Thursday, May 28, 2020

ৰঙেৰ দুখ

     সি আজি সেই ঘাঁহ ডৰা খাবই । কোমল কোমল কুমলীয়া ঘাঁহ কোনেনো নিবিচাৰে। কথাটো কাকো ক'ব নোৱাৰি। কথাতে কয় বোলে - বেৰৰো কাণ আছে । গতিকে সাৱধান হৈ কথা কোৱাটো ভাল। ক্ৰমান্বয়ে বুঢ়া হৈ আহিছোঁ বাবে হয়তো আজিকালি মালিকেও বৰ পাত্তা নিদিয়ে । মোৰ লগৰ আনবিলাকক দানা, ঘাঁহ পানী বেচিকৈ গোটাই দিয়া যেন অনুভৱ হয়। অৱশ্যে মোকো একেবাৰে নিদিয়া নহয় , হ'লেও পূৰ্বতকৈ কিছু দিয়া যেন লাগে। সেয়ে বগে, কজলাকো কথাটো নোকোৱাই ভাল হ'ব বুলি ৰঙাই একান্ত মনে ঘাঁহ পাগুলি চিন্তা কৰিব ধৰিলে।
        ...... সিদিনাখন মোৰ মালিক আৰু ওচৰৰে বলোকাইৰ মাজত আলোচনা চলি থকা নিজ কাণে শুনিছোঁ । তাৰ বোলে গেজিং বাৰীত বৰ ডাঙৰ এখন ঘাঁহনি বাৰী আছে।তাঁহাতৰ গৰুকেইটাক বোলে সদায় তাৰে অলপ অলপকৈ কাটি দিয়ে। সেয়ে হেনো বলধ কেইটা নোদোকা চেহেৰাৰ ।গাইজনীয়েও গাখীৰ বেছিকৈ দিয়ে। দমৰা কেইটাও শকত-আৱত হৈছে। এই কথা শুনি আমাৰ মালিকে কি কথা ক'লে, জানানে ?  কথা শুনিয়েই মোৰ চকুলো সৰিল । ক'লে- " বোলে,কি আৰু ভাল ঘাঁহ গোটাই দিবি , এইকেইটাৰেচোন মই ভালদৰে খেতি কৰিবলৈ নোৱাৰো। ট্ৰেকটৰ নলগালে কামেই নিসিজে ।যি খাই জংঘলতে খাব, বেছি আপদাল ল'বলৈ মোৰ সময় নাই। উৱাঁও, এইটোৱে কথা নেকি ? অতদিনে বুঢ়াক কোনে খেতিত সহায় কৰিছিল। এই ৰঙে,নহয়নে ? ঘৰৰ বাৰী, পথাৰৰ খেতি, বাম খেতি, জাৰ- জহ কি, সকলো সময়তে ৰঙা,বগা , কজলাৰ আহৰি নোহোৱা কাম। মালিকে এঘাৰ বজাতহে আমাক হালৰ পৰা খোলে। তেনেহলে পেট ভৰাই খাবলৈ আমাৰ সময় থাকিল ক'ত ! ৰঙাই ভাবিলে... এই মানুহমখাক বিশ্বাস কৰিব বৰ টান। ইহঁত স্বাৰ্থপৰ । নিজক লৈ ব্যস্ত ইহঁত । অ' সিদিনা মালিকৰ সৈতে বলোকাই আলোচনা কৰি থকা শুনিছিলো । পশুমন্ৰীয়ে হেনো পশু খাদ্যৰ সিংহভাগ ধন খালে। অকল পশু ধনেই নে ? কি নাখাব ইহঁতে ! শিশুৰ ধন , শিক্ষাৰ ধন , স্বাস্হ্যৰ ধন , পানী যোগানৰ আঁচনিৰ ধন, কৃষিৰ ধন, দুখীয়া নিচলাক দিব লগা ধন আদি সকলো খাব। আৰু খাইছেয়ো হিচাপ নোহোৱা কৈ । আগৰজনাতকৈ পিছে এতিয়াৰ ওপৰৰজনা ভাল বুলি শুনিছোঁ। হ'লেও এই মানুহৰ বিৰুদ্ধে মোৰ গৰজি উঠিব মন যায়। 
        ৰঙে সামান্য মূৰ তুলি চাৰিওফালে চালে সকলোৱে একান্ত মনে ঘাঁহ খোৱাত ব্যস্ত। এই ছেগতে ইহঁতৰ পৰা ফালৰি কটা ভাল হ'ব বুলি উপলব্ধি কৰি সি মনে মনে এখোজ দুখোজ কৰি সেই ঠাই পৰিত্যাগ কৰিলে। বলোকাইৰ বাৰীখন আৰু বেছি দূৰ নাই। সি লগৰ বোৰৰ পৰা এতিয়া ভালেমান দূৰত, সেয়ে বেগাই যোৱাই ভাল বুলি জানি শিং জোকাৰি বেগাই যাব ধৰিলে।
     সেয়া বলোকাইৰ চিঞৰ নহয়নে ? ঘোৰ ঘোৰ ঘোৰ ... এহ এয়াচোন বলোকাইৰ বাৰী ৰখীয়াটো। মোক দেখিয়ে সি চিঞৰ বাখৰখন লগাইছে। অলপ আঁতৰ হৈ ৰৈ দিয়াই ভাল হ'ব। এতিয়া সুযোগ নাপালেও ৰাতি লৈ পোৱা যাব। সি মূৰ ডাঙি বাৰীখনৰ চৌপাশ ভালদৰে চাই ল'লে। 
      কেঁচা কেঁচা ঘাঁহ বোৰে তালৈকে যেন মোক খা মোক খা কৰি ৰৈ আছে। পৰা হ'লে এতিয়া জাপ মাৰি সোমালোহেঁতেন আৰু মাৰোক মাৰোক কৈ খালোহেঁতেন । কথাখিনি ভাবিয়ে তাৰ ভাল লাগি গ'ল। 
       অ' কথা এটা মনত পৰিছে, সিদিনাখন এজন মুছলমান লোক আমাৰ ঘৰলৈ আহিছিল। কিয়বা আহিছিল ? মই অলপ দূৰত থকাৰ বাবে কথাবাৰ্তা শুনা নাপালোঁ। বগে পিছে সিঁহতৰ ওচৰতে আছিল।কি ক'লে তাকে কথাতো সুধিব লাগিব। এই মুছলিম লোক এনেয়ে অহা ভকত নহয়।মোকেই কিনিব অহা নাই ত' ? কি ঠিক হ'বওতো পাৰে।
       এই মানুহ বিলাকৰ কাম কেৱল কিনা বেচা । বুঢ়া হলো বুলিয়েনো কিয় বেচিব লাগে হয়নে। আচলতে প্ৰাণীৰ প্ৰতি ইহঁতৰ মুঠেই মৰমেই নাই। দেখা নাই নে 'মহ' ক কিদৰে মাৰি কাটি খায়। আমি কিদৰে বাছি আছো একমাত্ৰ ভগৱানেহে জানে। অৱশ্যে হিন্দু সকলে আমাক পূজা পাৰ্বনো কৰে । হ'লেও কিছুমান মানুহ বেয়া যেন অনুভৱ হয়। এহ থাওক এইবোৰ । ভাবি থাকি কি লাভ । আজিকালি দিনত- জোৰ যাৰ মুলুক তাৰ ' । গতিকে বুঢ়া গৰুক কোবাই কোবাই চাল চিঙিবই ।
         ৰঙে দূৰ্বল জেওৰাখনত অলপ সুৰুঙাৰে হাতত সাৰে ভৰিত সাৰে পাৰ হৈ ভিতৰলৈ সোমাই গ'ল। এতিয়া তাক কোনে পাই । কুমলীয়া ঘাঁহ পাই ৰঙে খৰকৈ খাব ধৰিলে ।আপোন মনে খাঁওতে সি আনফালে চাবলৈ পাহৰি গ'ল। ইমান সোৱাদ ঘাঁহ। সি খায় খায় তাতেই চিৰদিনৰ বাবে শুই পৰিল । তাৰ অজানিতে বলোকাই ৰাতিপুৱা দি যোৱা বনমৰা দৰৱলগা ঘাঁহ খায় সি ইহলীলা সম্বৰণ কৰিলে।
        --------------সমাপ্ত -----------
লিখনি টো পঢ়ি কেনে পালে কমেণ্ট বাকচত মন্তব্য এটা আগবঢ়ায় যাব।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। Habits of Energy Saving in Educational Institutions and Homes.

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। পাতনি: বৰ্তমানৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগত বিদ্যুৎ শক্তি আমাৰ জীৱন-যাত্ৰাৰ অতি প্ৰ...

Popular posts