Tuesday, May 26, 2020

শোক-গাঁথা

                                                                                    বহু দিন হ'ল তাই বতাহৰ স'তে কথা নপতা। ৰিমঝিম বৰষুণৰ গুণগুণ শব্দৰ আমেজ নোলোৱা। সন্মুখৰ খিৰিকীখন খুলি দিলে তাই ।ফিৰফিৰিয়া এজাক মৃদু চেঁচা বতাহ ভিতৰলৈ সোমাই আহিল। কোঠালৈ সোমাই অহা মৃদু বতাহজাকৰ সৈতে তাই বহুদিন লুকাভাকু খেলা নাই। মনলৈ অহা নাই সেই অনুভৱ বোৰ যিবোৰ অনুভৱে এদিন জীৱন সম্পৰ্কে ভবাই তুলিছিল। ৰঙীন সপোন বোৰে মন ফুলনিত পাহি মেলিছিল। জীৱন সম্পৰ্কে একো নুবুজাকৈয়ে তাই জীৱনৰ মাধুৰ্য পান কৰিছিল।অনাকাংশিত ভাৱে লহপহকৈ বাঢ়ি অহা জীৱন নামৰ বৃক্ষজোপা পূৰ্ণতা প্ৰাপ্ত হৈছিল সময়ত । আৰু ঠিক তেনে এটা আবেগিক সময়ৰ বোকোচাত উঠি হেৰাই গৈছিল তাই যৌৱনৰ সেই বলীয়া বতাহজাকৰ সৈতে। যিজাক বতাহে তাইক উৰুৱাই নি পেলায় থৈ এৰি গুচি গ'ল জীৱনৰ অথাইসাগৰত ।
       এতিয়া স্মৃতিৰ মনিকোঠাত প্ৰৱেশ কৰিলে জীৱনৰ সম্পৰ্কে ভাবিবলৈ মন নাযায়।‌ ৰমলাৰ আজি আকৌ ভাবি চাবৰ মন গ'ল জীৱনৰ এৰি অহা দিনবোৰৰ কথা। হেৰাই যোৱা জেতুকাবুলীয়া আনন্দৰে ভৰপুৰ যৌৱনটোৰ কথা। হঠাতে সোমাই অহা মৃদু চেঁচা বতাহ জাকে তাইৰ গাল মুখ স্পৰ্শ কৰি গ'ল। গা'টো জিকাৰ খায় উঠিল তাই। মনটো তাইৰ সেই ঘটনাবোৰলৈ ঢাপলি মেলিলে। 
       পুষ্পিতা হোৱাৰ পাছৰ পৰাই তাইক যেন কিহবাই খেদি ফুৰিছিল।হয় । যৌৱন নামৰ সেই তেজস্বী অশ্বই খেদি ফুৰিছিল তাইক । অনবৰতে মেৰিয়াই ধৰিছিল তাইক লতিকাই গা-গছক মেৰিয়াই ধৰাৰ দৰে।
        সুযোগ মানুহৰ জীৱনলৈ আহে। হয়তো ঈশ্বৰে সুযোগ প্ৰতিজন লোককে পৰীক্ষামূলক ভাৱে প্ৰদান কৰে। অন্ততঃ ৰমলাই সেইদৰে ভাবিব বাধ্য হয় । কাৰণ তাইৰ জীৱনলৈ অনাকাংশিত ভাৱেই আহিছিল সুযোগ । যিটো সুযোগে জীৱনটো সুন্দৰ কৰাৰ পৰিৱৰ্তে এটা দুৰ্বিসহ জীৱন প্ৰদান কৰিছিল।
        সেইদিনা আছিল জন্মাষ্টমী। মা-দেউতাহঁত গৈছিল নামঘৰলৈ। ভাইটি কেইটাও সোনকালে ঘূৰি অহাৰ আশ্বাস দি জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ ভাও ল'বলৈ ওলাই গৈছিল বন্ধুসকলৰ সৈতে। তেনে এটা অকলশৰীয়া মুহূৰ্ততে আহিছিল ঋষভদা । অৱশ্যে তেখেতে মাজে সময়ে  প্ৰায় আহিছিল। পিছে সুযোগ হৈ অহা নাছিল। সেইদিনা সুযোগ পায় ঋষভদাৰ নিচেই কাষলৈ গৈছিলো মই । আদিম তাড়নাৰ উল্লাসত হেৰাই গৈছিলো। উপভোগ কৰিছিলোঁ জীৱনটো ।অথচ মনত অকনো কুণ্ঠাবোধ বা ভয়ৰ উদ্ৰেক হোৱা নাছিল। পাপ পুণ্যৰ কথা মনলৈ অহা নাছিল ।মদপী মানুহক মদৰ নিচাই কাবু কৰা দৰে তাইকো আৱদ্ধ কৰি পেলাইছিল দৈহিক তাড়নাৰ নিচাই। এইদৰে হেৰুৱায় পেলায়ছিল তাই জীৱনৰ সৌৰভ। জীৱনৰ মাদকতা উপভোগ কৰিবলৈ যাওঁতে হেৰুৱায় পেলায়ছিল সকলো। 
      এইদৰে দিন,মাহ অতিবাহিত হ'ব ধৰিলে। যিমানেই দিন বাঢ়ি গ'ল সিমানেই তাইৰ মনত অস্হিৰতাও বাঢ়ি গ'ল।সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি।ঢাকি ৰখা সম্ভৱো নহয় । যিদৰে সূৰ্যক ঢাকি ৰাখিব নোৱাৰি। কথাতেই কয়- যেনে কুকৰ্ম, তেনে ফল । তাইৰো যেন একে দশাই হ'ল। 
       দুই তিনি মাহৰ পাছত হঠাৎ তাইৰ বমি হ'ব ধৰিলে। নামি আহিছিল তাইৰ জীৱনলৈ কাল অমানিশা । ক্ষণিকতে বাৰ্তাটো ৰাষ্ট্ৰ হৈ পৰিল । শোক দুখত ম্ৰিয়মান হৈ পৰিল মা-দেউতা । সিহঁতৰ আশাত চেঁচা পানী ঢালিলো মই । ধূলিস্যাৎ হ'ল সকলো। 
        মা-দেউতাক সকলো কথা খুলি কলো নিলাজৰ দৰে । তেখেতসকলে ৰাইজমেল পাতিলে। মেলত দোষী সাব্যস্ত হ'ল ঋষভদা আৰু তাইক বিয়া কৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ । কিন্তু ঋষভদা আছিল আমাৰ সম্পৰ্কীয় সেয়ে গ্ৰাম্য সমাজৰ নীতি নিয়ম অনুসৰি তাইক বিয়া কৰাব নোৱাৰে। গতিকে বিয়া বন্ধ হ'ল। ছোৱালীক  'খালাচ' কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ঋষভদাৰ মাক-দেউতাকে ২০ হাজাৰ টকা গুজি দিলে মা- বাবাৰ হাতত। সন্তুষ্ট হৈ মা- বাবাৰ মাত বন্ধ হ'ল । কিন্তু মই জন্ম দিয়ালো এদিন ঝৰনা'ক এজনী অবৈধ কন্যা ৰূপত। অথচ তাইৰ বাপেক জীৱিত। কি সমাজ ! কি নিয়ম এই বোৰ এই বান্ধোনে মানুহক সুখী কৰিব পাৰে নে ? 
     কোনো কোনো লোকে কয় নাৰীয়ে হেনো নাৰীৰ শত্ৰু । আনহাতে বহু পুৰুষৰ মতে নাৰী হেনো নিজে নিজৰ শত্ৰু। ক্ষন্তেকীয়া সুখানুভৱত হেৰুৱায় পেলায় জীৱন । হয়নে বাৰু সঁচাকৈ ? 
       
ক্ৰমশঃ >

2 comments:

dudulsonowal32@gmail.com

Featured post

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.. Wishing you a very happy for RONGALI BIHU..        চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হ...

Popular posts