Saturday, May 1, 2021

শ্ৰমিক দিৱস আৰু কিছু প্ৰাসঙ্গিক চিন্তা

শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু ইতিহাস:

**
   মে'দিৱস বা শ্ৰমিক দিৱস পৃথিৱীৰ বিভিন্ন দেশত পালন কৰা হয়। এই দিনটোত চৰকাৰী ছুটিৰ দিন হিচাপে পৰিগণিত।ভাৰততো এই দিৱস উদযাপন কৰি শ্ৰমিকসকলৰ প্ৰতি আনুগত্যতা প্ৰদৰ্শন কৰা হয়। প্ৰকৃততে শ্ৰমিক দিৱসনো কিয় পালন কৰা হয়, ইয়াৰ তাৎপৰ্য কি (?) নিশ্চয় সৰহ সংখ্যক লোকেই এই সম্পৰ্কত অজ্ঞ। গতিকে আহকচোন সংক্ষিপ্ত ৰূপত এই বিষয়ে জানিবলৈ প্ৰয়াস কৰোঁ।

  আজিৰ পৰা প্ৰায় ৩০--৩৫ বছৰৰ পূৰ্বে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিবলগীয়া হৈছিল। প্ৰতিদিনৰ হিচাপত গড়ে প্ৰায় দহৰ পৰা বাৰ ঘণ্টা সময় কাম কৰিবলগীয়া হৈছিল আৰু সপ্তাহৰ ছয় দিন কাম কৰাটো বাধ্যতামূলক হিচাপে বিবেচিত কৰা হৈছিল। আনহাতে কামৰ বিনিময়ত শ্ৰমিকসকলক পাৰিশ্ৰমিক বা মজুৰি একেবাৰে নগন্য পৰিমাণত প্ৰদান কৰা হৈছিল। যাৰ বাবে শ্ৰমিকসকল অতি হৃদয়বিদাৰক আৰু অমানৱীয় জীৱন-যাপন কৰিবলগীয়া হৈছিল। আনকি ঠায়ে ঠায়ে শ্ৰমিকসকলক দাসী হিচাপে গণ্য কৰা হৈছিল। এই নিৰ্যাতনৰ পৰা শ্ৰমিকসকলে কিদৰে উলাই আহিব পৰা যায় আৰু দাসত্বৰ শিকলি কিদৰে চিঙিব পৰা যায় সেই সম্পৰ্কে কিছু ক্ষেত্ৰত আগবঢ়া শ্ৰমিকৰ প্ৰচেষ্টাত পৰিকল্পনা কৰা হৈছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত এদল সচেতন শ্ৰমিকে দৈনিক কামৰ সময় আঠ ঘণ্টা নিৰ্দিষ্ট কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে। এই দাবী কাৰ্যকৰী কৰিবৰ বাবে ১৮৮৬ চনৰ ১ মে' তাৰিখটো সময়সীমা হিচাপে ধাৰ্য কৰি দিয়া হৈছিল। কিন্তু উদ্যোগৰ মালিক পক্ষই এই দাবী নসাৎ কৰিছিল। ১৮৮৬ চনৰ ৪ মে' তাৰিখে সন্ধিয়া সময়ত চিকাগো চহৰৰ হে-মাৰ্কেট নামৰ এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যেৰে গোট খাইছিল। তেতিয়া 'আগষ্ট স্পীজ' নামৰ এজন সচেতন শ্ৰমিক নেতাই উপস্থিত শ্ৰমিকসকলৰ প্ৰতি ভাষন প্ৰদান কৰিছিল। সেই সময়তে কিছু দূৰৈত থকা আৰক্ষীৰ ওচৰত হঠাতে এটা বোমা বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণৰ ফলত এজন আৰক্ষী নিহত হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰিছিল যাৰফলত ১১ জন শ্ৰমিক থিতাতে মৃত্যু হয়। তদুপৰি বিস্ফোৰণৰ লগত জড়িত কৰি আগষ্ট স্পীজ'সহ আন আঠজনক অভিযুক্ত কৰি কাৰাদণ্ড বিহিছিল। ১৮৮৭ চনৰ ১১ নৱেম্বৰত ইয়াৰ ছয়জনক মুকলি স্থানত ফাঁচি দিয়া হৈছিল। পৰবৰ্তী সময়ত ১৮৯৩ চনৰ ১১ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনক নিৰ্দোষী বুলি ৰায় দিছিল। ইয়াৰ লগতে হত্যালীলাৰ হুকুম দিয়া পুলিচ বিষয়াজনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।  এই ঘটনাৰ পিছত চৰকাৰে শ্ৰমিকসকলৰ "আঠ ঘণ্টা কাম কৰাৰ" যি দাবী তাক স্বীকৃতি প্ৰদান কৰিছিল। সেই তেতিয়াৰ পৰাই ১ মে' দিনটোক শ্ৰমিক দিৱস হিচাপে প্ৰতিষ্ঠা লাভ কৰে আৰু সমগ্ৰ বিশ্বতে শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।

**

শ্ৰমিকৰ প্ৰতি ব্যৱহাৰ


  ' শ্ৰমিক দিৱস'ৰ দৰে দিৱস উদযাপন কৰি শ্ৰমিকসকলক প্ৰকৃততে শ্ৰদ্ধা জনোৱা হয় নে ? বৰ্তমান সময়ত ই এটা লাখ টকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে। দেখা যায় যে চৰকাৰী চাকৰিয়াল বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰা ব্যক্তি সকলৰ বাদে দিন হাজিৰা কৰা শ্ৰমিকসকলে এই শ্ৰমিক দিৱসৰ সম্পৰ্কে মুঠেও জ্ঞাত নহয়। তদুপৰি এইসকল শ্ৰমিকৰ শ্ৰমিক দিৱস পালন কৰিবলৈও সময় নাই। কাৰণ শ্ৰম নকৰিলে পেট নভৰিব। প্ৰকৃততে এনেধৰণৰ শ্ৰমিক বিলাকৰ কাৰণেহে শ্ৰমিক দিৱস হ'ব লাগিছিল। কিন্তু ইয়াৰ বিপৰীত প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈ আহিছে। 
   শ্ৰমিক দিৱসৰ দিনাও দেখা যায় বহু শ্ৰমিকক মালিকে কামত গাধ খাটন দিবলৈ বাধ্য কৰাইছে। আনকি শ্ৰমিকজনৰ শ্ৰমৰ প্ৰতিও মৰ্যদা দিয়া দেখা নাযায় , অনুকম্পা জাগি উঠা দূৰৰ কথা। 


বৰ্তমান শ্ৰমিক দিৱসৰ প্ৰাসঙ্গিকতা

   
    শ্ৰম মানেই হ'ল শাৰীৰিক ভাৱে কষ্ট কৰা। শাৰীৰিক ভাৱে কষ্ট কৰি যি মানুহে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে সেয়াই হ'ল শ্ৰমিক। শ্ৰমিক সকল এখন সমাজৰ লগতে দেশৰ অতি প্ৰয়োজনীয় অংশ। শ্ৰমিকৰ শ্ৰমৰ ফলত বিভিন্ন কাৰখানাত বা ব্যক্তিৰ ঘৰৰ বাহিৰে ভিতৰে সৌন্দৰ্য বৃদ্ধি পায়, উৎপাদন বৃদ্ধি পায়। যদি শ্ৰমিক নাথাকিল হেঁতেন নিজৰ ঘৰৰ উন্নয়নত নিশ্চয় বাধা আৰোপ হ'লহেঁতেন , চুবুৰীৰ উন্নয়নত বা ৰাজ্যৰ উন্নয়নত বা দেশৰ উন্নয়নত বাধা আহিলহেঁতেন এয়া ধ্ৰুৱসত্য। অৰ্থাৎ এখন দেশেই হওঁক বা ৰাজ্যই হওঁক শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ ফলতহে অৰ্থনৈতিক ভাৱে  আগুৱাই যাব পাৰে। এই ক্ষেত্ৰত শ্ৰমিকৰ অৱদান অপৰিসীম। গতিকে এই শ্ৰমৰ প্ৰতি আমি সকলোৱে মৰ্যদা প্ৰদান কৰা উচিত। সেই দৃষ্টিকোণেৰে ভাবিলে বৰ্তমান সময়ত শ্ৰমিক দিৱসৰ প্ৰাসঙ্গিকতা নুই কৰিব নোৱাৰি। আমি নিজৰেই এটা অংশ শ্ৰমিক নামৰ মানুহবিলাকৰ প্ৰতি সেয়েহে সদয় হোৱা উচিত আৰু তেওঁলোকৰ শ্ৰমৰ প্ৰতি মৰ্যদা দিয়া মানসেৰে অন্তত ১ মে' দিনটোত কামৰ পৰা ৰেহাই দিয়া উচিত। যদি কোনো দিন হাজিৰা কৰা লোক সেই দিনত কাম কৰিবলৈ যায় তেন্তে মালিকে শ্ৰমিক জনক কাম নকৰাকৈ হ'লেও মানৱীয়তাৰ দৃষ্টি দি এদিনৰ মঁজুৰি দিয়া উচিত। তেতিয়াহে আমি প্ৰকৃততে শ্ৰমিকৰ প্ৰতি সু ব্যৱহাৰ আৰু শ্ৰমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ'ব বুলি ভাবোঁ। নহ'লে শ্ৰমিক দিৱসৰ প্ৰাসঙ্গিকতা এক প্ৰহসনমূলক হিচাপে পৰিগণিত হ'ব।

**

সামৰণি


কেৱল শ্ৰমিক দিৱসৰ দিনা  শ্ৰমিকৰ প্ৰতি গুৰুত্ব দিলে নহ'ব, দৈনন্দিন জীৱনৰ প্ৰতিটো মূহুৰ্ততে আমি শ্ৰমিকৰ প্ৰতি মানৱীয় দৃষ্টিভংগী নিক্ষেপ কৰিব লাগে। শ্ৰমিক বুলি অৱহেলা আৰু অৱজ্ঞা কৰা অনুচিত। দেশখনৰ নিৰ্মাণত শ্ৰমিকৰ প্ৰভূত পৰিমাণৰ অৰিহণা আছে।  সেয়েহে দেশৰ মূল্যৱান অংশ হ'ল শ্ৰমিক।
                  -------------++++-----------

শ্ৰমিক দিৱসৰ দিনা সকলো শ্ৰমিক বন্ধুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।






**কিছু ফটো ফেচবুকৰ পৰা লোৱা হৈছে।


+++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts