ৰোমন্থন : বহু বছৰৰ আগৰ কথা মনলৈ আহিব ধৰিছে অহৰহ । মই পঞ্চম শ্ৰেণীত ভৰি দিছোঁহে মাত্ৰ। মোৰ পৰা দূৰলৈ বহু দূৰলৈ আতঁৰাই লৈ গ'ল মোৰ পূজনীয় দেউতাক। চকুৰে ধূৱলি কুঁৱলি দেখিলোঁ মই । কি হ'ব মোৰ জীৱনৰ কুমলীয়া থুনুকা ভেটি ।সময়ৰ প্ৰবল সোঁতত উটি যাব নেকি মোৰ ভৱিষ্যত ! মই নিৰুপায় । হ'লেও জীৱনৰ বাটত আগুৱাই যাবই লাগিব যিকোনো উপায় অৱলম্বনেৰে । এয়াই যে নিয়ম এই ধৰাৰ ।
সময়ৰ বেগী ঘোঁৰাক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা নাই। তথাপিও সময়ৰ নেগুৰত সজোৰে খামোচি আগুৱাই যাবই লাগিব । মোৰো ইয়াৰ ব্যতিক্ৰম নহ'ল । ৰাখে হৰি মাৰে কোনে । গতিকে প্ৰৱল আশাক সাৰথি কৰি আগুৱাই গ'লো জীৱনৰ কন্টকময় পথ অতিক্ৰমি নিজ লক্ষ্যৰ দিশে।
ক্ৰমশঃ