Saturday, March 23, 2024

ঘামচি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব ? What is sweating and the way to get rid of it? Read and know.

ঘামচি আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? পঢ়ক আৰু জানক। What is sweating and the way to get rid of it? Read and know.

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

এতিয়া গৰম দিন আহিব। আমাৰ দেহত ঘামচিয়ে আমনি কৰিব। চাওক কিছু দিহা -
ঘামচি : আমাৰ ছাল খহটা হ'লে ঘামচি ওলোৱা যেন লাগে। আচলতে কেইটামান কাৰণত আমাৰ দেহত ঘামচিয়ে দেখা দিয়ে। 
ক) শৰীৰৰ চালৰ উপৰিভাগত অতিপাত লেতেৰা হ'লে ঘামচি ওলাই।
খ) ঘামবোৰ শৰীৰৰ বাহিৰ নহ'লে ঘামচি ওলাই।
গ) অতিপাত ঘাম ওলাই তিতি থকা কাপোৰ পিন্ধি থাকিলে ঘামচি ওলাই।
ঘ) টোপনি ক্ষতি হ'লে ঘামচি ওলাই। 
ঙ) অতিপাত গৰমৰ বাবেও দেহত ঘামচিয়ে দেখা দিয়ে।
প্ৰতিৰোধৰ উপায়: 
ক) গৰমৰ দিন কেইটাত নিম চাবোন আৰু দেটল চাবোনেৰে পৰিষ্কাৰকৈ গা-ধুব লাগে।
খ) মহানিমৰ পাত পানীত সিজাব লাগে আৰু সেই পানী ঠাণ্ডা কৰি ঘামচি ওলোৱা ঠাইত লগাব লাগে।
গ) গোলনেমুৰ ৰস ঘামচি হোৱা ঠাইত প্ৰতি দিনে লগাব লাগে। 
ঘ) তেজপাতো ভাল। ইয়াৰ ৰস উলিয়ায় ঘামচি হোৱা ঠাইত লগালে ঘামচি ভাল হয়।
ঙ) ঘামচি ওলালে কণী খাব নালাগে, দাগ ৰৈ যায়। 

ভাল পালে মন্তব্য আগবঢ়াব।











🪴🪴🪴🖊️🖊️🖊️🪴🪴🪴🪴🪴🖊️🖊️🖊️🪴🪴🪴

Sunday, March 10, 2024

মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ ?জানো আহক। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.

মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ? নাম প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
🌹 মহাকাশলৈ যাবলগা চাৰিজন মহাকাশচাৰী🌹
  

  মহাকাশ অভিযানত ভাৰতৰ আৰু এখোজ৷ ভাৰতে গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে। তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লা।মঙলবাৰে তিৰুৱন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় মহাকাশ সংস্থাই এক বিবৃতিত কয়, “গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্ৰশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক হাতত ‘এষ্ট্ৰোনোট উইং’ সুশোভিত কৰাৰ লগতে মহাকাশচাৰীৰ বেজো অৰ্পন কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আজি যি ঘটিছে সেয়া এক ঐতিহাসিক মুহূৰ্ত। এই কথাই প্ৰমাণ কৰিছে যে বিশ্বত ভাৰতৰ প্ৰভাৱ কিমান বাঢ়ি গৈছে । প্ৰতিখন দেশৰ বাবে এনে এক সময় আহিছে যি সময়তে বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আজি ভাৰতৰ বাবে এনেএটা মুহূৰ্ত আহিছে। আজিৰ প্ৰজন্মই ভূমি, পানী, আকাশ আৰু মহাকাশৰ ওপৰত ঐতিহাসিক দখল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিছুদিন আগতে, মই অযোধ্যাত কৈছিলো যে কলা চক্ৰৰ এটা নতুন চক্ৰ আৰম্ভ হৈছে। ভাৰতে বিশ্বত ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰিছে। যিটো আমাৰ মহাকাশ কাৰ্যসূচীতো প্ৰতিফলিত হয়। ‘

মোদীয়ে লগতে কয় “তেওঁলোক (চাৰিজন মহাকাশচাৰী) মাত্ৰ চাৰিটা নাম আৰু চাৰিজন ব্যক্তি নহয়। তেওঁলোক চাৰিটা শক্তি যিয়ে, ১৪০ কোটি লোকৰ আশা-আকাংক্ষা মহাকাশলৈ লৈ যাব। ৪০ বছৰৰ পিছত কোনো ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময় আমাৰ, আমি কাউন্টডাউনো কৰিম আৰু ৰকেটো আমাৰ। মই অত্যন্ত সুখী যে মই এই মহাকাশচাৰীসকলৰ সৈতে কথা পাতিবলৈ আৰু তেওঁলোকক সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ। মই তেওঁলোকক সমগ্ৰ দেশৰ হৈ অভিনন্দন জনাইছো। আপোনালোক আজিৰ ভাৰতত বিশ্বাস কৰে, আপোনালোক আজিৰ ভাৰতৰ সাহসিকতা’’৷

‘হাত জোৰ কৰি’ তেওঁ কয় যে চাৰিজন মহাকাশচাৰীয়ে অধিক কঠোৰ পৰিস্থিতিৰ মাজেৰে যাব লাগিব। তেওঁলোকে অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। তেওঁলোকক বা তেওঁলোকৰ পৰিয়ালক বিচলিত নকৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই ভাৰতীয় বায়ু সেনাৰ সহযোগত মহাকাশচাৰীসকলক বাছনি কৰিছিছে। চাৰিজনে ৰাছিয়াত ১৩ মাহৰ বাবে প্ৰশিক্ষণ লৈছে। তেওঁলোকক মহাকাশত কেনেদৰে থাকিব লাগে, বৰফত কেনেদৰে নিজকে সুৰক্ষিত কৰিব লাগে, মৰুভূমিত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে, পানীত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। উল্লেখ্য ইতিমধ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰা গগনযান মিছনৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। তৰল চালিত একক পৰ্যায়ৰ পৰীক্ষা বাহন টিভি-ডি১ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কিছুদিন পূৰ্বে মহাকাশলৈ উৰা মাৰিছিল। গগনযান অভিযানৰ সময়ত ভাৰতীয় মহাকাশচাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ – ক্ৰু এস্কেপ চিষ্টেমৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছিল।

যান খনত কোনো বিজুতিয়ে দেখা দিলে তাীত থকা মহাকাশচাৰীসকলে পুনৰ পৃথিৱীলৈ কিদৰে ঘূৰি আহিব সেয়া পৰীক্ষা কৰিবলৈয়েই পৰীক্ষণটো কৰা হৈছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছিল যে মিছন সম্পূৰ্ণ আৰু প্ৰাপ্ত উদ্দেশ্য সাধন হৈছে। যান খনত ধৰা পৰা এটা বিসংগতিৰ বাবে উৎক্ষেপণ বন্ধ ৰখা হৈছিল, সেয়া সংশোধন কৰাৰ পিছত মহাকাশযানখন পুনৰ উৎক্ষেপন কৰা হয়। । উৎক্ষেপণৰ প্ৰায় ৬১.১ ছেকেণ্ড পিছত ভূপৃষ্ঠৰ পৰা ১১.৯ কিলোমিটাৰ উচ্চতাত যান খনৰ ক্ৰু এস্কেপ চিষ্টেম ৰকেট বুষ্টাৰৰ পৰা পৃথক হয়। ইয়াৰ পিছতে ই প্ৰতি ঘণ্টাত ৫৫০ কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ ধৰে।

ইয়াৰ পিছতে ড্ৰোগ পেৰাচুট সক্ৰিয় হৈ পৰে, ফলত যানখনৰ পৃথিৱীমুখী অৱতৰণ লেহেম হয়।” ইয়াৰ পিছতে নিৰ্ধাৰিত স্থানত যান খনৰ ক্ৰু এস্কেপ চিষ্টেমে অৱতৰণ কৰিছিল।

টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিছিল।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিছিল। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা হৈছিল। জাহাজ খনত সুদক্ষ ডুবাৰুও আছিল ।
গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা, যি কেপচুলে তিনি জন মহাকাশচাৰীক তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব।

ইছৰোৱে কৈছিল যে গগনযান অভিযান সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷ গগনযানৰ চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব ৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩ বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷ 
: Copied post (দৈনিক বাৰ্তা)।



Tuesday, March 5, 2024

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system.

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system. 

🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭


   🚀 অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বুলিলে অতি মেধাৱী শিশুৰ সম্পৰ্কে বুজা যায়। শিশুৰ বুদ্ধ্যাংকৰ ওপৰত ভিত্তি কৰি প্ৰতিভাসম্পন্ন শিশুৰ চিনাক্ত কৰিব পাৰি।মনোবিদ সকলৰ মতে যিবিলাক শিশুৰ বুদ্ধ্যাংকৰ পৰিমাণ ১৩০ তকৈ ওপৰৰ হয়, সেইবিলাক শিশুক অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বোলা হয়।

 উল্লেখ্য যে এনে শিশুৰ প্ৰতিভা সৰ্বসাধাৰণ শিশুৰ প্ৰতিভাতকৈ বহু গুণে বেছি বা এওঁলোক বেছি প্ৰতিভাৰ অধিকাৰী হয়। ইহঁতৰ বৌদ্ধিক ক্ষমতা অধিক আৰু অসাধাৰণ গুণসম্পন্ন হয়। প্ৰতিভাসম্পন্ন শিশু সাধাৰণতে কম কথকী আৰু ভাবুক স্বভাৱৰ হয়। অৰ্থাৎ এনে শিশুৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিলক্ষিত হয়। সংক্ষিপ্ত ৰূপত বৈশিষ্ট্যৰ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।---

১/পৰিৱেশৰ প্ৰতি সচেতন মনোভাৱ: 

২/অনুসন্ধিৎসু মনোভাৱ :

৩/ভুল শুদ্ধৰ সম্পৰ্কে সচেতন:

৪/নিজা বুদ্ধি সম্পন্ন:

৫/ বিমূৰ্ত চিন্তা শক্তি নিহিত:

৬/ সৃষ্টিমূলক কামৰ প্ৰতি ধাউতি:

৭/ নেতৃত্বৰ মনোভাৱ:

৮/শাৰীৰিক শক্তিহীনতা:


   প্ৰতিভাসম্পন্ন শিশুসকলৰ বাবে শিক্ষা কেনে হোৱা উচিত ? 

   অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বাবে ল'ব লগা শিক্ষা ব্যৱস্থা এনেধৰণৰ হ'ব পাৰে :-

১/ প্ৰতিভাৰ দিশ নিৰ্ণয় কৰাৰ ব্যৱস্থা: অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বিশেষ প্ৰতিভাৰ দিশবোৰ প্ৰথমে বিভিন্ন মানসিক অভীক্ষাৰ দ্বাৰা চিনাক্ত কৰি ল'ব লাগে। যিবোৰ দিশত এনে শিশু অসাধাৰণ বুলি প্ৰমাণিত হয় সেই দিশৰ বিকাশ আৰু সংৰক্ষণৰ প্ৰয়োজনীয় অনুশীলনৰ সুবিধা দিব লাগে। এই ক্ষেত্ৰত বিদ্যালয়ত নিৰ্দেশনা নিদান প্ৰতিষ্ঠা কৰি ব্যৱস্থা ল'ব পাৰি। 

২/ বিদ্যালয়ত অতিৰিক্ত পাঠৰ ব্যৱস্থা কৰা: যিহেতু সাধাৰণ পাঠ্যক্ৰম অসাধাৰণ শিশুৰ বাবে সহজ সেয়ে এনে তীক্ষ্ণ সম্পন্ন শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও অতিৰিক্ত আৰু উন্নত পাঠ্যক্ৰমৰ সংযোজন ঘটাব লাগে।

৩/ বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা: কিছুমান প্ৰতিভাসম্পন্ন শিশুৰ ঘৰুৱা অৱস্থা সুচল নোহোৱাৰ বাবে কিতাপ পত্ৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ অসমৰ্থ হয় যাৰ বাবে তেওঁলোকৰ প্ৰতিভা কলিতে মৰহি যাবলৈ ধৰে। গতিকে এনে দুৰ্দশাগ্ৰস্ত শিশু সকলক প্ৰেৰণা যোগাবলৈ বৃত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ এই কাম চৰকাৰৰ নিম্ন শাসনযন্ত্ৰ পঞ্চায়তৰ দ্বাৰা কৰিব পাৰি।

৪/ শিক্ষা পদ্ধতি আৰু শিক্ষাদানৰ কৌশল উন্নত কৰিবলৈ চেষ্টা কৰা : অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুক গতানুগতিক শিক্ষা পদ্ধতিৰে সন্তুষ্ট কৰিব নোৱাৰে। সাধাৰণ মেধা সকলৰ বাবে প্ৰয়োগ কৰা কৌশলতকৈ প্ৰতিভাসম্পন্ন শিশুসকলক অধিক উন্নত কৌশলৰ প্ৰয়োজন হয়।

৫/ স্বীকৃতিসূচক ব্যৱহাৰ: সাধাৰণ শিশুসকলতকৈ অলপ বেলেগ ধৰণে শিক্ষক আৰু অভিভাৱকৰ পৰা এনে শিশুৱে ব্যৱহাৰ কৰাটো বিচাৰে। স্নেহ, সহানুভূতি আৰু প্ৰতিভাৰ স্বীকৃতি সূচক ব্যৱহাৰে এওঁলোকক শিকাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে।

৬/ অহংকাৰী নহ'বৰ বাবে পৰামৰ্শ আৰু উপদেশ প্ৰদান: এইটো সঁচা কথা যে শিশুৱে অভিভাৱক আৰু শিক্ষকৰ পৰা অধিক মৰম পালে,আদৰ সাদৰ পালে অহংকাৰী হৈ উঠাৰ সম্ভাৱনা থাকে। সেয়ে শিশুক অহংকাৰী নহ'বৰ বাবে বিশেষ দৃষ্টি ৰাখিব লাগে, উপদেশ বা নিৰ্দেশনা দিব লাগে।

৭/ গ্ৰীষ্মকালীন আৰু শীতকালীন শৈক্ষিক শিবিৰ অনুষ্ঠিতকৰণ কৰা : মধ্য ,উচ্চ আৰু উচ্চতৰ বিদ্যালয়ৰ শিশুৱে নিজৰ প্ৰতিভাৰ পৰিচয় দিব পৰাকৈ প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব লাগে।

    দৰাচলতে দেখা যায় যে তীক্ষ্ণ বুদ্ধি সম্পন্ন বা প্ৰতিভাসম্পন্ন শিশুৰ সংখ্যা তেনেই নগণ্য । গতিকে এই কম সংখ্যক শিশুৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কৃপণালী কৰা অনুচিত। দেশৰ গুৰুত্বপূৰ্ণ আৰু অতি মূল্যৱান মানৱ সম্পদ হিচাপে বিবেচনা কৰি এই প্ৰতিভাসম্পন্ন শিশুসকলক সুন্দৰ গতিত আগুৱাই যোৱাত আমি যৎপৰোনাস্তি সহায় কৰা উচিত। 



ধন্যবাদেৰে ----

লেখক :  দুদুল সোণোৱাল।




🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts