Wednesday, February 22, 2023

বন্দনা কলিতা আৰু বৰ্তমান সময়ত নাৰী সমাজৰ কৰণীয় ! Vandana Kalita and the women of the present day to be to do with the society.

বন্দনা কলিতা আৰু বৰ্তমান সময়ৰ নাৰী সমাজৰ কৰণীয়! Vandana Kalita and the women of the present day to be to do with the society.
     অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টালফাল লগোৱা বন্দনা কলিতাৰ নৃশংসতা আৰু অমানৱীয়তা অসমীয়া সমাজৰ এক কলংকিত অধ্যায় হিচাপে চিহ্নিত হৈ ৰল। যিখন সমাজত নাৰীক মহীয়সী আৰু সৃষ্টিৰ কাৰক হিচাপে গণ্য কৰা হয়, সেইখন সমাজত এনে কুচৰিত্ৰ নাৰীও যে আছে তাক ভাবিবলৈ টান হয়। যুগ যুগ ধৰি পুৰুষ সমাজক ভাল আৰু বেয়া যি দুয়োটা ৰূপত দেখি আহিছোঁ সেইদৰে মহিলাৰ ক্ষেত্ৰত ইমান নৃশংসতা এতিয়ালৈকে দেখা পোৱা নাছিলো। অৱশ্যে সময়ে সময়ে এনেধৰণৰ ঘটনা নঘটা নহয়, হ'লেও এই ঘটনা সদৃশ নৃশংস নহয়। সেয়েহে এই ঘটনাই অসমৰ সকলো লোককে ভবাই তোলিছে।
     বিভিন্ন বাতৰি কাকতৰ বাতৰি মতে বন্দনা কলিতাই দুই সহযোগী বন্ধুৰ লগলাগি গত জুলাইত স্বামী অমৰজ্যোতি দে আৰু শাহুৱেকক ইমান নিশংসভাৱে হত্যা কৰিছিল যে যাক বৰ্ণনা কৰাৰ ভাষা নাই। এই হত্যা ইমানে নৃশংস আছিল যে পত্নীয়ে স্বামী আৰু শাহুৱেকক প্ৰথমে হত্যা কৰি পাছত শৰীৰ দুটা দাৰে টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০/৬০ ফুট দ খাৱৈত পেলাই দিছিল । এয়া কিমান নীচ মানসিকতাৰ বাবে ঘটিল সহজে অনুমেয়। 
     কিছু বছৰৰ আগৰ পৰা এনে ঘটনা প্ৰায়ে ঘটিবলৈ ধৰা যেন অনুমান হয়। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ কথা হয়টো আপোনাৰ মনত আছে । ভয়ংকৰ আৰু নৃশংস সেই হত্যাকাণ্ডটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল । সেই চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ গুৱাহাটীত সংঘটিত হ'ল তেনে এক অমানৱীয় ঘটনা। এই ঘটনাই নিশ্চয় বৌদ্ধিক সমাজৰ লগতে সকলো শ্ৰেণীৰ মানুহক ভবাই তোলিছে।
     কিয় ঘটিবলৈ ধৰিছে এনে অমানৱীয় আৰু নৃশংস ঘটনা ? অতি আকাংক্ষা আৰু অতি লোভৰ বাবে এনে ঘটনা ঘটে বুলি ক'ব পাৰি। তদুপৰি কিছুমান মানুহৰ মানসিক দিশ আন কাৰণতো পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। মনোবিজ্ঞানী সকলৰ মতে হয়তো এয়া মানসিক ৰোগৰ কাৰণ হ'ব পাৰে। অত্যধিক লোভে মানুহক এনে অমানুষিক কাৰ্য কৰিবলৈ ঠেলি দিয়ে। 
     
     বৰ্তমান সময়ত নাৰী সমাজৰ কৰণীয় আছে। নাৰীক নাৰীয়ে নাকি লগাব লাগিব। সজাগতা সৃষ্টি কৰিব লাগিব। আধ্যাত্মিক দিশৰ প্ৰতি আকৃষ্ট কৰাব লাগিব। সমাজ, সম্পৰ্ক আৰু প্ৰেম এই তিনিটা কাৰকৰ মাজত মিলনাত্মক মনোভাৱৰ জন্ম দিয়াবলৈ প্ৰয়াস কৰিব লাগিব। সুস্থিৰ আৰু গম্ভীৰ আচৰণ আহৰণ কৰিবলৈ সকলো নাৰীকে শিক্ষা দিয়াৰ সময় সমাগত। যি নাৰীক আমি সৃষ্টিৰ আদি কাৰক ৰূপে গণ্য কৰোঁ, সেই নাৰীৰ এনে অক্ষমনীয় অপৰাধ সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। 
       সমাজত এনে অপৰাধ প্ৰৱনতা বৃদ্ধি হোৱাৰ মূলতে হ'ল ঘৰুৱা সমস্যা। ঘৰুৱা জঞ্জালৰ লগত সহবাস কৰাৰ মানসিকতা যেন বহু নাৰীয়ে আজি হেৰুৱায় পেলাইছে। শাৰীৰিক সুখ আৰু মানসিক সুখ নোপোৱাৰ বাবে বা অসম্পূৰ্ণ হোৱাৰ কাৰণে হয়তো সমাজৰ এনে জঘণ্য কাণ্ড সংঘটিত হ'বলৈ ধৰিছে। নতুবা কিছুমান নাৰীৰ ক্ষেত্ৰত টকা, ধন আদিৰ লিপ্সা অৰ্থাৎ এটা বিলাসীতা জীৱন অতিবাহিত কৰিবলৈ এক আচহুৱা আচৰণৰ তথা পৰিৱেশৰ সৃষ্টি কৰিবলৈ কুণ্ঠাবোধ নকৰা হ'ল। এনে পৰিস্থিতিৰ পৰা সমাজে পৰিত্ৰাণ পাবলৈ দুয়োপক্ষৰ মাজত সহযোগ আৰু বুজাপৰা মনোভাৱ আনিবলৈ প্ৰয়াস কৰিব লাগিব। গতিকে সকলো নাৰীয়ে সজাগ হ'বলৈ হ'ল। নিজৰ লগতে আন দহ গৰাকী বেয়া স্বভাৱৰ মহিলাক ভাল পথলৈ আনিবলৈ কৰা প্ৰয়াসেই হ'ব সমাজৰ এক উত্তৰণৰ দিশ।
     আহক সকলোৱে একগোট হও আৰু সমাজত এনে জঘণ্য কাণ্ড দুনাই নঘটাৰ বাবে সহযোগ কৰোঁ।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।
আৰৈমূৰীয়া গাওঁ।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
     
     
     

Tuesday, February 14, 2023

বৰ্ষাকালীন স্থানীয় ফল কি ? ইয়াৰ উপকাৰিতা গুণ কেনেধৰণৰ ? চমু আলোকপাত। What is the local fruit of the monsoon? What are its benefits? Brief Highlights.

বৰ্ষাকালীন স্থানীয় ফল আৰু ইয়াৰ উপকাৰীতা : চমু আলোকপাত। What is the local fruit of the monsoon? What are its benefits? Brief Highlights.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

১/ পাতনি (Introduction):
ক) বৰ্ষাকালৰ সংক্ষিপ্ত বিৱৰণ : 
বৰ্ষা কাল বুলিলে জেঠ আৰু আহাৰ মাহৰ সময়ছোৱাৰ কথাকে বুজা যায়। এই কালছোৱাত যিকোনো ফলমূল পকিবলৈ আৰম্ভ কৰে। কোনো এটা ঋতুত হোৱা এনে ফলমূলক ঋতুকালীন ফলমূল বুলিও ক'ব পাৰোঁহক। গ্ৰাম্য সমাজত এনে ফল-মূলৰ গছ বহু আছে। প্ৰতিঘৰ মানুহৰ বাৰীতে এনে ঋতুকালীন ফলমূল পোৱা যায় বুলি ক'লেও অত্যুক্তি কৰা নহয়। চহৰ বা নগৰত মানুহৰ ঘৰে ঘৰে পোৱা নাযায় যদিও নাৰ্ছাৰী , ব্যৱসায় ভিত্তিত পতা বাগান বা ফাৰ্ম সমূহত এনে ঋতুকালীন ফলমূল পোৱা যায়। 

খ) বৰ্ষাকালত উৎপাদিত ফলমূল: 

বৰ্ষা কালত উৎপাদন হোৱা তথা স্থানীয় ভাৱে প্ৰাপ্ত ফলমূলৰ ভিতৰত বিশেষকৈ আম,কঁঠাল, জামু, হোমবগৰী, নাচপতি, পনিয়ল, থেৰেজু, মধুৰিআম, লিচু, হেলচ, আতলচ ,জলফাই আদি।

                 
                 
গ) এলেকাত পোৱা ফল-মূলৰ বৰ্ণনা আৰু ইয়াৰ উপকাৰী গুণাগুণ:

আম আৰু আমগছ:
 আমৰ বৈজ্ঞানিক নাম - মেঞ্জিফেৰা ইণ্ডিকা।     
                                   (Mangifera Indica ) 
                         গোত্ৰ - Mangifera
                         
   আম বৰ্ষা কালত হোৱা এবিধ ফল। ই এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হয়। আম গছে প্ৰায় ৩০০ বছৰ কাল জীয়াই থাকি ফল দিবলৈ সক্ষম।আম গছৰ পাত সেউজীয়া আৰু সৰল।পাতৰ আকাৰ ৬-১৫ ছেমি বহল আৰু ২৫-৩৫ছেমি দীঘল হোৱা দেখা যায়। কুমলীয়া পাতৰ বৰণ কমলা আৰু গুলপীয়া বৰণৰ হয়।পূৰঠ হ'লে পাতৰ বৰণ সেউজীয়ালৈ পৰিৱৰ্তন ঘটে।ফুলৰ দৈৰ্ঘ্য ১০-৮০ ছেমি পৰ্যন্ত হ'ব পাৰে।আমৰ ফলৰ বৰণ কেঁচা অৱস্থাত সেউজীয়া বা ঈষৎ ৰঙচুৱা বৰণৰ হ'ব পাৰে। পকিলে ইয়াৰ ৰং পৰিৱৰ্তন ঘটি হালধীয়া বা গুলপীয়া বৰণ ধৰে। ফাগুন-চ'তত আমে মলিয়াই। জেঠৰ পৰা আহাৰ মাহৰ সময়ছোৱাত খাবলৈ হয়। বিভিন্ন জাতৰ আম অসমৰ বজাৰত পোৱা যায় আৰু বজাৰত আমৰ বজাৰ ভাল। কিন্তু সেই অনুপাতে অসমত আম উৎপাদন হোৱা পৰিলক্ষিত নহয়। থলুৱা ভাৱে প্ৰাপ্ত আম সমূহৰ আকৌ বজাৰ মূল্য একেবাৰে কম। সততে দেখা যায় যে থলুৱা ভাৱে প্ৰাপ্ত আম সমূহ প্ৰায় পোকে ধৰা আৰু খাবলৈ টেঙা। অৱশ্যে ইয়াৰে কিছুমান আম গছৰ ফল মিঠা হয়। অসমৰ বজাৰত প্ৰায় বহি:ৰাজ্যৰ আমে ভৰি থকা দেখা যায়। আম এছিয়া মহাদেশৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি উৎপাদিত ফল। সেই অনুপাতে অসমত ইয়াৰ উৎপাদন তেনেই কম।
   আম ভাৰত, পাকিস্তান আৰু ফিলিপাইনৰ ৰাষ্ট্ৰীয় ফল।
   গুণাগুণ: আম এবিধ অতি উত্তম বতৰৰ ফল বুলি গণ্য কৰা হয়। আমক ফলৰ 'ৰজা' বুলিও কোৱা হয়। কেঁচা আমত মেলিক এচিড থাকে। আমগছ যিদৰে বৰ উপকাৰী গছ সেইদৰে ইয়াৰ ফলৰো উপকাৰিতা গুণ সমৃদ্ধ। আমৰ ফলত প্ৰচুৰ পৰিমাণে A,B আৰু C ভিটামিন থাকে। তদুপৰি ফ্লাভোনয়েড আৰু ফেনল নামৰ মৌলকেইবিধো আমত নিহিত হৈ থাকে। আমত এণ্টিঅক্সিডেণ্ট গুণ থকাৰ বাবে আম মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী ফল হিচাপে বিবেচিত।
   আনকি আম গছৰ পাত আৰু ফল হিন্দু ধৰ্মৰ লোকসকলে বিভিন্ন পূজা পাৰ্বনত ব্যৱহাৰ কৰে বাবে আম গছক তুলসীৰ দৰে পৱিত্ৰ জ্ঞান কৰা হয়। আমত থকা টাৰপিন, ফিউৰানোন, লেকটাৰ্ন আৰু আষ্টাৰে নামৰ উপাদানৰ পৰিমাণৰ ওপৰত আমৰ সোৱাদ নিৰ্ভৰ কৰে।

কঁঠাল: 
বৈজ্ঞানিক নাম - হেটাৰোফাইলাচ (Heterophyllous)। ই মোৰেচি গোত্ৰৰ অন্তৰ্ভুক্ত।
কঁঠাল এবিধ সুস্বাদু সময়ৰ ফল। ইয়াৰ আকাৰ ১৫ ছে.মি.ৰ পৰা ৫০ ছেমি পৰ্যন্ত হ'ব পাৰে। কঁঠালৰ উপৰি অংশ কাঁইটীয়া। ডাঠ চালৰ ভিতৰত বাদু বিলাকৰ মাজে মাজে ফুটবোৰ থাকে।ফুটৰ ভিতৰত গুটিবোৰ থাকে। কঁঠালৰ জাত অনুসৰি ইয়াৰ ফুটৰ পৰিমাণ বেলেগ বেলেগ হয়। পাত কঁঠাল আৰু ধানপৰীয়া কঁঠাল দুবিধ থলুৱা ভাৱে পোৱা যায়। পাত কঁঠাল বছৰৰ ফাগুন চ'তত মুচি পেলায় আৰু জেঠ আহাৰত পকিবলৈ ধৰে। ইয়াৰে পাত কঁঠালত ফুটৰ পৰিমাণ ঘন কিন্তু ফুটৰ আকাৰ সৰু আৰু ধান পৰীয়া কঁঠালৰ ফুটৰ পৰিমাণ সেৰেঙা বা কম কিন্তু ফুটবিলাকৰ আকাৰ ডাঙৰ হয়। আনহাতে পাত কঁঠাল গছত ঘনকৈ মুচি পেলোৱা দেখা যায় কিন্তু ধানপৰীয়া কঁঠাল গছত সেৰেঙা। উল্লেখ্য যে কঁঠাল বাংলাদেশ আৰু শ্ৰীলঙ্কাৰ ৰাষ্ট্ৰীয় ফল। ভাৰতৰ কেৰেলা আৰু তামিলনাডুৰ ৰাজ্যিক ফল হিচাপে বিবেচিত।
     গুণাগুণ : কঁঠাল এবিধ সুস্বাদু আৰু পুষ্টিকাৰক ফল। কঁঠালত যথেষ্ট পৰিমাণে খণিজ লৱন, এণ্টিঅক্সিডেণ্ট (জাৰণ প্ৰতিৰোধী) ,আঁহ, বিভিন্ন সুক্ষ্ম পোষক দ্ৰব্য নিহিত থাকে। কঁঠালত ভিটামিন C থাকে। এণ্টিঅক্সিডেণ্টৰ উপস্থিতিয়ে দেহৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। কঁঠালত প্ৰ'টিন যথেষ্ট পৰিমাণে পোৱা যায়। সেয়ে ই অতি পুষ্টিদায়ক হয়। সুষম আহাৰৰ উপাদান কাৰ্বহাইড্ৰেট আৰু কেলৰি তথা ফ্ৰুকটজ আৰু চুক্ৰ'জ থাকে বাবে কঁঠালে দেহত তাৎক্ষণিকভাৱে শক্তি যোগান ধৰিব পাৰে।

জামু: 
কলা জামুৰ বৈজ্ঞানিক নাম - Syzygum Cummini।ই Myrtaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
    জামু এবিধ বতৰৰ ফল। এই ফলৰ আকাৰ জলফাই এটাৰ সমান। দেখিবলৈ আপেলটোৰ দৰে ঘূৰণীয়া আকৃতিৰ। ফলৰ ৰং বগা আৰু কলা থাকে। ভিতৰত থকা গুটি মুগা বৰণৰ। ফলবিধ অতি সুস্বাদু। ইয়াৰ বজাৰৰ চাহিদাও সন্তোষজনক। অসমৰ মাটি জামু উৎপাদনৰ অতি উত্তম। বগা জামুৰ যিদৰে ঔষধি গুণ আছে ঠিক একেদৰে কলা জামুৰো আছে।
     জামুৰ গুণাগুণ: মধুমেহ বা ডায়েবেটিছ ৰোগৰ ৰোগীৰ বাবে ক'লা জামু অতি উত্তম বতৰৰ ফল। ভাৰতৰ সকলো ঠাইতে এই ফল উপলব্ধ। ইয়াৰ অনেক প্ৰজাতি আছে। আয়ুৰ্বেদিক শাস্ত্ৰমতে এই ফলক পেটৰ বিভিন্ন ৰোগ নাশক, হজমীশক্তি বৃদ্ধি কাৰক, কৃমি নাশক, কফ,পিত্ত আৰু দেহৰ পোৰণি প্ৰশমক বুলি জনা যায়। ক'লা জামুৰ অন্তৰ্ভাগত প্ৰাপ্ত বিভিন্ন উপাদান সমুহ তলত উল্লেখ কৰা ধৰণৰ। 
     প্ৰতি ১০০ গ্ৰাম কলা জামুত পোৱা ৰসায়নিক দ্ৰব্য তলত উল্লেখ কৰা ধৰণে নিহিত থাকে। কাৰ্বহাইড্ৰেট ১৪ গ্ৰাম, আঁহ - ০.০৬ গ্ৰাম, চৰ্বি - ০.২৫ গ্ৰাম, প্ৰ'টিন -০.৯৯৫ গ্ৰাম, থায়ামিন (Vitamin B1 )- ০.০১৯ মিলিগ্ৰাম, ৰিবোফ্লেভিন বা ভিটামিন বি২- ০.০০৯ মি.গ্ৰা., নিয়াচিন বা ভিটামিন বি৩ - ০.২৪৫ মিগ্ৰা., ভিটামিন বি৬ - ০.০৩৮ মিগ্ৰা, ভিটামিন চি - ১১.৮৫ মিগ্ৰা, কেলচিয়াম -১১.৬৫ মিগ্ৰা, লো- ১.৪১ মিগ্ৰা, মেগনেচিয়াম -৩৫মিগ্ৰা, ফচফৰাছ- ১৫.৬ মিগ্ৰা, পটাছিয়াম- ৫৫ মিগ্ৰা, ছডিয়াম -২৬.২ মিগ্ৰা, ফ'লিক এচিড - ৩ মিগ্ৰা, পানী - ৮৪.৭৫ মিগ্ৰা আছে। তদুপৰি কেইবাবিধো এচিড কলা জামুত উপলব্ধ।যেনে - মেলিক এচিড, একজেলিক এচিড, গেলিক এচিড, টেনিন, সুগন্ধি তৈল পদাৰ্থ আৰু নীলা ৰঞ্জক পদাৰ্থও থাকে।
     
হোমবগৰী:
   হোমবগৰী আকাৰত বিলাতী বগৰীটোৰ সমান। বগৰীৰ ছালৰ ওপৰখন শুং থাকে। সেই বাবে হোম বগৰী বা শুংবগৰী বুলি কোৱা হয়। পকিলে এই বগৰীৰ ভিতৰৰ গুটিৰ সৈতে লাগি থকা অংশত ৰঙা ৰং ধৰে।খাবলৈ সোৱাদটো মিঠা হয়। ফাগুন চ'তত ফুলে আৰু গুটি ধৰে শাওন ভাদ মাহত পকে। 
   
নাচপতি (peanut):
    বৈজ্ঞানিক নাম: pyrus pyrus 
    পৰিয়াল: Rosaceae 
    গোত্ৰ: Pyrus pyrus 
   আটাইতকৈ বেছি দিন ফল দিয়া গছবিধৰ নামেই হৈছে নাচপতি। নাচপতি গৰমৰ দিনৰ অতি উত্তম বতৰৰ ফল। ইয়াৰ আকাৰ আপেল এটাৰ সমানে হয়। বাকলি খন খহতা। বাগলি গুচাই চকল চকল কৰি নিমখৰ সৈতে হানি খাব পাৰি। আপেলৰ দৰে গোটে গোটে চোবাই খাবও পাৰি। বৰ সুস্বাদু ফল। দেহত প্ৰয়োজনীয় পানী এই ফলে প্ৰদান কৰিব পাৰে। ই এবিধ পুষ্টিকাৰক ফল হিচাপে বিবেচিত। অসমৰ মাটি নাচপতিৰ বাবে বৰ উপযোগী। গতিকে ব্যৱসায়িক ভিত্তিত খেতি কৰিলে বহু লোক উপকৃত হ'ব পাৰিব।
   গুণাগুণ : নাচপতিয়ে দেহত পানীৰ অভাৱ দূৰ কৰে। নাচপতিত যথেষ্ট পৰিমাণে পানী থাকে বাবে গৰমৰ দিনত ইয়াক উৎকৃষ্ট ফল হিচাপে গণ্য কৰা হয়। এই ফল বহু ৰোগৰ উপশম ঘটোৱাত সহায় কৰে। শ্বাস-প্ৰশ্বাসজনিত ৰোগ, পেটৰ বিভিন্ন ৰোগ আৰু মুখত হোৱা কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। নাচপতিৰ ফলত যথেষ্ট পৰিমাণে এণ্টিঅক্সডেণ্ট থাকে । এই উপাদানে মানুহৰ বয়স ধৰি ৰখাত সহায় কৰে। শৰীৰত পৰা বয়সৰ চাপ নাচপতিয়ে ধৰি ৰাখিবলৈ সক্ষম। 
   প্ৰতি ১০০ গ্ৰাম নাচপতিত থকা পুষ্টিৰ গুণ তলত উল্লেখ কৰা ধৰণৰ।- 
   কেলৰি - ২৩৯ কেলৰি
   শৰ্কৰা - ১৫.২৩ গ্ৰাম
   আঁহ - ৩.১ গ্ৰাম
   চৰ্বি - ০.১৪ গ্ৰাম
   প্ৰ'টিন - ০.৩৬ গ্ৰাম
   পানী - ০.৮৪ গ্ৰাম
   শ্বেতসাৰ - ১৫%
   তদুপৰি ভিটামিন B1, B2, B3 , B5, B6, B9 আদি যথেষ্ট পৰিমাণে এই ফলত পোৱা যায়। নাচপতিৰ ৰস জাম, জেলী আদি প্ৰস্তুত কৰি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰি।

পনিয়ল:
বৈজ্ঞানিক নাম: ফ্লেকৰ্টিয়া জাংগ'মাছ (Flacourtia       
                          Jangomas) 
         পৰিয়াল : Salicaceae
         গোত্ৰ: Flacourticeae 
   পনিয়ল এবিধ বতৰৰ ফল। ফাগুন চ'তত ফুলে আৰু গুটি ধৰে। জেঠৰ পৰা আহাৰ মাহৰ সময়ছোৱাত পকিব ধৰে। পণিয়লৰ আকাৰ এটা মাৰ্বলৰ সমান হ'ব। ইয়াৰ বৰণ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা বৰণ ধৰে। পণিয়লৰ ভিতৰত সৰু সৰু গুটি থাকে। পকিলে হাতেৰে চেপি চেপি কোমল কৰি ল'ব লাগে। তেতিয়া অধিক সুস্বাদু হয়। 
   গুণাগুণ: প্ৰতি ১০০ গ্ৰাম পনিয়লত থকা খাদ্যপ্ৰাণ তলত উল্লেখ কৰা ধৰণৰ। -
  উপাদানৰ নাম পৰিমাণ (গ্ৰাম/মিলিগ্ৰামত)
  ------------- ----------------
   প্ৰ'টিনৰ পৰিমাণ - ৩.৬৫ গ্ৰাম
   ভিটামিন চি - ২১৭.৯৯ মিগ্ৰা 
    কেলচিয়াম - ১৭৫ মিগ্ৰা
    ভিটামিন এ - ২৫৪ মিগ্ৰা
    লো বা আইৰণ - ২৫০ মিগ্ৰা 
উপৰোক্ত আলোচনাৰ পৰা কলা জামুৰ উপকাৰী গুণৰ সম্পৰ্কে সহজে অনুমান কৰিব পাৰি। ক'লা জামুয়ে শৰীৰত লোৰ পৰিমাণ বৃদ্ধি ঘটোৱাত সহায় কৰে। শৌচ খোলোচা কৰে। হাড়ৰ বহনক্ষমতা বৃদ্ধি ঘটাব পাৰে। আনহাতে ব্যৱসায়িক ভাৱেও ই এবিধ লাভজনক ফল হিচাপে বিবেচিত।

থেৰেজু:
  থেৰেজু এবিধ টেঙা ফল। অৱশ্যে পকিলে সোৱাদ কিছু মিঠালৈ পৰিৱৰ্তন ঘটে। আকাৰত লিচুটোৰ সমানে হ'ব।‌ থেৰেজুৰ গছ ওখ আৰু ঠাল-ঠেঙুলিৰে ভৰা। গৰমৰ দিনত খাবলৈ বৰ সুস্বাদু হয়। 
  গুণাগুণ:দেহত পানীৰ অভাৱ দূৰ কৰে। কোষ্টকাঠিন্য ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

মধুৰিআম:
  মধুৰিআম সকলোৰে অতি পৰিচিত ফল। ই অসমত য'তে ত'তে পোৱা এবিধ ফল। অসমৰ অৰণ্যত ফল-মূলৰ গছৰ ভিতৰত মধুৰিআম বেছিকৈ পোৱা যায়। প্ৰতিঘৰ অসমীয়াৰ বাৰীত মধুৰিআম থাকে। মধুৰিআম বিভিন্ন প্ৰজাতিৰ পোৱা যায়। ই এবিধ গুল্মজাতীয় উদ্ভিদ। মধুৰিআমক এক অতি উপকাৰী ফল হিচাপে বিবেচিত কৰা হয়। ই ঔষধি গুণ সমৃদ্ধ। বজাৰত ইয়াৰ চাহিদা আছে। থলুৱা জাতৰ মধুৰিয়াম অতি পুষ্টিদায়ক খাদ্য।
    গুণাগুণ : মধুৰিয়ামে পেটচলা বেমাৰ আৰোগ্য কৰে। অধিক খালে পাইখানা টান হয়। 

লিচু:
বৈজ্ঞানিক নাম: Litchi Chinensis Sonn.
পৰিয়াল : Soapberry 
গোত্ৰ: Euphoria longan 

  লিচু এবিধ বতৰৰ ফল। ফাগুন চ'তত ফুল ফুলে আৰু গুটি ধৰে। জেঠৰ পৰা আহাৰ মাহৰ সময়ছোৱাত পকিব ধৰে। লিচুৰ আকাৰ সৰু বা ডাঙৰ থাকে। সাধাৰণতে এটা বিলাতী বগৰীৰ সমান আকাৰৰ হয়। লিচুৰ জাত অনুসৰি ইয়াৰ সোৱাদ মিঠা আৰু অলপীয়া টেঙা হয়। অসমৰ মাটি লিচুৰ বাবে অতি উত্তম। বজাৰত ইয়াৰ চাহিদা বহু বেছি। লিচু খেতি কৰিও স্বাৱলম্বী হ'ব পৰা যায়।
  গুণাগুণ : লিচুত ভিটামিন C, ভিটামিন A আৰু খনিজ লৱণ পোৱা যায়। খনিজ লৱণে মানুহৰ শৰীৰৰ ৰক্তৰ উপাদান সমুহ প্ৰস্তুতকৰণত সহায় কৰে। লিচুত থকা উপাদানৰ ফলত মানুহৰ শৰীৰৰ বিভিন্ন অংগ - হাড়, দাঁত, চুলি,ত্বক, নখ আদি ভালে ৰখাত সহায় কৰে।
   প্ৰতি ১০০ গ্ৰাম লিচুত থকা ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ তলত উল্লেখ কৰা ধৰণৰ। - 
   শৰ্কৰা - ১৩.৬ গ্ৰাম
   পটাছিয়াম - ১৭০ গ্ৰাম 
   লো/ আইৰণ - ০.৭ মি.গ্ৰা. 
    কেলৰি - ৩১গ্ৰাম
    ভিটামিন চি - ৩১ মি.গ্ৰা.
    কেলছিয়াম- ১০ মি.গ্ৰা. 
    উল্লেখ্য যে প্ৰতি এশ গ্ৰাম লিচু বুলিলে সাধাৰণতে দহটামান লিচুৰ কথা বুজা যায়। লিচুও ডায়েবেটিছ বা মধুমেহ ৰোগীৰ বাবে উত্তম ফল হিচাপে বিবেচিত। লিচুৱে দেহৰ শক্তি বৃদ্ধি ঘটায়। হজমী বঢ়াই তোলে। 

২/ব্যৱসায়িক ভাৱে লাভালাভৰ বৰ্ণনা
   উপৰত উল্লেখিত ফলমূলৰ খেতি কৰি লাভৱান হব পাৰি। লিচু,মধুৰিয়াম,কঁঠাল, নাচপতি আদি লাভজনক ফলমূল। বজাৰত গ্ৰীষ্মকালত ইয়াৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হয়। গতিকে ইয়াৰ খেতি কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ। কিন্তু বছৰত এইবিলাক গছে কেৱল এবাৰহে ফলমূল দিয়ে। অৰ্থাৎ বছৰত কেৱল এবাৰহে উৎপাদন দিব পাৰে। প্ৰতি কিলো লিচুৰ বজাৰ মূল্য ১০০-২০০ পৰ্যন্ত হোৱা দেখা যায়। এবিঘা মাটিত খেতি কৰিলে অতি কমেও পঞ্চাছ জোপা লিচু লগাব পৰা যাব। এজোপা সৰু বয়সৰ লিচু গছে (বৈজ্ঞানিক ভাৱে খেতি কৰিলে) পাঁচ-ছয় কুইণ্টল পৰ্যন্ত উৎপাদন দিবলৈ সক্ষম। যদি গড়ে এক কিলোৰ মূল্য ১০০ ধৰা হয় তেন্তে এক কুইণ্টলৰ মুঠ মূল্য হ'ব (১০০×১০০= ১০,০০০ ) দহ হাজাৰ টকা। তেনেকৈ পাঁচ কুইণ্টলৰ মুঠ মূল্য হ'ব পঞ্চাছ হাজাৰ টকা। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি এই খেতি কিমান লাভজনক। তনদ্ৰুপ চিন্তা ধাৰণা আন বিলাকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰি আগবাঢ়িব পৰা যায়।
   আমৰ বজাৰ মূল্য ১০০-২০০ টকা (প্ৰতি কেজি)।
   কঁঠাল প্ৰতিটোত বজাৰ মূল্য ৩০-৪০ টকা পৰ্যন্ত     
    হয়।
    মধুৰিআমৰ বজাৰ মূল্য - ৪০-৮০ টকা (প্ৰতি   
    কিলো)
    নাচপতিৰ বজাৰ মূল্য - ৩০-৫০টকা (প্ৰতি কিলো)
    পনিয়লৰ বজাৰ মূল্য- ২০-৩০ টকা (প্ৰতি কিলো)।
    
 উপৰোক্ত হিচাপৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে এই বিলাক ফল-মূলৰ খেতি অতি লাভজনক। ব্যৱসায়িক দিশ ইয়াৰ অতি উজ্জ্বল। আমাৰ নৱ প্ৰজন্মই এনে খেতিতো মনোনিবেশ কৰিব পাৰে। 
   
৩/ সময়ৰ ফল সময়ত কিয় খোৱা উচিত:
বতৰৰ ফল বতৰত সকলোলোৱে খোৱা উচিত। বতৰৰ ফলে বতৰৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। প্ৰকৃতিয়ে আমাক এনে কিছুমান ফলমূল দান কৰিছে। যিবিলাক নিৰ্দিষ্ট সময়ত খালেহে মানুহৰ শৰীৰে উপকাৰিতা গুণ লাভ কৰে। ভগৱানে নিশ্চয় সকলো কথা চালিজাৰি চাই এনে ফল-মূলৰ সৃষ্টি কৰিছে। যেনে গ্ৰীষ্মকালত মানুহৰ শৰীৰত পানী বহু পৰিমাণে প্ৰয়োজন হয়। সেই প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে নাচপতি বা আন তেনে ফলৰ প্ৰয়োজন হয়। লিচু, নাচপতি,জামু, মধুৰিআম আদি ফল সমূহে দেহত পানীৰ অভাৱ দূৰ কৰে। এনে ফল-মূলৰ পুষ্টিৰ গুণৰ ওপৰিও ৰোগ প্ৰতিৰোধী ক্ষমতা অবিশ্বাস্য ভাৱে আছে। সেয়ে সময়ৰ ফল সময়ত খালে ইয়াৰ পৰা উপকাৰ পোৱা যায়। 
 
৪/ পৰামৰ্শ আৰু সামৰণি :
যদিও বছৰত কেৱল এবাৰহে এই উদ্ভিদ বিলাকে উৎপাদন দিব পাৰে। তথাপিও এইবিলাক ফলৰ খেতি কৰিলে অন্য ক্ষেত্ৰতো লাভৱান হব পাৰি। পৰিৱেশ সুৰক্ষা দিশতো ই অৰিহণা যোগাব পাৰে। তাৰোপৰি এই বিলাক ফলৰ খেতি কৰিলে ইয়াৰ তলত আন খেতিও কৰিব পাৰি। বিশেষকৈ জালুক আৰু পান খেতি ইয়াৰ তলত কৰিব পৰা যায়। এই ফলৰ খেতি কৰিলে শাৰীৰিক আৰু ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱা পৰিলক্ষিত হয়।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Sunday, February 5, 2023

হিংসুক আৰু স্বাৰ্থপৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। Violent and selfish people can never be happy.

হিংসুক আৰু স্বাৰ্থপৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। Violent and selfish people can never be happy.

             🙏👉  দুৰ্যোধন হৈছে মহাভাৰতৰ আটাইতকৈ বেয়া চৰিত্ৰ। হিংসা আৰু স্বাৰ্থপৰতাই দুৰ্যোধনক মহাভাৰতৰ পাতত এজন বেয়া মানুহ হিচাপে চিহ্নিত কৰি গ'ল। মহাভাৰতৰ মই বেয়া পোৱা আটাইতকৈ বেয়া চৰিত্ৰ দুৰ্যোধন । আপুনিও এওঁৰ বিষয়ে যথেষ্ট জ্ঞাত নিশ্চয়, হ'লেও আহকচোন চাওঁ কিয়নো তেওঁৰ সম্পৰ্কে এনেকৈ কোৱা হৈছে ---
         
       দুৰ্যোধনে সদাই এটা চিন্তা কৰি কৰিয়েই জীৱনটো পাৰ কৰিলে,এটা চিন্তাতেই মগ্ন থাকিলে,এটা চিন্তাৰ পিছে পিছে খেদি খেদি দৌৰি থাকিল,দুৰ্যোধন যেন সেই এটা চিন্তাৰ বাবেই জনম ল'লে,দুৰ্যোধনে জীৱনৰ প্ৰতিটো ক্ষণ সেই চিন্তাতে নিজক আৱদ্ধ কৰিলে;সেই চিন্তাটোৱেই হৈছে পাণ্ডৱক হিংসা কৰিব লাগে পাণ্ডৱক নি:শেষ কৰিব লাগে আৰু পাণ্ডৱক যিকোনো প্ৰকাৰে হত্যা কৰিব লাগে। খাওতে শুওতে উঠোতে বঢ়োতে দিঠকে সপোনে দুৰ্যোধনক সেই একেটা চিন্তাই খেদি ফুৰে আৰু দুৰ্যোধনৰ পাণ্ডৱ বিদ্বেষী হিংসা এটা মাৰাত্মক বেমাৰত পৰিণত হৈ পৰিল আৰু যি দুৰ্যোধনকে নহয় সেই হিংসাৰ অগ্নিকুণ্ডত পৰি সমস্ত কৌৰৱকুল ভষ্ম হ'ল।
          ভীমৰ শক্তি দেখি শংকিত হৈ সৰুতেই ভীমক বিহৰ লাৰু খোৱাই মৰিবলৈ পানীত পেলাই দিলে। কিন্তু ভীম অচেতন হোৱা পাছত যেতিয়া পাতালৰ নাগে পৰিচয় পালে তেতিয়া ভীমৰ বল হেজাৰ হাতীৰ সমান হোৱাৰ বৰ লাভ কৰিলে আৰু শক্তিশালী গদা লাভ কৰিলে।
      দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰি ৰাজহুৱাভাৱে অপদস্থ কৰিলে আৰু দ্ৰৌপদীয়ে কিন্তু তাৰ ফলত যুগেশ্বৰ সৰ্বেশ্বৰ ভগৱন্ত পূৰ্ণ কৃষ্ণৰ কৃপা লাভ কৰিলে।
      পাণ্ডৱক জতুগৃহত পুৰি মাৰিবলৈ গৈ কুলকলঙ্কী কুবুদ্ধিৰ ভাণ্ডাৰ দুৰ্যোধন বিফল হ'ল।
       পাশাখেলত শকুনিৰ মন্ত্ৰণাত ছল কৰি পাণ্ডৱক হৰুৱাই 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস দিলে।কিন্তু এই বনবাসৰ কালত পাণ্ডৱে সাধু সন্তক পালে অনেক দৈত্যক বধ কৰিলে আৰু সাধনাৰ দ্বাৰা অনেক দিব্য অস্ত্ৰ লাভ কৰিলে।
         বনবাসৰ পৰা ঘূৰি আহি পাণ্ডৱে মাত্ৰ পাঁচখন গাঁৱ বিচাৰিছিল;কিন্তু মহা অহংকাৰী দাম্ভিক কুমতি দুৰ্যোধনে বেজিৰ আগত অহা মাটি কণো নিদিও বুলি কোৱাত কুৰুক্ষেত্ৰ যুদ্ধ হ'ল আৰু কৌৰৱকুল সমূলঞ্চে নিপাত গ'ল।
       শিক্ষা:=দুৰ্যোধনৰ দৰে কিছুমান হিংসুক স্বাৰ্থপৰ দাম্ভিক মানুহ নগৰ চহৰ গাঁৱ কৰ্মক্ষেত্ৰ অফিচ কাছাৰী সকলোতে থাকে।সিহঁতৰ উদ্দেশ্য হৈছে আনক কেনেকৈ অনবৰতে হিংসা ঈৰ্ষা অসুবিধা অন্যায় কৰিব পাৰি তাত ব্যস্ত থকা।সেই শ্ৰেণী মানুহৰ লক্ষ্য সৎ মানুহ।সিহঁতে নিজে নোৱাৰিলে আনক সেই সৎ মানুহৰ বিৰুদ্ধে মিছা কথা লগাই লগাই উচটাই দিয়ে আৰু লগনীয়াৰ কথা শুনি নিজৰ বিবেকেৰে বিবেচনা নকৰি লাগি যায়।সত্যৰ অপলাপ কৰা লগনীয়াৰ কথা শুনি সৎ মানুহৰ বিৰুদ্ধে গৈ অপৰাধ কৰে।
      ই আমাৰ ফালৰ মানুহ নহয় বুলি কিছু মানুহে ঈৰ্ষা হিংসা অবান্তৰ অপপ্ৰচাৰ বদনাম কৰা মানুহ আছে।ইয়াৰ অন্তৰালত মানুুহৰ কুঅভিপ্ৰায় লুকাই থাকে।এইবোৰ নিচেই ঠেক মনোবৃত্তিৰ কথা। তাক যদি বুজি নাপাই তেনেহ'লে বিপদ হোৱাৰ 100% সম্ভাৱনা আছে।ঠিক তেনেকৈ অনেক কথা চলি থাকে।নিজৰ নীচ স্বাৰ্থ সিদ্ধিৰ কুঅভিপ্ৰায়ৰ অবান্তৰ লিপ্সাৰ বাবে ভাল মানুহৰ বিৰুদ্ধে অপপ্ৰচাৰ বদনাম কৰা মানুহৰ হৃদয়বোৰ কিমান নিষ্ঠুৰ নিৰ্দয় পাষাণ হ'ব পাৰে বাৰু!সফল নহয় বুলি জানিও ঈৰ্ষা হিংসা চক্ৰান্তত লিপ্ত হয়।কাৰোবাক বঞ্চিত কৰিলেই কাৰোবাৰ স্বাৰ্থ সিদ্ধি হ'ব বুলি ভাৱি চক্ৰান্তৰ আশ্ৰয় লোৱা মনোভাৱনা অপৰাধেই নহয় ই এক দুৰাৰোগ্য ৰোগ।এই ৰোগত আক্ৰান্ত মানুহ কেতিয়াও সফল নহয়।মই এনে মানুহ দেখিছোঁ।ভাৰতীয় সংস্কৃতিয়ে আমাক এইবোৰ শিকোৱা নাই। 
    কিছুমান মানুহে হিংসা নামৰ ৰোগটোত আক্ৰান্ত হৈ নিজৰহে ধ্বংস মাতে।তেনে মানুহৰ কেতিয়াও সুখ শান্তি নহয়;নিজে জ্বলি জ্বলি মৰে। ভগৱানে হিংসুক দাম্ভিক মানুহক কৃপা কৰি শুদ্ধমতি দিয়ক।
          
                        🌹 ধন্যবাদেৰে 🌹

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। প্ৰৱন্ধটো ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে । বিশেষ ভাল লগাৰ বাবে সংগ্ৰহ কৰি মোৰ ব্লগ পেইজত প্ৰকাশ কৰিলোঁ। অৱশ্যে লেখকৰ নাম মোৰ জ্ঞাত নহয়। 
     ‌সংগ্ৰহ : দুদুল সোণোৱাল।




🌻🌻🌻🌺🌺🌺🌻🌻🌺🌺🌻🌻🌻🌺🌺🌺

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts