পুৰস্কাৰ কি ?
পুৰস্কাৰ হ'ল কোনো লোকে কৰা সৎকামৰ প্ৰতিদান ৰূপে আগবঢ়োৱা এক সন্মান। পুৰস্কাৰে পাওঁটাজনক উৎসাহিত কৰে আৰু ভাল কামত অগ্ৰসৰ হ'বৰ বাবে প্ৰেৰণা যোগাই। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সজ কামৰ বাবে, তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি পুৰস্কাৰ আগবঢ়োৱা হয়।
বিভিন্ন খেল ধেমালিত দেখুওৱা সন্তোষজনক ফলাফলৰ বাবে খেলুৱৈক পুৰস্কাৰ প্ৰদান কৰি সন্মান জনোৱা হয়। বিদ্যালয়ৰ গণ্ডীৰত অনুষ্ঠিত হোৱা খেল ধেমালিত অংশগ্ৰহণ কৰি স্হান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়।
ইতিহাস : পুৰণি কালৰ পৰাই শিক্ষা ব্যৱস্থাৰ লগত পুৰস্কাৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষানুষ্ঠান খনৰ অনুশাসন বজাই ৰাখিলে, ছাত্ৰই শিক্ষাগুৰুৰ অনুগত হ'লে, শিক্ষাৰ প্ৰতি স্পৃহা জগাই তোলিবৰ নিমিত্তে আদিৰ পৰাই পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে। তাহানিৰ গুৰুৰ টোলত পঢ়া শিষ্যকো তেওঁলোকৰ আচাৰ আচৰণৰ ওপৰত ভিত্তি কৰি পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
পুৰস্কাৰৰ উদ্দেশ্য : পুৰস্কাৰ ব্যৱস্থাৰ ঘাই উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ অভিপ্ৰেত আচৰণৰ বাবে উৎসাহিত কৰা আৰু আনকো সেই আচৰণ অনুকৰণ কৰিবলৈ উদগনি দিয়াটো। পৌৰাণিক শিক্ষা ব্যৱস্থাত শাস্তিক যিদৰে অনুশাসনৰ প্ৰধান আহিলা হিচাপে গণ্য কৰা হৈছিল ঠিক একেদৰে পুৰস্কাৰকো অধ্যয়নত উৎসাহিত কৰা মূল আহিলা হিচাপে গণ্য কৰিছিল। পুৰস্কাৰে শিক্ষা ব্যৱস্থা বা যিকোনো ক্ষেত্ৰত এক মহৌষধ হিচাপে কাম কৰে।
পুৰস্কাৰৰ শ্ৰেণীবিভাজন :
পুৰস্কাৰক সাধাৰণতে দুভাগত ভগাব পাৰি। -- ১/ মানসিক পুৰস্কাৰ (Mental Reward) আৰু ২/ বস্তুগত পুৰস্কাৰ (Material Reward) ।
মানসিক পুৰস্কাৰ হ'ল মানসিক আচৰণৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা পুৰস্কাৰ। অত্যধিক ভাল, সন্তোষজনক আৰু মানবীয় দৃষ্টিকোণৰ পৰা বিবেচনা কৰি ছাত্ৰ জনক বা লোকজনক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়, এয়ে হৈছে মানসিক পুৰস্কাৰ। প্ৰশংসা, গুণানুকীৰ্তন, সাফল্য স্বীকাৰ, সন্মান প্ৰদৰ্শন, অধিক নম্বৰ দান কৰা আদি হৈছে মানসিক পুৰস্কাৰ। কোনো ছাত্ৰই আদৰ্শনীয় কাম কৰিলে, পঢ়া-শুনা বা অন্য কোনো ক্ষেত্ৰত কৃতিত্ব দেখুওৱাবলৈ সক্ষম হ'লে শিক্ষকে সকলোৰে আগত পুৰস্কৃত কৰিব পাৰে, উৎসাহিত কৰিব পাৰে। এয়াই হৈছে মানসিক পুৰস্কাৰৰ উদাহৰণ।
বিভিন্ন খেল ধেমালি খেলোতে স্হান লাভ কৰিব সক্ষম হোৱা জনক কিতাপ, কলম, মেডেল, কাপ, খেলনা, বৃত্তি, অভিজ্ঞান পত্ৰ আদি দি সন্মান প্ৰদৰ্শন কৰা হয়। এনে ধৰণৰ সন্মানেই হৈছে বস্তুগত পুৰস্কাৰ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক সহ-বিদ্যায়তনিক দিশত প্ৰদৰ্শন কৰা ফলৰ বাবে এনে সন্মান প্ৰদৰ্শন কৰা হয়।
বিদ্যালয় বা আন অনুষ্ঠানত ইয়াৰ প্ৰয়োজনীয়তা
বিদ্যালয়ত পুৰস্কাৰৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ বিষয় । ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত শিক্ষক সকলে পুৰস্কৃত কৰা উচিত। তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব। বৰ্তমান সৰ্বশিক্ষাৰ আওতাত এনেধৰণৰ কিছুমান কাৰ্যৰ প্ৰতিফলিত হৈছে যদিও ই যথেষ্ট নহয়। উপস্থিতিৰ ভিত্তিত বাৰ্ষিক ভাৱে শিক্ষকৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা থাকিব লাগে। শ্ৰেণীত দেখুওৱা সক্ৰিয়তাৰ বাবে শিক্ষকে বিশেষ ভাৱে প্ৰাত:সভাত নিৰ্বাচিত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা দৰকাৰ। তেতিয়া ছাত্ৰজনে বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব।
পুৰস্কাৰৰ উপকাৰিতা
শিক্ষা বা আন ক্ষেত্ৰত সফলতা লাভ কৰাত পুৰস্কাৰৰ যথেষ্ট অৱদান আছে। পুৰস্কাৰ পালে পাওঁতাজনৰ মনত আনন্দ আৰু প্ৰশান্তি জাগে, তৃপ্তিৰে মন পৰিপূৰ্ণ হয়।যাৰ বাবে লোকজনে বা ছাত্ৰজনে পিছলৈ আৰু অধিক ভাল হ'বৰ বাবে উৎসাহ পায় আৰু পঢ়া-শুনাত অধিক মনোনিবেশ কৰিবলৈ মনত জোৰ পাই। তলত উপকাৰিতা সমূহ উল্লেখ কৰা হৈছে --
১/ পুৰস্কাৰে শিক্ষাৰ্থীসকলক বা বিজয়ী জনক মানসিক তৃপ্তি প্ৰদান কৰে।
২/ পুৰস্কাৰে শিক্ষাৰ ক্ষেত্ৰত উদ্দীপকৰূপে কাম কৰে।
৩/ পুৰস্কাৰ হ'ল শাস্তিৰ পৰা ৰেহাই পোৱাৰ এক সুগম পথ ।
৪/ পুৰস্কাৰৰ দ্বাৰা শিক্ষাদান কাৰ্য সহজ হয়।
৫/ পুৰস্কাৰে ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ জগাই তোলে যাৰবাবে ছাত্ৰ-ছাত্ৰীয়ে অধিক কষ্ট কৰি পঢ়িবলৈ উৎসাহ পায়।
৬/ পুৰস্কাৰে ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব বোধ আৰু আত্মবিশ্বাস জগাই তোলে।
তদুপৰি শিক্ষক আৰু ছাত্ৰৰ মাজত সৌহাদ্যপূৰ্ণ মনোভাৱৰ বৃদ্ধি কৰে, ছাত্ৰৰ কৰ্মস্পৃহা জগাই তোলাত অৰিহনা যোগাই।
পুৰস্কাৰৰ অপকাৰীতা :
পুৰস্কাৰৰ যিদৰে উপকাৰিতা আছে, ঠিক সেইদৰে অপকাৰীতাও আছে। পুৰস্কাৰ পোৱা ছাত্ৰ-ছাত্ৰী সকল সাধাৰণতে অহংকাৰৰ বলী হোৱাৰ সম্ভাৱনা থাকে। পুৰস্কাৰ পোৱাৰ পাছত পাওঁতা জনৰ বুকুখন ফুলি উঠে আৰু ইয়ে পাছলৈ 'মই বৰ' স্বভাৱৰ জন্ম দিব পাৰে। অপকাৰীতা সমূহ তলত উল্লেখ কৰা হৈছে --
১/ ছাত্ৰ-ছাত্ৰীৰ মনত পুৰস্কাৰে প্ৰলোভনৰ সৃষ্টি কৰিব পাৰে আৰু ছলনাৰ আশ্ৰয় লবলৈ উদ্গনি যোগায়।
২/ বস্তুগত পুৰস্কাৰ সীমিত সংখ্যক হোৱাৰ বাবে ই সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীক সন্তুষ্ট কৰিব নোৱাৰে।
৩/ পুৰস্কাৰে শিক্ষাৰ্থীৰ মনত অবাঞ্চিত প্ৰতিযোগিতাৰ মনোভাৱ জগাই তোলে। আন লোকৰ ক্ষেত্ৰতো একেই কথা এজন লেখকে ডাঙৰ বঁটা লাভ কৰিলে পাছত তেওঁৰ মনত অলপ হ'লেও অহংকাৰী মনোভাৱ জন্ম হোৱাটো খাটাং।
৪/ টকা-পইচা পুৰস্কাৰ হিচাপে প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীৰ মনত টকাৰ প্ৰতি লালসা আৰু আসক্তি বাঢ়ে।
সামৰণি
আধুনিক শিক্ষাবিদ আৰু চিন্তাবিদ সকলে পুৰস্কাৰৰ ওপৰত থকা কমাই আনিবলৈ পৰামৰ্শ আগবঢ়ায়ছে। তেওঁলোকে কৈছে যে পুৰস্কাৰক সহজলভ্য সামগ্ৰী কৰি তোলা উচিত নহয়। পুৰস্কাৰে যাতে কোনো লোককে অবাঞ্চিত কামৰ প্ৰতি আকৰ্ষিত নকৰে তাৰ বাবে আমি সাৱধান হোৱা প্ৰয়োজন আছে। যিকোনো প্ৰকাৰৰ পুৰস্কাৰ পৰিস্থিতি পৰ্যালোচনা কৰিহে দিব লাগে। বিশেষকৈ পুৰস্কাৰ দলীয় ভাৱে দিয়াটো ভাল। পুৰস্কাৰ হিচাপে টকা-পইচা দিয়া একেবাৰে অনুচিত কাৰ্য। পুৰস্কাৰে যাতে কাৰো মনত ঈৰ্ষাৰ মনোভাৱ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে সকলোৱে সজাগ আৰু সচেতন হ'ব লাগে। সেয়েহে পুৰস্কাৰ প্ৰদানৰ পিছত পুৰস্কাৰ পোৱা আৰু নোপোৱা সকলক পুৰস্কাৰ যে সৰ্বেসৰ্বা নহয়, পুৰস্কাৰ কিয় প্ৰদান কৰা হৈছে, নোপোৱা সকলে মনত বেয়া ভাৱ পোষন কৰা উচিত নহয় আদি কথাবোৰ ভালদৰে বুজাই শিক্ষকে ক'ব লাগে।
প্ৰৱন্ধটো পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।- দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com