Sunday, September 5, 2021

শিক্ষক দিৱস উপলক্ষে এধাৰি কবিতাৰ মালা ।

এধাৰি কবিতাৰ মালা :


* শিক্ষাগুৰু 

* জোন হৈ জ্বলি ৰবি তই

* আকৌ বাজিবনে কানাইৰ সুৰীয়া মুৰুলী

* সময় 

* ভূ-লুণ্ঠিত মানৱতা

* সম্ভাষণ



শিক্ষগুৰু 


কতজনৰ জ্ঞানৰ ভঁৰাল চহকী কৰা
হে মোৰ মহান গুৰু
তোমাক শত কোটি নমস্কাৰ !

অকৃত্ৰিম ত্যাগেৰে মহীয়ান তুমি 
প্ৰজ্ঞাৰ বন্তি জ্বলাই জ্ঞানৰ আলোকেৰে পথ দেখুওৱা
আলোলিকত কৰা শতজনৰ তমাসিত জীৱন
অতি সহিষ্ণুতাৰে ধৈৰ্যৰ মালাগাঁথা শতজনৰ
হে মোৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু
তোমাক শত কোটি নমস্কাৰ !

দয়া মমতা মূল্যবোধৰ জ্ঞান তুমিয়েই দিয়া
তুমিয়েই দ্ৰোণাচাৰ্য অতি কঠিনতাকো নেওচি
গঢ় দিয়া শ্ৰেষ্ঠ একলব্য
তুমি সৃষ্টিৰ খনিকৰ শিক্ষাৰ শানত
শব্দৰ হাতুৰীৰে গঢ় দিয়া বহু সম্ভাৱনাময় ভৱিষ্যত 
সহস্ৰ প্ৰতিকুলতা অতিক্ৰমি
হে মোৰ মহান গুৰু
তোমাক শত কোটি প্ৰণাম !
তোমাক শত কোটি প্ৰণাম !



০৫/০৯/২০২১
১.৫০ , আবেলি।
D S.



জোন হৈ জ্বলি ৰবি তই



জোন হৈ জ্বলি ৰবি মোৰ মনাকাশত 
মই উপভোগ কৰিম জোনৰ জোনালী
জোনাকী পৰুৱা এটি হৈ
আপোন মনে উৰি ফুৰিম চৌপাশ
স্নেনেহৰ ৰাগিৰে আকোঁৱালি লম তোক 

জোন হৈ জ্বলিলে তই
মোৰ বুকুত প্ৰাণ পাই উঠিব 
আশাৰ বৰলুইত 
ব্যথিত বেদনাবোৰ বৰতা বিৰিণা হৈ উটি যাব
নিলগৰ দূৰ দিগন্তৰ সিপাৰে ....
চৰাইবোৰে কলৰৱ তুলিব 
চিনাকি সুহুৰি এটা হৈ আলফুলে
সুৰ তুলিব - জীৱনৰ,জীয়াই থকাৰ অমল আশ্বাস !


জোন হৈ জ্বলি ৰবি তই 
মোৰ লোতকেৰে আবৃত কঠিন শেতেলিত
শুভ্ৰ জোনাকৰ সমুদ্ৰত মেলি দিম মই
প্ৰাত্যাশাৰ শুকুলা পালতৰা নাওঁ
আমি উঁটি যাম অজান মায়াময় দেশলৈ 
মোৰ বিবৰ্ণ দুহাতেৰে তোৰ
তুলাকোমল দুহাতত খামোচি... !!!

---- দুদুল সোণোৱাল।
ৰচনা কাল : ৫.২২ ,আবেলি।
     দিনাঙ্ক : ২/৯/২০২১



আকৌ বাজিবনে কানাইৰ সুৰীয়া মুৰুলী 


কি সুৰে মুহিলা কানাই উন্মনা ৰাধা 
বুকুৰে সৌৰভ সৰে বেদনাৰ খৰিকাঁজাই
দিনতো দেখে কলপতীয়া সপোন
বৃন্দাবনত পাৰিজাত ছিঙে
মৰম আকলুৱা ৰাধাৰ চকুলো সৰে 
স্মৃতিৰ মালাধাৰি চাই চাই 
চকুলো শুকাই ...!

আকৌ কঁহুৱা ফুলিব নে (?) 
শৰতৰ স্নিগ্ধ নিশা 
নিয়ৰৰ মুকুতা সৰি ৰজনীবিদাৰি
বাজি উঠিবনে কদমৰ তলত আশাৰ মুৰুলী 
কি সুৰে মুহিলা কানাই উন্মনা ৰাধা 
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বেদনা ।

লেথাৰি নিছিগা গাণেৰেও আজি
ব্যাকুলিত নকৰে
শত সহস্ৰ ৰাধাৰ অবুজ বাসনা
বাসন্তী বেলাতো সহ্যাতীত লাঞ্চনা
প্ৰেমৰ নামতো বন্ধ হয় সম্ভাৱনাময় কপাট
নন্দ যশোদাৰ শেৱালীৰ পাতত বেদনাৰ বন্যা
আকৌ বাজিবনে কানাইৰ সুৰীয়া মুৰুলী
ফুলিব নে কঁহুৱা দহোদিশ জোনাক কৰি ..!


ৰচনা : ৩/৯/২০২১
সময় : ১০.১২ নিশা।
------ দুদুল সোণোৱাল।



সময়


এতিয়া প্ৰতিটো শব্দই কঢ়িয়াই আনে
মৃত্যুৰ খবৰ ।
সময়ৰ ফুলৰ পাহিত তেজৰ ৰেণু 
জালিকঁটা বেৰৰ ফাঁকেৰে সৰকি আহে
জীৱনৰ ৰং
এই যে ক্ষণস্থায়ী জীৱনৰ কোঁহে কোঁহে
বৈ থকা তপত তেজ এসোপা গোট মাৰিলে
কি হ'ব জীৱনৰ ?
আই পিতাইৰ কোলাৰ উমেৰেও 
চেতন নাহিব সজীৱ নহ'ব স্নায়ু তন্ত্ৰ 

আইৰ গৰ্ভতে দিয়া হৈছিল নেকি ( ?)
নিষ্ঠুৰতাৰ চানেকি কিম্বা
ভগ্নীৰ সতীত্ব হৰণৰ আখৰা !
মৰমবোৰ শেষ হৈ আহিছে ক্ৰমশঃ
ফেঁচাৰ নিউ নিউ শব্দৰ শিখৰত
নন্দিতাৰ বেদনাবোৰ জিলিকি উঠে
বুকুখন উঁকা কৰি ..!


---- দুদুল সোণোৱাল।
ৰচনা কাল : ৭.৪৯ পুৱা।
দিনাঙ্ক। : ২/৯/২০২১




ভূ-লুণ্ঠিত মানৱতা 


শেষ হ'ল সকলো আশা নিমিষতে 
শেষ হ'ল মায়া মমতা বিশ্বাস জীৱনৰ
শেষ হ'বৰ বাবেই হয়তো এই সুন্দৰ আৰম্ভণি ! 

ভগ্নীৰ জ্বলি থকা বন্তি গছি নুমাই গ'ল
পিতৃ-মাতৃৰ আশাবোৰ নিৰ্বাপিত হ'ল
থানবান হ'ল সেউজীয়া সপোন 
ড্ৰাগছৰ নে আশ্বিকৰ নিৰ্মম হাতোৰাত
চিতাখনত দপদপাই জ্বলি উঠিল
ডিম্পলৰ সহস্ৰ সপোনৰ কায়া
ভূ-লুণ্ঠিত মানৱতা ..!

কি দোষ আছিল তাই
অকালতে হেৰাই গ'ল সময়ৰ চাকনৈয়াত
জিঘাংসাৰ বলি হৈ বিলীন হ'ল নিলীমাৰ বুকুত 

এইদৰে কিমানজনী ভগ্নীয়ে প্ৰাণ হেৰুৱাব !

কিয় মানুহবোৰ ইমান নৃশংস 
কিয় মানুহবোৰ ইমান হিংসুক

একবিংশ শতিকাত এয়া কিহৰ অগনি
আই বোপাইৰ বুকু উদং কৰা - নৰপিশাচ !
অৰ্থলিস্পা, ঈৰ্ষান্বিত, নিৰ্দয় ড্ৰাগছৰ প্ৰৱল ধুমুহা
তচনচ ভ্ৰাতৃত্ব, কুমাৰীত্ব নতুবা
এচমকা পোহৰৰ সতীত্ব 
কিন্তু কিহৰ বাবে তোৰ ইমান অতপালি ?


হেৰ' কালপ্ৰীত 
তোৰ আপোন নদীখনত আৰু বিহ নাঢালিবি
হেৰাই যাব তোৰ-মোৰ স্বপ্ন কালৰ বুকুত 
হেৰাই যাব নিখিল সভ্যতা বৰবিহৰ পয়োভৰত
জীৱন উঁকা কৰি .. !


--- দুদুল সোণোৱাল।
       ০৪/০৯/২১



       সম্ভাষণ


এটা প্ৰত্যাশাৰ নৱ প্ৰভাত সাৰ পাই উঠিল
মোৰ ধূলিয়ৰি বুকুৰ ঘন- ঘোৰ ৰজনী ভেদি
আপোন মনে সোমাই আহিল এজাক
ৰৌদ্ৰজ্জ্বল মায়াময় জোনাক ।

যুগৰ কৌটিকলীয়া এলান্ধু মচি জোনাক অহা বাটটোত মই দূৰ্বিসহ আত্মাটো লৈ
অপেক্ষা কৰিছিলোঁ সমৃদ্ধিময় দিন এটাৰ
য'ত নাথাকিব ধেমাজি নাথাকিব ত্ৰিশ অক্টোবৰৰ ডাৱৰ নীল-অভিৰ পুঞ্জীভূত বেদনা ।

য'ত নাথাকিব দিছপুৰৰ দিনলিপি
নতুবা ৰাজনীতিৰ পঙ্কিলতা অসহিষ্ণুতা
অচিন মানুহৰ মৰনকাতৰ আৰ্তনাদ ।

মানুহ হোৱাৰ সপোনটো জোনাক হৈ নামি আহিছে
আগফালৰ ধূলিয়ৰি চোতালত জোনাকৰ ঢল
মই কামিজটো পিন্ধি ললো মোৰ বিৱৰ্ণ দুহাত
ওপৰলৈ দাঙি জোঁকাৰিলো আৰু 
খুলি দিলো সম্ভাৱনাৰ কপাট
জোনাকবোৰ মোৰ সম্ভাষণত সন্তুষ্ট হৈ
নিৰলে বাট কাটি প্ৰৱেশ কৰিল ২০২১নাম লৈ....।।

         






কবিতা কেইটা পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ-- দুদুল সোণোৱাল।











++++++++++++++++++++++++++++++++




 















No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts