Monday, August 9, 2021

সুগন্ধি পখিলাৰ কবি - হীৰেন ভট্টাচাৰ্য। Sugondhi pokhilar kovi - Hiren Bhattachajee

সুগন্ধি পখিলাৰ কবি : 

কবিজনাৰ সংক্ষিপ্ত পৰিচয় : 

অসমৰ অন্যতম খ্যাতিসম্পন্ন তথা যশস্বী কবি হিচাপে পৰিচিত কবি হীৰেন ভট্টাচাৰ্য। যাক অসমৰ লোকসলে মৰমতে আৰু তেখেতৰ ৰচনা ৰাজিৰ প্ৰতি আকৃষ্ট হৈ হীৰুদা বীষেশণেৰে অভিহিত কৰে। হীৰুদা যেন সকলো কবিতা প্ৰেমী ৰাইজৰেই হীৰুদা যি হিয়াৰ আমঠুস্বৰূপ বুকুৰ আপোনতকৈও আপোন ! কৃষকৰ বুকুৰ মাজলৈ সোমাই দুখবোৰ জুমি চাব সক্ষম হোৱা, বেদনাবোৰৰ ওজন জুখি চাব সক্ষম হোৱা ব্যক্তিজনেই হ'ল আমাৰ প্ৰাণৰো প্ৰাণৰ হীৰুদা । এইজন প্ৰসিদ্ধ কবিৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত অসমৰ যোৰহাট জিলাত আৰু মৃত্যু হৈছিল ২০১২ চনৰ ৪ জুলাইত।


তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ আছিল স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ বৃত্তিত এগৰাকী জেইলাৰ আছিল।  

অসমৰ বিভিন্ন বাতৰি কাকত আৰু আলোচনী আদিত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছিল। তেখেতৰ জীৱনকালত অসমীয়া ভাষাত মুঠ তেৰ খন কবিতা সংকলন প্ৰকাশ পাইছিল। তদুপৰি দুখনকৈ কবিতা পুথি বঙালী ভাষাতো অনুদিত হৈছে। এই গৰাকী প্ৰথিতযশা কবি হীৰেন ভট্টাচাৰ্য ডাঙৰীয়াক "সুগন্ধি পখিলা" আৰু "প্ৰেম আৰু ৰ'দালি"ৰ কবি বিশষণেৰে বিভূষিত কৰা হৈছে। স্বদেশৰ মানুহৰ সম্পৰ্কে, বোকা মাটিৰ গোন্ধ থকা কবিতা লিখি অসমৰ কবিতাৰ ভঁৰাল টনকিয়াল কৰাত বহু অৱদান আগবঢ়াই থৈ গৈছে। 

বিভিন্ন সময়ত বিভিন্ন জন লেখক সাহিত্যিকে কবি গৰাকীৰ কবিতাৰ সম্পৰ্কে প্ৰশংসনীয় মন্তব্য আগবঢ়ায় থৈ গৈছে। বিশেষকৈ অসমৰ স্বনামধন্য সাহিত্যিক ড° হীৰেন গোহাঁই ডাঙৰীয়াই কবি গৰাকীৰ সম্পৰ্কে কৈছিল -- " তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্তিতধী কাৰুণ্যতা কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সৃষ্টিৰ, আশাৰ, আস্হাৰ আকাশ দেখুৱাই থাকিব।"

প্ৰতিটো কবিতাৰ ভাঁজত থকা সুৰৰ মায়াময় ৰূপ , ৰস, শব্দচয়নৰ সুগঠিত ৰূপ, ভাষাৰ লালিত্যই কবিতাবোৰৰ প্ৰতি অধিক মনোগ্ৰাহী আৰু পাঠক সমাজক আকৰ্ষিত কৰি তোলে। তেখেতৰ কাপেৰে নিগৰিত কবিতাবোৰ পঢ়িলে দেশপ্ৰেমৰ মনোভাৱ জাগি উঠাৰ লগতে শোষিত নিষ্পেষিত জনতাৰ ক্ৰন্দনৰ প্ৰতিচ্ছবি দুচকুত ভাঁহি উঠে। সেয়ে হয়তো কবিজনাৰ সৃষ্টিৰাজি আজিও জীৱন্ত দলিল হিচাপে পৰিগণিত।

শৈশৱ- কৈশোৰ কালৰ আভাস :

তেখেতৰ শৈশৱকাল অতিবাহিত হৈছিল ডিব্ৰুগড় জিলাত। পৰিয়ালৰ লগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেখেতৰ ল'ৰালি কালৰ জীৱন বৰ সুখকৰ বুলিব নোৱাৰি। যিহেতুকে কোনো ঠাইতে সৰু অৱস্থাত স্থায়ী ভাৱে থাকিব পোৱা নাছিল। পিতৃ জেইলাৰ চাকৰি কৰাৰ বাবে আবাস গৃহও জেইল চৌহদৰ ভিতৰতে আছিল। তেখেতৰ ল'ৰালি কালৰ প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা, ফুলৰ বাৰী পতা। আনকি তেওঁ কাৰাগাৰৰ ভিতৰতে এই প্ৰিয় কাম কৰিছিল বুলি জনা যায়। অৱশ্যে তেওঁ সৰুতে খুব কম খেলিছিল আৰু লগৰ সমনীয়াহঁতে খেলি থাকিলেও তালৈ কানসাৰ দিয়া নাছিল কিন্তু তেওঁ দূৰৈৰ পৰাই সিহঁতক খেলা চাই আছিল। তদুপৰি সৰুৰে পৰাই এইজন খ্যাতিসম্পন্ন কবি ভাবুক, আনমনা আৰু অস্হিৰ স্বভাৱৰ আছিল বুলি জনা যায়।

শিক্ষা জীৱন: 

পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষা জীৱন ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অসমৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল । ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত দেউতাকৰ চাকৰিসূত্ৰে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা তেজপুৰতহে সম্পূৰ্ণ হৈছিল। উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ বাবে মঙলদৈ, গোলাঘাট, গুৱাহাটী আদি কৰি অসমৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল। অৱশেষত ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

কবি হিচাপে স্বীকৃতি আৰু ৰচনাৰাজি :


জীৱনৰ কোনো এক নিৰিবিলি ক্ষণত হয়তো এদিন তেখেতে প্ৰথম কবিতাটো লিখি অসমৰ কবিতা প্ৰেমীক উপহাৰ হিচাপে দিছিল। সেয়া আছিল ১৯৫৭ চনৰ কথা। ১৯৫৭ চনৰ পৰা হীৰুদাই কবিতাৰ পথাৰত লেচেৰি বুটলি কবিতাৰ ভঁৰাল টনকিয়াল কৰিছিল। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন "মোৰ দেশ মোৰ প্ৰেমৰ কবিতা" প্ৰকাশ হয়। ইয়াৰ পৰৱৰ্তী সময়ত বহু কবিতা পুথি লিখি অসমৰ কবিতাৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৭৪ চনত প্ৰকাশ পাইছিল"বিভিন্ন দিনৰ কবিতা" , ১৯৭৬ চনত "কবিতাৰ ৰ'দ" আৰু ১৯৭২ চনত 'তোমাৰ গান' নামৰ কবিতা সংকলন কেইখন প্ৰকাশ পাইছিল। তদুপৰি ১৯৮১ চনত 'সুগন্ধি পখিলা' নামৰ নিৰ্বাচিত কবিতা সংকলন প্ৰকাশ পাইছিল। ১৯৯১ চনত 'শইচৰ পথাৰ মানুহ' প্ৰকাশ পাইছিল। হীৰুদাৰ প্ৰতিটো কবিতাই মানুহৰ অন্তৰ চুই যাবলৈ সক্ষম। তেখেতৰ কবিতাৰ ছন্দ, সৰু সৰু কবিতাত নিহিত থকা  সুৰ, তাল, মান,লয় আৰু অৰ্থব্যঞ্জক প্ৰতীক মিহলি হৈ থকাৰ বাবে হয়তো কবিতাবোৰে মানুহৰ মনত দ'কৈ শিপাবলৈ সক্ষম হৈছিল। তেখেতৰ কবিতাৰ মূল বিষয়বস্তু আছিল প্ৰকৃতি আৰু মানুহ।

তেখেতৰ ৰচনা সমূহ :- 

মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ'দ, সুগন্ধি পখিলা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা-মাটি, ভালপোৱাৰ দিক্‌চৌ বাটেৰে, বাচকবনীয়া কবিতা,  সুগন্ধি শিপা, শিপাৰ পৰা পাতলৈ,কেইটামান গান, জোনাকী মন ও অন্যান্য (বঙালী), শস্যেৰ মাঠ ও অন্যান্য (বঙালী), শিশু সম্বন্ধীয়  ৰচনাৰাজি  হ'ল :- ল'ৰা ধেমালি, আকৌ ধেমালি,  ৰৈ ৰৈ ধেমালি আদি । 


বঁটা-বাহন লাভ :

কবি হীৰেন ভট্টাচাৰ্যই বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে ভিতৰত ---
১/ ১৯৭৬ চনত  "বিভিন্ন দিনৰ কবিতা" সংকলনৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰিছিল।
২/ ১৯৮৫ চনত "সুগন্ধি পখিলা" কবিতা পুথিৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা আৰু ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা লাভ কৰিছিল।
৩/ তেখেতে ১৯৮৭ চনত "সুগন্ধি পখিলা" কবিতা পুথিৰ বাবে চোভিয়েট দেশৰ নেহেৰু বটাঁ পাবলৈ সক্ষম হৈছিল।
৪/ ১৯৯২ চনত "শইচৰ পথাৰ মানুহ" নামৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু ইয়াৰ বাবেই উত্তৰ প্ৰদেশ হিন্দী সংস্থাই "সৌহাদ্য সন্মান" প্ৰদান কৰিছিল।
৫/ পুনৰ ১৯৯৩ চনত "শইচৰ পথাৰ মানুহ" কবিতা পুথিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ "বজালিনী বঁটা" বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
৬/ ২০০০ চনত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ "অসম উপত্যকা সাহিত্য বঁটা" লাভ কৰিছিল।
৭/   অসম চৰকাৰৰ দ্বাৰা "গণেশ গগৈ বঁটা" ২০০০ চনত প্ৰদান কৰা হৈছিল।
৮/ ২০১২ চনত মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ "পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ" লাভ কৰিব সক্ষম হৈছিল।

সামৰণি : 

ড° মালিনী গোস্বামীয়ে ১৯৭৫ চনতে মন্তব্য আগবঢ়াইছিল যে, " মাত্ৰ এমুঠি শব্দেৰে এটা বৰ্ণগন্ধময় আৰু মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰি কবিয়ে সাব্যস্ত কৰিছে তেওঁৰ তুলনাবিহীন কবিপ্ৰতিভা।এপিনে অতি,অথচ ব্যঞ্জনাৰে ভৰপূৰ।এক মূহুৰ্ততে তেওঁ আমাৰ মনপ্ৰাণ ভৰাই তুলিলে।, সৃষ্টিৰ উদ্দাম কল্লোল আৰু সাতবৰনীয়া ভাৱৰ তৰংগেৰে সোঁৱৰাই দিলে যে সহজেই অতি দুৰ্লভ, অতি আপুৰুগীয়া।"  







Thank you for reading this simple article about the poet Hiren Bhattachajee of Assam.. please subscribe this blog and leave your valuable comment in the post.



++++++++++++++++++++++++++++++++

2 comments:

  1. মনজিত কুমাৰ ঠাকুৰAugust 10, 2021 at 7:45 AM

    হীৰুদাৰ কবিতাৰ চন্দত কঁপি উঠে অন্তৰাত্মা। তেখেতৰ আটাইবোৰ কবিতা বুজি নাপালেও কবিতাবোৰ পাঠ বা আবৃত্তি কৰি ভাল পাও। আজিৰ তাৰিখত হীৰুদা কেৱল এটা নাম বা ব্যক্তি নহয়। তেখেত এক অনুষ্ঠান। তেখেতৰ সৃষ্টিৰাজিৰ গৱেষণা হওঁক।

    ReplyDelete
    Replies
    1. আপোনাৰ বহুমূলীয়া সুন্দৰ মন্তব্যই মোক অনুপ্ৰাণিত কৰাৰ লগতে নিশ্চয় পাঠক সমাজকো অনুপ্ৰাণিত কৰিব। বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

      Delete

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts