শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ বা পৰিয়ালৰ ভূমিকা। Role of home or family in shaping a child's personality.
🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
🚀 শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ আৰু শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঘৰখনৰ পাছতেই শিশুৰ দ্বিতীয় শিক্ষাগ্ৰহণৰ উৎস শিক্ষানুষ্ঠান। অৰ্থাৎ শিশুৰ প্ৰথম শিক্ষাগ্ৰহণৰ উৎস হৈছে ঘৰখন বা পৰিয়ালটো। উল্লেখ্য যে ইয়াৰ পাৰ্থক্য হৈছে -পৰিয়ালৰ শিক্ষা অনানুষ্ঠানিক আৰু শিক্ষালয়ৰ শিক্ষা আনুষ্ঠানিক। অনানুষ্ঠানিক শিক্ষাৰ সীমা ব্যাপক। বহু কথাই অনানুষ্ঠানিক বা ঘৰুৱা পৰিবেশৰ পৰাই আয়ত্ব কৰিব পাৰি। কেৱল প্ৰয়োজন ধৈৰ্য্য আৰু একান্ত ধাউতি। ইয়াত ঘৰ বা পৰিয়ালৰ শিশুৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থকা ভূমিকা আৰু গুৰুত্বৰ সম্পৰ্কে থুলমূল আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম।
🚀 ঘৰ বা পৰিয়াল :
শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ প্ৰথম কঠিয়াতলি হৈছে ঘৰখন বা পৰিয়ালৰ পৰিৱেশ আৰু প্ৰথম শিক্ষক হিচাপে গণ্য কৰা হয় পিতৃ-মাতৃক । পিতৃ-মাতৃৰ যত্ন, আচাৰ-আচৰণ, অনুশাসন আদিৰ জৰিয়তেহে শিশু ডাঙৰ হৈ এজন সুস্থ সবল ব্যক্তি হিচাপে সমাজত নিজকে পৰিচয় দিব পাৰে। শিশু বা সন্তানক সেয়ে অতিৰিক্ত মৰম স্নেহ কৰাৰ পৰাও বিৰত থাকিবলগীয়া হয়। অতিপাত মৰম-চেনেহ আৰু আদৰ-সাদৰৰ ফলত বা অতিপাত শাসনে শিশুৰ সামাজিকীকৰণত বাধা আৰোপ কৰিব পাৰে। শিশুক সমাজৰ বিভিন্ন পৰিৱেশৰ সৈতে সুস্থ সমাযোজন কৰি এজন সুস্থ সবল সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলাত পৰিয়ালে এক বিশেষ ভূমিকা পালন কৰিব পাৰে। এজন শিশুৱে জন্মৰ পিছৰ পৰাই পিতৃ-মাতৃৰ পৰা আচাৰ-আচৰণ,মৰম-স্নেহ, দয়া, সহযোগিতা, ধৈৰ্য্য, ত্যাগ,পৰোপকাৰী আদি মহৎ গুণসমূহ আয়ত্ব কৰিবলৈ শিকে। তদুপৰি শিশুৱে ভাষা আৰু সামাজিক ধৰ্মনিষ্ঠা মনোভাৱ আয়ত্ব কৰিব প্ৰয়াস কৰে পৰিয়ালৰ পৰাই। গতিকে শিশুৰ সুস্থ আৰু সৰ্বাংগীন বিকাশৰ বাবে পৰিয়ালে এক সুন্দৰ আৰু শিশুৰ সপক্ষে সহায়ক হোৱাকৈ ঘৰুৱা পৰিবেশ সৃষ্টি কৰা প্ৰয়োজন। যিহেতু পৰিয়ালৰ বা ঘৰখনৰ পৰিৱেশ সঠিক নহ'লে ল'ৰা-ছোৱালীৰ সামাজিকীকৰণ শুদ্ধ ভাৱে পৰিচালিত হ'ব নোৱাৰে।
🚀এটা পৰিয়ালত বিভিন্ন সমস্যাৰ উদ্ভৱ হ'ব পাৰে। প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত অভিজ্ঞ। পৰিয়ালত থকা বিশেষ সমস্যা সমূ্হৰ ভিতৰত - হাই-কাজিয়া, বিবাহ-বিচ্ছেদ, অসামাজিক আচৰণ, মাদক দ্ৰব্য সেৱন আদিয়ে প্ৰধান। তদুপৰি পিতৃ-মাতৃৰ অত্যধিক ব্যস্ততা , বিলাসীতা আদিয়েও শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত আংশিক প্ৰভাৱ পেলায়। এনে সমস্যা সমূ্হ উদ্ভৱ হোৱা পৰিয়ালত বাস কৰা বা ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীৰ স্বভাৱ-চৰিত্ৰ , আচাৰ-আচৰণ, ভাৱ-অনুভূতি সকলোতে ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যাৰ বাবে তেওঁলোকৰ সুস্থ সামাজিকীকৰণত বিশৃংখলতাই দেখা দিয়ে।
উল্লেখ্য যে এজন শিশুৱে জন্মগত ভাৱে কিছুমান সম্ভাৱনীয়তা জীৱনত লৈ আহে। উপযুক্ত সামাজিকীকৰণৰ অভাৱৰ ফলত শিশুৰ এই সম্ভাৱনীয়তা সমূহৰ পূৰ্ণ বিকাশ সাধনৰ সম্ভৱ হৈ নুঠে। সেয়েহে এই ক্ষেত্ৰত অভিভাৱক তথা পিতৃ মাতৃ সকল সদা-সচেতন হোৱাটো অতি দৰকাৰী কথা। একেদৰে অতি দুখীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সুস্থ বিকাশ সাধন প্ৰায় অসম্ভৱ হৈ উঠে। যাৰ বাবে তেওঁলোকে সুস্থভাৱে সমাজৰ সৈতে খাপ খাব নোৱাৰা হয়।
শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক আদি দিশৰ বিকাশ সাধনত পিতৃ মাতৃ আৰু পৰিয়ালৰ প্ৰতিজন সদস্য সজাগ আৰু সচেতন হোৱা অতিকৈ প্ৰয়োজন। বহু ক্ষেত্ৰত দেখা যায় যে পিতৃ মাতৃৰ অজ্ঞতাৰ কাৰণে বিভিন্ন দিশত শিশুৰ অনেক চাহিদা অপূৰণীয় হৈ ৰয়।
🚀 গতিকে সুন্দৰ আৰু উপযুক্ত ভাৱে শিশুক সমাজৰ সৈতে খাপ খুৱাবলৈ হ'লে পৰিয়ালে এক সুন্দৰ তথা উপযুক্ত ভিটামিনযুক্ত পৰিৱেশৰ যোগান ধৰাটো অতীব প্ৰয়োজন।🙏
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴