Career Guidance And Counseling: জীৱিকাৰ নিৰ্দেশনা আৰু পৰামৰ্শ : সাম্প্ৰতিক সময়ত জীৱিকা অৰ্জনৰ নিৰ্দেশনা আৰু পৰামৰ্শ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই কেৰিয়াৰ সম্পৰ্কে সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
জীৱিকাৰ নিৰ্দেশনা আৰু পৰামৰ্শ : সাম্প্ৰতিক সময়ত জীৱিকা অৰ্জনৰ নিৰ্দেশনা আৰু পৰামৰ্শ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। বিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষাৰ পৰাই জীৱিকা সম্পৰ্কীয় আলোচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জীৱিকা অৰ্জনৰ সম্পৰ্কত সজাগ কৰাটো দৰকাৰ হৈ পৰিছে। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত একেবাৰে পিছপৰি আছে। ইয়াৰ প্ৰকৃত কাৰণ হ'ল কেৰিয়াৰ সম্পৰ্কে বুজিবলৈ বা জানিবলৈ ছাত্ৰ ছাত্ৰীসকল ইচ্ছুক নহয় । বিদ্যালয়ত এই বিষয়ে কোনো কৰ্মশালাৰ আয়োজন কৰা নহয়। অভিভাৱক বা পিতৃ মাতৃ সকলোও জীৱিকা অৰ্জনৰ বিষয়ত অজ্ঞ আৰু উদাসীন মনোভাৱ পোষণ কৰা দেখা যায়। যিটো নগৰৰ ছবিখনৰ বিপৰীত দৃশ্য বুলি কব পাৰি।
নৱম শ্ৰেণীত ভৰি দিয়া লগে লগে জীৱিকা বা কেৰিয়াৰ সম্পৰ্কে সজাগ হোৱা প্ৰয়োজন। ভৱিষ্যত কি হ'ব ? ভৱিষ্যত কিদৰে সজাই তুলিম? কি পেচা গ্ৰহণৰ লক্ষ্য বান্ধি ল'লে ভাল হ'ব ? নিৰ্দিষ্ট পেচাত বা লক্ষ্যত উপনীত হ'বৰ বাবে কি কি অৰ্হতা অৰ্জন কৰিব লাগিব ? ইত্যাদি বিষয়বোৰ নিজে স্পষ্ট হ'ব লাগিব।
বিদ্যালয়ৰ পৰ্যায়ত আনুষ্ঠানিক শিক্ষাৰ উপৰিও আমি বৃত্তিমূলক কিতাপ অধ্যয়ন কৰাটো অতিশয় প্ৰয়োজন। বিভিন্ন বাহিৰা কিতাপৰ জৰিয়তে বাহিৰৰ পৃথিৱীৰ সম্পৰ্কে ভূ পাব পাৰি। যিটো পাঠভিত্তিক কিতাপত পোৱা নাযায়। সেই বুলি পাঠভিত্তিক কিতাপৰ ওপৰত কম গুৰুত্ব দিবলৈ কোৱা নাই। নৱম শ্ৰেণীৰ পৰা পাঠসমূহ প্ৰতিটো বিষয় খৰচি মাৰি পঢ়িব লাগে। কিতাপত সন্নিবিষ্ট প্ৰতিটো প্ৰশ্নোত্তৰ মনত স্হায়ী ভাৱে ৰাখিব লাগে।
প্ৰথম কথা হ'ল তোমাৰ লক্ষ্য কি ? ইয়াক নিৰ্দিষ্ট কৰি লোৱাটো অতি প্ৰয়োজন । লক্ষ্য বান্ধি লোৱা পাছত - তুমি কিদৰে আগবাঢ়িব লাগিব ? কিমান অধ্যয়ন কৰিব লাগিব ? ইত্যাদি কথাবোৰৰ ক্ষেত্ৰত তুমি মন দিব লাগিব। তদুপৰি তোমাৰ নিৰ্বাচিত লক্ষ্যটো তুমি ভাল পাব লাগিব। এটা কথা মনত ৰাখিবা যে মনপুতহ: লক্ষ্য হ'লেহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পৰা যায়।
তুমি নিজকে গঢ় দিবলৈ কিছুক্ষেত্ৰত বহু সংযত হ'ব লাগিব, নিজৰ মনক বিবেকেৰে পৰিচালনা কৰাব লাগিব। গাওঁয়ে চহৰে অনুষ্ঠিত হোৱা অপ্ৰয়োজনীয় সাংস্কৃতিক সন্ধিয়া, দহা, বিয়া, সবাহ, বিভিন্ন উৎসৱ আদিৰ পৰা তুমি নিজকে পৰাপক্ষত নিলগাই ৰাখিব লাগিব। কাৰণ এনেবোৰ অনুষ্ঠান নোহোৱা হৈ নাযায়, ভৱিষ্যতেও এনেধৰণৰ উৎসৱ উপভোগ কৰিবলৈ পাবা। কিন্তু তোমাৰ এই পঢ়িবলগীয়া, লক্ষ্যত উপনীত হ'ব পৰা সময়টো আকৌ ঘূৰি নাহে।
জীৱনৰ লক্ষ্য কেনে হোৱা উচিত ?
জীৱনৰ লক্ষ্য কেনে হ'ব লাগে সেইটো নিৰ্ভৰ কৰে নিজৰ বিচাৰ বিবেচনাৰ ওপৰত। সাধাৰণতে যিকোনো লক্ষ্য বান্ধি লোৱাৰ আগতে সামৰ্থ্যতা বিষয়টোও মনত ৰখা প্ৰয়োজন। লক্ষ্যত উপনীত হ'বৰ বাবে অৰ্হতা, যোগ্যতা, টকা পইচা ,সময়, সুবিধা আদি উপাদান সমূহৰ প্ৰয়োজন হয়। এটা উদাহৰণৰ জৰিয়তে বুজা যাওক -- ধৰিলোৱা হ'ল ৰন্তূ নামৰ ল'ৰা এজনে ইঞ্জিনিয়াৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে। সি বিদ্যালয়ত অমনোযোগী । কোনো বাহিৰা জ্ঞান আয়ত্ত কৰাৰ মন নাই। যোৱাবছৰ শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত যেনতেন উত্তীৰ্ণ হৈছে। কিদৰে ইঞ্জিনিয়াৰত নামভৰ্তি কৰে নাজানে। গতিকে খুড়াকক কুটুৰি আছে। খুড়াকে ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আবেদন কৰি দিয়ালে ওচৰত থকা কাফেৰ জৰিয়তে। কিন্তু মূৰকত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ কাৰণে ৰন্তূৱে ইঞ্জিনিয়াৰিংত আসন নাপালে। ইমানতে তাৰ ইঞ্জিনিয়াৰিং হোৱা আশা নিৰ্বাপিত হ'ল।
এতিয়া ভাবা চোন ৰন্তুৱে ক'ত ক'ত ভুল কৰিলে বা কিয় লক্ষ্যত উপনীত হ'ব নোৱাৰিলে। ইয়াৰ কাৰণ কি কি হ'ব পাৰে ?
প্ৰথম কথা ৰন্তুৱে শিক্ষান্ত পৰীক্ষাত ভাল স্হান লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল। কাৰণ তেওঁ শ্ৰেণীত অমনোযোগী আছিল আৰু ভালদৰে পঢ়া শুনা কৰা নাছিল। দ্বিতীয়তে, নিৰ্দিষ্ট কৰা লক্ষ্যৰ সম্পৰ্কে কোনো জ্ঞান স্পষ্ট নহয়।
ৰন্তুৱে কেনেকৈ সাজু হোৱাৰ প্ৰয়োজন আছিল।
ৰন্তূৰ প্ৰথম কাম হ'ব - শ্ৰেণীৰ কিতাপবোৰ একাদিক্ৰমে মনোযোগেৰে পঢ়ি যোৱা। দ্বিতীয়তে ইঞ্জিনিয়াৰিং শিক্ষাৰ লগত সম্পৰ্ক থকা কিতাপ অধ্যয়ন কৰা। তৃতীয়তে ইংৰাজী আৰু বিজ্ঞান বিষয়ত বেছি গুৰুত্ব দিয়া। চতুৰ্থতে মোবাইল ফোন বা কম্পিউটাৰত ইঞ্জিনিয়াৰ ক'ত পঢ়িব লাগে, ইয়াৰ যোগ্যতাৰ মাপকাঠি কিমান , ইঞ্জিনিয়াৰ কাক বোলে আদিবোৰ বিচাৰি পঢ়ি জানি ল'ব লাগে। এই আটাইবোৰ দিশৰ ওপৰত ৰন্তুৱে ইঞ্জিনিয়াৰ হ'ব পাৰিব নে নোৱাৰে নিৰ্ভৰ কৰিব।
গতিকে জীৱনৰ লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজনীয় হ'ল অধ্যয়ন। ছাত্ৰ ছাত্ৰীয়ে সময়ৰ কাম সময়ত কৰি লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্য আগত ৰাখি পাঠ্যপুথিৰ জ্ঞান অৰ্জন কৰিব লাগিব। তাৰোপৰি বিভিন্ন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব প্ৰয়াস কৰিব লাগিব।
বিভিন্ন কেৰিয়াৰ শিক্ষাৰ পৰামৰ্শ
বিভিন্ন জীৱিকামূলক শিক্ষাৰ ভিতৰত - ইঞ্জিনিয়াৰ, ডাক্টৰ , বেংকৰ প্ৰৱন্ধক, আই পি এচ (IPS), ICS, IAS, JEE main, JEE advanced, IIT, NURSING, ANM, GNM, B.Sc. nursing,
CEE (civil engineering), NDA-air Engineer, pilot, air hostess, Computer programmer, computer developper, BCA.
ইঞ্জিনিয়াৰ (Engineer): ইঞ্জিনিয়াৰ পাঠ্যক্ৰম পঢ়িবলৈ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। প্ৰৱেশ পৰীক্ষা বছেৰেকত দুবাৰ অনুষ্ঠিত কৰা হয়। মাৰ্চ মাহৰ পৰা জুনৰ ভিতৰত প্ৰথমটো প্ৰৱেশ পৰীক্ষা হয় আৰু আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত কৰে। কনিষ্ঠ অভিযন্তা (Junior Engineer/ JEE) পাঠ্যক্ৰম পঢ়িবলৈ যোগ্যতা হ'ল বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আবেদন কৰিব লাগে। আজি কালি মোবাইল ফোনত ইয়াৰ সবিশেষ সহজে উপলব্ধ। আছাম পলিটেকনিক স্কুলত চিভিল ইঞ্জিনীয়াৰিং (PAT- Assam polytechnic Entrance Exam) পাঠ্যক্ৰম পঢ়িবলৈ হ'লে PAT ত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন কৰিব লাগে। মাৰ্চ মাহৰ পৰা জুনৰ ভিতৰত প্ৰথমটো প্ৰৱেশ পৰীক্ষা পাতে আৰু আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত কৰে। পলিটেকনিক অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বৃত্তিমূলক স্কুল। বাকীবোৰ তোমালোকে মোবাইল ফোনত বিচাৰি পঢ়িবলৈ চেষ্টা কৰিবাহঁক
উপসংহাৰ :
ছাত্ৰ ছাত্ৰীসকলে বিকল্প চিনাক্ত কৰিবলৈ, বিকল্পবোৰ অন্বেষণ কৰিবলৈ আৰু সমাজত সফল হ'বলৈ প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু অভিজ্ঞতা প্ৰাপ্ত কৰাত মনোনিৱেশ কৰিব লাগিব। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল কৰ্মস্থানৰ বাবে ভালদৰে নিজকে প্ৰস্তুত কৰিবলৈ হ'লে কিছু কষ্ট স্বীকাৰ কৰিব লাগিব , এয়া ধ্ৰুৱসত্য । শ্ৰমিক বজাৰৰ পৰিৱৰ্তন আৰু কৰ্মস্থানৰ জটিলতা শিকোৱা জ্ঞান, দক্ষতা আৰু সামৰ্থ্য বহল কৰা,
সিদ্ধান্ত লোৱাৰ দক্ষতা উন্নত কৰা, আত্মসন্মান আৰু অনুপ্ৰেৰণা বৃদ্ধি কৰা, পাৰস্পৰিক কাৰ্যকৰীতা নিৰ্মাণ কৰা, কেৰিয়াৰৰ সৰ্বাধিক সুযোগ গ্ৰহণ কৰা, আদিবোৰ বিদ্যালয়ৰ গণ্ডীৰত অনুষ্ঠিত কৰ্মশালাৰ পৰাও শিকিব পাৰি। কৌশলী জ্ঞান অৰ্জন কৰিবলৈ হ'লে শিক্ষকে দিয়া নিৰ্দেশনা আৰু পৰামৰ্শ অনুসৰণ কৰিব লাগিব।
লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। -- দুদুল সোণোৱাল।
ভাল লাগিল পঢ়ি.. লেখাটো সময়োপযোগী হৈছে।
ReplyDeleteসময়ৰ অভাৱত পূৰ্বৰ লেখাবোৰ পঢ়িব পৰা নাই।
অশেষ আন্তৰিক ধন্যবাদ জনালো।
Deleteখুব অৰ্থবহ আৰু সময়োপযোগী হৈছে। লিখনিটোৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰ যিসকল গাওঁ অঞ্চলত বসবাস কৰে তেওঁলোকৰ বাবে আৰু অলপ তথ্য সহকাৰে হোৱা হ'লে সোনত সুৱগা আৰু লাভান্বিত হলহেতেন ।
ReplyDeleteআপোনাৰ বহুমূলীয়া পৰামৰ্শৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। প্ৰৱন্ধটো আৰু বঢ়াবলৈ চেষ্টা কৰিম।
Deleteঅতি প্ৰাসংগিক লিখনি, আমাৰ ছাত্ৰ-ছাত্ৰীৰ যাৱতীয় তথ্য(information)ৰ অভাৱে সঠিক সময়ত উপযুক্ত সিদ্ধান্ত লোৱাত বাধা দিয়াৰ বাবে ভবা মতে আগ বাঢ়ি যাব নোৱাৰে। সেয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে বিদ্যালয় পৰ্যায়ত career counseling ৰ ব্যৱস্থা শিক্ষক সকলেই কৰিব পাৰে। তোমাৰ এই লিখনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে কিছু সমল লাভ কৰিব।
ReplyDeleteঅশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো চাৰ।
DeleteGood
ReplyDeleteThank you so much.
DeleteBor hudorprosestha, probondhotu studentor babe homoyupojugi hoise .
ReplyDeletevery nice
ReplyDeleteলেখনিটো পঢ়ি বৰ ভাল পালোঁ । ছাত্ৰ-ছাত্ৰীসকল লেখিটোৰ পৰা উপকৃত হ'ব ।
ReplyDeleteThank you so much.
Deleteলিখনিটো সময়োপযোগী আৰু সুন্দৰ হৈছে।
ReplyDelete