প্লাষ্টিক আমি কিয় বৰ্জন কৰা উচিত ? প্লাষ্টিক বৰ্জন কৰক আৰু পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰক। Why should we avoid plastic? Avoid plastic and protect the environment from pollution.
১/ প্লাষ্টিক কি ?
প্লাষ্টিক হৈছে এবিধ দাহ্য পদাৰ্থ। প্লাষ্টিক সংশ্লেষিত বা অৰ্ধ-সংশ্লেষিত নমনীয় বহুযোগী পদাৰ্থ। সাঁচত ঢালি প্লাষ্টিকক বিভিন্ন আকাৰলৈ নিব পাৰি। প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰযুক্ত জৈৱিক বহুযোগী যৌগ। কিন্তু, প্ৰায়েই লগত আন মৌলও যোগ দিয়া হয়। ইয়াৰ 'নমনীয়তা' গুণৰ বাবে বহুযোগী যৌগৰ এই পদাৰ্থসমূহক প্লাষ্টিক বোলা হয়।
২/ প্লাষ্টিক কিয় বৰ্জন কৰা উচিত ?
প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ পৰিৱেশটো ভয়াৱহভাৱে বিনষ্ট কৰাত অৰিহণা যোগায়। মানুহে নানান কাৰণত ব্যৱহাৰ কৰা প্লাষ্টিকজাত সামগ্ৰী সমূহ সহজে নপচে। যেনে- পলিথিন, বিভিন্ন বিস্কুটৰ পেকেট, বিভিন্ন সামগ্ৰীৰ বটল আদি পচিবলৈ বা মিলি যাবলৈ অতি কমেও ১২০ ৰ পৰা ১৪০ বছৰ পৰ্য্যন্ত লাগে। যাৰ ফলত এনে প্লাষ্টিকৰ দ্ৰব্য সমূহে আমাৰ বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি পেলনীয়া পলিথিনে মাটিৰ উৰ্বৰতা শক্তি নষ্ট কৰাৰ লগতে এই মাটি ব্যৱহাৰৰ অনুপযোগী কৰি তোলে। সাম্প্ৰতিক সময়ত আমি নদ-নদী,জলাশয় অথবা সাগৰ, মহাসাগৰ সমূহতো প্লাষ্টিকৰ সামগ্ৰী পেলায় দিয়াৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সম্পৰ্কে বাতৰি কাকত বা দূৰদৰ্শন আদিৰ যোগে খবৰ পাই থাকোহক। গতিকে এনে পৰিস্থিতিত আমি প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰৰ পৰা দূৰত থকাটো অতি গুৰুত্বপূৰ্ণ কথা।
৩/ প্লাষ্টিক ব্যৱহাৰৰ উপকাৰী দিশ:
প্লাষ্টিক হৈছে অতি পাতল ওজনযুক্ত পদাৰ্থ। সেয়ে মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অতি ভাল পায়। প্লাষ্টিক প্ৰায় যিকোনো বস্তুৰ বাবে অৰ্থাৎ তৰল বা গোটা বস্তু কঢ়িয়াই নিয়া বা ভৰাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি ইয়াৰ ওজন তেনেই সামান্য হোৱাৰ হেতুকে বজাৰ সমাৰৰ লগতে আন দৰকাৰী কামতো সহজে ব্যৱহাৰ কৰে। প্লাষ্টিক আজিকালি পৃথিৱীৰ সকলোতে উপলব্ধ পদাৰ্থ। মানুহে ইয়াক কেৱল তেওঁলোকৰ আৰামৰ বাবে অন্তহীনভাৱে ব্যৱহাৰ কৰি আহিছে। অৱশ্যে, কোনেও অনুভৱ নকৰে যে ই আমাৰ 'পৃথিৱী' নামৰ গ্ৰহটোৰ কেনেদৰে ক্ষতি সাধন কৰিছে।
প্লাষ্টিক ব্যৱহাৰ জনপ্ৰিয় হোৱাৰ মূল কাৰণ হৈছে- প্লাষ্টিক নিৰ্মাণৰ কম খৰচ, উৎপাদনৰ সহজতা, বহুমুখীতা আৰু পানীত সহজে নষ্ট নোহোৱা গুণৰ বাবে প্লাষ্টিক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ যুগত আমি লিখিবলৈ ব্যৱহাৰ কৰা কাগজকে ধৰি মহাকাশযান নিৰ্মাণলৈ প্লাষ্টিকৰ ব্যৱহাৰ কৰা হৈছে। পৰম্পৰাগত কাঠ, শিল, জন্তৰ হাড় বা শিঙ, ছামৰা, কাগজ, ধাতু, কাঁচ আৰু চিনামাটিৰ স্থানত এতিয়া সৰহসংখ্যক প্লাষ্টিকহে ব্যৱহাৰ কৰা হয় । উন্নত দেশসমূহত এক তৃত্বীয়াংশ প্লাষ্টিক বস্তু বন্ধাৰ কামত আৰু এক তৃত্বীয়াংশ গৃহ নিৰ্মাণৰ পানীৰ নলী, খিৰিকীৰ ছাদ আদিত ব্যৱহৃত হয়। গাড়ী নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰায় ২০% প্লাষ্টিক ব্যৱহৃত হয়। ঘৰৰ আচ-বাব, খেলনা আদিতো প্লাষ্টিক প্ৰভুত ভাৱে ব্যৱহাৰ কৰা হয়। ভাৰতত বস্তু বন্ধাৰ বাবেই ৪২% প্লাষ্টিক ব্যৱহৃত হয় বুলি জনা যায়। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰোপিত কৃত্ৰিম ভাল্ভ আদিতো প্লাষ্টিক ব্যৱহাৰ কৰা হয়। গতিকে প্লাষ্টিকৰ অবিহনে যেন আজিৰ পৃথিৱী অচল।
৪/ প্লাষ্টিক ব্যৱহাৰৰ অপকাৰী দিশ:
প্লাষ্টিক পচনশীল সামগ্ৰী হ'লেও আমি ইয়াক ভূমি বা পানীত প্লাষ্টিক দ্ৰৱীভূত কৰিব নোৱাৰো। যাৰ বাবে প্লাষ্টিকে পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে। সেয়ে প্লাষ্টিক বৰ্তমান সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ পৰিছে বুলি ভবাৰ থল আছে, যিয়ে পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য আদিত প্ৰভাৱ পেলাইছে। প্লাষ্টিকৰ স্থায়িত্ব আৰু অৱক্ষয়ৰ প্ৰতিৰোধ ক্ষমতাই পৰিৱেশৰ বাবে এক ভাবুকি সৃষ্টি কৰিছে। উল্লেখ্য যে প্লাষ্টিকত এক গুৰুত্বপূৰ্ণ বিষাক্ত প্ৰদূষক থাকে। যিবোৰে বায়ু, মাটি আৰু পানী দূষিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়, ইয়াৰ ফলত পৰিৱেশ বিনষ্ট হোৱাৰ উপৰিও জীৱকূলৰ সুৰক্ষাত যথেষ্ট ক্ষতি সাধন কৰিছে।
৫/ প্ৰদূষণ প্ৰতিৰোধৰ ব্যৱস্থা:
ওপৰত উল্লেখ কৰা হৈছে যে প্লাষ্টিক প্ৰদূষণ সাম্প্ৰতিক সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান স্বৰূপ হিচাপে বিবেচিত হোৱা পৰিলক্ষিত হৈছে। যিয়ে পৰিৱেশ পৰিস্থিতি তন্ত্ৰ, মানৱ স্বাস্থ্য আৰু 'পৃথিৱী' নামৰ গ্ৰহটোৰ সামগ্ৰিক মংগলৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই বিষয়টোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি আমি স্বীকাৰ কৰি বহনক্ষম সমাধান বিচাৰিবলৈ সামূহিকভাৱে কাম কৰাৰ সময় সমাগত। প্ৰদূষণ প্ৰতিৰোধৰ দুটামান উপায় উল্লেখ কৰা হ'ল -
ক) প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰৰ হ্ৰাসকৰণ কৰা আৰু পুনৰ ব্যৱহাৰৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰা।
খ) আমি জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে দায়িত্বশীলভাৱে প্লাষ্টিক পুনঃব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
গ) সমাজৰ সকলো শ্ৰেণীৰ লোককে এইবিষয়ত শিক্ষা প্ৰদান কৰা আৰু সজাগতা সৃষ্টিৰ নিমিত্তে সভা আয়োজন কৰা আৰু কাৰ্যপন্থা হাতত লোৱা।
ঘ) চৰকাৰে প্লাষ্টিক জাত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত সকলো লোকেই সাৱধানতা অৱলম্বন কৰিবৰ বাবে নীতি আৰু আইন প্ৰণয়ন কৰিব লাগিব।
ঙ)বহনক্ষমতাৰ বাবে উদ্ভাৱন আৰু ডিজাইন : বিশেষকৈ উদ্যোগসমূহে পৰিৱেশ সঠিক ভাৱে ৰাখিবলৈ তথা বন্ধুত্বপূৰ্ণ ভাৱে সমস্যা সমাধান কৰি বিকশিত কৰাত মনোনিৱেশ কৰিব লাগে। তদুপৰি জৈৱ-বিঘ্নিত সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিব লাগে। উদ্ভিদ ভিত্তিক প্লাষ্টিক আৰু পচন সাৰ সামগ্ৰীৰ দৰে উদ্ভাৱনে প্লাষ্টিকৰ আৱৰ্জনা বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৬/ পৰামৰ্শ আৰু সামৰণি:
শিশুসকলক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ তেওঁলোকক শৈশৱৰ পৰা শিকোৱা উচিত। একেদৰে, প্ৰাপ্তবয়স্কসকলেও এই বিষয়ত অধিক সজাগ হৈ প্লাষ্টিক জাতীয় সামগ্ৰী পলিথিন আৰু আন সামগ্ৰী সমূহ ব্যৱহাৰ কম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আনকো ইয়াৰ অপকাৰিতাৰ সম্পৰ্কে কৈ সচেতন কৰিবলৈ প্ৰয়াস কৰিব লাগে। তদুপৰি চৰকাৰেও প্লাষ্টিক প্ৰদূষণে সমাজক তথা পৰিৱেশ তন্ত্ৰৰ বিনষ্ট কৰাৰ আগতে ইয়াৰ ব্যৱহাৰৰ নিষেধাজ্ঞা কঠোৰ ভাৱে জাৰি কৰি ইয়াৰ ইয়াৰ পুনৰ: ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।
+++++++++++++++++++++++++++++++++