ছাত্ৰ জীৱনৰ মুক্ত সময়কন উপভোগ কৰাৰ মানসিকতা বাৰু কাৰ নাই। মইয়ো তাৰ ব্যতিক্ৰম নোহোৱাটোৱে স্বাভাৱিক। ছাত্ৰ সন্থাৰ মজিয়াৰ মাজেৰে সমাজ সেৱাৰ মানসেৰে আগবাঢ়ি গৈছিলো ।
তৎকালীন সময়ৰ বন্ধু সকলৰ ভিতৰত মই অমল , মনোৰঞ্জন আৰু ফনীধৰ 1991 চনত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰথম পৰ্দাপন কৰিছিলোঁ। ছাত্ৰ সন্থাৰ মজিয়াত যে বহু গুৰুত্বপূৰ্ণ আলোচনাও হয়, বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় তেতিয়াহে মই ভালদৰে বুজি উঠিছিলো যেতিয়া ইয়াৰ সৈতে প্ৰগাঢ় সম্পৰ্ক গঢ়ি উঠিছিল।
আমি প্ৰথম সন্হাত যোগদান কৰিছিলোঁ 1991চনত হাতীঘূলী অধিৱেশনত । উক্ত অধিৱেশনৰ বিদায়ী সভাপতি সুৰজিত বুঢ়াগোহাঁই দেউ , প্ৰদীপ পাল দেউ আৰু উপদেষ্টা হিচাপে আছিল শ্ৰদ্ধাৰ নবুল কুমাৰ ডাঙৰীয়া। তেখেতসকলৰ উদাত্ত কণ্ঠৰ বক্তৃতাই আজিও সেই সময়লৈ মনত পেলাই থাকে ।
1985 চনৰ পৰা কেইখোজ মান পাৰ্থক্য মাথো। ১৯৯০ চনৰ পিছতো সেই বিদেশীৰ জুই সম্পূৰ্ণ ভাৱে নিৰ্বাপিত হোৱা নাছিল। তেতিয়াও উমি উমি জ্বলি আছিল ।
সেই মূহুৰ্তত অনুষ্ঠিত হোৱা অধিৱেশনে তাকেই কয় । অসম চুক্তি কাৰ্যকৰী কৰনাৰ্থে আন্দোলন , আই এম ডি টি আইন বাতিল কৰণ আদি স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত গভীৰ ভাৱে আলোচিত হৈছিল ৰাতি প্ৰতিনিধি সভাত । আমি চাৰিওজনে কিন্তু টোপনিত মূৰটো ওপৰ তল কৰিব লগাত পৰছিলো। টোপনি নাযামেই বা কেনেকৈ যিহেন বোকাময় বাট অতিক্ৰমি অধিৱেশন থলীত উপস্হিত হৈছিলোগৈ । আজিও কথাবোৰ মনত পৰিলে মূৰটো আচন্দ্ৰাই কৰে। আৰৈমূৰীয়াৰ পৰা হাতীঘূলী লৈ সেই সময়ত যাতায়াতৰ ব্যৱস্থা তেনেই শোচনীয় আছিল। দ দ গাত বোকা পানীৰে পৰিপূৰ্ণ ৰাস্তাৰে কেৱল ফৰ হুইলাৰ গাড়ীয়েহে ফেৰ মাৰিব পাৰিছিল। আমি নবুল চাৰসহ পাছোজন ধলাৰ কাশ্মীৰৰ ধান কঢ়িওৱা লৰি খনত গৈছিলো ধলালৈ । আকৌ সেই সময়ত পি, ডব্লিউ ডি ৰাস্তাৰে যোৱাটোও অসম্ভৱ আছিল। কাৰণ পথত আছিল একাঠু দ গাত য'ত বোকাৰে পূৰ্ণ আছিল। সেয়েহে আমি মথাউৰি দি যাব লগাত পৰছিলো। গৰু গাড়ীৰ বেগেৰে আমাক দুই ঘণ্টামানৰ মূৰত ধলাত নমাৰ সুবিধা কৰি দিছিল। ধলাৰ পৰা পুনৰ জিপ গাড়ীৰে হাতীঘূলীত উপস্হিত হৈছিলোগৈ। এনে পঙ্কিলময় অসহনীয় পথ অতিক্ৰম কৰাৰ বাবে হয়তো ভাগৰে বেৰি ধৰিছিল আৰু টোপনিয়েও হেঁচা মাৰি ধৰিছিল।
" অসমীয়াই টোপনি মৰাৰ ফলশ্ৰুতিতেই অসম বিদেশীৰ চৰনীয়া পথাৰত পৰিনত হৈছে । জাগা বন্ধুসকল এতিয়া টোপনি মৰাৰ সময় নহয়। বিদেশী আহি পাকঘৰত সোমাল । " - উদাত্ত কণ্ঠে কোৱা কথাখিনিত সাৰ পাই গৈছিলো ।
কথাষাৰে মোক বাৰুকৈয়ে ৰেখাপাত কৰিছিল। সততে শুনা যায় অসমীয়া এলেহুৱা , নিৰ্ষ্কমা আদি অসমীয়াক লৈ দিয়া গুৱাল গালি । আনহাতে অসমীয়াই সন্হা কৰি ভালপায় , আচলতে অসমীয়াই বাধ্যত পৰি আন্দোলন হৰতাল কৰিব লগাত পৰিছে। অসমত তেল আছে, কয়লাৰ ভাণ্ডাৰ আছে কিন্তু এইবোৰ অসমীয়াৰ নহয়, দিল্লীৰ ৰাজভঁৰাল টনকিয়াল কৰাৰহে দ্ৰব্য। অসমত পয্যাপ্ত পৰিমাণে ওখ সমতল ভূমি আছে য'ত কেৱল চাহবাগিচাৰে ভৰি আছে। বৃটিছ চৰকাৰে স্থাপন কৰা নিয়মেৰে দিল্লীয়ে এতিয়াও এইবোৰ সম্পদ লুটিপুটি নিয়ে আছে । অসম চৰকাৰে নগন্য পৰিমাণে ৰয়েলট্ৰী পায় আৰু সেয়াতে সন্তুষ্ট থাকিবলৈ আমি বাধ্য। এই ওখ মাটিখিনি যদি অসমীয়াই ভোগ কৰিব পালেহেঁতেন নিশ্চয় আজি অসমৰ কৃষক কৃষিক্ষেত্ৰত ইমান পিছ পৰি নৰ'ল হেঁতেন। আৰু এলেহুৱা বিশেষণৰ পৰা মুক্ত হ'ল হেঁতেন ।
স্পীকাৰত ভাঁহি অহা গানৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিলো । ডিঙি মেলি চাই দেখো সেয়া ইলো , অমল , জিতা আৰু সিঁহতৰ সংগীসকলে গায় আছে- "পুৱাৰ সূৰুয হৈ সঁজাও
মোৰ শ্যামলী আই অসমী,
জোনৰ জোনাক হৈ সঁজাও
মোৰ মৰমী আই অসমী ...।
_______________+_______________
No comments:
Post a Comment
dudulsonowal32@gmail.com