সূচীপত্ৰ :--
** শিশুৰ ব্যক্তিত্ব কেনে হোৱা উচিত,
** অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম ঘৰখন,
** শিশুৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ কৰণীয়
** শিশুৰ ব্যক্তিত্ব গঠনত বিদ্যালয়ৰ প্ৰভাৱ
** অভিভাৱক আৰু ঘৰৰ পৰিৱেশ
** উপসংহাৰ
শিশুৰ চৰিত্ৰ গঠনত ঘৰখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিশু এজনৰ চৰিত্ৰ গঠনৰ প্ৰথম ঢাপ বা স্তৰ হিচাপে ঘৰখনক বিবেচিত কৰা হয়। সেয়ে যিকোনো এখন ঘৰৰ পৰিৱেশ সদায় জ্ঞান অৰ্জনৰ অনুকূল হ'ব লাগে। সৰু অৱস্থাৰ পৰা ভাল মাত-কথা, ভাল চিন্তা,ভাৱনা, সৎ আচাৰ-ব্যৱহাৰ আদিৰ সৈতে মূখামূখি হ'লে সিহঁতেও এনে শুদ্ধ আচৰণ অনুকৰণ কৰিব শিকিব। ঘৰখনৰ পৰিৱেশ হৈ-হাল্লা, চিঞঁৰ-বাখৰ , কাজিজা-পেচাল, আদি কোলাহলপূৰ্ণ অশান্তিময় পৰিৱেশ হ'লে শিশুৰ মানসিক বিকাশৰ পৰিবৰ্তনো তেনেধৰণেই আগবাঢ়িব। শিশুৱে সৎ আচৰণ যুক্ত পৰিৱেশত সজ আচৰণ আৰু অসৎ আচৰণ যুক্ত পৰিৱেশত অসজ আচৰণ কৰিব শিকে। সেয়ে পিতৃ-মাতৃয়ে সন্তানক এটা ভাল পৰিৱেশ দিয়াৰ প্ৰচেষ্টা কৰা উচিত।
শিশু হ'ল অনুকৰণ প্ৰিয়। সৰু অৱস্থাত অনুকৰণৰ মাধ্যমেৰে শিশুৱে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰে কিন্তু সেইবোৰ প্ৰকৃততে ভাল নে বেয়া শিক্ষা তাক বিচাৰ কৰিবলৈ সিহঁতে নাজানে। কেৱল সিহঁতৰ আনন্দদায়ক আৰু চকুৰ আগত দেখা কামটো শিশুজনে নিজেও কৰিব বিচাৰে আৰু এনেকৈয়ে সিহঁতে চৰিত্ৰগত আচৰণবোৰ তেওঁলোকৰ অজ্ঞাতে শিকিবলৈ লয়।
নব্বৈৰ দশকত বিদ্যালয়ৰ ভাষাৰ কিতাপত পঢ়া "ৰজা আৰু ভাটৌ চৰাই" নামৰ সাধুটো চৰিত্ৰ গঠনৰ এক নিদৰ্শন। সজ আচৰণে সজ প্ৰবৃত্তিৰ মানুহ সৃষ্টি কৰে আৰু অসৎ আচৰণে অসৎ প্ৰবৃত্তিৰ মানুহ সৃষ্টি কৰাত অৰিহণা যোগায়।
শিশু এজন জন্মৰ পিছত সম্পূৰ্ণ অপৰিণত অৱস্থাত থাকে। পৰনিৰ্ভৰশীল শিশুজনৰ ভৱিষ্যত নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত। শিশুজনৰ শাৰীৰিক আৰু মানসিক সুস্থতা, খোৱা-লৱা , খেলা ধূলা আদিৰ যতন সুচাৰুৰূপে পৰিচালিত হলেহে ভৱিষ্যতৰ জীৱন সুন্দৰ আৰু উপযুক্তভাৱে গঢ় লোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই আটাইবোৰ দিশৰ সমাধানৰ মূল ব্যক্তিজনেই হ'ল পিতৃ-মাতৃ । পিতৃ-মাতৃৰ সুচিন্তা আৰু গুৰুত্বপূৰ্ণ অনুশাসন মূলক বিচাৰ বিবেচনা , মৰম-চেনেহেৰে শিশুজনক সুচৰিত্ৰ গঠণত অৰিহণা যোগাব পাৰে।
জন্মৰ পাঁচ ছয় মাহৰ পৰা শিশুৰ মাত ফুটে আৰু বিভিন্ন বিষয়ত জ্ঞানৰ শিক লয়, বিভিন্ন শব্দ শ্ৰৱনৰ জৰিয়তে শিকে। এই সময়ত সেয়ে শিশুজনক ভাল মাত-কথা শিকোৱা প্ৰয়োজন। যিবোৰ বেয়া সেইবোৰ শিকোৱা অনুচিত। বিশেষকৈ গ্ৰাম্য সমাজত পৰিলক্ষিত হয় যে শিশুজনক সৰু অৱস্থাতেই বেয়া বা অশালীন শব্দৰ দুষ্ট ভাষা শিকোৱাৰ দৰে হয়। বহু লোকে আনন্দতে সৰু অৱস্থাত শিশুক বেয়া শব্দ কবলৈ শিকাই আৰু ততালিকে শিক লৈ যাৰে তাৰে আগত বেয়া কথা কৈ দিয়ে। ভবা হয় যে ডাঙৰ হ'লে এইবিলাক সকলো পাহৰি যাব। এইদৰে শিশু এজনক বেয়া পথলৈ যোৱাৰ বাট প্ৰশস্ত কৰা ধৰণৰ হয়। এইটো বিশেষকৈ অসৎ ব্যক্তিৰ সান্নিধ্যৰ ফলত হ'বলৈ পায়। শিশুজন অসৎ ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ব্যক্তিজনাৰ পৰা অসৎ আচৰণ, অসৎ মাত-কথা আদি শিকিবলৈ লয়। কিন্তু শিশুৰ এই সময়ৰ এনে আচৰণ বা অভ্যাস ক্ষণস্থায়ী বুলি গণ্য কৰা হয় যদিও কিছুমান শিশুৰ ক্ষেত্ৰত ই ডাঙৰ অৱস্থাতো একেই থাকেে যাৰ বাবে শিশুজন পাছলৈ বদমাইচ আৰু অসৎ চৰিত্ৰৰ লোক হিচাপে সমাজত পৰিগণিত হয়। সেয়ে ঘৰখনৰ পৰিৱেশ সদায় শিশুৰ অনুকূল হোৱাটো বাঞ্ছনীয় আৰু পিতৃ-মাতৃ শিশুজনৰ প্ৰতি দায়িত্বশীল আৰু সাৱধান হ'ব লাগে। সেয়ে ক'ব পাৰি যে ঘৰখন হৈছে শিশুৰ অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম।
শিশুৰ ব্যক্তিত্ব কেনে হোৱা উচিত
শিশুৱে সন্মুখত দেখা প্ৰতিটো কাৰ্যৰ দ্বাৰা , প্ৰতিটো ঘটনাৰ পৰা শিক্ষা আহৰণ কৰোতে সৎ আৰু প্ৰয়োজনীয় খিনি আয়ত্ব কৰা উচিত। কোনটো ভাল কোনটো বেয়া সেই সম্পৰ্কে পিতৃ-মাতৃৰ পৰা জানি ল'ব লাগে। ভাল শিক্ষা আহৰণ কৰিব চেষ্টা কৰিলেহে ভৱিষ্যত জীৱন সুন্দৰভাৱে গঢ় দি সুনাগৰিক হ'ব পৰা যায়। হাঁহিমুখীয়া স্বভাৱ, সুমিষ্ট মাত-কথা, জ্যেষ্ঠজনক সন্মান, শ্ৰদ্ধা, ভক্তি আৰু অনুজজনক মৰম স্নেহ কৰাটো এজন শিশুৰ কৰ্তব্য। হাঁহিমুখীয়া স্বভাৱে সকলোকে আকৰ্ষিত কৰে, মিঠা মাত কথা হ'ল সুচৰিত্ৰৰ পৰিচায়ক। সমনীয়াহঁতৰ লগত সমিলমিলেৰে, মিলাপ্ৰীতিৰে থাকিব পৰাটো শিশুৰ ব্যক্তিত্বৰ ভাল গুণ।
শিশুৰ ব্যক্তিত্ব গঠনত বিদ্যালয়ৰ প্ৰভাৱ
শিশুৰ শিক্ষাৰ দ্বিতীয়টো ঢাপ বা স্তৰ হৈছে বিদ্যালয়। বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা পাতনি মেলি শিশুৱে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰে। শিশুৰ ব্যক্তিত্ব গঠনত যেনেকৈ ঘৰখনৰ প্ৰভাৱ পৰে, ঠিক একেদৰে বিদ্যালয়ৰ প্ৰভাৱো পৰে। ঘৰখনে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, একেদৰে বিদ্যালয়খনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিহেতু বিদ্যালয়ৰ শিক্ষা হ'ল আনুষ্ঠানিক শিক্ষা। সেয়ে ইয়াৰ গুৰুত্বও অপৰিসীম। শিক্ষকৰ জৰিয়তে বিভিন্ন বিষয়ক মূল্যবোধৰ জ্ঞান শিশু বা ছাত্ৰজনে শিকিবলগীয়া হয়। এই বিষয়ত সৎ চৰিত্ৰ গঠন ,সৎ কৰ্মৰ কৌশল, বন্ধুত্বৰ গুণসমূহ সাধাৰণতে বিদ্যালয় শিক্ষাত এটা এটাকৈ শিশুৱে অভিজ্ঞতাৰ জৰিয়তে শিকে। শিশুৰ মানসিক, শাৰীৰিক, সমাজৰ জ্ঞান, আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞান, নীতি শিক্ষা আদি কিতাপৰ জৰিয়তে শিকিবলৈ আৰম্ভ কৰে। গতিকে এই গুণসমূহ বিকাশ ঘটোৱাৰ লগতে বৌদ্ধিক আৰু দক্ষতাৰ, নীতি শিক্ষাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাত বিদ্যালয়ৰ শিক্ষাই সহায় কৰে। ভাষা শিকণৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব গঠন হয়। সমনীয়াহঁতৰ লগত খেল ধেমালিৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব বিকাশ ঘটে।
গতিকে বিদ্যালযৰ আনুষ্ঠানিক শিক্ষাই শিশুৰ ব্যক্তিত্ব গঠনত প্ৰত্যক্ষ প্ৰভাৱ পেলাই।
অভিভাৱক আৰু ঘৰৰ পৰিৱেশ
ওপৰত উল্লেখ কৰা হৈছে যে শিশুৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ বা অভিভাৱকৰ কৰ্তব্য সকলোতকৈ বেছি।
উপসংহাৰ
শিশুৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত ঘৰ আৰু বিদ্যালয়ৰ গুৰুত্ব সমানে অপৰিসীম। ঘৰখনে প্ৰদান কৰা অনানুষ্ঠানিক জ্ঞান আৰু বিদ্যালয়ৰ গণ্ডীৰত অনুশাসনৰ জৰিয়তে লাভ কৰা জ্ঞানৰ সংমিশ্ৰণত এজন শিশুৰ জীৱন গঢ় লৈ উঠে। আমি সেয়েহে প্ৰতিটো খোজতেই শিশুক প্ৰমূল্যৰ জ্ঞান প্ৰদান কৰা উচিত।
প্ৰৱন্ধটো পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। --- দুদুল সোণোৱাল।
******************************************
No comments:
Post a Comment
dudulsonowal32@gmail.com