Sunday, May 16, 2021

আহাৰত প্ৰাপ্ত বিভিন্ন উপাদানসমূহে মানুহক কিদৰে সহায় কৰে চাওঁ আহা । Let's see how the ingredients in the diet help people.

আহাৰত প্ৰাপ্ত বিভিন্ন উপাদান সমুহে মানুহক কিদৰে সহায় কৰে চাওঁ আহা ---

        মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদান নিৰ্দ্ধাৰিত পৰিমাণে একে জাতীয় খাদ্য দ্ৰব্যত পোৱা নাযায়। কোনো এবিধত যদি কাৰ্বহাইড্ৰেট, প্ৰ'টিন আছে, তেন্তে আন এবিধত চৰ্বি, ভিটামিন, খনিজ লৱণ আদি নিহিত থাকে। আকৌ এনে কিছুমান দ্ৰব্যও আছে য'ত সৰহসংখ্যক উপাদানেই নিহিত থাকে। সেয়েহে আমি আটাইখিনি প্ৰয়োজন পূৰাবলৈ দৈনন্দিন খাদ্য তালিকাত নানা বিধ খাদ্যবস্তু সন্নিৱিষ্ট কৰিব লাগে। তেতিয়াহে আন সকলোবোৰ উপাদান পাব সক্ষম হ'ব পাৰে। বিশেষকৈ খাদ্যবস্তুত নিহিত থকা উপাদান সমুহ হ'ল --- কাৰ্বহাইড্ৰেট , প্ৰ'টিন , চৰ্বি , খনিজ লৱণ আৰু ভিটামিন।




১/  কাৰ্বহাইড্ৰেট বা শৰ্কৰা (Carbohydrates):


শৰ্কৰা বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যত শক্তি নিহিত থাকে। সেয়ে এনে খাদ্য খালে শৰীৰত শক্তি আহৰণ হয়। শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ বাবে শৰ্কৰা জাতীয় খাদ্য অত্যন্ত বেছি প্ৰয়োজন হয়। যিহেতু এনে খাদ্যৰ অভাৱত শৰীৰত বল শক্তি হ্ৰাস পায় যাৰ ফলত মানুহে টান কাম কৰিবলৈ অপাৰগ হয়।শৰীৰ নিশকতীয়া হৈ পৰে। এই উপাদানৰ উৎস হৈছে-- ভাত, ৰুটি, আলু, পোলাওঁ আদি। শাৰীৰিক পৰিশ্ৰম কৰা মানুহে এনে খাদ্য সেয়ে সৰহকৈ খাব লাগে। তেতিয়া দেহত বল শক্তি বৃদ্ধি পাব আৰু অধিক শ্ৰম কৰিব সক্ষম হ'ব।


২/ প্ৰ'টিন (Protein):


প্ৰ'টিনযুক্ত খাদ্যই মানুহৰ শৰীৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। শৰীৰত নতুন কোষ সৃষ্টি হ'বলৈ বা কোনো অংগ প্ৰত্যংগৰ মেৰামতি হ'বৰ বাবে প্ৰ'টিনৰ আৱশ্যক হয়। এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বাবে ১ গ্ৰাম আৰু শিশুৰ বাবে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বাবে ১.৫ গ্ৰাম প্ৰ'টিনৰ প্ৰয়োজন হয়। বিশেষকৈ মানুহৰ শিশু অৱস্থাত শৰীৰে বৃদ্ধি হৈ থাকিব বিচাৰে সেয়ে এনে সময়ত প্ৰ'টিনৰ প্ৰয়োজন অত্যধিক বেছি হয়। প্ৰ'টিনৰ অভাৱ ঘটিলে দেহত বিভিন্ন ৰোগে দেখা দিয়াৰ প্ৰৱল আশংকা থাকে। প্ৰ'টিনৰ অভাৱত মানুহে 'কোৱাছিবকাৰ' , 'মাৰাছমাছ' নামৰ ৰোগত ভোগিব লগা হয়। সেয়ে প্ৰ'টিনযুক্ত আহাৰ-- মাছ, মাংস,কণী, দাইল,মাকৈ,মটৰ,উৰহী,বুট,লেচেৰা মাহ,ছয়াবিন, কাঠফুলা,লৈ, গাখীৰ, মাখন আদি খাদ্য কমবেছি পৰিমাণে খোৱাটো নিতান্তই আৱশ্যক।


৩/ চৰ্বি ( Fat) :


চৰ্বিয়ে মানুহৰ দেহটো গৰম কৰি ৰখাত সহায় কৰে। শৰীৰত চৰ্বি নাথাকিলে মানুহৰ শৰীৰ সোনকালে চেঁচা পৰে। চৰ্বিয়ে দেহক অতিৰিক্তভাৱে শক্তি প্ৰদান কৰে।শৰীৰত চৰ্বিৰ অভাৱ ঘটিলে বিভিন্ন ৰোগে সহজে আক্ৰমণ কৰিব পাৰে। বিশেষকৈ তেল,ঘিঁউ, মাখন, নাৰিকল, সৰিয়হ, চানা,বাদাম,তিল , চৰ্বিযুক্ত মাংস আদি হ'ল চৰ্বিৰ উৎস। অৱশ্যে শৰীৰত অতিৰিক্ত চৰ্বি হোৱাটোও উচিত। সেয়েহে এনে খাদ্যসমূহ পৰিমিত ভাৱে খাব লাগে।


৪/ ভিটামিন ( Vitamins) :


ভিটামিন হ'ল শৰীৰৰ ৰোগ প্ৰতিষেধক উপাদান।শৰীৰক বিভিন্ন বেমাৰৰ আক্ৰমণৰ পৰা ভিটামিনে ৰক্ষা কৰে আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। উদাহৰণ স্বৰূপে -- A ভিটামিনৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় যাৰফলত কুকুৰীকনা সদৃশ ৰোগত আক্ৰান্ত হ'ব লগা হয়। B ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত বেৰিবেৰি নামৰ ৰোগ হয়। ইয়াৰ ফলত মানুহৰ ভোক নালাগে আৰু শৰীৰ দুৰ্বল হৈ পৰে। C ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা তেজ ওলাই, দাঁত সৰে , ৰক্তহীনতা বেমাৰ হয় আৰু শৰীৰ দুৰ্বল হয। D ভিটামিনৰ অভাৱ ঘটিলে হাড়ৰ গঠন দুৰ্বল হয। শিশুৰ ক্ষেত্ৰত ইয়াৰ অভাৱত পয়ালগা বেমাৰ হয়। E ভিটামিনৰ অভাৱত দেহত ৰক্তহীনতা ৰোগে দেখা দিয়ে। ভিটামিন K ৰ অভাৱ ঘটিলে শৰীৰত ঠাইত কাটিলে বা ছিঙিলে সহজে তেজ ওলোৱা বন্ধ নহয়। গতিকে শৰীৰৰ বাবে ভিটামিন আটাইতকৈ বেছি প্ৰয়োজনীয় উপাদান বুলি বিবেচনা কৰিব পাৰি। আমাৰ চৌপাশৰ সৰহসংখ্যক দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী ভিটামিনৰ অভাৱত ভোগি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয়। 


৫/ খনিজ লৱণ (Mineral salts):


খনিজ লৱণ বূলিলে কেলচিয়াম, আয়ডিন, ফছফৰাছ, লো আদিৰ কথাই বুজা যায়। মানুহৰ শৰীৰত তেজৰ কণিকা গঠনত লো'ৰ ভূমিকা গুৰুত্বপূৰ্ণ। লোৰ অভাৱত দেহত ৰক্তহীনতা বেমাৰ হয় । একেদৰে কেলচিয়ামৰ জৰিয়তে শৰীৰত হাড়ৰ গঠন হয় । তদুপৰি কেলচিয়ামৰ অভাৱ ঘটিলে হাড় কোমল হয় আৰু সহজে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। দেহত আয়ডিনৰ অভাৱ ঘটিলে ডিঙিত গৰল বেমাৰ হয়। এই বেমাৰৰ ফলত মানুহৰ ডিঙি অস্বাভাৱিকভাৱে ফুলি ডাঙৰ হয়। সেয়েহে খনিজ লৱণ মানুহৰ শৰীৰৰ বাবে অতিশয় লাগতিয়াল উপাদান বুলি ক'ব পাৰি।

    উল্লেখিত খনিজ পদাৰ্থসমূহ পাব পৰা উৎস হৈছে-- গাখীৰ,কণী, মাখন,ময়দা, সেউজীয়া শাক-পাচলি,মাছ, মাংস, গজালি মেলা মাহ , কাচকল, পচলা,কলডিল, আয়ডিনযুক্ত নিমখ আদি। 


   মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে খাদ্যৰ ক্ষেত্ৰত কিছু সাৱধান আৰু সচেতন হোৱাটোৱেই হ'ল উত্তম বিকল্প উপায়। নিজৰ সামৰ্থ্য অনুসৰি খাদ্য কমবেছি পৰিমাণে উল্লেখিত ধৰণে খাবলৈ আমি সকলোৱে প্ৰয়াস কৰা উচিত।










++++++++++++++++++++++++++++++++
 

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

: ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:  Conservation of Nature for Future Generations. পাতনি:         প্ৰকৃতি হৈছে মানৱ জাতিৰ...

Popular posts