Tuesday, February 27, 2024

ব্যক্তিত্ব বা Personality ??

ব্যক্তিত্ব বা Personality??


   পৃথিৱীৰ প্ৰতিজন মানুহৰে বা ব্যক্তিৰে কিছুমান বিশেষ লক্ষণ থাকে। সেই লক্ষণ বিলাকৰ জৰিয়তে নিজৰ ৰূপটো আনৰ আগত সুন্দৰ ভাৱে বা কুৎসিত ভাৱে প্ৰদৰ্শন কৰে। মানুহৰ আগত প্ৰদৰ্শন কৰা বা প্ৰকাশ কৰা এই ৰূপটোকে মানুহৰ ব্যক্তিত্ব বুলিব পাৰি। আমি আন ধৰণেও ক'ব পাৰোঁ যে কোনো মানুহৰ শৰীৰৰ গঠন, আগ্ৰহ মনোভাৱ, কোনো দিশত থকা প্ৰৱনতা, বৌদ্ধিক সামৰ্থ্যতা, কথা কোৱাৰ ভঙ্গিমা, শৰীৰ চলনৰ লয়, আবেগ , বোধ আদি একগোট হোৱা ধাৰণাটোৱেই হ'ল ব্যক্তিত্ব। ব্যক্তিজন আচৰণগত আৰু মানসিক দিশত কিমান ভাল তাক মানুহৰ ব্যক্তিত্বই প্ৰতিফলিত কৰে।

    আপোনালোকৰ আটাইৰে নিশ্চয় জ্ঞাত যে পৃথিৱীৰ প্ৰতিজন মানুহৰে এটা ব্যক্তিত্ব শৰীৰত নিহিত থাকে। এই ব্যক্তিত্ব হ'ল ব্যক্তি এজনৰ জীয়াই থকাৰ এক প্ৰকৃত উপায়। অৰ্থাৎ ব্যক্তিত্বৰ সহায়তে প্ৰত্যেকজন ব্যক্তিয়ে চৌপাশৰ পৰিৱেশৰ লগত সমাযোজন কৰি অধিক সন্তোষজনক ভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰে। ব্যক্তিত্ব জন্মগত ভাৱে অথবা চেষ্টাৰ বলত আহৰণ কৰিব পাৰি। অতীজৰে পৰা বৰ্তমানলৈকে যিমান সন্মানীয় মানুহৰ সৃষ্টি হৈছে সেয়া নিশ্চয় ব্যক্তিত্বৰ বলতে সম্ভৱ হৈছে। আব্ৰাহম লিংকন, মহাত্মা গান্ধী, ড° এপিজে আব্দুল কালাম, গোপীনাথ বৰদলৈ হোমেন বৰগোহাঞি, নগেন শইকীয়া আদিৰ দৰে ব্যক্তিত্বৰ কথা কোনে নাজানে। 
     আব্ৰাহম লিংকনৰ ব্যক্তিত্বই তৎকালীন সময়ত আমেৰিকাৰ লগতে বিশ্বৰ সকলো মানুহকে আকৰ্ষিত কৰিছিল বুলি জনা যায়। তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিব পৰা এটা কাহিনীও আছে। কাহিনীটো কোৱাৰ আগতে আব্ৰাহম লিংকনৰ সম্পৰ্কে জনা উচিত, নহয় জানো ?
আব্ৰাহম লিংকন মুখ্যতঃ স্ব-শিক্ষিত আছিল। তেওঁৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা ইণ্টাৰেণ্ট শিক্ষকসকলৰ পৰা হৈছিল। ইয়াত কেণ্টুকীত দুটা চমু কাৰ্যকাল অন্তৰ্ভুক্ত আছিল, য'ত তেওঁ পঢ়িবলৈ শিকিছিল কিন্তু সম্ভৱতঃ লিখিব নোৱাৰিছিল, সাত বছৰ বয়সত আৰু ইণ্ডিয়ানাত, য'ত তেওঁ খেতিৰ কামত লাগিব লগা হোৱাৰ বাবে বিক্ষিপ্তভাৱে বিদ্যালয়লৈ গৈছিল । 15 বছৰ বয়সলৈ মুঠ 12 মাহতকৈ কম সময়ৰ বাবে তেওঁ বিদ্যালয়লৈ গৈছিল বুলি জনা যায় । তেওঁ এজন উৎসাহী পাঠক হিচাপেও অটল আছিল আৰু শিকাৰ প্ৰতি অতি আগ্ৰহী আছিল। পৰিয়াল, চুবুৰীয়া আৰু স্কুলীয়া সহপাঠীসকলৰ ভাষ্য অনুসৰি জানিব পাৰি যে তেওঁৰ পঢ়াৰ ভিতৰত আছিল ৰজা জেমছ বাইবেল, এচপৰ ফেবলচ,জন বুনিয়ানৰ দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ, ডেনিয়েল ডেফ'ৰ ৰবিনছন ক্ৰুচো আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ আত্মজীৱনী আদি। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ 16তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
      এইজন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এবাৰ পথেৰে সাধ্যভ্ৰমণৰ (evening walk) বাবে ওলাই গৈছিল। সাধাৰণ পোশাকত থকা ৰাষ্ট্ৰপতিক দেখি এজন নিচলা লোকে চেলুট দিছিল। আৰু আব্ৰাহম লিংকনে সেই লোকজনৰ সন্মানক শ্ৰদ্ধা জনায় মূৰৰ টুপী খুলি তেওঁলৈ প্ৰতি চেলুট দিছিল। এই কাৰ্যই তেওঁৰ সদাচৰণ আৰু মহানুভৱতাৰ সম্পৰ্কে বাৰ্তা দিছিল। এয়াই হৈছে লিংকনৰ ব্যক্তিত্বৰ প্ৰতিফলন।
     তেনেকৈ ভাৰতৰ এপিজে আব্দুল কালাম বা আন ব্যক্তিবিলাকৰো বহু ব্যক্তিত্ব আছে আৰু যিবোৰে এতিয়াও সকলোকে আকৰ্ষণ কৰে। 
       ব্যক্তি এজনৰ ব্যক্তিত্ব কেনেধৰণৰ, ব্যক্তিজনৰ কিমান পৰিমাণৰ ব্যক্তিত্বৰ গুণ আছে আদি জানিবৰ বাবে ব্যক্তিত্বৰ পৰিমাপণ কৰিব পাৰি। ব্যক্তিত্বৰ পৰিমাপণ কৰিবৰ বাবে কিছুমান আহিলা আছে। আহিলা সমুহক এনেধৰণে বিভক্ত কৰিব পাৰি - ১/ নিৰূপক কাঠি, ২/ চিহ্নাংকণ সূচী, ৩/ প্ৰশ্নসূচী, ৪/ সাক্ষাৎকাৰ, ৫/ প্ৰক্ষেপী কৌশল আদি। এই আটাইবোৰ হৈছে অভীক্ষা পদ্ধতি। 
     ব্যক্তিৰ ব্যক্তিত্ব অতি প্ৰয়োজনীয় গুণ। আমাৰ জীৱনৰ কৰ্মৰাজি সুন্দৰ ভাৱে পৰিচালনা কৰি আগুৱাই যাবৰ বাবে ব্যক্তিত্বৰ অতিকৈ প্ৰয়োজন হয়। বিভিন্ন মেল মিটিং বা অনুষ্ঠান প্ৰতিষ্ঠান আদি গুৰি ধৰাত ব্যক্তিত্বই মানুহজনক সহায় কৰে। আমি ব্যক্তিত্ব আহৰণ কৰিব পাৰোঁ আমাৰ নিজৰ প্ৰচেষ্টা বা অভিজ্ঞতাৰ বলত। 



আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পঢ়ি ছোৱাৰ বাবে।
লেখক: দুদুল সোণোৱাল।
   


    

Saturday, February 24, 2024

স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

স্মৃতি কাক বোলে আৰু ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️


     আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতা সমূহক আমাৰ মানসপটত ছাপ হিচাপে ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰ পুনৰুদ্ধাৰ কৰি চিনাক্তকৰণ কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলা হয়। অৰ্থাৎ সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱা কাৰ্যকে স্মৃতি বা স্মৰণ ক্ৰিয়া বোলা হয়। সেয়ে স্মৰণ প্ৰক্ৰিয়াক অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান বুলিও কোৱা হয়। 

      প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ভিন ভিন অভিজ্ঞতা অৰ্জন কৰে। এনে অভিজ্ঞতাবোৰ প্ৰতিটো ক্ষণতে আমাৰ মানসপটত মুদ্ৰিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে আৰু মানুহৰ মনে অচেতন স্তৰত এই অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন সাপেক্ষে পুনৰুদ্ৰেক হয়। গতিকে কোৱা হয় যে অতীত অভিজ্ঞতাক অবিকল ভাৱে পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়াই হৈছে স্মৃতিশক্তি। 

     ষ্টাউট, মেকডুগেল,বাইবান আদি নামৰ মনোবিদ সকলে স্মৃতিৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। বাইবান নামৰ মনোবিদজনে কৈছে-"আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে সেই অভিজ্ঞতা লাভ কৰাৰ কিছু পৰৰ পিছত তাক সচেতন স্তৰলৈ আনিব পৰা যি ক্ষমতা থাকে তাকেই স্মৃতি আখ্যা দিয়া হয়।" গতিকে ক'ব পাৰি যে আমি পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে।

   স্মৃতিৰ কিছুমান উপাদান আছে। উপাদান সমুহ হ'ল - শিক্ষণ, সংৰক্ষণ, পুন:স্মৰণ, প্ৰত্যভিজ্ঞা আদিয়েই প্ৰধান। সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়োৱা হ'ল। -

শিক্ষণ বা শিকণ : কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটা বিষয়ৰ সম্পৰ্কে নিশিকাকৈ আমি কোনো অভিজ্ঞতা পাব নোৱাৰো ,অভিজ্ঞতা অবিহনে শিকা সম্ভৱ নহয়। সেয়ে আমি প্ৰথমে কোনো বিষয়বস্তুৰ সম্পৰ্কে শিকি মনৰ মাজত তাক মুদ্ৰিত কৰি ৰাখিব লাগিব। তেতিয়াহে পিছত সেই অভিজ্ঞতাবোৰ স্মৰণ কৰিব পাৰি। অৰ্থাৎ পৰৱৰ্তী স্মৰণ কাৰ্যৰ সাফল্য নিৰ্ভৰ কৰে এই শিক্ষা কাৰ্য বা শিকা কাৰ্য বা পঞ্জীয়ন কাৰ্যৰ ওপৰত। কোনো এটা কাম যদি অতীতত ভালদৰে মনোযোগেৰে শিকা হয় তেন্তে সেই কাম ভৱিষ্যতে স্মৰণ কৰাত আমাৰ বিশেষ অসুবিধা নহয়। গতিকে স্মৃতি ক্ষিপ্ৰ হ'বলৈ হ'লে জ্ঞান অৰ্জনৰ কাম দৃঢ় হ'ব লাগিব।

সংৰক্ষণ : অতীততে লাভ কৰা অভিজ্ঞতাৰ জ্ঞানবোৰ বা স্মৃতিবোৰ আমাৰ স্নায়ু তন্ত্ৰত সংৰক্ষিত হৈ থাকে। একেদৰে আমাৰ দৈনন্দিন জীৱনত অৰ্জন কৰা শিক্ষাক মনৰ মাজত আমি সযতনে সংৰক্ষণ কৰি ৰাখো। বৰ্তমানত লাভ কৰা অভিজ্ঞতাবোৰ মনত সাঁচি নাৰাখিলে আমি তাক স্পষ্টকৈ মনত পেলাব নোৱাৰিম।  সেয়ে অভিজ্ঞতাক বা শিকাবোৰ সম্পূৰ্ণ বুজি লৈ মনত ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সংৰক্ষণ সঠিক নহ'লে কোনোৱে মেধা শক্তি অৰ্জন কৰিব নোৱাৰে। সেয়ে এইটো এটা গুৰুত্বপূৰ্ণ উপাদান।

পুন:স্মৰণ: কোনো এটা বিষয়ত আমাৰ দৈনন্দিন জীৱনৰ কোনো সময়ত শিকা কথাবোৰ মস্তিষ্কই সংৰক্ষণ কৰাৰ পিছত তাক পুনৰ স্মৰণ কৰা কাৰ্যটোক পুন:স্মৰণ বা পুনৰুদ্ৰেক কৰা বোলা হয়। পুন:স্মৰণ আমাৰ জীৱনৰ স্মৃতিৰ গুৰুত্বপূৰ্ণ বিষয়। পুন:স্মৰণ কৰিবলৈ আমি কথাবোৰ খৰচিমাৰি শিকিব লাগে। 

প্ৰত্যভিজ্ঞা : কেৱল অতীত অভিজ্ঞতাৰ পুন:স্মৰণ হ'লেই স্মৰণ কাৰ্যৰ সম্পাদন হৈছে বুলি ক'ব নোৱাৰি যদিহে অভিজ্ঞতাৰ প্ৰতিৰূপ বিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব নোৱাৰোঁ। অৰ্থাৎ এটা অংক পূৰ্বে যিধৰণে শিকা হৈছিল, যদি তাক পুনৰাই অবিকল ৰূপত স্মৰণ কৰিব পৰা যায়, তেন্তে সেই স্মৰণেই হ'ব প্ৰত্যভিজ্ঞা। গতিকে শিকাবোৰ সঠিক হ'লে প্ৰত্যভিজ্ঞা সঠিক হয়।

     গতিকে ওপৰত আলোচনা কৰা প্ৰতিটো উৎপাদনৰ ৰূপ স্মৰণত সংমিশ্ৰণ ঘটিলেহে তাক সঠিককৈ স্মৃতি বুলিব পাৰি। প্ৰতিটো উপাদানৰ ৰূপ সঠিককৈ আনিবলৈ হ'লে শিকাৰ ক্ষেত্ৰত অধিক মনোযোগ,ধ্যান আদি গুণৰ সমাহাৰ ঘটিব লাগিব। 

    স্মৃতিশক্তি বৰ্দ্ধনৰ বাবে আমি বিভিন্ন কাৰ্য বা গুণৰ অধিকাৰী হ'ব লগীয়া হয়। বিশেষকৈ বিদ্যালয়ৰ পৰ্যায়ত স্মৃতিশক্তি বৰ্দ্ধনৰ উপাদান সমুহ বেছি প্ৰয়োজন আছে। আগৰ দিনত শিক্ষকে দীঘল কবিতা মুখস্থ কৰিবলৈ দিছিল। কিন্তু বৰ্তমানৰ শিক্ষাত মুখস্থ বিদ্যা সম্পূৰ্ণ পৰিত্যাগ কৰা হ'ল। অৱশ্যে এই কথা একেবাৰে সঁচা নহয়। মনত ৰখা বা মুখস্থ কৰা প্ৰায় সমপৰ্যায়ৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। মনত নথলে জানো কিবা এটা কথা সংৰক্ষণ কৰিব পাৰি ?  যিকোনো বিষয়ত কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ হ'লে - গভীৰ মনোযোগ, পুন: পুন: অনুশীলন, অৰ্থপূৰ্ণ শিক্ষণ, ব্যৱহৃত শিক্ষণ, প্ৰৱল আগ্ৰহ, সক্ৰিয় প্ৰচেষ্টা, ইন্দ্ৰিয়ৰ সঠিক ব্যৱহাৰ, খণ্ড আৰু অখণ্ড পদ্ধতি, জিৰণি, পৰিৱেশৰ অৱস্থা , শাৰীৰিক আৰু মানসিক অৱস্থা, ছন্দৰ প্ৰয়োগ, ইচ্ছাশক্তি, অভিপ্ৰায় আদি উপাদান সমূহ বা গুণসমূহ আমি আয়ত্ব কৰিব প্ৰয়াস কৰিব লাগে। 

    কোনো বিষয়ত যিমানেই মনোযোগ দি শিকা হয় সিমানেই শিকা কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰৈ যায়। অৰ্থাৎ গভীৰ মনোযোগেৰে শিকা কথাবোৰ সদায় স্থায়ী হয়। আজিৰ সময়ত গভীৰ মনোযোগৰ একেবাৰে অভাৱ দেখা যায় যাৰ বাবে আজিৰ ল'ৰা ছোৱালীৰ শিক্ষা ক্ষণস্থায়ী ৰূপত পৰ্যবসিত হৈছে ( অৱশ্যে সকলোবোৰ নহয়) । শিকিবলগীয়া কথাবোৰ বাৰে বাৰে পুনৰাবৃত্তি আৰু চৰ্চা কৰিব প্ৰয়াস কৰিব লাগে, তেনে কৰিলে শিকা কথাবোৰ স্থায়ী হয়। কোনো বিষয়ত অধ্যয়ণ কৰিলে যুক্তিযুক্ত ভাৱে অৰ্থ ফঁহিয়াই শিকিব যত্ন কৰিব লাগে, তেতিয়া মানসপটত কথাবোৰ দীৰ্ঘস্থায়ী হয়। এইটো কথা সত্য যে ইচ্ছা নাথাকিলে কোনো কামে সুচাৰুৰূপে কৰিব নোৱাৰি। শিকাৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে বা শিকাত আগ্ৰহ নাথাকিলে সেই শিক্ষা কোনোকালে সাৰ্থক নহয়। আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক বিলাকে এই কথাটো ভবা উচিত। স্মৃতি শক্তি সজীৱ কৰিবলৈ পাঠ্যপুথিৰ নিস্ক্ৰিয় শিক্ষাৰ সৈতে কিছু ক্ষেত্ৰত সক্ৰিয় শিক্ষাৰ ব্যৱস্থাও সন্নিৱিষ্ট কৰা উচিত। 

    কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ খণ্ড আৰু অখণ্ড পদ্ধতি এটা ভাল পদ্ধতি। শিকিবলগীয়া কথাবোৰ মনত ৰাখিবৰ বাবে সদায় খণ্ড খণ্ডকৈ বা ভাগ ভাগকৈ আৰু অখণ্ডকৈ বা সম্পূৰ্ণকৈ শিকিব চেষ্টা কৰিব লাগে। তেতিয়া সহজে কথাবোৰ মনত ৰৈ যায়। শিক্ষা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। গতিকে পৰিৱেশটো শিক্ষাৰ্থীৰ বাবে সদায় শিক্ষাৰ অনুকুল হোৱা প্ৰয়োজন। হাই উৰুমি,কোলাহল পূৰ্ণ পৰিৱেশত শিকাবোৰ স্থায়ী নহয়।         উপৰোক্ত নিয়মবোৰ মানি চলি পঢ়িলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে শিকাত উপকৃত হ'ব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।





🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺







Sunday, February 11, 2024

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তা।Academic statistics science and its requirements.

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তা।Academic statistics science and its requirements.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

  🖊️শৈক্ষিক পৰিসংখ্যা হৈছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক, শিক্ষাবিদ, মনোবিজ্ঞানী আৰু আন আন বিষয়ক শিক্ষাৰ লগত জড়িত শিক্ষক আদিয়ে বিভিন্ন ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি নানান ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা শিক্ষাৰ মাধ্যম। সাধাৰণতে যিকোনো বিষয়ত সংগৃহীত প্ৰাথমিক তথ্যবোৰ খেলিমেলি বা বিশৃঙ্খল হৈ থাকে ফলত সহজে ইয়াৰ সম্পৰ্কে বুজিব পৰা নাযায়। সেয়ে যিকোনো শৈক্ষিক সংগৃহীত তথ্যবোৰ কিছুমান নীতি-নিয়মৰ দ্বাৰা সজাই লৈ তাৰ গড়, মধ্যমা,বহুলক, চতুৰ্থক বিচ্যুতি, মানক বিচ্যুতি, সহ-সম্বন্ধ, গুণাংক নিৰ্ণয় আদি ভাগত বিভক্ত কৰি শিক্ষাৰ মানদণ্ড নিৰূপণ কৰা হয়। এই পৰিসংখ্যাকেই শৈক্ষিক পৰিসংখ্যা বুলি কোৱা হয়।

     পৰিসংখ্যাৰ এটা অংশ হৈছে শৈক্ষিক পৰিসংখ্যা। বিশেষকৈ আনুষ্ঠানিক শিক্ষাৰ গণিত বিষয়ত এই বিষয়বস্তু বৰ্তমানৰ শিক্ষাত গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা হয়। তথ্যৰ ব্যৱহাৰ, স্থানাংক জ্যামিতি আদি শৈক্ষিক পৰিসংখ্যাৰ প্ৰতিফলন ঘটিছে। বহুলক নিৰ্ণয়, মধ্যমা নিৰ্ণয়, মধ্যমান নিৰ্ণয়, প্ৰসাৰ আদি হৈছে ইয়াৰ উদাহৰণ।
      সংক্ষিপ্ত ভাৱে পৰিসংখ্যাৰ উপাদান সমুহৰ ব্যাখ্যা আগবঢ়োৱা হ'ল -
তথ্য : তথ্য হৈছে কোনো বিষয়ত অধ্যয়ণ কৰিব খোজা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংগৃহীত সম্ভেদ বা বিৰৱণ। যেনে-১/ এজন শিক্ষকে আহৰণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতাৰ তথ্য। ২/ দহ খন গাঁওৰ গাঁৱবুঢ়া সকলৰ হিচাবৰ তথ্য আদি।

বহুলক: ‌সামগ্ৰীৰ যিকোনো শ্ৰেণীত যিটো সংখ্যা আটাইতকৈ সৰহবাৰ পোৱা যায় তাকে সামগ্ৰী সমূহৰ বহুলক বা সংখ্যাগুৰু মান বা ম'ড বুলি কোৱা হয়। যেনে - ৫২ , ৪৫, ৪৭, ৫২, ৫৫, ৫২, ৬১, ৫২, ৫৬, ৫৯ এই তথ্য ৰাশিত আটাইতকৈ বেছি বাৰ পোৱা সংখ্যা হ'ল ৫২ । গতিকে তথ্য ৰাশিৰ বহুলক ৫২ । সাধাৰণতে বহুলক নিৰ্ণয় কৰিবলৈ গণিতত উৰ্দ্ধক্ৰমৰ সহায় লোৱা হয়। 
 বহুলকৰ সুবিধাসমূহ: 
     ক) বহুলক বুজিবলৈ বৰ সহজ।
     খ) বহুলক নিৰ্ণয় কৰিবলৈ বৰ সহজ।
     গ) বিভাজনৰ এটা বা দুটা সীমামূৰীয়া চৰম ৰাশিৰ প্ৰতি বহুলক সংবেদনশীল নহয় অৰ্থাৎ এনে চৰম ৰাশিৰ মানৰ ওপৰত বহুলক নিৰ্ভৰ নকৰে।

মধ্যমা: মান অনুযায়ী তথ্যৰ ৰাশিবিলাকক নিম্নতম মানৰ পৰা একাদিক্ৰমে উচ্চতম মানলৈ অৰ্থাৎ উৰ্দ্ধক্ৰমত সজাই লোৱাৰ পাছত একেবাৰে সোঁমাজত পৰা ৰাশিৰ মানেই হ'ল মধ্যমা। কোনো অসমূহিত তথ্যৰ ৰাশিবিলাকৰ মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো হৈছে -
১/ Mean= N+1 ÷ 2
২/ Mean= মাজৰ সংখ্যা দুটাৰ সমষ্টি ÷ ২


মধ্যমান বা গড় : কিছুমান ৰাশি যোগ কৰি যোগফলক ৰাশিৰ মুঠ সংখ্যাৰে হৰণ কৰি পোৱা মানকে ৰাশিবিলাকৰ গড় বুলি কোৱা হয়। যেনে ওপৰৰ ৰাশিৰবোৰৰ গড় হৈছে = ৫৫ ÷ ১০ = ৫.৫ (১+২+৩+৪+৫+৬+৭+৮+৯+১০) 
সূত্ৰ: গাণিতিক গড় বা গড়= ∑ X ÷ N ( ∑ X মানে তথ্যৰ সমষ্টি আৰু
N মানে তথ্যৰ সংখ্যা) (∑ ৰ সম্পূৰ্ণ অৰ্থ Summation আৰু X=( x1 + x2 + x3 +….+xn) বা ( ১+২+৩+৪+৫+৬+৭+৮+৯+১০ আদি)

গাণিতিক গড়ৰ সুবিধা: 
     গাণিতিক গড়ৰ সুবিধাসমূহ হৈছে -
ক) গাণিতিক গড়ৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া সেইবাবে গাণিতিক গড় নিৰ্ণয় কৰোঁতে ইয়াৰ মানৰ তাৰতম্য হোৱাটো ভয় নাথাকে।
খ) গাণিতিক গড়ৰ বিভাজনৰ আটাইবিলাক সামগ্ৰীৰ পৰা নিৰ্ণয় কৰা হয়। সেয়েহে ই গোটেই বিভাজনকে প্ৰতিনিধিত্ব কৰে।
গ) গাণিতিক গড়ৰ নিৰ্ভৰ ভালেমান বীজগণিতীয় ব্যৱহাৰ আছে।
ঘ) গাণিতিক গড়ৰ নিৰ্ভৰযোগ্যতা আছে।

বিস্তৃতি বা প্ৰসাৰ : প্ৰসাৰ হৈছে সামগ্ৰীৰ বা তথ্যৰ উচ্চতম আৰু নিম্নতম মানৰ অন্তৰ বা বিয়োগফল।যেনে= ১,২,৩,৪,৫,৬,৭,৮,৯,১০ তথ্যৰাশিৰ উচ্চতম মান ১০ আৰু নিম্নতম মান হ'ল ১ , ইহঁতৰ অন্তৰ ১০-১= ৯ অৰ্থাৎ প্ৰসাৰ মান হ'ল ৯ ।

গড় বিচ্যুতি : গড় বিচ্যুতি নিৰ্ণয়ৰ সূত্ৰ হ'ল
        গড় বিচ্যুতি = ∑ fx/N বা ∑ fx ÷ N

চতুৰ্থক বিচ্যুতি: কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ পৰা এক চতুৰ্থাংশ নিৰ্ণয় কৰাৰ পদ্ধতিটোকে চতুৰ্থক বিচ্যুতি বোলা হয়। বাৰংবাৰতা তালিকাৰ বিচ্যুতি গণনা কৰাৰ এটা পদ্ধতি হৈছে চতুৰ্থক বিচ্যুতি বা Q । ইয়াত ২৫% ক প্ৰথম চতুৰ্থক বা Q1 , ৫০% ক দ্বিতীয় চতুৰ্থক বা Q2 , ৭৫% ক তৃতীয় চতুৰ্থক বা Q3 বোলা হয়। যিকোনো বাৰংবাৰতা তালিকাৰ প্ৰথম আৰু তৃতীয় চতুৰ্থক বিচ্যুতি বা Q নিৰ্ণয় কৰিব পাৰি। 
১/ Q1 =Q3 - Q1/2
২/ Q1 =L +3N/4 - Cumf/fq × i
৩/ Q3 =L +3N/4 - Cumf/fq × i

পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা: 
    শিক্ষা , উদ্ভিদ বিজ্ঞান , অৰ্থনীতি আদি নানা বিষয়ত পৰিসংখ্যা বিজ্ঞানৰ নীতি প্ৰয়োগ কৰা হয়। বৰ্তমান কালত এনে কোনো বিষয় নাই য'ত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ হোৱা নাই। বৰ্তমান মনোবিজ্ঞানৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞান অপৰিহাৰ্য হৈ পৰিছে। ছাত্ৰৰ কৃতিত্ব পৰিমাপ কৰিবৰ বাবে সিহঁতক বিদ্যালয়ৰ পৰীক্ষাৰ নম্বৰ দিয়াটো পূৰ্বৰে পৰা চলি আহিছে। বুদ্ধি নাইবা ব্যক্তিত্ব পৰিমাপক পৰীক্ষাতো বিদ্যাৰ্থীক নম্বৰ দিয়া নিয়ম আছে। আনহাতে আমৰ দৈনন্দিন জীৱনত নানা বস্তু পৰিমাপ নিৰ্ণয় কৰাৰ প্ৰয়োজন হয় যিটো আমি ইতিমধ্যে দেখি আহিছোঁ। তদুপৰি আমি দেখিবলৈ পাওঁ যে সমাজৰ জনসাধাৰণৰ মাজত কোনো স্বাভাৱিক গুণ বা শক্তি কম বেছি পৰিমাণে সুপ্ত অৱস্থাত থাকে। সকলো মানুহৰে বুদ্ধি বৃত্তি, স্মৃতিৰ ক্ষমতা, যুক্তি শক্তি,চিন্তা কল্পনা আদি সম পৰিমাণৰ নহয়। দৈহিক গুণ বা ব্যক্তিৰ ভিতৰত পাৰ্থক্য পৰিলক্ষিত হয়। কোনোজন অতি ওখ, কোনোজন চাপৰ, কোনোজন মজলীয়া ধৰণৰ ওখ । আকৌ কোনোজন দেখিবলৈ ধুনীয়া, কোনোজন আলাগী আদি। কিছুমান বস্তুৰ ক্ষেত্ৰতো একেই পাৰ্থক্য পৰিলক্ষিত হয়। যেনে কিছুমান বস্তুৰ ওজন গধূৰ, কিছুমান বস্তুৰ ওজন পাতল, আকৌ আন কিছুমান মজলীয়া বিধৰ হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত মানুহখিনিক ওখ, চাপৰ আৰু মজলীয়া বা ধুনীয়া বা বেয়া আদি ভাগত বিভক্ত কৰি সজাব পাৰোঁ। একেদৰে সামগ্ৰী সমূহকো আমি বিভিন্ন ভাগত বিভক্ত কৰি সজাব পাৰোঁ। এইদৰে বস্তু বা সংখ্যাবোৰক ক্ৰমিকভাৱে ভাগ কৰি লোৱা কাৰ্যক শাৰীবিন্যাস বোলা হয়। এনেদৰে শাৰীবিন্যাস কৰি বস্তু এটাৰ বা কোনো এক ব্যক্তিৰ প্ৰকৃত স্হান কোন শাৰীত হ'ব তাক নিৰ্ণয় কৰি ল'ব পাৰি। এই ভাগ কিছুমান সংখ্যাৰ দ্বাৰা কৰা হয়। এই সংখ্যাবোৰক পৰিসংখ্যা বিজ্ঞানৰ মতে নম্বৰ বা স্কোৰ বোলা হয়। 
     বিদ্যালয়ত কোনো এজন ছাত্ৰৰ কিমান দক্ষতা বা নৈপুণ্য আছে সেইটো পৰিমাপ কৰিবলৈ আমি দুটা পদ্ধতি অৱলম্বন কৰিব পাৰো । এটা পদ্ধতি হৈছে কোনো এজন ছাত্ৰই কোনো কাম কিমান সময়ত শেষ কৰিব পাৰে আৰু আনটো হ'ল নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমানখিনি কাম শুদ্ধ ভাৱে কৰিব পাৰে সেইটো নিৰ্ণয় কৰা। প্ৰথম ক্ষেত্ৰত সময়ৰ পৰিমাপ আৰু দ্বিতীয় ক্ষেত্ৰত কামৰ পৰিমাপেই হ'ব নম্বৰ বা স্কোৰ। যেনে - সময়ৰ ক্ষেত্ৰত ঘণ্টা, মিনিট , চেকেণ্ড আৰু ওজনৰ ক্ষেত্ৰত কিলোগ্ৰাম,গ্ৰাম আৰু উচ্চতাৰ ক্ষেত্ৰত গজ,ফুট, ইঞ্চি, মিটাৰ, চেণ্টিমিটাৰ আদি ব্যৱহাৰ কৰা হয়। গতিকে পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন আছে। সেয়ে আমি ইয়াৰ সম্পৰ্কে জনা উচিত।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল। 


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺





🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿









Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts