Friday, September 5, 2025

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

 এটা সাৰুৱা ভাষণ...

   পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল। 

        জয়জয়তে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
        আজিৰ দিনটো আমাৰ বাবে এক বিশেষ দিন। এই দিনটোতে আমি তথা ভাৰতৰ জনগণই আমাৰ মহান শিক্ষক, আমাৰ পথ প্ৰদৰ্শক, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উদযাপন কৰি আহিছোঁ। আজিও তাৰেই বহিঃপ্ৰকাশ মাথোন। তেওঁৰ মহান আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি আমি এই দিনটোত শিক্ষকসকলক সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ পৰম্পৰা পালন কৰি আহিছোঁ।
       শিক্ষকসকল হৈছে সমাজৰ এক চালিকা শক্তি। তেওঁলোকৰ অদম্য চেষ্টা আৰু ত্যাগৰ ফলতেই এজন সাধাৰণ মানুহ এজন আদৰ্শ নাগৰিকলৈ পৰিণত হয়। শিক্ষকসকলৰ কোনো নিৰ্দিষ্ট পৰিচয় নাই, তেওঁলোকে গোটেই জীৱনটোকে উৎসৰ্গা কৰে জ্ঞান বিতৰণ কৰিবলৈ আৰু নতুন প্ৰজন্মক এক উন্নত ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ। 
       শিক্ষক হিচাপে, মই বিশ্বাস কৰোঁ যে আমাৰ দায়িত্ব কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়াৰ মাজতেই সীমাবদ্ধ নহয়। আমাৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হিচাপে গঢ় দিয়া, তোমালোকৰ মাজত নেতৃত্বৰ গুণ বিকশিত কৰা আৰু তোমালোকক জীৱনৰ সকলো প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তোলা। আমি তোমালোকক কেৱল বিষয়-বস্তুৰ জ্ঞানেই নিদিওঁ, বৰঞ্চ তোমালোকৰ চৰিত্ৰ গঠনত সহায় কৰি আহিছোঁ আৰু তোমালোকক মানৱিক মূল্যবোধৰ প্ৰতি সজাগ কৰি আহিছোঁ। 
           আমি সকলোৱে জানো যে আজিৰ সময়ত শিক্ষাৰ লগত জ্ঞান আৰু কেৱল নম্বৰৰ প্ৰতিযোগিতা নহয়, ই হৈছে এক সুন্দৰ ভৱিষ্যত গঢ়ি তোলাৰ এক যাত্ৰা। এই যাত্ৰাত শিক্ষকসকল হৈছে সেই পথ প্ৰদৰ্শক যিয়ে ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথত আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ জীৱনত এক সঠিক দিশৰ নিৰ্দেশনা দিয়ে। 
       প্ৰতিজন ব্যক্তিৰে একোজন শিক্ষাগুৰু থাকে । এই শিক্ষক দিৱসৰ উপলক্ষে, মই মোৰ শিক্ষকসকলকো এই চেগতে শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম, ধৈৰ্য আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ মৰম আৰু স্নেহৰ বাবে ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ মহান ত্যাগৰ ফলত আজি আমি এই স্থানত উপবিষ্ট হ'বলৈ সক্ষম হৈছোঁ। 
     আজিৰ এই শুভ ক্ষণত, মোৰ ছাত্ৰ-ছাত্ৰীসকলক কও, শিক্ষক দিৱস আয়োজন কৰি যিদৰে শিক্ষাগুৰু সকলক সন্মান জনাইছা, অদূৰ ভৱিষ্যতলৈ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ পাহৰি নাযাবা। শিক্ষাগুৰুক সদায় শ্ৰদ্ধা জনাবা, ভক্তি কৰিবা। তেতিয়াহে জীৱনত সফলতা লাভ কৰিবা। শিক্ষাগুৰুৱে প্ৰদান কৰা শিক্ষা আয়ত্ব কৰিবলৈ সদায় আগ্ৰহী হবা। নিজৰ জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰিবলৈ শিকাৰ বিনে গন্ত্যন্তৰ নাই। মনোযোগ আৰু ধাউতি নাথাকিলে শিক্ষা জীৱনত সফলতা লাভ কৰিব পৰা নাযায় । শিষ্টাচাৰী হ'বলৈ শিকিবা। ধৈৰ্য, সহিষ্ণুতা, অধ্যৱসায়,  শ্ৰদ্ধা, স্পষ্টবাদী, নম্ৰতা, বিনয়ী, সদাচাৰ, নিয়মানুবৰ্তিতা, সাধুতা, আদি গুণসমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। শৃংখলাবদ্ধ হ'বলৈ শিকিবা। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাতো গুৰুত্ব দিবা। মন সদায় স্থিৰ ৰাখিবা। তেতিয়াহে চিন্তাত আউল নালাগে। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ গাত এইসমূহ গুণৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। যাৰ ফলত বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত মনোমালিন্য সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ভৱিষ্যত জীৱনৰ কাৰণে সপোন দেখিবলৈ চেষ্টা কৰিবা। সপোন আৰু কল্পনা হ'ল জীৱনৰ সোপান। যিয়ে সপোন দেখিবলৈ শিকে, সিয়ে জীৱনত ভাল ফল লাভ কৰিবলৈ সক্ষম হয়। গতিকে সপোন আৰু কল্পনা দুটা পৰিপূৰক শব্দ। নিজৰ ওপৰত বিশ্বাস ৰাখিবা, জীৱনত সফলতা লাভ কৰিব সক্ষম হবা। মনত ৰাখিবা জীৱনত সফলতা আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টাৰ বিনে গন্ত্যন্তৰ নাই । অধ্যৱসায় আৰু আন গুণসমূহ আয়ত্ব কৰি ইয়াক বাস্তৱত প্ৰয়োগ কৰি জীৱন সাৰ্থক কৰি তুলিব পাৰি। 
     তদুপৰি বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ছাত্ৰীসকল পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণ কি? নিশ্চয় ছাত্ৰী সকলে ধৈৰ্য আৰু অধ্যৱসায়ৰ জ্ঞান আয়ত্ত কৰিবলৈ চেষ্টা কৰিছে। একাগ্ৰতাৰে আৰু মনোযোগেৰে অধ্যয়ন কৰিছে। তদুপৰি নিজৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আগবাঢ়ি যাবলৈ পণ কৰিছে। সময়ৰ কাম সময়ত সম্পন্ন কৰিলেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি। ইয়াৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰসকলেও আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিব লাগিব। মই আজিৰ শুভ ক্ষণত তোমালোকৰ প্ৰত্যেকৰে জীৱন সুন্দৰ আৰু সফল হোৱাৰ আন্তৰিক কামনা কৰিছোঁ। 
আৰু বেছি নকওঁ।
       সদৌ শেষত এই শুভ ক্ষণত পুনৰাই মোৰ মৰম তোমালোকক নিবেদন কৰি মোৰ চমু বক্তৃব্যৰ সামৰণি মাৰিলো। 


বিদ্যালয়ত আগবঢ়োৱাৰ সুবিধাৰ্থে এই বক্তৃতাটো নমুনা যুগুত কৰি আগবঢ়ালোঁ। ধন্যবাদ। 


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts