Tuesday, March 5, 2024

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system.

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system. 

🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭


   🚀 অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বুলিলে অতি মেধাৱী শিশুৰ সম্পৰ্কে বুজা যায়। শিশুৰ বুদ্ধ্যাংকৰ ওপৰত ভিত্তি কৰি প্ৰতিভাসম্পন্ন শিশুৰ চিনাক্ত কৰিব পাৰি।মনোবিদ সকলৰ মতে যিবিলাক শিশুৰ বুদ্ধ্যাংকৰ পৰিমাণ ১৩০ তকৈ ওপৰৰ হয়, সেইবিলাক শিশুক অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বোলা হয়।

 উল্লেখ্য যে এনে শিশুৰ প্ৰতিভা সৰ্বসাধাৰণ শিশুৰ প্ৰতিভাতকৈ বহু গুণে বেছি বা এওঁলোক বেছি প্ৰতিভাৰ অধিকাৰী হয়। ইহঁতৰ বৌদ্ধিক ক্ষমতা অধিক আৰু অসাধাৰণ গুণসম্পন্ন হয়। প্ৰতিভাসম্পন্ন শিশু সাধাৰণতে কম কথকী আৰু ভাবুক স্বভাৱৰ হয়। অৰ্থাৎ এনে শিশুৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিলক্ষিত হয়। সংক্ষিপ্ত ৰূপত বৈশিষ্ট্যৰ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।---

১/পৰিৱেশৰ প্ৰতি সচেতন মনোভাৱ: 

২/অনুসন্ধিৎসু মনোভাৱ :

৩/ভুল শুদ্ধৰ সম্পৰ্কে সচেতন:

৪/নিজা বুদ্ধি সম্পন্ন:

৫/ বিমূৰ্ত চিন্তা শক্তি নিহিত:

৬/ সৃষ্টিমূলক কামৰ প্ৰতি ধাউতি:

৭/ নেতৃত্বৰ মনোভাৱ:

৮/শাৰীৰিক শক্তিহীনতা:


   প্ৰতিভাসম্পন্ন শিশুসকলৰ বাবে শিক্ষা কেনে হোৱা উচিত ? 

   অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বাবে ল'ব লগা শিক্ষা ব্যৱস্থা এনেধৰণৰ হ'ব পাৰে :-

১/ প্ৰতিভাৰ দিশ নিৰ্ণয় কৰাৰ ব্যৱস্থা: অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বিশেষ প্ৰতিভাৰ দিশবোৰ প্ৰথমে বিভিন্ন মানসিক অভীক্ষাৰ দ্বাৰা চিনাক্ত কৰি ল'ব লাগে। যিবোৰ দিশত এনে শিশু অসাধাৰণ বুলি প্ৰমাণিত হয় সেই দিশৰ বিকাশ আৰু সংৰক্ষণৰ প্ৰয়োজনীয় অনুশীলনৰ সুবিধা দিব লাগে। এই ক্ষেত্ৰত বিদ্যালয়ত নিৰ্দেশনা নিদান প্ৰতিষ্ঠা কৰি ব্যৱস্থা ল'ব পাৰি। 

২/ বিদ্যালয়ত অতিৰিক্ত পাঠৰ ব্যৱস্থা কৰা: যিহেতু সাধাৰণ পাঠ্যক্ৰম অসাধাৰণ শিশুৰ বাবে সহজ সেয়ে এনে তীক্ষ্ণ সম্পন্ন শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও অতিৰিক্ত আৰু উন্নত পাঠ্যক্ৰমৰ সংযোজন ঘটাব লাগে।

৩/ বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা: কিছুমান প্ৰতিভাসম্পন্ন শিশুৰ ঘৰুৱা অৱস্থা সুচল নোহোৱাৰ বাবে কিতাপ পত্ৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ অসমৰ্থ হয় যাৰ বাবে তেওঁলোকৰ প্ৰতিভা কলিতে মৰহি যাবলৈ ধৰে। গতিকে এনে দুৰ্দশাগ্ৰস্ত শিশু সকলক প্ৰেৰণা যোগাবলৈ বৃত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ এই কাম চৰকাৰৰ নিম্ন শাসনযন্ত্ৰ পঞ্চায়তৰ দ্বাৰা কৰিব পাৰি।

৪/ শিক্ষা পদ্ধতি আৰু শিক্ষাদানৰ কৌশল উন্নত কৰিবলৈ চেষ্টা কৰা : অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুক গতানুগতিক শিক্ষা পদ্ধতিৰে সন্তুষ্ট কৰিব নোৱাৰে। সাধাৰণ মেধা সকলৰ বাবে প্ৰয়োগ কৰা কৌশলতকৈ প্ৰতিভাসম্পন্ন শিশুসকলক অধিক উন্নত কৌশলৰ প্ৰয়োজন হয়।

৫/ স্বীকৃতিসূচক ব্যৱহাৰ: সাধাৰণ শিশুসকলতকৈ অলপ বেলেগ ধৰণে শিক্ষক আৰু অভিভাৱকৰ পৰা এনে শিশুৱে ব্যৱহাৰ কৰাটো বিচাৰে। স্নেহ, সহানুভূতি আৰু প্ৰতিভাৰ স্বীকৃতি সূচক ব্যৱহাৰে এওঁলোকক শিকাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে।

৬/ অহংকাৰী নহ'বৰ বাবে পৰামৰ্শ আৰু উপদেশ প্ৰদান: এইটো সঁচা কথা যে শিশুৱে অভিভাৱক আৰু শিক্ষকৰ পৰা অধিক মৰম পালে,আদৰ সাদৰ পালে অহংকাৰী হৈ উঠাৰ সম্ভাৱনা থাকে। সেয়ে শিশুক অহংকাৰী নহ'বৰ বাবে বিশেষ দৃষ্টি ৰাখিব লাগে, উপদেশ বা নিৰ্দেশনা দিব লাগে।

৭/ গ্ৰীষ্মকালীন আৰু শীতকালীন শৈক্ষিক শিবিৰ অনুষ্ঠিতকৰণ কৰা : মধ্য ,উচ্চ আৰু উচ্চতৰ বিদ্যালয়ৰ শিশুৱে নিজৰ প্ৰতিভাৰ পৰিচয় দিব পৰাকৈ প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব লাগে।

    দৰাচলতে দেখা যায় যে তীক্ষ্ণ বুদ্ধি সম্পন্ন বা প্ৰতিভাসম্পন্ন শিশুৰ সংখ্যা তেনেই নগণ্য । গতিকে এই কম সংখ্যক শিশুৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কৃপণালী কৰা অনুচিত। দেশৰ গুৰুত্বপূৰ্ণ আৰু অতি মূল্যৱান মানৱ সম্পদ হিচাপে বিবেচনা কৰি এই প্ৰতিভাসম্পন্ন শিশুসকলক সুন্দৰ গতিত আগুৱাই যোৱাত আমি যৎপৰোনাস্তি সহায় কৰা উচিত। 



ধন্যবাদেৰে ----

লেখক :  দুদুল সোণোৱাল।




🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts