Sunday, May 31, 2020

স্মৃতিৰ জলঙাৰে...a chink of memories...( প্ৰথম ছোৱা )

     বন্ধুসকল টোপনি এৰা। এইদৰে আমি টোপনিত থাকোঁতেই অসমৰ চৌদিশে বিদেশীয়ে ভৰিল।আপোন ঘৰখনৰ পাকঘৰৰ মজিয়াত বিদেশীৰ প্ৰৱেশেৰে দপদপনি তুলিছে। জাগা বন্ধুসকল জাগা ,ঘূৰাই আনক মনোবল,। সচেতনতা । গৰজি উঠক সিংহৰ দৰে। নহ'লে আজি নিজৰ ঘৰতেই আমি আলহী হ'ম।সভাকক্ষ ৰজনজনাই যোৱাকৈ এইদৰে কৈছিল জিলাৰ সহ সম্পাদক প্ৰবীণ সোণোৱালে।
     আমি সকলোৱে লজ্জিত হৈছিলো। অৱশ্যে কেৱল আমাৰ আঞ্চলিকৰ ছাত্ৰ-ছাত্ৰীয়ে যে টোপনি গৈছিল তেনে নহয় , প্ৰায়ভাগেই টোপনিৰ জালত পৰিছিল। 
      উল্লেখযোগ্য যে প্ৰতিনিধি সভাৰ কাৰ্য্যসূচী নিশাহে আৰম্ভ কৰা হয় যাতে সকলো দিশতে কোনো অসুবিধাৰ সৃষ্টি নহয়। সেয়ে প্ৰায় ভাগৰে টোপনি অহাটো স্বাভাৱিক। 
       তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটাত। মেছাকী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা নবুল সোণোৱাল চাৰৰ একান্ত অনুৰোধ মৰ্মে অমল সোণোৱাল আৰু মই যাবৰ বাবে মান্তি হৈছিলো। এয়া হ'ল ১৯৯২ চনৰ কথা। নিৰ্দিষ্ট তাৰিখত আমি যাবলৈ সাজু হৈছিলো।ধলা ছৈখোৱা আঞ্চলিকৰ অন্তৰ্ভুক্ত হাঁহখাটী হাইস্কুল , হাতীঘূলি হাইস্কুল , ছৈখোৱা হাইস্কুল , ছৈখোৱা হিন্দী হাইস্কুল আৰু মেছাকী হাইস্কুলৰ মুঠ  দহ জন আৰু আঞ্চলিকৰ সভাপতি সম্পাদক লগতে উপদেষ্টা তথা তিনিচুকীয়া জিলাৰ উপ-সভাপতি শ্ৰী নবুল সোণোৱাল দেউৰ সৈতে একেলগে একেখন গাড়ীৰে অধিৱেশন থলীলৈ ৰাওনা হৈছিলো।
         আবেলি ঠিক তিনিমান বজাত মাৰ্ঘেৰিটাত উপস্হিত হৈছিলোগৈ। নতুন ঠাই নতুন পৰিৱেশ । জিলাৰ ভিতৰৰ ঠাই হ'লেও আমাৰ বাবে সম্পূৰ্ণ নতুন ঠাই। পোন্ধৰ বছৰ বয়সতে আনে বিশ্ব ভ্ৰমিব যায় কিন্তু আমাৰ দৰে দাল দৰিদ্ৰ ঘৰৰ ল'ৰা কেইটাই নিজৰ জিলাৰ ভিতৰৰ ঠাই কনকে দেখা পোৱা নাই। কি যে ফুটা কপাল ! মনত পৰিলে এতিয়াও দুনয়নেৰে চকুলো নিগৰি যায়।
         তৎকালীন সময়ত ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/ সম্পাদক আছিল ক্ৰমে সুৰজিত বুঢ়াগোহাঁই আৰু প্ৰদীপ পাল । সভাপতি সম্পাদকে প্ৰতিনিধি পঞ্জীয়ন ,বেজ, খাদ্যৰ কুপন আদি সংগ্ৰহ কৰিছিল আৰু সকলোকে বেজ পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল। সভাপতি সম্পাদকৰ নিৰ্দেশ শিৰোধাৰ্য কৰি সকলোৱে বেজ পৰিধান কৰি প্ৰতিনিধিৰ সভাকক্ষত আটায়ে প্ৰৱেশ কৰিছিলোঁ। প্ৰতিটো আঞ্চলিকৰ বাবে পৃথককৈ আসন সংৰক্ষণ কৰা হৈছিল। আমি ছৈখোৱা আঞ্চলিকৰ বাবে সংৰক্ষিত আসনত সকলোৱে উপবিষ্ট হলো । কিছু মূৰটো ওপৰ কৰি সভাকক্ষৰ চৌপাশৰ পৰিৱেশ অধ্যয়ন কৰি পুনৰ বহিলো। সভাকক্ষ একেবাৰে কাঁহপৰি জীন যোৱাৰ দৰে অৱস্থা । নিৰৱ নিস্তব্ধ । দেখিলোঁ আমাতকৈ বহু ডাঙৰ আৰু বেছি বয়সৰ প্ৰতিনিধিৰে সভাকক্ষ পূৰ্ণ হৈ আছে। 
            শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ গোলাপ বৰা আৰু সংগীসকল মুঠ সাতজনে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ লগত চা- চিনাকি হৈ সমস্ত খবৰ ললো। তেওঁলোকৰ আটায়ে কলেজৰ ছাত্ৰ-ছাত্ৰী । লগতে আনবিলাক ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো সদৃশ খবৰে পালো। অৰ্থাৎ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকুলেট । আমি কিছু ভয় আৰু সংকোচেৰে বহি থাকিবলৈ বাধ্য হৈছিলো কাৰণ আমি আলোচ্য বিষয়বস্তুৰ সম্পৰ্কে অভিজ্ঞ নাছিলো।
          নিৰ্দিষ্ট সময়ত সভাকক্ষৰ সন্মুখৰ আসনত অধিৱেশনৰ উদ্যোগী তথা জিলাৰ সভাপতি সম্পাদকে ধৰি সমূহ বিষয়ববীয়া নিজ আসনত উপবিষ্ট হ'ল। সভা আৰম্ভ হ'ল। সভাপতিৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা , চিনাকি পৰ্ব আদি কাৰ্যসূচী আগবঢ়ায় নিছিল। সেই অধিৱেশনৰ সভাপতি আছিল ৰঞ্জন বড়ো আৰু সম্পাদক আছিল প্ৰবীন সোণোৱাল । অসমৰ সকলোৱে নিশ্চয় জানে এই প্ৰবীন সোণোৱালকেই ভাৰতীয় আৰ্মিৰ 'বিহাৰ ৰেজিমেন্টে ' ১৯৯৫ চনত হোৱা  'অপাৰেশ্যন ৰাইনো'ৰ সময়ত আলফাৰ সন্দেহত ডুমডুমাৰ ৰংদৈ হাবিত গুলিয়াই মাৰিছিল। সভাৰ কাৰ্যসূচী ক্ৰমশঃ আগুৱাই লৈ গৈছিল। আলোচনা হৈছিল বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ,বিতৰ্ক হৈছিল বহু সামাজিক ব্যৱহাৰ ওপৰত। আমি যেন কেৱল নিৰৱ শ্ৰোতাহে তেনে অনুভৱ এটাই বাহ সাজিব আৰম্ভ কৰিছিল মোৰ মন অৰণ্যৰ প্ৰতিজোপা গছত। কিন্তু মনত অনুভূত হৈছিল  'দেশ প্ৰেম'  ভাৱৰ অমল মনোভাৱ। 
       ক্ৰমশঃ 
   
        

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts