Thursday, April 30, 2020

জীৱনৰ তিতা কেঁহা অভিজ্ঞতা

       ৰোমন্থন :          বহু বছৰৰ আগৰ কথা মনলৈ আহিব ধৰিছে অহৰহ । মই পঞ্চম শ্ৰেণীত ভৰি দিছোঁহে মাত্ৰ। মোৰ পৰা দূৰলৈ বহু দূৰলৈ আতঁৰাই লৈ গ'ল মোৰ পূজনীয় দেউতাক। চকুৰে ধূৱলি কুঁৱলি দেখিলোঁ মই । কি হ'ব মোৰ জীৱনৰ কুমলীয়া থুনুকা ভেটি ।সময়ৰ প্ৰবল সোঁতত উটি যাব নেকি মোৰ ভৱিষ্যত ! মই নিৰুপায় । হ'লেও জীৱনৰ বাটত আগুৱাই যাবই লাগিব যিকোনো উপায় অৱলম্বনেৰে । এয়াই যে নিয়ম এই ধৰাৰ । 

        সময়ৰ বেগী ঘোঁৰাক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা নাই। তথাপিও সময়ৰ নেগুৰত সজোৰে খামোচি আগুৱাই যাবই লাগিব । মোৰো ইয়াৰ ব্যতিক্ৰম নহ'ল । ৰাখে হৰি মাৰে কোনে । গতিকে প্ৰৱল আশাক সাৰথি কৰি আগুৱাই গ'লো জীৱনৰ কন্টকময় পথ অতিক্ৰমি নিজ লক্ষ্যৰ দিশে। 
        ক্ৰমশঃ
          
          
    

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts