🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
কোনো এজন কবিয়ে যি অখণ্ড তথা সুক্ষ্ম দৃষ্টিৰে বিশ্ব সৃষ্টিৰ পৰম সত্যক উপলব্ধি কৰি তেওঁৰ লগত মিলনৰ পৰম আনন্দ লাভ কৰিব পাৰে, সাহিত্যত সেই দৈৱিক অনুভূতি সাধনক চমুকৈ ৰহস্যবাদ বোলা হয়। ৰহস্যবাদক চিন্তা আৰু অনুভূতিৰ এক বিশেষ স্তৰ বুলি কোৱা হয়। যিহেতু এই ৰহস্যবাদৰ জৰিয়তে পৰমেশ্বৰ বা ঈশ্বৰক উপলব্ধি কৰি পৰম গুণবোৰ বিকাশৰ দ্বাৰা নিজে ভগৱানৰ সৈতে বিলীন হ'বলৈ পৰা যায়। সাধাৰণতে জীৱনৰ যিকোনো কঠিন মূহুৰ্তক উপলব্ধি কৰিবলৈ যি কাৰ্যকৰী পথ পোৱা যায় সেয়া হৈছে ৰহস্যবাদৰ পথ। ৰহস্যবাদৰ সহায়ত পৰমজনৰ সৈতে, পৰমাত্মাৰ সৈতে সহজে মিলন হ'ব পাৰি। জাগতিক জীৱনৰ সকলো সীমা অতিক্ৰমি মুক্ত চিন্তা-চিত্তৰে বিশ্বৰূপ দৰ্শন কৰাটোৱেই ৰহস্যবাদী ধ্যান ধাৰণাৰে সংপৃক্ত কবিসকলৰ মুখ্য কামনা।
ৰহস্যবাদৰ বিভিন্ন বৈশিষ্ট্য/লক্ষণসমূহ কি কি ?
১/ সীমাৰ ভিতৰত থাকি অসীমৰ সন্ধান কৰা ৰহস্যবাদৰ মুখ্য বিষয়।
২/ পৃথিৱীৰ অনু পৰমাণুৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো দ্ৰব্যতেই সৰ্বশক্তিমান পৰমশক্তিৰ অৱস্থিতি উপলব্ধি কৰে।
৩/ সংসাৰৰ সুখ ভোগৰ প্ৰতি সদায় নিৰ্লিপ্ত মনোভাৱ পোষণ কৰে। অন্তৰৰ শোক,বেদনা, অনুভূতি আদি সকলো ভগৱানৰ চৰণত অৰ্পণ কৰি ভগৱানৰ লগত বিলীন হ'বলৈ মনস্থ কৰে।
৪/ বস্তু জগত, প্ৰাণী জগত আৰু প্ৰকৃতি জগতৰ পাৰ্থিৱ সকলো বস্তুৰ জৰিয়তে পৰম সত্তাক উপলব্ধি কৰিব বিচাৰে।
৫/ ৰহস্যবাদী সকলে মৃত্যুৰ সীমা অতিক্ৰমি ভগৱানৰ অন্বেষণ কৰে।
৬/ ৰহস্যবাদী সকলে পৃথিৱীত দুখ, আন্ধাৰ থাকিলেও, ইয়াৰ মাধ্যমেৰে পৰম সত্তাক উপলব্ধি কৰিব পাৰে বুলি ভাৱে।
নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱ:
নলিনীবালা দেৱী হ'ল এগৰাকী ৰহস্যবাদী কবি। তেখেতৰ কবিতা বিলাকত ৰহস্যবাদৰ মনোভাৱ পৰিস্ফুট হোৱা পৰিলক্ষিত হয়। যিহেতু নলিনীবালা দেৱীৰ প্ৰতিটো কবিতা ৰচিত হৈছে তেওঁৰ জীৱনৰ কাৰুণ্য অৱস্থাক লৈ। অকালতে পুত্ৰ আৰু স্বামীক হেৰুৱায় তেওঁ লাভ কৰা কাৰুণ্য সাৰ্বজনীন কাৰুণ্য লৈ ৰূপান্তৰিত ঘটিছে। কবিতা বিলাকত ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ,কৰ্মফল, অনন্ত স্পৃহা আদি প্ৰকাশ পাইছে। তদুপৰি নৈসৰ্গিক শোভাৰ মাজত তেওঁ পৰম সত্তাৰ সন্ধান পাইছে। সেয়েহে ক'ব পাৰি নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱ দৃশ্যমান। সন্ধিয়াৰ সুৰ, পৰশমনি কবিতা পুথিত ৰহস্যবাদী মনোভাৱ সুস্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।
নলিনীবালা দেৱীৰ 'পৰমতৃষ্ণা' শিৰোনামৰ কবিতাত ৰহস্যবাদ প্ৰকাশ পাইছে। তেওঁ ভাৰতীয় দৰ্শনত গভীৰভাৱে বিশ্বাস ৰাখি কৰ্মফল আৰু জন্মান্তৰবাদ কথা পৰমতৃষ্ণাৰ জৰিয়তে প্ৰকাশ কৰিছে। কৰ্মফল অনুসৰি জীৱই পৃথিৱীক উভতনি যাত্ৰাৰ পথত বিভিন্ন ৰূপত পায়। শান্তিৰে কেতিয়াবা জিৰণি লয়, পৰ্বতৰ জুৰিৰ শব্দটো বিননিৰ সুৰ শুনিবলৈ পায়। কবিয়ে পৰমতৃষ্ণাত কৈছে -
কতবাৰ জনমিলোঁ তোমাৰ কোলাত
গইছিলোঁ আকউ উভতি,
অপূৰণ কৰমৰ ভাৰ বান্ধি লই
ঘূৰি ঘূৰি আহিছোঁ উভতি।
ৰহস্যবাদী সকলে সংসাৰৰ দুখ যাতনাৰ ভোগ কৰি ভাগ্যবাদী হৈ পৰে। ভাগ্যৰ বলতে মৃত্যুৱে পাৰ্থিৱ দেহৰ অৱসান ঘটাই মৃত্যুক দুখৰ ঘটনা বুলি গণ্য কৰে। মৃত্যুৰ জৰিয়তে জীৱৰ আত্মাক পৰমাত্মাৰ সৈতে মিলি যোৱাত সহায় কৰে। যিহেতু আত্মাৰ বিনাশ নাই। ভাৰতীয় দৰ্শনৰ মতে ই নিত্য আৰু চিৰ মুক্ত। পৰমাত্মাৰ সৈতে মানুহৰ আত্মাৰ মিলনৰ বাবে যি হাবিয়াস যুগে যুগে চলি আহিছে,সেই হাবিয়াস বা ইচ্ছা মৃত্যুৱেহে পূৰণ কৰিব পাৰে। কিদৰে হাবিয়াসৰ বাবে ৰহস্যবাদী সকলে মৃত্যুৰ দুৱাৰডলি অতিক্ৰমি আগুৱাই যায় ভগৱানক অন্বেষণ কৰিব পাৰে তাৰ উজ্বল ভাৱ কবিতাৰ এই পংক্তিটোত প্ৰকাশ পাইছে -
কোনে বাৰু দিলে তেনে মানুহৰ আতমাত
বিশ্বগ্ৰাসী হেঁপাহৰ ক্ষুধা,
যদি তেওঁ পোৱা নাই আতমাৰ চিৰশান্তি
পৰশমনিৰ প্ৰেম- সুধা?
কোনেনো সদায় মাতে আকুল উতলা মাতে
কোন দূৰ সুদূৰৰ পৰা,
যদি তেওঁ থোৱা নাই বিয়াকুল জীৱনৰ
শান্তিময় সুখৰ নিজৰা ?
পৰমতৃষ্ণা কবিতাটোত নলিনীবালা দেৱীৰ ৰহস্যবাদী মনোভাৱৰ প্ৰকৃত ৰূপ প্ৰকাশ পাইছে। যদিও মানুহৰ সুখ আশা সৌন্দৰ্য তৃষ্ণা সদৃশ, ই কিন্তু এই পৃথিৱীত ক্ষন্তেকীয়া। কবিতাটোত কবিয়ে কৈছে -
মানুহৰ দুচকুৰ অসীম সৌন্দৰ্য তৃষ্ণা
সুখ-আশা, হেঁপাহ বুকুৰ;
নহয় ই মৰতৰ ক্ষন্তেকীয়া জীৱনৰ
সুখ-আশা পৰম পদৰ
ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ।
ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ আৰু কৰ্মফলৰ ওপৰত একান্ত ভাৱে মানি লৈ কবিয়ে বিশ্বাস কৰিছিল যে আত্মা অমৰ আৰু অবিনাশী। এই সংসাৰখন এটা নাটঘৰ আৰু প্ৰতিজন মানুহেই এই সংসাৰৰ একোজন পাকৈত ভাৱৰীয়া মাথোন। জীৱনৰ সফলতা বিফলতা , হাঁহি-কান্দোন, সমস্যা-সংঘাত আদি বুকুত অসীম ধৈৰ্যৰে সাবতি মানুহে নিজ নিজ ভূমিকা পালন কৰিবলগীয়া হয়।
নলিনীবালা দেৱীও ইয়াৰ মাজতে ভগৱানক অন্বেষণ কৰিছে। এইদৰে নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱৰ প্ৰকট হৈ উঠিছে।
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄
অতি উন্নত মানদণ্ডৰ লেখনী। শিক্ষক শিক্ষাৰ্থী সকলো উপকৃত হ'ব।
ReplyDeleteThank you so much sir
Delete