ঢেঁকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন। Fiddlehead fern and our daily lives.
----------------------------------
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
ঢেঁকীয়া অতি সহজে পোৱা মিষ্ট আৰু পুষ্টিকৰ বনৰীয়া খাদ্য হিচাপে পৰিচিত। যুগ যুগান্তৰ ধৰি অসমীয়া সমাজত ঢেঁকীয়া শাকৰ প্ৰচলন হৈ আহিছে।
🚀খাটিখোৱা অসমীয়া মানুহৰ ঢেঁকীয়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। হাবিৰ পৰা প্ৰাপ্ত শাক পাচলিৰ জৰিয়তে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলে ৰান্ধনীশালৰ অভাৱ পূৰণ কৰে। ঢেঁকীয়া অতি সহজে পোৱা মিষ্ট আৰু পুষ্টিকৰ বনৰীয়া খাদ্য হিচাপে পৰিচিত। যুগ যুগান্তৰ ধৰি অসমীয়া সমাজত ঢেঁকীয়া শাকৰ প্ৰচলন হৈ আহিছে। কেৱল খাদ্যৰ বাবেই নহয় ইয়াক জনজাতীয় লোকসকলে পূজা অৰ্চনাতো ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। বিশেষকৈ সোণোৱাল কছাৰীসকলৰ শাক্ত পন্হীৰ সৰগদেউ পূজাত ঢেঁকীয়া ব্যৱহাৰ কৰা দেখা যায়। উল্লেখ্য যে সৰগদেউ পূজাভাগিত দেৱতাৰ নৈবেদ্য হিচাপে বিভিন্ন পিঠা, ভাত আৰু আঞ্জা ৰান্ধি আগমান কৰা হয়। এইবোৰৰ ভিতৰত ঢেঁকীয়া শাকো অন্যতম। ঢেঁকীয়াৰ এখন আঞ্জা এই পূজাত থকাটো বাধ্যতামূলক। সৰগদেউ পূজাভাগিত ঢেঁকীয়া শাকক 'ঢেঁকীয়া খাজি' হিচাপে ব্যৱহাৰ কৰে। এই 'ঢেঁকীয়া খাজি'ত থাকে- ঢেঁকীয়া, শুকান মাছ, মেছাঙী, আহম টেঙাপাত আদি । [...দেৱতাৰ নৈবেদ্য হিচাপে কেঁচা পিঠা, নিমখ , কৰ্কৰা ভাত, পাতত দিয়া পিঠা, মদমেৰা, বেতগাজ পোৰা, নাঙলভাত, আঙুলি পিঠা, সিজোৱা কল, ঢেঁকীয়া খাজি ( খাজিত থাকে ঢেঁকীয়া, শুকান মাছ, মেছাঙী ,আহম টেঙাপাত।), নলৰ চোঙাত পানী আৰু মধুৰসৰ ৰস, মকপমা,......। উৎস: প্ৰৱন্ধ "সোণোৱাল কছাৰী সকলৰ পূজা পাৰ্বন আৰু সকাম নিকাম সমূহৰ বিৱৰণ- প্ৰমোদ সোণোৱাল।"] । তদুপৰি আমাৰ সোণোৱাল কছাৰী সমাজত এটা নিয়ম আছে যে বাইথ' পূজা ভাগ নোযোৱাকৈ ঢেঁকীয়া শাক নাখাই। চ'তৰ প্ৰথম পষেকত বাইথ'পূজা হয়। সেয়ে চ'ত মাহৰ পৰাহে সোণোৱাল কছাৰীসকলে ঢেঁকীয়া শাক খাই আৰু ভাদ মাহৰ পৰা ঢেঁকীয়া খাবলৈ এৰে ।
আনহাতে ই এবিধ বিভিন্ন উপকাৰী উপাদান যুক্ত উদ্ভিদ হিচাপেও পৰিগণিত। বিজ্ঞানী সকলে ঠাৱৰ কৰা তথ্যমতে ঢেঁকীয়াত বিভিন্ন উপাদান সঞ্চিত হৈ থাকে। ঢেঁকীয়াত থকা উপাদানসমূহৰ পৰিমাণ হৈছে এনেধৰণৰ - ঢেঁকীয়াত প্ৰটিনৰ পৰিমাণ ৮% , চৰ্বি ২% , কলেষ্টৰেল ০, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স , ভিটামিন চি, ভিটামিন ই, ছডিয়াম ১% , পটাছিয়াম ৮% , মিনাৰেল কেলচিয়াম ৩% , আইৰণ ১৬% ,মেগনেচিয়াম ৮.৫% , মেংগানিজ ২২%, জিংক ৭.৫%, চেলেনিয়াম ১% । তদুপৰি বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, অমেগা ৩, অমেগা ৬ , ফছফৰাছ আদি উপাদান সমুহ উপলব্ধ ।
ঢেঁকীয়া শাক আমাৰ সকলোৰে অতি পৰিচিত খাদ্য। ঢেঁকীয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে Fiddlehead ferns । ই এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ । বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলত কেৱল ৫ বিধমান ঢেঁকীয়াহে উপলব্ধ হয়। অসমৰ মানুহে পাঁচবিধ মান ঢেঁকীয়া জাতীয় উদ্ভিদ খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰে ভিতৰত কণী ঢেঁকীয়া আৰু বৰ ঢেঁকীয়া আদিহে উজনি অসমত খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
ঢেঁকীয়া ঔষধি গুণেৰে সমৃদ্ধ অপুষ্পক উদ্ভিদ। ঢেঁকীয়া শাক খাদ্য হিচাপে ব্যৱহাৰ কৰি লিভাৰৰ ৰোগ নিৰাময় কৰিব পাৰি। তদুপৰি জণ্ডিছ, টিউমাৰ, ভাইৰাছজনিত ৰোগ নিৰাময়ত ই সহায় কৰে। ঢেঁকীয়াত থকা কেলচিয়াম আৰু ফচফৰাছে হাড়ৰ গঠনত সহায় কৰে। বাতনাশক গুণ সমৃদ্ধ ঢেঁকীয়া মহিলাৰ স্তন ৰোগ উপশমৰ বাবেও অতি উপকাৰী । আনকি মাতৃ দুগ্ধ উন্নতি ঘটোৱাৰ ক্ষেত্ৰতো ঢেঁকীয়াৰ প্ৰভাৱ আছে। বক্ষৰোগ, কাঁহ -শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো যোগাত্মক প্ৰভাৱ পেলায় । বিভিন্ন উৎসৰ পৰা জানিব পৰা যায় যে ই ডায়েবেটিচ ৰোগৰ বাবেও উপকাৰী খাদ্য। আনহাতে ঢেঁকীয়া এবিধ শক্তিবৰ্ধক খাদ্য হোৱাৰ বাবে ই মানুহৰ যৌন শক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াই। ভিটামিন এ থকাৰ বাবে ঢেঁকীয়াই দৃষ্টি শক্তি উন্নতি ঘটোৱাত সহায় কৰে। তাৰোপৰি বয়োজেষ্ঠ্য ব্যক্তি সকলৰ মুখেৰে জনা অনুসৰি ঢেঁকীয়াই কৃমি নাশকৰণত সহায় কৰে। গতিকে দেখা যায় যে ঢেঁকীয়া এবিধ অতি উত্তম বনৰীয়া শাক যি ঔষধি গুণেৰে ভৰপূৰ।
এটা কথা অনস্বীকাৰ্য যে সকলো বস্তুৰে যিদৰে ভাল আৰু বেয়া দুটা দিশ থাকে ঠিক একেদৰে ঢেঁকীয়াৰো দুটা দিশ আছে। অৰ্থাৎ ইয়াৰ উপকাৰী দিশৰ লগতে অপকাৰী দিশো বিদ্যমান। ঢেঁকীয়া শাক খাবলৈ খুব মিষ্ট। সেয়ে সদায় খাবলৈ মন যায়। কিন্তু ঢেঁকীয়া শাক সদায় খোৱা অনুচিত। কাৰণ ঢেঁকীয়া শাকত থকা আইৰণ আৰু বিভিন্ন উপাদান যথেষ্ট বেছি পৰিমাণৰ থকা বাবে একেৰাহে খালে শৰীৰ অৱশ কৰি তোলে। ভাগৰ ভাগৰ অনুভৱ হয় যাৰ ফলত টোপনিৰ পৰিমাণ বৃদ্ধি পাব ধৰে। সেয়ে হয়তো আগৰ দিনত আমাৰ অশিক্ষিত আই-পিতাইহতে ঢেঁকীয়া শাক বেছিকৈ খাব নালাগে বুলি কৈছিল।
যিয়েই নহওঁক ঢেঁকীয়া শাকৰ আদৰ কিন্তু অসমত ইমূৰৰ পৰা সিমূৰলৈ দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ কাৰণ হৈছে বজাৰত অন্য শাক পাচলিৰ জুই ছাইৰ দাম। ইয়াৰোপৰি বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিত ৰাসায়নিক ঔষধ ছটিওৱা হয় বুলি সকলোৰে বদ্ধমূল ধাৰণা এটা আছেই। অৱশ্যে এইটোও সত্য যে বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিতে দৰৱ দিয়া হয়। নহ'লেনো অনা পাছদিনাখনেই গেলি যায় নে ? এইবোৰৰ কাৰণতে বনৰীয়া ঢেঁকীয়া শাকৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। আনকি বৰ্তমান সময়ত নগৰ এলেকাত প্ৰতি ঘৰে ঘৰে ঢেঁকীয়া শাক, তৰা, টিকনি বৰুৱা আদি বাৰীত লগাই লোৱাও দেখা যায়। আনহাতে ঢেঁকীয়া শাকে অৰ্থনৈতিক দিশতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আগৰ দিনত পথৰ কাষত সহজতে উপলব্ধ ঢেঁকীয়া শাক আজিকালিৰ দিনত লাগ বুলিলেও পোৱা নাযায়। মানৱসৃষ্ট পৰিৱেশে ঢেঁকীয়াৰ অৱলুপ্তিকৰণত বাৰুকৈয়ে প্ৰভাৱ পেলাব ধৰিছে। বহিৰাগত বনিয়াই হাবিয়ে হচঙে পোৱা ঢেঁকীয়া চিঙি বজাৰত বিকিবলৈ ধৰিলে। অৰ্থনৈতিক সম্ভাৱনা কঢ়িয়াই অনা ঢেঁকীয়াই যে এদিন বজাৰ দখল কৰিব আমি অসমীয়াই কেতিয়াবা ভাবিছিলো নে ? নব্বৈৰ দশকৰ আগতে বজাৰত ঢেঁকীয়া শাক বিক্ৰী কৰা বুলি আমাৰ আই-পিতাই নালাগে আন বয়োজেষ্ঠ্য সকলৰ মুখেৰেও শুনা নাছিলো। কিন্তু আজিৰ যুগত আমি কি দেখিবলৈ পাইছোঁ ? বজাৰত আনকি ঢেঁকীয়া শাকো নাটনি ! জুই ছাই দাম। এনেবোৰ কাৰণতে ঢেঁকীয়া সংৰক্ষণৰ সময় সমাগত।
🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵
প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। -- দুদুল সোণোৱাল।
---------------------+++++--------+++++------------------