নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকা আৰু 'নৰকাসুৰ' নাটৰ মূল আৰু মৌলিকতা। Playwright Atulchandra Hazarika and the originality of the play 'Narakasura.
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
অতুলচন্দ্ৰ হাজৰিকা অসমৰ এজন প্ৰসিদ্ধ নাট্যকাৰ। অসমীয়া নাট্য সাহিত্যৰ ভঁৰাললৈ তেওঁৰ অৱদান উল্লেখনীয়। তেওঁ একাধাৰে কাল্পনিক, ঐতিহাসিক আৰু পৌৰাণিক নাটক ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ উল্লেখিত তিনিটা বিষয়ত মুঠ ত্ৰিশখন মান নাটক ৰচনা কৰিছিল। উল্লেখ্য যে তেওঁৰ নাটক সমূহত মোলোড্ৰামাৰ লক্ষণ বিৰাজমান সেইবোৰ প্ৰায়ে যাত্ৰাধৰ্মী হোৱা পৰিলক্ষিত হয়। তেওঁৰ নাটকত সাংসাৰিক জীৱনৰ তুচ্ছতাৰ পৰিৱৰ্তে বহিঃসংঘাতৰ প্ৰাধান্য অধিক দেখা যায়। সেয়ে হয়তো নাটকবোৰত ভাবাৱেশৰ প্ৰাধান্য অধিক। তদুপৰি চৰিত্ৰৰ ভাবোচ্ছাসপূৰ্ণ আস্ফালন, বহুভাষণ আৰু উপাদান বিন্যাসৰ গতানুগতিকতা তেওঁৰ নাটকত বিদ্যমান। অৱশ্যে তেওঁৰ নাটকত চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ, স্থিৰ গম্ভীৰ অন্তৰ্দৃষ্টিৰ পৰিচয় আৰু জগত আৰু জীৱনৰ দুৰ্জেয় ৰহস্য উদ্ঘাটন আদিৰ ক্ষেত্ৰত বেছি প্ৰভাৱ পৰা নাই। সেয়ে হয়তো বহু ক্ষেত্ৰত তেওঁৰ নাটক বিলাক উচ্চ পৰ্যায়ৰ সাহিত্যলৈ ৰূপান্তৰিত হোৱাত বাধাৰ সৃষ্টি হৈছে। অৱশ্যে চৰিত্ৰৰ ক্ষেত্ৰত কিছু ত্ৰুটি থাকিলেও পৰিস্থিতি আৰু ঘটনাৰ চমৎকাৰিত্বই আৰু চৰিত্ৰৰ সংলাপৰ নাটকীয় গুণে নাটক সমূহক আৱেদনশীল আৰু গ্ৰহণযোগ্য কৰি তোলিবলৈ সক্ষম হৈছে।
হাজৰিকা দেৱৰ নাটকত বিশেষকৈ বঙালী নাট্যকাৰ - ক্ষীৰোদ প্ৰসাদ, দ্বিজেন লাল আৰু গিৰিশ ঘোষৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। তেওঁৰ নাটকত গীতেও ঠাই পাইছিল। বিশেষকৈ স্বদেশপ্ৰেমমূলক, ভক্তিমূলক,শোকব্যঞ্জক আৰু বহু ক্ষেত্ৰত প্ৰেমৰ ভাৱ প্ৰকাশ কৰিবলৈ তেওঁ নাটকত গীতৰ ওপৰত প্ৰাধান্য দিছিল।
অতুলচন্দ্ৰ হাজৰিকা দেৱে ৰচনা কৰা নাটসমূহ হৈছে - ১/ অনুবাদমূলক: 'বনিজ কেঁশৱাৰ' আৰু 'অশ্ৰুতীৰ্থ'। (মূল:Marcent Venice King Lear - Shakespeare) শকুন্তলা (মূল মহাকবি কালিদাসৰ অভিজ্ঞান শকুন্তলা ৰ ভাঙনি) ।
২/ পৌৰাণিক নাটক: বেউলা, নন্দ দুলাল, কুৰুক্ষেত্ৰ, নৰকাসুৰ, নিৰ্যাতিতা, ৰুক্মিণী হৰণ, চম্পাৱতী, শকুন্তলা আৰু সাৱিত্ৰী, পাণ্ডৱৰ অগ্নি পৰীক্ষা, শ্ৰীৰাম চন্দ্ৰ, সতী আদি।
৩/ ঐতিহাসিক নাটক: কনৌজ কুঁৱৰী, ছত্ৰপতি শিৱাজী, টিকেন্দ্ৰজিত, পানীপথ, বীৰঙ্গনা , আহুতি, দময়ন্তী আনন্দমঠ আদি।
৪/কাল্পনিক নাটক: মৰ্জিয়ানা, মানস প্ৰতিমা, ৰংমহল আদি।
অসমীয়া সাহিত্যৰ নাট্য জগতলৈ অতুল চন্দ্ৰ হাজৰিকাৰ অতুলনীয় অৱদানৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি তেওঁৰ দান সঁচাই অমূল্য আছিল। অতুলচন্দ্ৰ হাজৰিকা চিৰদিন অসমীয়া নাট্য সাহিত্যৰ জগতত অম্লান হৈ থাকিব। নৱ প্ৰজন্মক তেওঁৰ নাটক সমূহ সংগ্ৰহ কৰি পঢ়িবলৈ এই আপাহতে আন্তৰিক অনুৰোধ জনালোঁ।
নৰকাসুৰ নাটকৰ - মূল আৰু মৌলিকতা:
নৰকাসুৰ হাজৰিকা দেৱে ৰচনা কৰা এখনি পৌৰাণিক নাটক। উল্লেখ্য যে পৌৰাণিক নাটক সমূহৰ মূল বিষয়বস্তু হৈছে ৰামায়ণ, মহাভাৰত, পূৰাণ আদিৰ পৰা সংগ্ৰহ কৰা পুৰনি কাহিনীৰে সমৃদ্ধ নাটক। নৰকাসুৰ নাটকখনো কালিকা পুৰাণৰ পৰা কাহিনী ভাগ লৈ নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰিছিল। অৱশ্যে তেওঁৰ নিজস্ব দুই এটা কথাবস্তু এই ৰচনাত সংযোগ কৰা দেখা গৈছে।
নাটকখনৰ মূল কাহিনী হ'ল - "বিদেহৰ ৰাজ্যৰ ৰজা জনকৰ গৃহত নৰকাসুৰে তেওঁ বাল্যকাল অতিবাহিত কৰে। নৰকৰ মাতৃ কত্যায়িনী বা বসুন্ধৰা। বসুন্ধৰাৰ উপদেশ মতেই নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ উদ্ধাৰ কৰা, তেওঁ দেৱদ্বিজ বিদ্বে আৰু ভাগৱতীক বিয়া কৰাবৰ বাবে আয়োজন, নৰকাসুৰ বধ কৰাৰ উদ্দেশ্যে সত্যভামাৰ সংগত শ্ৰীকৃষ্ণৰ প্ৰাগজ্যোতিষলৈ আগমন, নৰকৰ লগত যুদ্ধ আৰু নৰকৰ মৃত্যু আদি।" এই সকলোবোৰ ঘটনা নাট্যকাৰে কালিকাপুৰাণৰ পৰা লৈছে। তদুপৰি তেওঁ নাটক খনত কিছুমান কাল্পনিক চৰিত্ৰও সংযোজন কৰিছে। গতিকে স্বকল্পিত আৰু পৌৰাণিক সমল সংযোজন কৰি ৰচনা কৰা নাটকখন এহাতে মনোগ্ৰাহী হৈছে, আনহাতে জটিল আৰু শিথিল দুয়োটা গুণে সাবতি ধৰিছে বুলিব পাৰি।
যদিওবা নৰকাসুৰ নাটকখনৰ মূল বিষয়বস্তু কালিকা পুৰাণৰ পৰা সংগৃহীত হৈছে, তথাপি ইয়াত জনশ্ৰুতি, কিম্বদন্তি, পুৰাণ, মহাভাৰতৰ অপূৰ্ব সংমিশ্ৰণো ঘটিছে যাৰ ফলত কাহিনী ভাগে এটা নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। অতুলচন্দ্ৰ হাজৰিকাৰ হাতৰ পৰশত নাটকখনিয়ে পৌৰাণিক হ'লেও মৌলিকতা অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিছে। নাটকখনত নাট্যকাৰে কাহিনী ভাগ এক অভিনৱ ৰূপত উপস্থাপন কৰিবলৈ চৰিত্ৰ সৃষ্টি কৰি মৌলিকতাৰ ৰহণ সানিছে। বিশেষকৈ বসুমতী, মায়া, ইন্দুমতী, বিশ্বকৰ্মা, নৰকাসুৰ আদি চৰিত্ৰ সমূহ সৃষ্টি কৰি নাট্যকাৰে নাটকখনি সুন্দৰ ৰূপত উপস্থাপন কৰিছে। চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ অভাৱে নাটকখনিৰ কলাত্মক দিশটোত আঘাত হানিছে যেন অনুভৱ হয়। আকৌ নাটকখনিত নাট্যকাৰৰ স্বকল্পিত আৰু পৌৰাণিক ঘটনা সকলোবোৰ সামৰি লোৱাত নাটকীয় বিষয়বস্তুয়ে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। নাটকখনত হাজৰিকা দেৱে সৃষ্টি কৰা চৰিত্ৰ ইন্দুমতী, মায়া, বিশ্বকৰ্মা সত্যকি প্ৰদ্যুম্ন বলৰাম আদি চৰিত্ৰই নাটকৰ কথাবস্তু বিকাশত কোনো বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। অৱশ্যে ইন্দুমতী আৰু বিশ্বকৰ্মাৰ চৰিত্ৰ স্বকীয় ভাৱে অতি সুন্দৰ ভাৱে উপস্থাপন কৰিছে।
নাট্যকাৰে নৰকাসুৰ নাটকখন আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু মাতৃ নিন্দাৰ ভাৱক কেন্দ্ৰ কৰিয়েই ৰচনা কৰিছে। নাট্যকাৰে দেখুৱাইছে যে যেতিয়াই নৰকৰ প্ৰতিশোধ প্ৰৱণতা বৃদ্ধি পাইছে, তেতিয়াই নৰকৰ পতন ঘটিছে।
নৰকাসুৰ নাটকত নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকাই নৰকৰ জীৱনৰ অন্তৰালত দৈৱৰ পৰিহাৰ আছে বুলি দেখুওৱাইছে। নাট্যকাৰে কৈছে যে বিষ্ণুৱে বশিষ্ঠৰ শাপ অনুসৰি নৰকৰ পিতৃ হ'লেও তেওঁৱেই নৰ ৰূপত জন্ম গ্ৰহণ কৰি নৰকৰ মৃত্যুৰ কাৰণ হ'ব। আকৌ নৰকাসুৰৰ মৃত্যুৰ বাবে মাতৃ বসুন্ধৰাৰ আদেশ অপৰিহাৰ্য্য বুলি উল্লেখ কৰে। কিন্তু কোনো মাতৃয়ে নিজৰ পুত্ৰক মৃত্যুদণ্ডৰ আদেশ দিব নোৱাৰে। গতিকে নৰক অমৰ হৈ পৰিল বুলি সকলোৱে ভাবিছিল। কিন্তু বিধিৰ বিধান নহয় খণ্ডন কবৰ দৰে বসুন্ধৰাৰ অংশ সত্যভামাৰ আদেশত বিষ্ণুৰ অংশী নৰৰূপী শ্ৰীকৃষ্ণই নৰকক বধ কৰিবলৈ আগবাঢ়ি আহিল। তেতিয়াহে বসুন্ধৰাই দৈৱৰ প্ৰতাৰণাৰ কথা বুজি পালে। এনেদৰে পৌৰাণিক নাটক নৰকাসুৰত পৌৰাণিকৰ লগতে নাট্যকাৰৰ নিজা সৃষ্টিৰে নাটকখনিত মৌলিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
---------------------------------------------
লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক: দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺