Thursday, December 26, 2024

শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু ইয়াৰ শৈক্ষিক গুৰুত্ব - সংক্ষিপ্ত আলোচনা।The Trial And Error Method Of Learning and its educational significance.

শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু ইয়াৰ শৈক্ষিক গুৰুত্ব - সংক্ষিপ্ত আলোচনা।

The Trial And Error Method Of Learning and its educational significance.


     🖊️ থৰ্ণডাইক নামৰ এগৰাকী মনোবিজ্ঞানীয়ে 'প্ৰচেষ্টা আৰু ভুল পদ্ধতি'ৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ সংযোগবাদ তত্ত্বৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি প্ৰতিষ্ঠিত বুলি জনা যায়। 'প্ৰচেষ্টা আৰু ভুল পদ্ধতি'ৰ মতে কোনো শিকনীয় বিষয় সম্পূৰ্ণ আয়ত্তাধীন হোৱাৰ আগতে বহু বিৰামহীন প্ৰচেষ্টাৰ আৱশ্যক হয়। কামটো কৰিবলৈ কৰা প্ৰচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হ'ব পাৰে বা ভুল হোৱাৰ সম্ভাৱনা থাকে। এনে ভুল সমূহ আঁতৰাবলৈ নেৰানেপেৰা প্ৰচেষ্টাৰ আৱশ্যক হয়। যদি অবিৰতভাৱে প্ৰচেষ্টা কৰি থকা হয় তেন্তে কামটো কৰোঁতে প্ৰথম অৱস্থাত হোৱা ভুলৰ পৰিমাণ লগতে প্ৰয়োজন হোৱা সময়ৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু এটা সময়ত কামটো নিৰ্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে সম্পাদন কৰিব পৰা যায়। মনোবিজ্ঞানী থৰ্ণডাইকৰ মতে এয়াই হৈছে শিকন বা শিক্ষণৰ'প্ৰচেষ্টা আৰু ভুল পদ্ধতি । অৰ্থাৎ বাৰে বাৰে কৰা ভুল আৰু প্ৰচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে। 
       মনোবিজ্ঞানী থৰ্ণডাইকে তেওঁৰ শিক্ষণৰ'প্ৰচেষ্টা আৰু ভুল পদ্ধতি' এটা বিশেষ পৰীক্ষাৰ দ্বাৰা নিৰ্ভুল ভাৱে প্ৰমাণ কৰি দেখুৱাইছিল। উল্লেখ্য যে তেওঁ এটা ভোকাতুৰ মেকুৰীৰ ওপৰত পৰীক্ষা কৰি প্ৰদত্ত পদ্ধতিটো প্ৰমাণ কৰি দেখুৱাইছিল। "তেওঁ ভোকাতুৰ মেকুৰীটো এটা বিশেষ কৌশল প্ৰয়োগ কৰি সজা এটা কৌতুক বাকচৰ ভিতৰত আবদ্ধ কৰিছিল। মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰাখিছিল। বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনো এনেদৰে ৰখা হৈছিল যে ইয়াক ভিতৰৰ ফালৰ পৰা এডাল ৰছী টানিলেই সহজে খুলিব পাৰি। বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খোৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে। বাকচটোৰ ভিতৰতে মেকুৰীটোৱে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মোকলাবৰ বাবে চৌদিশে হাতোৰাৰে আচুৰিব ধৰিলে। এনে অন্ধ প্ৰচেষ্টাৰ ব্যৰ্থ পৰিণতিৰে সি কিছু সময় কটোৱাৰ পিছত সি এবাৰ কেনেবাকৈ নিৰ্দিষ্ট ৰছীডাল টানি দিয়ে আৰু লগে লগে দুৱাৰ খন খোল খাই যায়। মেকুৰীটোৱে তৎক্ষণাৎ বাহিৰলৈ ওলাই আহি ভজা মাছখিনি খায়। এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্য বিন্দুত উপনীত হ'ব পাৰিলে। থৰ্ণডাইকে দ্বিতীয় বাৰৰ বাবে একেই পদ্ধতি ব্যৱহাৰ কৰি মেকুৰীটোক কৌতুক বাকচৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ ৰাখি থ'লে।এইবাৰো মেকুৰীটোৱে একে ধৰণৰ আচৰণ কৰিলে কিন্তু কিছু সময়ৰ পিছত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ'ল আৰু লক্ষবিন্দুত উপনীত হ'ল। এনেদৰে থৰ্ণডাইকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত কৰিছিল।
         পদ্ধতিটোৰ শৈক্ষিক গুৰুত্ব: 

    প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন, সজগুণ আৰু আচৰণ শিকনত সহায় কৰে।

       মনোবিজ্ঞানী থৰ্ণডাইকৰ মতে শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল পদ্ধতিটোৰ যথেষ্ট প্ৰভাৱ আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিটোয়ে ছাত্ৰ ছাত্ৰীসকলৰ সংক্ৰিয় অংশ গ্ৰহণত গুৰুত্ব দিয়ে । বাৰে বাৰে কৰা প্ৰচেষ্টাই এহাতে ভুলৰ পৰিমাণ কমাই আনে আৰু আনহাতে অভ্যাস গঠনত ই সহায় কৰে। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰে শিক্ষাৰ্থী আৰু শিক্ষা বিষয়ৰ মাজত এক দেহ আৰু এক মন হিচাপে সংযোগ স্থাপন কৰা প্ৰয়োজন । ইয়াৰ দ্বাৰা চৰিত্ৰ আৰু ব্যক্তিত্বৰ সজ গুণ আৰু আচৰণসমুহ শিকন কালত ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিব পাৰে। সেয়ে থৰ্ণডাইকৰ মতে শিক্ষণৰ মূল উদ্দেশ্য হৈছে অনুশীলনৰ জৰিয়তে অভ্যাস গঠন কৰা। বিশেষকৈ বিদ্যালয়ত গণিত শিক্ষণত এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি। গণিতৰ সূত্ৰ, বুৰঞ্জীৰ চন,তাৰিখ,মাহ, কবিতা মুখস্থ, বিজ্ঞানৰ সূত্ৰ আয়ত্বকৰণত এই পদ্ধতি অতি উপযোগী। বীজগণিতৰ ক্ষেত্ৰত ৰাশিৰ সমাধান আৰু সমীকৰণ সমাধানৰ ক্ষেত্ৰত এই পদ্ধতি অতি উত্তম হিচাপে বিবেচিত। তদুপৰি জ্যামিতি শিকনতো ইয়াক প্ৰয়োগ কৰিব পাৰি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে কৰা চেষ্টাৰ ফলত এটা নিৰ্ভুল জ্যামিতিক আকৃতি অংকন কৰিবলৈ সক্ষম হয়। শিক্ষণত আমাৰ শিক্ষক সমাজে এই পদ্ধতি অৱলম্বন কৰিলে সুফল পাব বুলি আশা কৰিব পাৰি।



🚀 পদ্ধতিটো পঢ়া শেষত তলত দিয়া প্ৰশ্ন কেইটা সমাধান কৰিবলৈ চেষ্টা কৰিবা । --

ক) 'বাৰে বাৰে চেষ্টা কৰাৰ ফলত এজন ছাত্ৰই নিজে অংকটো কৰিব পৰা হ'ল।'--> এই শিকন পদ্ধতি _________ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত।

খ) সন্তুষ্টি আৰু অনুশীলন __________ শিকন পদ্ধতিৰ মুখ্য উপাদান। 

গ) শিকনৰ "প্ৰচেষ্টা আৰু ভুল পদ্ধতি"ৰ ___________ পৃষ্ঠপোষকতা কৰিছিল।


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
     



No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts