Thursday, August 22, 2024

মহাকাশ অভিযানত ভাৰতবৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। India's past, present and future in space missions.

    মহাকাশ অভিযানত ভাৰতবৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত।India's past, present and futur in space missions.

🖊️পাতনি : মহাকাশ কি ? মহাকাশত কি আছে? .. আদি প্ৰশ্নবিলাকে মানুহৰ মনত অতীজৰে পৰা আমনি কৰি আহিছে। ইয়াৰ সম্পৰ্কে জানিবলৈ অথবা নেদেখা বস্তু চাবলৈ মানুহৰ এক আদিম তাড়না আছে। এই তাড়নাই বা হেঁপাহৰ জৰীডালে মানুহক বিভিন্ন সময়ত মহাকাশৰ সম্পৰ্কে জানিবলৈ উৎসাহিত কৰিছে। ফলশ্ৰুতিত সৃষ্টি হৈছে মহাকাশযান আৰু কৃত্ৰিম উপগ্ৰহ আদিৰ। মানুহৰ অনুসন্ধিৎসু মনে মহাকাশৰ আঁতিগুৰি জানিবলৈ প্ৰৱল প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহাকাশ মানে আমি চকুৰে মনি নোপোৱা উৰ্দ্ধলোকত অৱস্থিত মহাশূণ্যৰ কথাকেই বুজায়। য'ত সূৰ্যক প্ৰদক্ষিণ কৰি আছে- বিভিন্ন গ্ৰহ-উপগ্ৰহ, নক্ষত্ৰ, তাৰকাপুঞ্জ আৰু জ্যোতিষ্কই । এই সমস্তখনেই হ'ল সৌৰজগত। সৌৰজগতৰ অন্তৰ্গত বিভিন্ন গ্ৰহৰ সম্পৰ্কে জানিবলৈ মানুহে চেষ্টাৰ ত্ৰুটি কৰা নাই। শূণ্যৰ পৰা মহাশূণ্যলৈ, আকাশৰ পৰা মহাকাশলৈ যোৱাৰ বাবে প্ৰধান অন্তৰায় হ'ল পৃথিৱীৰ প্ৰৱল মধ্যাকৰ্ষণ শক্তি। উল্লেখ্য যে এই মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ প্ৰায় ত্ৰিশ কিলোমিটাৰ উৰ্ধ্বলৈ বিয়পি আছে। তদুপৰি মহাকাশত আছে গ্ৰহ উপগ্ৰহৰ মধ্যাকৰ্ষণ শক্তি। এই শক্তিক ভেদ কৰি মহাকাশত অৱস্থান কৰিবলৈ লাগিব মধ্যাকৰ্ষণ শক্তিতকৈ প্ৰৱল শক্তি। মানুহৰ স্বভাৱজাত আকাঙ্খাই সেই প্ৰাচীৰকো ভেদ কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। প্ৰৱল মধ্যাকৰ্ষণ শক্তিক প্ৰত্যাহ্বান জনাই বিজ্ঞানী সকলে সৃষ্টি কৰিলে 'ৰকেট' দ্ৰুতগামী ক্ষেপনাস্ত্ৰ। এই ক্ষেপনাস্ত্ৰ যিকোনো শক্তিক প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাবলৈ সক্ষম আৰু যিকোনো ঠাইতে ইয়াক অৱতৰণ কৰাব পাৰে। পৰৱৰ্তী সময়ত বিজ্ঞানী সকলে ৰকেট উৎক্ষেপণৰ জৰিয়তে গ্ৰহ উপগ্ৰহৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষইয়ো এইক্ষেত্ৰত পিছ পৰি থকা নাই। যোৱা      

১৯৬৯ চনৰ ১৫ আগষ্টত ভাৰতত মহাকাশ অভিযানৰ সম্পৰ্কে অধ্যয়ন আৰু গৱেষণাৰ নিমিত্তে জন্ম হৈছিল 'ইছৰো'ৰ অৰ্থাৎ ISRO (Indian Space Research Organisation) নামৰ মহাকাশ সংস্থাটো।


 যাৰ তত্বাৱধানত ভাৰতীয় বিজ্ঞানী সকলে মহাকাশত ১৯৭৫ চনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি মহাকাশৰ সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। 

মহাকাশ অভিযানৰ ইতিহাস: 
    যি সময়ত মহাকাশ অভিযানত উন্নত ৰাষ্ট্ৰ বিলাকে আগভাগ লৈছিল, সেই সময়ত ভাৰত তেনেই চালুকীয়া অৱস্থাত আছিল। ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পোনপ্ৰথমে মহাকাশ অভিযানৰ আৰম্ভণি ঘটাইছিল।১৯৫৭ চনত ৰাছিয়াই প্ৰথম 'স্পুটনিক' নামৰ কৃত্ৰিম উপগ্ৰহ এটা মহাকাশত নিক্ষেপ কৰিছিল। প্ৰথম 'স্পুটনিক' নিক্ষেপ কৰা প্ৰায় এমাহমানৰ পিছত দ্বিতীয় 'স্পুটনিক' ৰাছিয়াই নিক্ষেপ কৰিছিল - য'ত 'লাইকা' নামৰ এটা জীৱন্ত কুকুৰ প্ৰেৰণ কৰা হৈছিল আৰু এই ৰকেট সুকলমে সময়ত উভতি আহিবলৈ সক্ষম হৈছিল। 
   পৰৱৰ্তী বৰ্ষ ১৯৫৮ চনত আমেৰিকাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ৰকেট উৎক্ষেপণ কৰিছিল। আমেৰিকাই প্ৰেৰণ কৰা প্ৰথম ৰকেটৰ নাম আছিল - "এক্সপ্ল'ৰাৰ-১" । উল্লেখ্য যে ইয়াক কৃত্ৰিম উপগ্ৰহ বুলিও কোৱা হয়। এনেধৰণৰ কৃত্ৰিম উপগ্ৰহ পৰৱৰ্তী সময়ত বিজ্ঞানী সকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। ৰাছিয়া আৰু আমেৰিকাই শুভাৰম্ভ ঘটোৱাৰ পৰৱৰ্তী ক্ষণত মহাকাশত মানুহৰ মহাকাশ অভিযানৰ আৰম্ভণি ঘটিল। 
       ভাৰতবৰ্ষইয়ো আমেৰিকা আৰু ৰাছিয়াৰ সাফল্যত অনুপ্ৰাণিত হৈ ভাৰতৰ বাংগালোৰত ১৯৭২ চনত মহাকাশ অভিযান বিভাগ আৰু কমিচন গঠন কৰে। তাৰপিছত ভাৰতৰ বিজ্ঞানীসকলৰ অক্লান্ত প্ৰচেষ্টাত ভাৰতবৰ্ষই প্ৰথম ১৯৭৫ চনৰ ১৯ জানুৱাৰীত 'আৰ্যভট্ট' নামেৰে উপগ্ৰহটো ৰাছিয়াৰ ৰকেটৰ সহায়ত মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰে। ৩৬০ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো প্ৰায় আঢ়ৈ বছৰ কাল মহাশূণ্যত পৃথিৱীক প্ৰদক্ষিণ কৰিছিল।
     ভাৰতৰ দ্বিতীয় কৃত্ৰিম উপগ্ৰহ হৈছে - ভাস্কৰ। ৪২৫ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো ১৯৭৮ চনৰ ৭ জুন তাৰিখে ৰাছিয়াৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। এই কৃত্ৰিম উপগ্ৰহটোৱে দুটা টেলিভিছন কেমেৰা আৰু তিনিটা অতি উচ্চ ক্ষমতাসম্পন্ন ৰেডিঅ' ট্ৰেন্সমিটাৰ কঢ়িয়াই নিছিল। এই উপগ্ৰহৰ মাধ্যমেৰে জলবায়ু, বতৰ আৰু প্ৰয়োজনীয় আনুসংগিক বিষয়ৰ সম্পৰ্কে জানিব পৰা যায়। 
     ইয়াৰ পিছত তৃতীয় কৃত্ৰিম উপগ্ৰহ হিচাপে ভাৰতে মহাকাশত ১৮৮০চনৰ ১৮ জানুৱাৰীত প্ৰেৰণ কৰে 'ৰোহিনী' নামৰ উপগ্ৰহটো। উল্লেখ্য যে এই উপগ্ৰহটো সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে তৈয়াৰ কৰা হৈছিল। উপগ্ৰহটো অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। 
    দক্ষিণ আমেৰিকাৰ গায়েনাৰৰ পৰা ইয়াৰ পৰৱৰ্তী বৰ্ষ ১৯৮১ চনৰ ১৯ জুন তাৰিখে উৎক্ষেপণ কৰা হৈছিল - এপল্ নামৰ কৃত্ৰিম উপগ্ৰহটো। ৬৭০ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো ভাৰতীয় বিজ্ঞানী সকলৰ অভিনৱ সৃষ্টি। একেদৰে ১৯৮২ চনৰ ৯ এপ্ৰিলত 'ইনছাট-১' আৰু ১৯৮৩ চনৰ ৩১ আগষ্টত ইনছাট- ১বি ক্ৰমে আমেৰিকাৰ ৰকেটৰ সহায়ত বহুমুখী কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হৈছিল।

ইয়াৰ পিছত ১৯৮৪ চনত মহাকাশ গৱেষণা সংস্থাৰ গৱেষক ৰাকেশ শৰ্মাই ৰাছিয়াৰ দুজন মহাকাশচাৰীৰ সৈতে 'ছয়ুজটি-১১' নামৰ মহাকাশ যানেৰে মহাশূণ্যলৈ অভিযান আৰম্ভ কৰিছিল আৰু ১১ এপ্ৰিলত সফলতাৰে মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল। গতিকে ৰাকেশ শৰ্মাই হৈছে ভাৰতৰ প্ৰথম মহাকাশচাৰী বা নভশ্চৰ। 
 
বৰ্তমান: বৰ্তমান ভাৰতবৰ্ষ মহাকাশ অভিযানৰ ক্ষেত্ৰখনত বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ভাৰতৰ "সতীশ ধাৱান স্পেচ চেণ্টাৰ'ৰ পৰা প্ৰথম ঘৰুৱা কাৰিকৰী প্ৰযুক্তিৰ সহায়েৰে 'চন্দ্ৰযান-১' যোৱা ২০০৮ চনত উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পিছত 'চন্দ্ৰযান-২' চন্দ্ৰৰ সম্পৰ্কে পৰীক্ষা-নিৰীক্ষাৰ নিমিত্তে ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰৰ অভিমুখে নিক্ষেপ কৰিছিল। আকৌ ২০২৩ চনৰ ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ 'সতীশ ধাৱান স্পেচ চেণ্টাৰ'ৰ পৰা 'চন্দ্ৰযান-৩' নিক্ষেপ কৰি মহাকাশত ভাৰতৰ অৱস্থান নিকপকপীয়া কৰি তোলিব সক্ষম হৈছে ভাৰতৰ বিজ্ঞানীসকল। উল্লেখ্য যে 'চন্দ্ৰযান-৩' ৰ মুঠ ওজন আছিল ২১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ আৰু ৰ'ভাৰ মিলি ওজন আছিল ১৭৫২ কিলোগ্ৰাম।

ভৱিষ্যত : আগন্তুক দিনবোৰত ভাৰতৰ দ্বাৰা মহাকাশত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে - মহাকাশ কেন্দ্ৰ বা ভাৰতীয় অন্তৰীক্ষ স্টেচন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ দ্বাৰা পৰিচালিত পৰিকল্পিত মহাকাশ কেন্দ্ৰৰ 'মডিউলাৰ মহাকাশ কেন্দ্ৰ'। উল্লেখ্য যে মহাকাশ কেন্দ্ৰটোৰ ওজন হ'ব ২০ টন আৰু পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত পৰিক্ৰম হৈ থাকিব। মহাকাশচাৰী সকলে এই কেন্দ্ৰটোত ১৫-২০ দিন পৰ্যন্ত থাকিব পাৰিব বুলি ঠাৱৰ কৰা হৈছে। এই প্ৰকল্প ২০৩০ চনত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও 'গগনযান' ক্ৰুযুক্ত মহাকাশ বিমান অভিযানৰ সৈতে জড়িত কাৰিকৰী সমস্যাৰ বাবে ২০৩৫ চনলৈ পিছুৱাই দিয়া হয়।
   অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষই অইন উন্নত ৰাষ্ট্ৰৰ দৰে মহাকাশত নিজৰ গৌৰৱ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ'ব সেয়া ধ্ৰৱসত্য।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒




Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts