Thursday, April 30, 2020

জীৱনৰ তিতা কেঁহা অভিজ্ঞতা

       ৰোমন্থন :          বহু বছৰৰ আগৰ কথা মনলৈ আহিব ধৰিছে অহৰহ । মই পঞ্চম শ্ৰেণীত ভৰি দিছোঁহে মাত্ৰ। মোৰ পৰা দূৰলৈ বহু দূৰলৈ আতঁৰাই লৈ গ'ল মোৰ পূজনীয় দেউতাক। চকুৰে ধূৱলি কুঁৱলি দেখিলোঁ মই । কি হ'ব মোৰ জীৱনৰ কুমলীয়া থুনুকা ভেটি ।সময়ৰ প্ৰবল সোঁতত উটি যাব নেকি মোৰ ভৱিষ্যত ! মই নিৰুপায় । হ'লেও জীৱনৰ বাটত আগুৱাই যাবই লাগিব যিকোনো উপায় অৱলম্বনেৰে । এয়াই যে নিয়ম এই ধৰাৰ । 

        সময়ৰ বেগী ঘোঁৰাক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা নাই। তথাপিও সময়ৰ নেগুৰত সজোৰে খামোচি আগুৱাই যাবই লাগিব । মোৰো ইয়াৰ ব্যতিক্ৰম নহ'ল । ৰাখে হৰি মাৰে কোনে । গতিকে প্ৰৱল আশাক সাৰথি কৰি আগুৱাই গ'লো জীৱনৰ কন্টকময় পথ অতিক্ৰমি নিজ লক্ষ্যৰ দিশে। 
        ক্ৰমশঃ
          
          
    

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts