Friday, May 14, 2021

জীৱনত সফল হোৱাৰ টিপছ।

সফল জীৱনৰ পথ

     জীৱনত সফল হ'বলৈ হ'লে আমি নিজকে বহু ক্ষেত্ৰত সলনি কৰি প্ৰতিজ্ঞাবদ্ধ হ'ব লগা হয়। সাধাৰণতে সফল হোৱাৰ চাবিপাত নিজৰ হাততে থাকে, কেৱল কিদৰে সফলতাৰ বাকচটো খুলিব পৰা যায় তাক জানিবলৈ প্ৰয়াস কৰিব লাগে। ঠিক আছে কি ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিয়া প্ৰয়োজন তলত আলোচনা কৰোঁ আহকচোন ।

১/ সোণৰ মোহৰ বিচাৰি ফুৰাটো বন্ধ কৰক।

সোণৰ মোহৰ অৰ্জন কৰিবলৈ আপুনি অত্যন্ত পৰিশ্ৰম কৰিব লাগিব আৰু দিন,মাহ, বছৰ ধৰি প্ৰতিদিনে কামটো নিয়াৰিকৈ কৰিবলৈ অব্যাহত ৰাখিব লাগিব। নেৰানেপেৰা কঠোৰ প্ৰচেষ্টাই আপোনাৰ জীৱনত সফলতা কঢ়িয়াই আনিব পাৰে।
    মুখপত্ৰ (Facebook) বা আন চ'চিয়েল মিডিয়াত সন্নিবিষ্ট বিজ্ঞাপন চাই চাই আপুনি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। আনহাতে কোনো এটা কোম্পানীতে এনে কোনো যাদুকৰী মন্ত্ৰ নাই যে আপুনি নিমিষতে ধনী হ'ব পৰাকৈ ধন ঘটিব পাৰিব। মানুহে আপোনাক যিমানেই নকওঁক কিয় আপুনি সফলতাৰ গোপন উত্তৰৰ বাবে আন কৰবাত যোৱাৰ প্ৰয়োজন নাই। সফলতাৰ চাবিকাঠি প্ৰকৃততে আপোনাৰ নিজৰ লগতে আছে। সময়ৰ মূল্য বুজক আৰু সময়ৰ সৎ ব্যৱহাৰ কৰক । ফেচবুক, ইউটিউবত মিছাতে সময় নষ্ট নকৰিব । আপুনি যি জানে সেয়াই আপোনাৰ জীৱনত আগবঢ়াৰ সম্বল। আপুনি লিখিব জানে তেন্তে ব্লগত লিখক। আপুনি কম্পিউটাৰ চলাব জানে তেন্তে ডাটাইণ্ট্ৰি কাম আৰম্ভ কৰক। আপুনি খৰকৈ টাইপ কৰিব জানে তেন্তে  Captcha লিখনৰ কাম আৰম্ভ কৰক। এই পৰ্টেলসমূহৰ জৰিয়তে আজি বহুলোকে হাজাৰ হাজাৰ টকা আয় কৰিব সক্ষম হৈছে। আপুনি নোৱাৰাৰ কোনো কাৰণ নাই। কেৱল ধৈৰ্য্য আৰু অধ্যৱসায় গুণৰ আৱশ্যক ।'ভুকুতে কল নপকে' চিন্তা কৰক আৰু আগবাঢ়ক।
      আপুনি নিশ্চয় বিভিন্ন খেতিৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰে। আনকি বিভিন্ন জীৱ জন্তু পোহপাল দিয়ো উপাৰ্জন কৰিব পাৰে। কিন্তু এইবোৰ পথ প্ৰশস্ত নহয়, ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব বৃহৎ পৰিমাণৰ মূলধন। যদি আপোনাৰ মূলধনেই নাই, আপুনি কেনেকৈ এনে কামত নামিব ? ই মুঠেও সম্ভৱ হ'ব নোৱাৰে। সেয়ে বৰ্তমান সময়ত অনলাইনৰ ব্যৱসায় এক লাভজনক আৰু জনপ্ৰিয় ব্যৱসায় হিচাপে পৰিগণিত হৈছে।
      কিছুমান মানুহ আছে যিয়ে ৰাতিটোৰ ভিতৰতে সফল হ'ব বিচাৰে। ই সম্ভৱ হ'ব নে ? জীৱনত এইটো সঁচা হ'বলৈ হ'লে দুই নম্বৰী ধাণ্ডা কৰিব লাগিব। আনক ঠগিব লাগিব।ডকাইতিৰ দৰে বেয়া কামবোৰ কৰিব লাগিব । কিন্তু মানুহ হিচাপে আমি তেনেধৰণৰ বেয়া কামবোৰ কৰি টকা উপাৰ্জন কৰা সমুলি উচিত নহয়। এইয়া সমাজৰ পৰিপন্থী, মূল্যবোধৰ পৰিপন্থী। গতিকে ভাল কামৰ বাবে ব্লগত Article লিখক । আনকি মোৰ নামত থকা ব্লগতো আপুনি লেখা পঠিয়াব পাৰে। ইয়াৰ বাবে মই আপোনাক পাৰিশ্ৰামিক দিবলৈ ৰাজি। কিন্তু ইয়াৰ নীতি নিয়ম মোৰ পৰা আপুনি বিচাৰিব লাগিব।
 

২/  উন্নত লক্ষ্য সৃষ্টি কৰাৰ আৰম্ভ কৰক ,যেনে ' মোৰ লক্ষ্য কোটি টকা উপাৰ্জন কৰা।' 


    কাম এটা কৰি লক্ষ্যত উপনীত হোৱাটো বৰ সহজ নহয়। ইয়াৰ বাবে আপুনি কিছুমান গুণৰ অধিকাৰী হ'ব চেষ্টা কৰিব লাগিব। ধৈৰ্য্য , একাগ্ৰতা, অধ্যৱসায়, অহোপুৰুষাৰ্থ প্ৰয়াস, প্ৰত্যুৎপন্নমতিতা , প্ৰৱল ইচ্ছা আদি গুণসমূহ আপুনি আয়ত্ত কৰিব যত্ন কৰিব লাগিব। এতিয়া নিশ্চয় আপুনি আচৰিত হৈছে যে আপুনি এতিয়াও এইটো কাম কিয় কৰিব পৰা নাই ? নোৱাৰাৰ বহু কাৰণ থাকিব পাৰে সেইবোৰ সাধ্য অনুসৰি সুক্ষ্মভাৱে ফঁহিয়াই চাওঁক আৰু মহৎ ব্যক্তি এজনৰ সাৰুৱা কথাবোৰ স্মৰণ কৰক ইয়ে আপোনাৰ জীৱনত আগবঢ়াত অনুপ্ৰেৰণা যোগাব। আমাৰ দৰে ব্যক্তি বিলাকে এনে প্ৰয়োজনীয় গুণসমূহ সময়ত আয়ত্ত্ব কৰিব নোৱাৰাৰ বাবে আজিও সফলতা অৰ্জন কৰিব সক্ষম হোৱা নাই।

     আপোনাৰ জীৱনৰ ডাঙৰ উদ্দেশ্য কি ? 

     আপোনাৰ জীৱনত উদ্দেশ্য কেইবাটাও থাকিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্যটোৰ প্ৰতি আপুনি ভাৱক আৰু আপুনি বেছিকৈ গুৰুত্ব দিয়ক। অৰ্থাৎ আপোনাৰ উদ্দেশ্য বিলাকক দুটা ভাগত ভাগ কৰক-- মূখ্য আৰু গৌণ। মূখ্য উদ্দেশ্যত উপনীত হ'বৰ বাবে পৰিকল্পনা কৰক, ইয়াৰ বাবে প্ৰয়োজনীয় সামৰ্থ্যতা অৰ্জন কৰক, কৌশল সৃজন কৰক, প্ৰয়োগ কৰিবলৈ ততপৰ হওঁক। সঠিকভাৱে আপোনাৰ গতি হৈ থাকিলে আপুনি আপোনাৰ উদ্দেশ্যত উপনীত হোৱাটো প্ৰায় নিশ্চিত।
    ধৰক আপুনি সেনাবাহিনীত নিযুক্তি হ'ব ইচ্ছা কৰিছে। আপোনাৰ মুখ্য কাম হ'ব সেনাবাহিনীত মকৰল হ'বৰ বাবে প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰা।যেনে দৌৰা , ব্যয়াম কৰা, জপিওৱা,.. আদি আনুষঙ্গিক কামবোৰ সুচাৰুৰূপে অনুশীলন কৰি পাৰ্গত হোৱাৰ কচৰৎ কৰিব লাগিব। তদুপৰি শৰীৰৰ উপযুক্ততা বৃদ্ধি কৰিব লাগিব।খেলা-ধূলাত নিজকে আগবঢ়াই নিবলৈ মানসিক আৰু শাৰীৰিক ভাৱে প্ৰস্তুত হ'ব লাগিব। তেতিয়াহে আপোনাৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো বাস্তৱ হ'ব। নহ'লে এইক্ষেত্ৰত বিফল হোৱাটোৱে স্বাভাৱিক।
        আমাৰ মাজৰে হয়তো বহুতে ভাবে আৰু কয়, ' মই ভৱিষ্যতে অভিযন্তা হম,মই ভৱিষ্যতে চিকিৎসক হ'ম' আদি কিন্তু মূৰকত সেই আশা বাস্তৱত পৰিণত হয় নে ? লক্ষ্য বাস্তৱত কাৰ্যকৰী নোহোৱাৰ মূল কাৰণ হৈছে-- লক্ষ্যৰ সৈতে জড়িত কামবোৰ সময়ত সমাপ্ত নকৰা। এতিয়া যদি ইঞ্জিনিয়াৰ হ'ব লাগে তেন্তে নিশ্চয় অধিক পঢ়িব লাগিব। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 'গাইডবুক' পঢ়ি সাজু হ'ব লাগিব। তেতিয়াহে ইঞ্জিনিয়াৰিং পঢ়ি অটাই এজন সঁচা অৰ্থত ইঞ্জিনিয়াৰ হ'ব পৰা যায়।
        যিকোনো কামত সফলতা লাভ কৰিবলৈ হ'লে নিজৰ মানসিকতাক সলনি কৰি বিষয়টোৰ সৈতে মনক অভিযোজন কৰাব পাৰিব লাগিব।

৩/  বৈধতা বিচৰা বন্ধ কৰক আৰু নিয়মীয়া হওঁক।

    কোনো কাৰণতে জীৱনত বৈধতা অবৈধতা আদি বিচাৰি থাকি সময় নষ্ট নকৰিব। আপুনি সঠিক পথত আছে নে নাই তাৰ বৈধতা বিচাৰ কৰি আনৰ লগত ৰিজনি দিলে আপোনাৰ লক্ষ্যত আগবঢ়াত বাধা আৰোপিত হ'ব।
    কোন ভাল,কোন বেয়া আদি পৰচৰ্চা পৰনিন্দাবোৰে মানুহক তললৈ নিয়ে সেয়ে এইবোৰ পৰিত্যাগ কৰাৰ প্ৰয়োজন। এনেধৰণৰ নেতিবাচক মনোভাৱে লক্ষ্যত উপনীত হোৱাত বাধা আৰোপ কৰে।
    জীৱনটো আপোনাৰ ইচ্ছানুসৰি আগুৱাই নিবলৈ প্ৰয়াস কৰক। নিজকে সুধক, " মই বিচৰা জীৱনটো লৈয়ে মই জীয়াই আছোঁ নে ?" 
যদি আপোনাৰ উত্তৰটো হয়সূচক, তেন্তে আপুনি সঠিক আৰু শুদ্ধ পথত আছে। যদি উত্তৰটো নঞৰ্থক হয় , তেন্তে আপুনি নিজকে কিছু ক্ষেত্ৰত কিছু পৰিবৰ্তন কৰিব লাগিব। যাতে  আপোনাৰ চৌপাশৰ পৰিৱেষ্টিত লোকসকলক আপোনাৰ নৱতম চিন্তাধাৰাই কঁপাই তুলিবলৈ সক্ষম হয়। মানুহে সদায় ভবা উচিত যে নিজৰ বাবে নিজৰ ভাল কৰণীয়খিনিয়েই সৰ্বশ্ৰেষ্ঠ।

উপসংহাৰ:

সফলতাৰ মন্দাকিনী আপোনাৰ জীৱনলৈ কৰ্মৰ জৰিয়তে নামি আহে।  আচলতে জীৱনত কেনেদৰে সফল হ'ব পাৰে সেই সম্পৰ্কে কোটি কোটি কৌশল তালিকাভূক্ত কৰিব পৰা যায় বা বৰ্ণনা আগবঢ়াব পৰা যায়। কিন্তু যদি আপুনি তেনে কৌশলবোৰ জীৱনত প্ৰয়োগ নকৰে বা কৰিব ইচ্ছুক নহয় তেন্তে যিমান কৌশল আগবঢ়ালেও সকলো মিছা। বহু নমস্য তথা বিদগ্ধ পণ্ডিতসকলে বা মহীৰূহে এই ক্ষেত্ৰত অগণন কৌশল আমালৈ উচৰ্গা কৰি থৈ গৈছে যাক আমি জীৱনৰ প্ৰতিটো পদক্ষেপত খটুৱাই লক্ষ্যস্হান প্ৰাপ্ত কৰিব লাগে।
        আপুনি প্ৰবন্ধটো নিশ্চয় পঢ়ি শেষ কৰিছে। আপুনি ইয়াৰ পৰা যি বুজিব লাগে সেয়া হ'ল জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ আমি কষ্ট স্বীকাৰ কৰিব লাগিব।সময়ক সৎপথত উচৰ্গা কৰিবলৈ শিকিব লাগে। হয় নে নহয় ? 
      আপুনি কি কৰাৰ কথা ভাৱে ? নিৰ্দিষ্ট কৰক::
 ক) এটা দোকান খুলিবলৈ
 খ)  এটা ব্লগ খুলিবলৈ
 গ)  এটা এপ খুলিবলৈ
 ঘ) বহু মাটিত খেতি কৰিবলৈ
 ঙ) বেপাৰ বাণিজ্য কৰিবলৈ

আপোনাৰ উত্তৰে আপোনাক সফলতাৰ দিশেৰে টানি নিব।


ধন্যবাদ, আপোনাৰ মূল্যৱান সময় খৰচ কৰি মোৰ সাধাৰণ প্ৰৱন্ধটো পঢ়াৰ বাবে। সম্ভৱ হ'লে আন বন্ধু বৰ্গৰ লগত ভাগবাটোৱাৰা (share) কৰি সহযোগ কৰিব।


ফটো সংগৃহীত।
+++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts