Friday, May 22, 2020

গল্প : সময়ৰ ৰং

          শীতৰ দিনৰ গুৱাহাটী ,ধূসৰিত আকাশত ওলমি আছে উদাসীন সুৰুয, নতুন দিন এটাই অলসভাৱে মেলি দিছে কম্পিত দুহাত । বিশাল বুকুত কুৱঁলীৰ শিল্পৰ অৱশেষ লৈ সন্মুখত এয়া মায়াময় গুৱাহাটী। চেঁচা বতাহত উপভোগ্য হৈ পৰিছে মৃদু ৰ'দ জাক।আকাশ দ্বীপৰো প্ৰত্যুষৰ এই মৃদু ৰ'দ জাক লবৰ মন গ'ল। ৰ'দজাকে মেন তাক দিয়াব জীৱন নিৰাপত্তাৰ এক সুৰীয়া গান।
        জীৱিতাৱস্হাত যিকোনো এজনলোকে জীৱন নিৰাপত্তাৰ বাবে কিবা এটা গত লগাব অশেষ যত্ন কৰিও যদি একো সুবিধা কৰিলব নোৱাৰে মনত তেতিয়া কেনে ভাৱৰ উদয় হয় বাৰু ? সেয়া হয়তো একমাত্ৰ ভুক্তভোগী ব্যক্তিয়েহে উপলব্ধি কৰিব পাৰিব। তেতিয়া মানুহৰ আশা আকাংক্ষা হয়তো ফুটা কলহৰ পানী এটোপ এটোপ সৰি পৰি শেষ হোৱাৰ দৰে জীৱনৰ প্ৰতিটো প'ল নি:শেষ হৈ যোৱাৰ উপক্ৰম হয়।
        আকাশদ্বীপৰ মনত পৰিল জীৱনৰ প্ৰতিটো বিপদেৰে মুখামুখি হ'বলৈ কৰা আপ্ৰাণ প্ৰচেষ্টাৰ কথা। জীৱনৰ কণ্টকময় পথ অতিক্ৰমি সেন্দুৰীয়া আলিয়েদি খোজ কাঢ়িবলৈ কৰা যত্নৰ মূহুৰ্ত্ত। অথবা জীৱনৰ অৰ্ধপ্ৰজ্বলিত বন্তি গছি পূৰ্ণতাৰে প্ৰজ্বলন কৰিবলৈ কৰা প্ৰয়াসৰ কথা। ক'ত,কোনখন কাগজত চাকৰি নিযুক্তিৰ বিজ্ঞাপন দিছে । ক'ত সাক্ষাৎকাৰ পাতিছে।পি সকলোতে উপস্হিত। কাৰণ তাক যে এটা চাকৰি লাগে । যিটো তাৰ বাবে কেৱলমাত্ৰ প্ৰয়োজনীয়ই নহয় সঁচা অৰ্থত অত্যাৱশ্যকীয়। এইদৰে সি এটা সাধাৰণ চাকৰি বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি সি চলাথ কৰি দিছিল, যিটো আছিল তাৰ বাবে এটা নিত্য নৈমিত্তিক কাৰ্যৰ দৰে। মাক-দেউতাকৰ আশা সদায় পুত্ৰ-জীৰ ওপৰত। নিজ পুত্ৰৰ ওপৰত সদায় পিতৃ-মাতৃৰ অগাধ বিশ্বাস থাকে।সি এদিন মানুহ হ'ব। নিজে প্ৰয়োজনীয় আহাৰ বিচাৰি খাব জানিব। আকাশদ্বীপো সেয়ে হয়তো সকলোৰে ভোক নিবাৰণ কৰিব পৰা এগৰাহ ভাতৰ সদৃশ।নহয়়়নো কি ! কাৰণ সিয়েই যে নিবাৰণ সোণোৱালৰ দৈনতাই থকা-সৰকা কৰা ঘৰখন উদ্ধাৰিবলৈ একমাত্ৰ আশা। একমাত্ৰ ভৰসা ।

ক্ৰমশঃ
   

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

: ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:  Conservation of Nature for Future Generations. পাতনি:         প্ৰকৃতি হৈছে মানৱ জাতিৰ...

Popular posts