প্ৰৱন্ধটোত সন্নিবিষ্ট আছে ---
সূচীপত্ৰ :-
** অনুশাসন কাক বোলে ?
** অনুশাসনৰ প্ৰকাৰ কি কি ?
** অনুশাসনৰ পদ্ধতি
** বিদ্যালয়ত অনুশাসনৰ প্ৰয়োজনীয়তা
** উপসংহাৰ ।
অনুশাসন কাক বোলে ,?
অনুশাসন হ'ল মানুহৰ চিন্তা,ভাৱনা, আশা আকাংক্ষাক সংযত আৰু আনৰ অধীনস্থ কৰা এক প্ৰক্ৰিয়া। অনুশাসনৰ সহায়ত কোনো ব্যক্তিৰ স্বাধীন বা মুকলিমূৰীয়া আচৰণ বা কাৰ্যক নিয়ন্ত্ৰণ কৰি ৰখা হয়। কোনো নিৰ্দিষ্ট বাধা নিষেধ আৰোপ কৰা গণ্ডীৰৰ ভিতৰত থাকি আমি কাৰ্য সম্পাদন কৰিব লগা হয় । এই প্ৰক্ৰিয়াক শৃংখলা বুলি কোৱা হয়। অনুশাসন শৃংখলাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত শব্দ। শৃংখলা মানুহৰ প্ৰতিটো কাৰ্যতেই ব্যাপকভাৱে প্ৰয়োজন হয়। শৃংখলাই মানুহৰ জীৱন সঠিকভাৱে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ বিদ্যালয়, গৃহ, সমাজ , পৰিৱেশ আদিৰ ক্ষেত্ৰত শৃংখলাৰ অবিহনে কোনো কাৰ্যৰ
সুসম্পাদিত নহয়। ঘৰ এখনত ঘৰৰ মূৰব্বী আৰু আন সদস্যসকলৰ আলোচনা মৰ্মে বিভিন্ন নীতি-নিয়ম বান্ধি লোৱা হয় যাতে ঘৰৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায়। যেনে ঘৰৰ কোনে কি কাম কৰিব লাগিব, কোনে ক'ত যাব লাগিব, কেতিয়া কি কাম কৰা উচিত, কেতিয়া খোৱা বোৱা কৰা হ'ব, সন্তানে কেতিয়া পঢ়া-শুনা কৰিব লাগে আদি বিষয়বোৰ অলিখিত ৰূপত হ'লেও এখন ঘৰত নিয়মবোৰ সঠিক ভাৱে চলি থাকে যাৰ বাবে ঘৰখন সুচাৰুৰূপে পৰিচালিত হয়। ঘৰ এখনৰ সকলো ক্ষেত্ৰত নিয়ন্ত্ৰিত হৈ থাকিবলৈ হ'লে শৃংখলাৰ অবিহনে গত্যন্তৰ নাই।
একেদৰে এখন বিদ্যালয়ৰ আভ্যন্তৰত শৃংখলাৰ প্ৰয়োজন আছে। শৃংখলা মানি চলিবলৈ কাৰণে অনুশাসনৰ প্ৰয়োজন হয়। বিদ্যালয়ত প্ৰচলিত নীতি নিয়মে বিদ্যালয়ৰ পৰিচালনা কৰাত সহায় কৰে। ছাত্ৰ ছাত্ৰী সকলে নীতি নিয়মৰ বান্ধোনৰ মাজত থাকিলেহে সুশিক্ষা গ্ৰহণ কৰিব পাৰিব। হৈ হাল্লা, চিঞৰ বাখৰ আদি কোলাহলপূৰ্ণ পৰিৱেশত কেতিয়াও ভাল শিক্ষা গ্ৰহণ কৰিব নোৱাৰি। এয়া একেবাৰে সত্য কথা। সেয়ে বিদ্যালয়ত কিছুমান নীতি নিয়ম কৰ্তৃপক্ষই ঠিক কৰি লোৱা দেখা যায়। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যাতে শিকাৰুসকল বিপথে নাযায় তাৰ প্ৰতি সজাগ কৰি ৰখা।
অনুশাসনৰ প্ৰকাৰ কি কি ?
অনুশাসনক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি - বাহ্যিক আৰু আভ্যন্তৰীণ অনুশাসন। বাহ্যিক অনুশাসনৰ পৰিসৰ ঠেক কিন্তু আভ্যন্তৰীণ অনুশাসন ব্যাপক পৰিসৰৰ বুলি ভবা হয়।
বাহ্যিক অনুশাসন : বাহ্যিক অনুশাসন হৈছে কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানত থকা মানুহৰ বাধ্যবাধকতাৰ ওপৰত প্ৰয়োগ কৰা নীতি-নিয়ম। বিশেষকৈ বিদ্যালয়ৰ গণ্ডীৰত ইয়াক বেছিকৈ প্ৰয়োগ কৰা প্ৰয়োজন হয়। বিদ্যালয়ত শৃংখলাবদ্ধতাৰ অনুশাসন নাথাকিলে শিক্ষাৰ ক্ষেত্ৰত বিশৃঙ্খলতাই দেখা দিয়ে। পাঠদান কাৰ্যসূচী ফলপ্ৰসূ আৰু সফল হোৱাত বাধা আহি পৰিব। অনুশাসনৰ অভাৱত শিক্ষকৰ উপদেশ, পৰামৰ্শ তথা নিৰ্দেশ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ সম্ভাৱনা থাকে। ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণত ৰাখিবলৈ বিদ্যালয়ত কিছুমান নীতি-নিয়ম আৰু আইন-কানুন ৰচনা কৰি প্ৰয়োগ কৰা হয়। ইয়াকেই সাধাৰণতে বাহ্যিক অনুশাসন বোলা হয়। হৈ হাল্লা, চিঞৰ-বাখৰ কৰিলে লঘু শাস্তি প্ৰদান কৰা হয়।
ছাত্ৰ ছাত্ৰীৰ বাহ্যিক আচাৰ আচৰণ সঠিক নহ'লে শাস্তি প্ৰদান কৰা হয়। এনে অনুশাসনত প্ৰকৃততে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা সদৃশ হয় যদিও এনে অনুশাসনৰ ফলত শিক্ষাৰ পৰিৱেশ অনুকুল অৱস্থালৈ আহে আৰু বাতাবৰণ নিৰৱ আৰু নিজান হয় যি সাধাৰণতে এখন বিদ্যালয়ৰ বাবে অতিশয় প্ৰয়োজনীয় বৈশিষ্ট্য।
আভ্যন্তৰীণ অনুশাসন : আভ্যন্তৰীণ অনুশাসন হৈছে ব্যক্তিৰ অন্তৰৰ লগত জড়িত থকা উপাদান। অন্তৰৰ সৈতে জড়িত থকা উপাদান হোৱাৰ বাবে ইয়াক আত্মা-নিয়ন্ত্ৰণ বুলিও অভিহিত কৰা হয়। কিছুমান নীতি নিয়ম ছাত্ৰ ছাত্ৰীয়ে নিজে নিজেই মানি চলিবলৈ শিকে। শিক্ষকৰ বা আন কাৰোবাৰ শাস্তিৰ ভয়ত এনে আভ্যন্তৰীণ অনুশাসন মানি নচলে। মনত উদয় হোৱা কিছুমান নিয়ম নিজে নিজেই তেওঁলোকে পালন কৰিব ইচ্ছুক হয়। যেনে অবাইচ মাত নমতা, বিড়ি চিগাৰেটৰ দৰে ধূমপান নকৰাৰ বাবে সিদ্ধান্ত লোৱা বা প্ৰতিশ্ৰুতিৱদ্ধ হোৱা, ডাঙৰক সন্মান কৰিবলৈ শিকা আদিবোৰ হ'ল স্বতস্ফুৰ্ত ভাৱে মানি চলা অনুশাসন।
আত্ম শৃংখলাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে নিজক নিয়ন্ত্ৰণ কৰিব শিকিলে ছাত্ৰ ছাত্ৰী কেতিয়াও বিপথে পৰিচালিত নহয় বা কেতিয়াও বিপথে খোঁজ নেপেলায়। আত্ম-শৃংখলাৰ নীতি নিয়ম বিবেকৰ দ্বাৰা পৰিচালিত হয় বাবে ই শূদ্ধ আৰু শান্তি আৰু শাস্তিবিহীন হয়। আত্ম শৃংখলা থকা ছাত্ৰ ছাত্ৰীয়ে নিজকে সংযত কৰিব পাৰে, নিজক দমন কৰিব পাৰে। বিদ্যালয়ৰ পবিত্ৰতা অক্ষুণ্ণ ৰখাত আভ্যন্তৰীণ অনুশাসন সাম্প্ৰতিক সময়ত বহু প্ৰয়োজন হৈ পৰিছে।
অনুশাসন পদ্ধতি :
অনুশাসন লঘু আৰু গুৰু হ'ব পাৰে। প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাত গুৰু অনুশাসনৰ প্ৰয়োগ বেছি আছিল। চেকনিৰ আগত শিক্ষা বুলি গণ্য কৰা হৈছিল। সেয়ে শিক্ষকে অলপ ভুল দেখিলে, কিঞ্চিৎ বেয়া দেখিলে চেকনিৰে শাস্তি বিহিছিল। কিন্তু ইমান শাস্তিৰ প্ৰয়োজন ক'ত ? অনুশাসনক দুটা ভাগত বিভক্ত কৰিব পাৰি -- স্বাভাৱিক ফলাফলৰ দ্বাৰা অনুশাসন আৰু পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ দ্বাৰা অনুশাসন।
স্বাভাৱিক পৰিণতিৰ অনুশাসন মানেই হ'ল আত্ম-সংশোধনৰ পদ্ধতি। এই পদ্ধতি মতে কোনো এজন শিশুৱে ভুল কৰিলে তাক সেই ভুলৰ বাবে মনোকষ্ট পাবলৈ এৰি দিব লাগে যাতে তেওঁৰ মনত বেয়া কামটোৰ বিপৰীতে মনত ভাল ভাৱৰ উদয় হয়। উদাহৰণ স্বৰূপে যদি এজন শিশুৱে কিবা কাৰণত খং উঠি লিখা শ্লেথখন ভাঙি পেলায়, তেন্তে তেওঁক নতুন এখন আনি নিদি সেই ভঙা টুকুৰাতে লিখিবলৈ বাধ্য কৰিব লাগে। ভঙা শ্লেথত লিখাৰ অসুবিধাৰ কষ্ট তেতিয়াহে সি উপলব্ধি কৰিব আৰু এনে নকৰাৰ বাবে নিজকে দমন কৰিব। এই পদ্ধতি মতে শিশুক অতি বেছি মৰম কৰিলে বেয়ালৈ ধাবিত হয়।
দ্বিতীয় পদ্ধতি মতে শিশুক বেয়া কামৰ বাবে শাস্তি প্ৰদান আৰু ভাল কামৰ বাবে পুৰস্কাৰ প্ৰদান কৰা উচিত। পুৰস্কাৰে যিকোনো লোককে মানসিক সুখ দিয়ে আৰু শাস্তিয়ে শিশুক সংযত হ'বলৈ শিকায়। সেয়ে শিশুৰ ভাল কামক শিক্ষক বা অভিভাৱকে সদায় উৎসাহিত কৰিব লাগে। পুৰস্কাৰ আৰু শাস্তি পদ্ধতি হ'ল মনোবৈজ্ঞানিক সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে এই পদ্ধতি বিদ্যালয়ৰ গণ্ডীৰত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
বিদ্যালয়ত অনুশাসনৰ প্ৰয়োজনীয়তা :
সাম্প্ৰতিক সময়ত বিদ্যালয়ত অনুশাসনৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ত চিন্তাবিদ সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে বিদ্যালয়ত অনুশাসনৰ প্ৰয়োজন আছে আৰু আন কিছুমানৰ মতে অনুশাসন অপ্ৰাসঙ্গিক বিষয়।
বিদ্যালয়ত অনুশাসনৰ প্ৰয়োজন আছে যিহেতু অনুশাসন নাথাকিলে ছাত্ৰ ছাত্ৰীয়ে বিপথে যোৱাৰ সম্ভাৱনা থাকে। অসমীয়াত এষাৰ প্ৰবচন আছে যে " চল পোৱা কুকুৰে গললৈকে জপিয়াই।" সেই বুলি ছাত্ৰ ছাত্ৰীসকলক কুকুৰৰ লগত তুলনা কৰা নাই। কুকুৰ প্ৰভুভক্ত,যদি বেছি চল দিয়া হয় তেতিয়া কুকুৰে মজিয়া পৰা আৰম্ভ কৰি বিছনালৈ , মানুহৰ কোলাত শুবলৈ চেষ্টা কৰে। একেদৰে ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ লাই পালে শিক্ষকৰ উপদেশ, আদেশ নমনা হয়। শিক্ষকক বা অভিভাৱকক সৰু ল'ৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰে। এনেধৰণৰ আচৰণ ছাত্ৰ ছাত্ৰীৰ মনত উদয় নহ'বৰ বাবেই শাস্তিৰ প্ৰয়োজন হয়।
চৰকাৰে প্ৰৱৰ্তন কৰা "মৌলিক শিক্ষাৰ অধিকাৰ আইন - ২০০৯" ৰ মতে ছাত্ৰ ছাত্ৰীৰ ওপৰত অনুশাসন জাপি দিব নোৱাৰে। শাস্তি বিহিব নোৱাৰে , আনকি হাতত এডাল এছাৰি পৰ্যন্ত লোৱা নিষেধ। এই কায়ণতেই ছাত্ৰ ছাত্ৰীসকল অধিক অবাধ্য হোৱা পৰিলক্ষিত হয়। প্ৰতিটো ভুলৰ বাবে শান্তিৰ প্ৰয়োজন নাই কিন্তু এনেধৰণৰ এটা এটা ভুল ছাত্ৰ ছাত্ৰীসকলে কৰে যাৰ বাবে দোষীক শাস্তি বিহাটো অতি প্ৰয়োজন হৈ পৰে।
ইয়াৰ উপৰি পূৰ্ণ স্বাধীনতা প্ৰদান কৰিও অনুশাসন কৰিব পাৰি। মুক্ত চিন্তা, স্বাধীন কাৰ্য আৰু আত্ম শৃংখলাৰে শিশুৱে নিজৰ আচৰণ সংযতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে । কিন্তু প্ৰতি জন শিশু এনে দূৰদৰ্শী জ্ঞানৰ অধিকাৰী নহয়।
উপসংহাৰ :
সাম্প্ৰতিক সময়ত বিদ্যালয়ত অনুশাসন এক স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈছে। যদিও নতুন আইনে ইয়াক অগ্ৰাহ্য কৰিছে তথাপিও বিদ্যালয়ৰ গণ্ডীৰত অনুশাসনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। অনুশাসন নাথাকিলে শিশুৰ শিক্ষা প্ৰদানত কিছু বেমেজালি সৃষ্টি হোৱাৰ আশংকা আছে। গতিকে ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰা সঠিক ভাৱে পৰিচালিত হ'বলৈ লঘু শাস্তি আৰু পুৰস্কাৰ অতি প্ৰয়োজনীয় বিষয়।
No comments:
Post a Comment
dudulsonowal32@gmail.com