱজনিত ৰোগত ভুগিছে চকুত আই লাইনাৰ বা কাজল লগোৱাৰ পৰা বিৰত থাকিব লাগে।

উপসংহাৰ :

আজিকালি নতুন প্ৰজন্মৰ মাজতো আই লাইনাৰ বা কাজলৰ জনপ্ৰিয়তা বহুত। বিভিন্ন কম্পেনীয়ে ভিন ভিন উপায়েৰে কাজল তৈয়াৰ কৰি তিৰোতাৰ দৃষ্টি আকৰ্ষণ কৰি আছে। আৰু ইয়াৰ মাজতে কিছুমান বদমাইচ লোকে টকাৰ লালসাত কাজলৰ ডুপ্লিকেট উলিয়াই বা কাজলৰ মানদণ্ড হ্ৰাস কৰি বজাৰত মেলি দিছে। তেনেধৰণৰ কাজল চকুত ব্যৱহাৰ কৰিলে চকুৰ অপকাৰ হোৱা সম্ভাৱনাই। সেয়ে আই লাইনাৰ বা কাজল লগোৱা সকলে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।





লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্লগৰ ভিতৰত আপোনাৰ বহুমূলীয়া মন্তব্যটিৰে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ।

++++++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts