চন্দ্ৰ কুমাৰ আগৰৱালাৰ চমু পৰিচয় আৰু মাধুৰী কবিতাৰ কাব্যিক সৌন্দৰ্যৰ এটি আভাস।🙏
🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
🖊️চন্দ্ৰ কুমাৰ আগৰৱালা হৈছে ৰোমাণ্টিক যুগৰ কবিসকলৰ ভিতৰত অন্যতম জনপ্ৰিয় তথা বাটকটীয়া কবি। ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম হৈছিল। কবি গৰাকীৰ পিতৃ হৰিবিলাস আগৰৱালা । তেওঁ প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰথম প্ৰকাশক হিচাপে পৰিচিত। চন্দ্ৰ কুমাৰ আগৰৱালাই কলিকতাত বি-এ মহলালৈকে শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ অসমত ছপাখানা আৰু চাহ ব্যৱসায়ত নামি পৰিছিল।
ৰোমাণ্টিক যুগৰ বিকাশৰ আৰম্ভ ঘটাইছিল 'জোনাকী' কাকতৰ জৰিয়তে। উল্লেখযোগ্য যে ১৮৮৮ চনত জন্ম হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল 'জোনাকী কাকত' । এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। কাকতখনৰ প্ৰকাশনত কবি আগৰৱালাই আৰ্থিক সাহায্য আগবঢ়ায়ছিল । চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'বনকুৱৰী' নামৰ কবিতাটো এই কাকতখনতে প্ৰকাশ পাইছিল আৰু এই কবিতাটোৱে অসমীয়া ৰোমাণ্টিক যুগৰ সূচনা কৰিছিল বুলি জনা যায়।
চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতা সমূহ বিশেষকৈ জোনাকী আৰু বাঁহী আলোচনীত প্ৰকাশ পাইছিল। ১৯১৩ চনত তেখেতৰ প্ৰথম কবিতা পুথি 'প্ৰতিমা' প্ৰকাশ পাইছিল। ইয়াৰ পিছত ১৯২৩ চনত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বীন-ব'ৰাগী
প্ৰকাশ পাইছিল।
চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাৰ সংখ্যা তেনেই নগণ্য। হ'লেও তেখেতৰ কবিতা সমূহ ভাৱ গধুৰ আৰু আনক প্ৰভাৱিত কৰিব পৰাকৈ অত্যন্ত শক্তিশালী। সেয়েহে সাহিত্যত তেওঁৰ ৰচনাই আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছে। আগৰৱালাৰ ৰোমাণ্টিক কবিতা সমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি, সেয়া হৈছে- ক) প্ৰকৃতি প্ৰীতি, খ) মানৱ প্ৰীতি আৰু গ) অতি প্ৰাকৃতিক সৌন্দৰ্য্যৰ চিত্ৰণ ।
অৰ্থাৎ চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাত মানৱ প্ৰীতি, সুন্দৰৰ সন্ধান, বৈদান্তিক দৃষ্টি , দুৰ্নীতি আৰু বৈষম্য মুক্ত মনোভাৱ আদি প্ৰকাশ ঘটিছে। প্ৰেমৰ পৃথিৱী গঢ়াৰ আশাই তেওঁৰ কবিতাক উচ্চতাত উপনীত হোৱাত সহায় কৰিছে।
মাধুৰী:
'মাধুৰী' হ'ল চন্দ্ৰ কুমাৰ আগৰৱালাই ৰচনা কৰা এটা ৰোমাণ্টিক কবিতা। অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাৱাদৰ্শ নমাই অনা চন্দ্ৰ কুমাৰ আগৰৱালাৰ মাধুৰী কবিতাৰ মাজত বিশ্বৰ সৌন্দৰ্য প্ৰকাশ পাইছে। কবিৰ মতে অৰ্দ্ধ প্ৰস্ফুটিত বস্তুৰ মাজতহে প্ৰকৃত সৌন্দৰ্য প্ৰকাশ পায়, যি সৌন্দৰ্যই মানুহক অতি সহজে আকৰ্ষণ কৰিব পাৰে। প্ৰেম আৰু সৌন্দৰ্য প্ৰকাশ ৰোমাণ্টিক কবিতাৰ প্ৰধান বৈশিষ্ট্য। মাধুৰী কবিতাৰ জৰিয়তে কবি গৰাকীয়ে জাগতিক সৌন্দৰ্যৰ বৰ্ণনা সুন্দৰ ভাৱে দাঙি ধৰিছে। আনকি কবিয়ে কবিতাটোত কিছুমান শব্দৰ সহায়ত এধাৰি মুকুতাৰ মালা সদৃশ গাঁথিবলৈ সক্ষম হৈছে।
অৰ্দ্ধ বিকশিত অৱস্থাৰ মাজত যি সৌন্দৰ্য প্ৰকাশ পায়, সি পূৰ্ণ বিকশিত অৱস্থাৰ সৌন্দৰ্যতকৈ অধিক আকৰ্ষণীয় হয়।কবিৰ মতে অৰ্দ্ধ বিকশিত সৌন্দৰ্যৰ অনুপম প্ৰকাশ ঘটাইছে এনেদৰে -
ফুটো নে নুফুটোকৈ
কুমলীয়া কলিটি,
ওঁঠত লাজেৰে বৈ
মিচিকিয়া হাঁহিটি ।
পূৰ্ণ প্ৰকাশিত সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰিব নোৱাৰে, অৰ্দ্ধ প্ৰস্ফুটিত অৱস্থাত সৌন্দৰ্যই মানুহক অতি সোনকালে আকৰ্ষণ কৰিব পাৰে।তাৰ সুন্দৰতা খিনি অতি উপভোগ্য। কবি আগৰৱালাই আধাফুলা ফুলকলি, লাজকুৰীয়া হাঁহিটোত, আধামেলা প্ৰাণ,আধা আৱৰণে ঢাকি ৰখা গাভৰুৰ বুকুত, সোনকালে অলপ বান্ধি ৰখা খোপাত, কওঁ নকওঁকৈ মাত ফুটা শিশুৰ মাত আদিত কবিয়ে অসীম সৌন্দৰ্যৰ আভা দেখা পাইছে। অস্পষ্ট ৰূপত দূৰৰ পৰা ভাহি মাতত, প্ৰিয়জনৰ ঠেঁহ-পেচৰ মাজত, হঁহা আৰু কন্দাৰ চলচলীয়া চকু যুৰিত অধিক সৌন্দৰ্য আছে বুলি কবিয়ে কৈছে। ঠিক একেদৰে ধেমালিৰ সময়ত উঠা খং, ন-কৈ ওলোৱা মন মোহনীয়া ঠগতি, যাওঁনে নেযাওঁকৈ দিয়া ভৰিৰ খোজ, নৈৰ ওভতনি সোঁত, পানীৰ মিঠৈৰ সদৃশ সাঁথৰ, চাঁও-নেচাওঁকৈ চোৱা চাৱনি আদি অতি সুন্দৰ বুলি কবিয়ে ক'ব খোজে।
ইয়াৰ মাজত বিকশিত হৈ আছে অপৰূপ সৌন্দৰ্য্য ৰাশি। এনে মনোমোহা ৰূপৰ সমাবেশেৰে সজাই তুলিছে কবিয়ে তেওঁৰ মানস কণ্যা মাধুৰীক। অৰ্দ্ধ বিকশিত সৌন্দৰ্যৰ মাধুৰী হ'ল কবিৰ কাল্পনিক সৃষ্টি। কাল্পনিক হ'লেও বাস্তৱত মাধুৰীৰ চৰিত্ৰৰ পূৰ্ণ প্ৰকাশিত হৈছে।
উপৰোক্ত ব্যাখ্যাৰ পৰা অনুমান কৰিব পাৰি যে চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতা কিমান উচ্চ স্তৰৰ। কবিতাৰ ভাৱ ভাষা আৰু দূৰদৰ্শী মনোভাৱ প্ৰকাশ ঘটাৰ বাবে তেখেতৰ কম সংখ্যক কবিতাই মানুহৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹