সাধাৰণ অৰ্থত কোনো এটা কাৰ্য কৰাৰ যি ক্ষমতা তাকেই শক্তি বোলা হয়। পদাৰ্থ বিজ্ঞানৰ মতেও কোনো ব্যক্তিৰ বা বস্তুৰ কাম কৰাৰ সামৰ্থ্যই হৈছে বস্তুটোৰ শক্তি । প্ৰধানতঃ শক্তি হৈছে পদাৰ্থৰ এনে এটা বৈশিষ্ট্য বা বিশেষত্ব যাৰ সৃষ্টি বা ধ্বংস নাই। ইয়াক এটা ৰূপৰ পৰা আন এটা ৰূপলৈ লৈ যাব পাৰি আৰু এটা বস্তুৰ পৰা আন এটা বস্তুলৈ লৈ যাব পাৰি। এনে শক্তি এটা পৰিস্থিতি তন্ত্ৰত অহৰহ প্ৰবাহ হৈ থাকে বা চলি থাকে। সেয়ে জীৱবোৰ এটা পৰিস্থিতি তন্ত্ৰত জীয়াই থাকিবলৈ সক্ষম হয়। এটা পৰিস্থিতি তন্ত্ৰত নিহিত থকা শক্তিৰ প্ৰধান উৎস হৈছে সোৰজগতৰ দিনমণি বা সূৰ্য। পৰিস্থিতি তন্ত্ৰ এটাত এই শক্তি প্ৰৱেশ কৰে খাদ্য শৃংখলৰ জৰিয়তে আৰু এই শক্তি প্ৰবাহৰ দ্বাৰাই পৰিস্থিতি তন্ত্ৰ এটা সমতুল্য অৱস্থাত চলি থাকে। পৰিস্থিতি তন্ত্ৰত চলি থকা এই শক্তিৰ মুখ্য বৈশিষ্ট্য হৈছে -
পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ একমুখী বা এটা দিশত প্ৰবাহিত হৈ থাকে। উল্লেখ্য যে খনিজ পদাৰ্থ পৰিস্থিতি তন্ত্ৰ এটাত চক্ৰীয় ভাৱে ঘূৰি থাকে। সেয়ে ই পুনৰ পুনৰ ব্যৱহাৰ হয়। কিন্তু খাদ্য শৃংখলত শক্তি পুনৰ পুনৰ ব্যৱহাৰ নহয়। পৰিস্থিতি তন্ত্ৰ এটাৰ এই শক্তি প্ৰবাহে তাপগতিৰ প্ৰথম আৰু দ্বিতীয় সূত্ৰৰ নিয়ম মানি চলে বা অনুকৰণ কৰে।
তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰ মতে শক্তি সৃষ্টিও কৰিব নোৱাৰি অথবা ধ্বংসও কৰিব নোৱাৰি। কিন্তু ইয়াক এটা অৱস্থা বা ৰূপৰ পৰা আন এটা অৱস্থা বা ৰূপলৈ ৰূপান্তৰ কৰিব পাৰি । সেউজীয়া উদ্ভিদে শোষণ কৰা সৌৰশক্তিক উদ্ভিদে জৈৱ ৰসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। সেউজীয়া উদ্ভিদ উৎপাদকবোৰে শক্তিক উপভোক্তালৈ খাদ্যৰ ৰূপত কঢ়িয়াই আনে।
আনহাতে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ অনুসৰি শক্তিৰ যেতিয়া ৰূপান্তৰ হয় তেতিয়া এই কাৰ্যত ব্যৱহৃত কিছু শক্তিৰ পৰিমাণ অপচয় হয়। ইয়াৰ পৰা বুজিব পাৰি যে শক্তিৰ ব্যৱহাৰ হলে শক্তিৰ অপচয় ঘটে। অৰ্থাৎ এটা পৰিস্থিতি তন্ত্ৰত এনেদৰে অহৰহ শক্তিৰ প্ৰবাহ আৰু অপচয় ঘটি থাকে যিটোক আমি প্ৰকৃতিৰ এটা অহৰহ চলি থকা নিত্য নৈমিত্তিক ঘটনা হিচাপে গণ্য কৰিব পাৰোঁ।
উদাহৰণস্বৰূপে এটা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ পৰিস্থিতি তন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰি বুজিবলৈ চেষ্টা কৰা যাওঁক। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ পৰিস্থিতি তন্ত্ৰত বিভিন্ন সৰু বৰ উদ্ভিদ, জীৱ-জন্তু,চৰাই-চিৰিকতি, পোক পতংগ আদি থাকিব পাৰে। অহৰহ প্ৰবাহ হৈ থকা শক্তিৰ প্ৰভাৱৰ ফলস্বৰূপে এইবোৰে এনে পৰিস্থিতি তন্ত্ৰত সুকলমে জীয়াই থাকিবলৈ সক্ষম হয়।
উল্লেখ্য যে অতি মাত্ৰা বেছি বৰষুণ হোৱা ঠাইতবোৰত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়। য'ত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত 300 চে.মি. বা ততোধিক হ'ব পাৰে। প্ৰকৃততে এনে অৰণ্যৰ অঞ্চল সমূহক বৰ্ষাৰণ্য অঞ্চল বুলিও অভিহিত কৰা হয়। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদদেশীয় এলেকা, অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ, আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।
সাধাৰণতে চিৰসেউজীয়া অৰণ্যৰ গঠন তিনি তৰপীয়া হোৱা দেখা যায়। ইয়াৰে প্ৰথম তৰপটো অতি বৃক্ষই আৱৰি আছে। অসমৰ চিৰসেউজীয়া অৰণ্যৰ প্ৰথম স্তৰত শলক,শাল, চেগুন, উৰিয়াম, শিমলু, তিতাচপা, চোম, চহৰ, হেঙালু, খকন, হোলোং, মেকাই আদি অতি ওখ গছেৰে আবৃত হৈ থকা দেখা যায়।
কিন্তু দ্বিতীয়টো স্তৰ প্ৰথম স্তৰত উল্লেখিত গছবোৰতকৈ কিছু কম উচ্চতাৰ গছে গঠন কৰিছে। এই তৰপত বিশেষকৈ অমৰা, বগৰী, কুউল, গোমাৰী, বেল্কল, আমাৰি, জলফাই, কঁঠাল আদিৰ দৰে মজলীয়া আকাৰৰ গছবোৰ থাকে।
একেবাৰে তলৰ তৰপটো সৰু গুল্মজাতীয়, লতা জাতীয় আৰু সৰু সৰু গছ-গছনিৰ দ্বাৰা গঠিত হৈছে। বিশেষকৈ বাঘবন, দিংলতি, টংলতি,তৰা, বনকল গছ, চোৱাতপাতৰ গছ, কচু, ঢেঁকীয়া , বাঁহ, বেত, বিভিন্ন লতা জাতীয় উদ্ভিদ, বিভিন্ন অৰ্কিড-- কপৌফুল, শালিকা ফুল আদি থকাৰ উপৰিও বিভিন্ন চৰাই-চিৰিকতি, পোক-পতংগ, জীৱ-জন্তু আদিও থাকে।
এনেকৈয়ে এটা পৰিস্থিতি তন্ত্ৰ গঠিত হৈছে আৰু প্ৰাকৃতিক নিয়ম অনুসৰি পৰিস্থিতি তন্ত্ৰত অহৰহ শক্তিৰ প্ৰবাহ হৈ আছে, এই শক্তিৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ আৰু জীৱ-জন্তু সমূহে অভিযোজন কৰি জীৱন নিৰ্বাহ কৰি আছে। এয়াই হৈছে পৰিস্থিতি তন্ত্ৰ এটাত চলি থকা ঘটনা প্ৰবাহ আৰু ইয়াৰ কাৰ্য।
লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।
🌷🌷🪷🪷🪷🪷🪷🌷🌷🪷🪷🪷🪷🪷🌷🌷
No comments:
Post a Comment
dudulsonowal32@gmail.com