Sunday, May 24, 2020

সময়ৰ ৰং (তৃতীয় ছোৱা)

ক্ৰমশঃ (তৃতীয় ছোৱা)
     চিন্ময়ক এৰি সি চিটি বাছত  জপিয়াই উঠি পৰিল লক্ষ্যস্হানৰ উদ্দেশ্যেৰে।পি এজন ভদ্ৰলোকৰ কাষৰ আসনত বহি পৰিল।খিৰীকিৰে সি বাহিৰৰ ফালে ভুমুকি মাৰি চালে। নাই চকুৰ দৃষ্টি দূৰলৈ নিক্ষেপ কৰিবলৈকে নোৱাৰি।যেনিয়ে চোৱা যায়, দেখা যায় কেৱল বিজ্ঞাপনৰ বৰ্ডিংবোৰত কোনোবা অখ্যাত শিল্পীৰ নিমজ হাতৰ পৰশত উজ্বলি উঠা ছবি বোৰৰ ফালে সি একেথিৰে দৃষ্টি পেলায় যাব ধৰিলে। হঠাৎ এখন বৰ্ডিংত তাৰ চকু ৰৈ গ'ল।এজন ডেকাই সাগৰৰ পাৰত এক বিশেষ ভংগীমাত থিয় হৈ এটা চাৰ্মচ জ্বলাইছে।। চাৰ্মচৰ ধোঁৱাৰ মায়াত দৌৰি গৈ এজনী আধা কটা চাৰ্ট পৰিহীত সুন্দৰী যুৱতীয়ে আনন্দত মতলীয়া হৈ সাৱতি ধৰিছে ডেকাক। তাইৰ পাজিসেৰীয়া আঙুলিকেইটাৰে মূৰটোত আলফুলে বুলাই দিছে। কি যে অদ্ভূত বিজ্ঞাপন। বিজ্ঞাপন হেনো এটা বহুল প্ৰচাৰিত আৰু জনপ্ৰিয় শব্দ আৰু ই হেনো বজাৰৰ হিয়াৰ আমঠু । এইয়া বেয়া কথা নহয়। কিন্তু বেয়া লাগে যেতিয়া বিজ্ঞাপন বোৰ বজাৰৰ কলিজা নহৈ কলিজাৰ বজাৰ হৈ পৰে। আধুনিক সভ্যতাত বিজ্ঞাপনেই যেন সৰ্বস্ব ! বায়ু , পানী, মাটি জুই সকলোতে বিজ্ঞাপন বোৰ উটি ভাঁহি উৰি পুৰি মৰে। আধুনিক মানুহৰ উশাহত কলিজালৈ সোমাই বিজ্ঞাপনৰ ভাষা, নিশ্বাসতো ওলাই বিজ্ঞাপনৰ গৰম ধোঁৱা ।এক আজৱ পৃথিৱী।সি যি কি নহওঁক বিজ্ঞাপনটো কিন্তু ভাল লাগিছে। আৰু এটা বিজ্ঞাপন লৈ চকু গ'ল তাৰ। 'গিল'ৰ বিজ্ঞাপন।অভিজাত্যৰ স্বাৱাভিমানেৰে গ্ৰাস কৰা দৃশ্যৰে এক বিশেষ ভংগীমাত থিয় দি জুবিনৰ নিজৰ বৰ্তমানক প্ৰচাৰ কৰা যেন অনুভৱ হয় বিজ্ঞাপনটো দেখি। আকাশ দ্বীপৰ জুবিনৰ ওপৰত ভীষণ ঈৰ্ষা লাগি গ'ল। ইচৰাম, আমাৰ বাৰু কিয় নহ'ল এনে জীৱন। কিয় বাৰু গঢ়িব নোৱাৰিলোঁ নিজক !
             শতবাৰ শতবিভাগত ইণ্টাৰভিউত বহিলো। কিন্তু চাকৰি কতো নহ'ল। মন্ত্ৰী, এম.এল.এ. আদি ডাঙৰ ডাঙৰ নেতাৰে সুসম্পৰ্ক নেথাকিলে আজিকালি চাকৰি ফুটুকাৰ ফেনৰ দৰে। জনজাতিৰ বাবে বিশেষভাৱে সংৰক্ষিত পদবোৰতো নিযুক্তি পায় অন্য উচ্চ খাপৰ জাতিয়ে।কথাৰ সৈতে কাম যেন আকাশ-পাতাল প্ৰভেদ।যদি অসমখনেই জনজাতিৰ ৰাজ্য হিচাপে ঘোষিত হয় তেনেহলে সুজা জনজাতিসকলৰ কি অৱস্থা হ'ব বাৰু ? 
            কোঁচ ৰাজবংশী সকলে বিছাৰিছে জনজাতিকৰণ, আহোম, মৰাণ ,মটক, আদিবাসী য়ে বিচাৰিছে অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত হ'বলৈ। এয়া সম্ভৱ নে বাৰু ? সত্তৰ লাখৰো অধিক জনসংখ্যাৰ এটা উন্নত জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰি পিছপৰা অনুন্নত জনজাতিৰ লোকসকলে পাই অহা নিম্নতম সুবিধা খিনিৰ পৰাও বঞ্চিত নহ'ব নে ? কোচ ৰাজবংশী সকল ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি পশ্চিম বংগত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত হৈ আছে। (Rules and order under the constitution; part-II  আৰু Constitution, Schedule Caste, order 1950 CO 19 , part-XIII , West Bengal ) এই ধাৰামতে কোঁচসকল পশ্চিম বংগত অনুসূচিত জাতিৰ তালিকাত চৌবিশ নম্বৰ আৰু ৰাজবংশী সকল আঠত্ৰিশ নম্বৰ তালিকাত অন্তৰ্ভূক্ত হৈ আছে। কিন্তু আচৰিত এটা জনগোষ্ঠীক এখন ৰাজ্যত অনুসূচিত জাতি আৰু আন এখন ৰাজ্যত অনুসূচিত জনজাতিৰ হিচাপে কি ভিত্তিত অনুসূচিৰ তালিকাভূক্ত কৰিব বিচৰা হৈছে বাৰু ? 
           পুথিভঁৰাল ....... পুথিভঁৰাল ...... পুথিভঁৰাল ,নামা আচি। ইয়াৰ পৰা বাছ আগলৈ নাযায়।হেণ্ডিমেনৰ কৰ্কশ মাতত একান্তভাৱে চিন্তাৰ সমুদ্ৰত উটি-ভাঁহি ফুৰা তাৰ মন পানচৈখন যেন সমুদ্ৰৰ তীৰত জোৰেৰে খুন্দা খায় ঘপকৰে ৰৈ গ'ল।কৰ পৰা যে কি খন ভাবি আছে সি ।
            গাড়ীৰ পৰা নামিয়েই সি নিজ লক্ষ্যৰ অভিমুখে অগ্ৰসৰ হ'ল। এজাক ছোৱালী জুমপাতি কলেজ অভিমুখে ৰাওনা হৈছে। এতিয়া স্কুল কলেজৰ সময়।সেয়ে বাটত মানুহৰ কিছু ভিৰ বাঢ়িছে। হঠাৎ এজনী সুন্দৰী ছোৱালীৰ পিনে চাই সি ৰৈ গ'ল। ই কি আচৰিত ৰূপ ! ছোৱালী জনীৰ দুগালৰ কোঁহে কোঁহে, দুচকুৰ নীলা শব্দৰ ভাঁজে ভাঁজে,কম্পিত ওঁঠৰ মিঠা হাঁহিয়েদি যেন নিগৰি নিগৰি বৈ আহিছে প্ৰেম ,এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ।ঈশ্বৰে বাৰু নাৰীক কিয় ইমান নিখুঁতভাবে স্ৰজন কৰে ! সঁচাই ভগৱানৰ সৃষ্টিত অপাৰ মহিমা। নাৰী তুমি অনন্যা ! 
          এৰা এনে সুগঢ়ী মুখৰ ষোড়শী গাভৰু বাৰু জীৱনত কোনেনো কামনা নকৰে। কোনে বাৰু এখন 'জেন'ৰ আগছিটত বহুৱাই দূৰ দূৰণিলৈ ফুৰিবলৈ যাবৰ বাবে হাবিয়াস নকৰে। এৰা কথাবোৰ কল্পনা কৰিওচোন কিবা এটা মজা লাগে।
           'আমাক স্বায়ত্ব শাসন দিবই লাগিব' ,  'সোণোৱাল কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ' ,' আমাক শান্তি লাগে'  ,......| চিন্তাৰ চাকনৈয়াত মেৰপেচ খোৱা আকাশ দ্বীপৰ মনৰ ভাৱনা উচ্চ স্বৰত দিয়া শ্লোগান কেইটাৰ আঘাতত বাস্তৱলৈ ঘূৰি আহিল। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দ্বাৰা উলিওৱা এক বিৰাট সমদল এয়া।হাতে হাতে ফ্লেগ, বেনাৰ লৈ নিজৰ প্ৰাপ্য আদায় কৰাৰ বাবে এক শোভাযাত্ৰা । সঁচাকৈয়ে আমাক স্বায়ত্ব শাসন বৰ জৰুৰী।এক বিকল্প পথ।যি পথে প্ৰদান কৰিব পাৰে আমাৰ প্ৰাপ্য । যি পথে মষিমূৰ কৰিব পাৰে জনজাতিৰ বিৰুদ্ধে ৰচনা কৰা কুটিল ষড়যন্ত্ৰ , নিৰ্মম অন্যায় অবিচাৰ। যি পথে জনগোষ্ঠীটোৰ নৱ প্ৰজন্মক কোঙা হোৱাৰ পৰা বাধা প্ৰদান কৰিব পাৰে।এক ঐকমত্য গঠনমূলক মনোভাৱেৰে একত্ব হৈ অটুট ৰাখিব পাৰে শান্তিৰ বাতাবৰণ।
             এজাক ফিৰফিৰিয়া বতাহত উৰি আহিছে কৰবাৰ পৰা খৰিকাজাঁইৰ আমোলমোল সুবাস। সি দূৰ দিগন্তলৈ দৃষ্টি নিক্ষেপ কৰিলে।প্ৰত্যুষৰ কুঁৱলি ফালি উলাই অহা ৰ'দজাকৰ মাজে মাজে এজাক আহাৰমুখী শৰালি কোনো এক অচিন ঠাইলৈ আহাৰ বিচাৰি উৰা মাৰিছে সীমাহীন আশাৰে।            
                   সমাপ্ত
( গল্পটো ২০০৬ চনত সদৌ অসম তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ স্মৃতি গ্ৰন্থত প্ৰকাশিত হৈছিল। দুই এটা কথা সলনি কৰি আপোনালোকলৈ আগবঢ়ালোঁ। পঢ়ি চাই গঠনমূলক পৰামৰ্শৰে comment এটা আগবঢ়ালে সুখী হম )

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts